৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পৰৱাজ

লেখকঃ মূল: আভা আয়েংগাৰ • প্ৰকাশিতঃ ২৬ মে’, ২০২৩
২ মিনিট পঠন • ১১৮১ বাৰ পঢ়া হৈছে

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ  ইংৰাজী কবিতা) Parwaaz 

অনুবাদ : উৎপল দত্ত

মোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত, 

মুহূৰ্তবোৰ বাগৰি যায়, 

বতাহত উৰি ফুৰে সপোনৰ সুগন্ধি

কাগজত বৈ যায় কবিতা,  

সেইবোৰ মোৰ ভবিষ্যতৰ সপোন–   

জীৱন পুৰি নিয়া জুইয়ে 

মোৰ সপোনবোৰক লৈ যায় 

অন্য উচ্চতালৈ, 

জুইৰ শিখাত থাকে এক আচৰিত নিশ্চিতি৷

 তেওঁলোকে লিখিব মোৰেই কাহিনী 

মই ভ্ৰমণ কৰোঁ অন্য এটি উপকূললৈ

মোৰ দৃষ্টিয়ে বিচাৰে কেৱল দিগন্ত

মুহূৰ্তবোৰ বাগৰি যায় ...  

টোকা : এই কবিতাটোৰ পাঠ নেপথ্য কণ্ঠত ৰাখি এখন চুটি ছবি নিৰ্মাণ কৰিছিল বিজু বিশ্বনাথে৷ ছবিখন কাব্য-চলচ্ছিত্ৰ নহয়, কবিতাক গদ্যৰ শৈলীৰে প্ৰকাশ কৰা এটা অনুশীলন, পৰম্পৰাগত চিত্ৰ নিৰ্মাণৰ কৌশলটিত কবিতাৰ প্ৰয়োগ৷ ছবিখন ইউটিউবত পোৱা যায়, আগ্ৰহী পাঠকৰ বাবে লিংকটো দিলোঁ -  https://www.youtube.com/watch?v=p0UhcgemSuc

ম
লেখকৰ পৰিচয়

মূল: আভা আয়েংগাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)