মূলঃ সুবোধ সৰকাৰ
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী
তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷
ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷
জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷
তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা ফাগুন৷
তুমি আজি মায়াবিনী এখন অসম৷
পানীৰ তলত তুমি ভয়ঙ্কৰ চেষ্টা চলাই গৈছিলা
অলপমান উশাহ ল’ব বিচাৰিছিলা৷
কোনোৱে উশাহ নিদিয়ে
নিদিয়ে বিশ্বাস৷
পানীৰ পৰা তোমাৰ নিথৰ, নিৰ্বাক, নিৰীহ, নিৰ্ভীক
পানীৰে তিতা শৰীৰ যেতিয়া এই পৃথিৱীলৈ আহিল
তেতিয়া সমগ্ৰ অসমত ধুমুহা বলিল
সেই ধুমুহা ধুমুহা নহয়, কান্দোন৷
সিঁচৰতি হৈ পৰিল সেই কান্দোন
মেঘালয়ৰ পৰা অৰুণাচল৷
আগৰতলাৰ পৰা ইম্ফল৷
লামডিঙৰ পৰা নগালেণ্ড৷
সাতভনী বুলি যাক কওঁ
সেই সাতভনীৰ চকুত চকুলো৷
চকুলো নে গলিব ধৰা জুই?
জুবিন, তোমাৰ মৃত্যু এক বিৰাট ৰহস্য৷
তুমি কৈছিলা
মোৰ কোনো ধৰ্ম নাই৷
মোৰ কোনো জাতি নাই৷
মই কাঞ্চনজঙ্ঘা৷
গলিৰ ভিতৰৰ পদপথৰ শিশুসকলৰ হাতত, দেৱশিশুসকলৰ হাতত
সোণ দি দি তুমি
পাহাৰৰ টিঙলৈ উঠি
লাভাৰ্চ পয়ণ্টত উঠি হৈ পৰিছিলা ৰডডেনড্ৰন৷
তোমাৰ সেই গান আজি জনগণমন৷
জুবিন, তোমাৰ মৃত্যু হ’বই নোৱাৰে৷
হ’ব নোৱাৰে দুটা কাৰণত, এক তোমাৰ গান
দুই তোমাৰ সাৱট৷
আৱেগে সাৱটি ধৰা চুলি
সিবোৰেই আছিল তোমাৰ অমৃত সন্তান৷
তোমাৰ শৰীৰে কৈছে এটা তাৰিখ৷
তোমাৰ মৃত্যু হৈছে৷
নহয়, তোমাৰ মৃত্যু নাই৷
যি গান তুমি গাইছিলা, সেই গানত কোনো
মৃত্যুৰ তাৰিখ লিপিৱদ্ধ নাই৷
সেই গান কেৱল গান নহয় যেন এক ভাৰত কান্দোন৷
জুবিন, তোমাৰ কোনো মৃত্যু হোৱা নাই৷
মৃত্যুৰ প্ৰমাণ-পত্ৰত কোনো চহী নাই
সাহস নহ’ল কাৰো
তোমাৰ প্ৰমাণ-পত্ৰ হাতত লৈ বহি আছে এজন
তেওঁকেই আমি অমৰত্ব বুলি কওঁ৷
বাটে-পথে, খালে-বিলে, ৰেলগাড়ীত উৰাজাহাজত
গাঁৱে-ভূঞে, বিপ্লৱৰ হাবি-বননিত
কেবিনেটত, কলতলত
মই কেতিয়াও কোনো গায়কৰ বাবে
এখন ভাৰতবৰ্ষক কন্দা দেখা নাছিলোঁ৷
গায়ক নাছিলা তুমি, তুমি আছিলা কাঞ্চনজঙ্ঘা৷
কাঞ্চনজঙ্ঘা কেতিয়াও নমৰে৷
--------
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)