৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনন্য দিনবোৰ

লেখকঃ অনুবাদ : ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ১৮ মে’, ২০২৪
২ মিনিট পঠন • ১৭১৬ বাৰ পঢ়া হৈছে

কবি - বৰিছ পেচটাৰনাক,  ৰাছিয়া

(১৯৫৮ চনৰ সাহিত্যৰ ন'বেল বঁটা )

অনুবাদ : ড° ৰঞ্জিত দত্ত

কেনেকৈনো সুঁৱৰিম 

অয়নান্তৰ সেই দিনবোৰৰ  কথা,

বহু  দিনৰ আগেয়েই

বহুতে লিখি শেষেই কৰিলে

সেই সকলোবোৰ।

একেবোৰকে  বাৰে বাৰে

দোহাৰি থাকিব নোৱাৰি,

সেয়া আছিল অনন্য!

প্ৰতিজনে দোহাৰিছে 

সেই  সকলোবোৰ শত সহস্ৰবাৰ।

দিনবিলাকৰ ভিতৰত

সেয়াই আছিল মাথোঁ দিন

যেতিয়া কোনোবা এজনে

কাৰোবাৰ অনুপ্ৰেৰণাত

আনন্দত উথলি উঠে,

স্থৱিৰ হৈছিল  সময়,

জন্ম হৈছিল বছৰৰ

পাহৰিব নোৱাৰা এক সুবিমল শৃংখল !

আহ্বান জনাব পাৰোঁ মই প্ৰতিজনকে।

বছৰটোৱে এতিয়া

শীতৰ মাজভাগলৈ গতি কৰিছে,

ঘৰৰ  চালবোৰৰ পৰা 

টোপাটোপে সৰিছে নিয়ৰ,

তিতি  আছে বাট -পথ  সকলো,

বৰফৰ ওপৰতে স্থিৰ হৈ আছে সূৰ্যটো।

প্ৰেমিক -প্ৰেমিকাহাল

খৰখেদাকৈ কাষ চাপি গ'ল ,

গছজোপাৰ ওপৰত  

ঘামত  তিতি থকা  চৰাইৰ বাহটোৰ পৰাও

বাষ্পীভূত  হ'ব ধৰিলে পানীৰ  কণাবোৰ,

তন্দ্ৰালু ঘড়ীৰ কাঁটা কেইডাল

আগবাঢ়িছে লাহে লাহে,

যেন চিৰন্তন, অসীম এটি দিন

আৰু তাৰ  অবাধ আলিঙ্গন ।

অ
লেখকৰ পৰিচয়

অনুবাদ : ড° ৰঞ্জিত দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)