৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মুম্বাইৰ তিব্বতীজন

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ২৯ এপ্ৰিল, ২০২৫
২ মিনিট পঠন • ২৮৮৯ বাৰ পঢ়া হৈছে

 মূল ইংৰাজী : তেনজিন চুনদিউ

অনুবাদ : হিল্লোলজ্যোতি সিংহ

 

মুম্বাইত বাস কৰা তিব্বতীজন

বিদেশী নহয়

চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি

কোনোবাই ভাবে বেইজিঙৰ পৰা পলাই অহা

তেওঁ এজন চীনা

 

পেৰেল দলঙৰ ছাঁত

তেওঁ জহকালি ছুৱেটাৰ বেচে

আনে ভাবে তেওঁ কোনোবা এজন অৱসৃত বাহাদুৰ

 

মুম্বাইৰ তিব্বতীজনে

মুম্বাইয়া হিন্দীত গালি পাৰে

অকণমান তিব্বতী উচ্চাৰণৰ সৈতে

আৰু যেতিয়া তেওঁৰ শব্দৰ ভঁৰাল আদায় হয়

স্বাভাৱিকতে তিব্বতীতে গালি পাৰে

তেতিয়া পাৰ্চীসকলে হাঁহে

 

মুম্বাইত বাস কৰা তিব্বতীজনে

মিড-ডে’ৰ  পৃষ্ঠা লুটিয়ায়

শুনিবলৈ ভাল পায় এফ এম ৰেডিঅ’

তাত কিন্তু তিব্বতী গান শুনিবলৈ আশা নকৰে

 

তেওঁ ট্ৰেফিক ছিগ্‌নেলত বাছ ধৰে

চলন্ত ৰে’লত জঁপিয়াই উঠে

অন্ধকাৰ গলিৰে খোজ কাঢ়ে

আৰু ৰাতি নিজৰ খলিত শোৱে

 

তেওঁৰ খং উঠে যেতিয়া কোনোবাই তেওঁক জোকায়

“চিং-চং পিং-পং”

 

মুম্বাইৰ তিব্বতীজন এতিয়া ভাগৰুৱা

কিছু সময় শুবলৈ বিচাৰে তেওঁ

সপোন দেখিবলৈ

নিশাৰ এঘাৰ বজাৰ বিৰাৰ ফাষ্টেৰে

তেওঁ হিমালয়লৈ যায়

পুৱা ৮.০৫ বজাৰ ফাষ্ট লোকালে

তেওঁক পুনৰ চাৰ্চগেইটলৈ ওভতাই আনে

মেট্ৰ’ ৰে’ললৈ : এখন নতুন সাম্ৰাজ্য

 

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)