৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰামায়ণৰ এটা অধ্যায়

লেখকঃ অনুবাদ : বাসুদেব দাস • প্ৰকাশিতঃ ২২ মে’, ২০২৪
৩ মিনিট পঠন • ৩০৩৯ বাৰ পঢ়া হৈছে
মূল : বনফুল (বাংলা)
অসমীয়া অনুবাদ : বাসুদেব দাস


(অভিনয় কাণ্ড)
সীতাক বনবাসলৈ পঠাই ৰাম পত্নীশোকত উন্মাদৰ নিচিনা হৈ পৰিছে। তেওঁ কেৱল ভাবি থাকিল – 'মই বৰ অবিচাৰ কৰিছোঁ।'
        কুলগুৰু বশিষ্ঠক তেওঁ ক'লে— ‘গুৰুদেৱ, অবিচাৰ! এয়া ঘোৰ অবিচাৰ; সীতাৰ কোনো অপৰাধ নাই- তেওঁ নিৰপৰাধিনী, দেৱী। মোৰ কোনো অধিকাৰ নাই তেওঁক শাস্তি দিয়াৰ! মই মহাপাপ কৰিছোঁ... মই...!’
    তেওঁক বাধা দি গুৰু বশিষ্ঠই ক’লে- ‘বৎস, সত্যৰক্ষা কৰাই ক্ষত্ৰিয়ৰ ধৰ্ম। তুমি সত্যাশ্ৰয়ী। সত্যধৰ্ম পালন কৰি তুমি প্ৰকৃ্ত ক্ষত্ৰিয়ৰ কামকে কৰিছা।’

ৰামে ক’লে- ‘এয়া সত্য নহয়, এয়া যে মিথ্যা। এয়া যে অবিচাৰ গুৰুদেৱ- এয়া যে মিথ্যাচাৰ- গুৰুদেৱ!’

গুৰুদেৱে কলে – ‘অস্থিৰ নহ’বা বৎস, ৰাজধৰ্ম সচাকৈ বৰ কঠিন।’

ৰামচন্দ্ৰই নুশুনিলে। তেওঁ অস্থিৰ হৈ উঠিল।– ‘মই ৰাজ্য নিবিচাৰোঁ, ঐশ্বৰ্য নিবিচাৰোঁ- প্ৰজাসকলৰ মতামত গ্ৰাহ্য নকৰোঁ মই- মই কেৱল সীতাক বিচাৰোঁ! মোৰ দেৱীক বিচাৰোঁ!-ৰাজ্য যাওক- মান-সম্মান যাওক ।’ ৰাম যেন বলিয়া হৈ গ’ল।


(দুই)
অভিনেতা নকুড় মাইতিয়ে ৰামৰ অভিনয় শেষ কৰি যেতিয়া শেষৰাতি ঘৰলৈ উভতিলে তেতিয়া তেওঁৰ ভৰি কঁপি আছিল- মদৰ নিচাত ভালদৰে থিয় হ’বই পৰা নাছিল তেওঁ। ঠেলাঠেলিৰ পাছত ঘৈণীয়েক হৰিমতীয়ে দুৱাৰখন খুলি দিলে।

নকুড়বাবুৱে ক’লে- ‘হাৰামজাদি, আধাঘণ্টা ধৰি দুৱাৰখন ঠেলি আছোঁ, শুনা নাই?’

হৰিমতীয়ে ক’লে- ‘টোপনি ধৰিছিল।’

নকুড় মাইতিয়ে ক’লে- ‘আকৌ কথাৰ ওপৰত কথা ক’বলৈ আহিছ !’

কথাষাৰ কৈ প্ৰচণ্ড জোৰেৰে হৰিমতীক এটা গোৰ মাৰি দিলে তেওঁ।

--- 
লেখক পৰিচিতি : বলাইচাঁদ মুখোপাধ্যায় ‘বনফুল’ ছদ্মনামেৰে অধিক পৰিচিত।১৮৯৯ চনত তেখেতৰ জন্ম আৰু ১৯৭৯ চনত মৃত্যু। বাংলা সাহিত্যৰ এজন বিখ্যাত কথা সাহিত্যিক আৰু নাট্যকাৰ। চুটিগল্পক লৈ তেখেতে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছে।এজন প্ৰথম শ্ৰেণীৰ ঔপন্যাসিক হিচাপেও পৰিচিত।
--- 

অনুবাদকৰ ফোন : ৯৭৪৮৪২১৩৪১


অ
লেখকৰ পৰিচয়

অনুবাদ : বাসুদেব দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)