৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এটা পুথিভঁৰালৰ মৃত্যু

লেখকঃ মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees) • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৪
১ মিনিট পঠন • ১৮৩৭ বাৰ পঢ়া হৈছে

 মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ )

অনুবাদ : প্ৰশান্ত মিশ্ৰ

যেতিয়া কয়লা

জ্বলোৱা শেষ হ'ল, আমি 

এখন এখনকৈ কিতাপবোৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ;

প্ৰথমেই বুলৱাৰ-লিটনৰ ৰচনাৱলী

আৰু তাৰ পাছত ৱাল্টাৰ স্কট

কিতাপবোৰে আমাক যথেষ্ট উম দিলে।

শেহলৈ, ফেব্ৰুৱাৰি মাহত

জুইকুৰাই গ্ৰীক ট্ৰেজেদি

আৰু ব'ডলেয়াৰ,

প্ৰাউষ্ট, ৰ'বাৰ্ট বাৰ্টন

আৰু প'-চু-আই খাই শেষ কৰিলে।

গোট মৰা বৰফৰ টুকুৰাবোৰ

খিৰিকিৰ কাষত জমা হৈছিল।

মেকুৰীজনীৰ বাবে আৰু উমৰ প্ৰয়োজন হৈছিল।

আমি ক'লোঁ, আমাতকৈও

তাইৰহে থকথককৈ কঁপনি আহিছিল,

চিমনিটোৰ ওচৰত

গোটেই শীতৰ কালছোৱা।

ম
লেখকৰ পৰিচয়

মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees)

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)