৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এজন কবি হ'বলৈ

লেখকঃ মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert) • প্ৰকাশিতঃ ২৪ আগষ্ট, ২০২৪
২ মিনিট পঠন • ১৭৬৫ বাৰ পঢ়া হৈছে

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav  Saifert)

১৯৮৪ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, চেক গণৰাজ্য

অনুবাদ : ড° ৰঞ্জিত দত্ত

বহুদিনৰ আগতেই

জীৱনে মোক শিকাইছিল

সংগীত আৰু কবিতাই হ'ল

জীৱনে দিব পৰা

পৃথিৱীৰ অতিকৈ ধুনীয়া সম্পদ

অৱশ্যে হয়তো

প্ৰেমক বাদ দি!

ভ্ৰেচলিকিৰ মৃত্যুৰ বছৰতে

ইমপেৰিয়েল ছপাশালে প্ৰকাশ কৰা

এখন পুৰণি কিতাপত

কবিতা আৰু কাব্যিক

অলঙ্কাৰৰ ওপৰত চকু ফুৰাইছিলোঁ,

তাৰ পাছত মই

এপাহ গোলাপফুল

এটি গিলাছৰ ভিতৰত থৈ

এডাল মমবাতি জ্বলাই

জীৱনৰ প্ৰথম কবিতাটো লিখিলোঁ।

উঠলি উঠিল হৃদয়,

শব্দবোৰ অগ্নিশিখা হৈ

উৰিবলৈ ধৰিলে আৰু

মোৰ আঙুলিবোৰো পুৰিল!

এজনী মইনা চৰাইৰ দৰে

সেই ৰূপকবোৰ

হাতৰ আঙুলিত পিন্ধি থকা

আঙঠিটোতকৈ বেছি মূল্যৱান,

পুচমেজাৰ অভিধানৰ

ছন্দোময় শব্দবোৰও যেন

মোৰ কোনো কামত নাহিল।

ভাববোৰ মিছাতে আঁজুৰি আনিলোঁ,

অতি ভীতিগ্ৰস্তভাৱে

চকুযুৰি জপাই দিলোঁ

সেই প্ৰথম যাদুকৰী বাক্যষাৰি শুনিবলৈ,

কিন্তু শব্দৰ বিপৰীতে

আন্ধাৰতে দেখিলোঁ

এগৰাকী নাৰীৰ হাঁহিৰ খলকনি,

আৰু বতাহত ঢৌ খেলা তেওঁৰ চুলিটাৰি।

সেয়াই মোৰ ভাগ্য।

আৰু তাৰ পাছৰেপৰা যেন

দৌৰি আছোঁ মই

বিৰামহীন ভাৱে

মোৰ ওৰেটো জীৱন।

ম
লেখকৰ পৰিচয়

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert)

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)