৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিনাকি হৈছিল নিশাটিৰ সতে

লেখকঃ ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৫ মাৰ্চ, ২০২৫
২ মিনিট পঠন • ২৩৭৯ বাৰ পঢ়া হৈছে

মূল: Robert Frost-অৰ  Acquainted With The Night

অনুবাদ : ড° ৰঞ্জিত দত্ত

এটি নিশাৰ সতে

চিনাকি হৈছিল মোৰ৷

এজাক বৰষুণৰ মাজতে

ওলাই গৈছিলোঁ বাহিৰলৈ

আৰু বৰষুণজাকৰ  মাজতেই

উভতিও আহিলোঁ৷

ওলাই  গ’লোঁ মই

পোহৰ নগৰীৰ

বহু দূৰলৈ,

চাই ৰ’লোঁ নগৰখনিৰ বিষাদগ্ৰস্ত গলিবোৰলৈ,

এজন প্ৰহৰীক

পাৰ হৈ গ’লোঁ

তেওঁৰ  চকীখনতে

মই  তলমূৰ কৰিলোঁ

কোনো কথা কবলৈ

ইচ্ছাও নকৰিলোঁ,

খোজৰ  শব্দও

স্তব্ধ হ’ল৷

থৰ হৈ ৰ’লোঁ যেতিয়া

দূৰৰ এটি গলিৰ

কোনোবা এটি  ঘৰৰ  পৰা

অহৰহ ভাহি আহিছিল

এটি কৰুণ কান্দোনৰ ধ্বনি,

কোনোৱেচোন  মোক

মাত-বোল কৰা নাই,

জনোৱা নাই বিদায় সম্ভাষণো৷

মাটিৰ পৰা  বহু ওপৰত

স্থিৰ হৈ থকা

আকাশৰ সেই উজ্জ্বল ঘড়ীটোৱে

মোকেই  যেন

কৈছিল বাৰে বাৰে

সময়বোৰ

শুদ্ধও নাছিল 

ভুলো নাছিল৷

চিনাকি হৈছিল মোৰ

এটি নিশাৰ সতে৷

 

ড
লেখকৰ পৰিচয়

ড° ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)