৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

লেখকঃ অংগনা চৌধুৰী • প্ৰকাশিতঃ ২৭ আগষ্ট, ২০২৩
৬ মিনিট পঠন • ৭৫১ বাৰ পঢ়া হৈছে
ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি
ডাঙৰকৈ চাওক (Zoom)

 বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত  আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ ৰিজ’ৰ্টৰ খাৰখোৱা নামৰ ৰেষ্টুৰেণ্টখনত পুৱাৰ আহাৰ খাবলৈ সোমালোঁ৷ তাৰ পৰিৱেশটো বৰ ভাল লাগে৷ আচলতে ৰিজ’ৰ্টখনৰ খাদ্যবস্তুৰ মান উন্নত হোৱাৰ লগতে গছ-লতিকা আৰু ফুলেৰে জাতিষ্কাৰ হৈ থকা ধুনীয়া পৰিৱেশটোৱেও মানুহক আকৰ্ষিত কৰে ৷

তাৰ পাছত পুনৰ ধীৰ গতিত আমাৰ গাড়ী আগ বাঢ়িল৷ ৰৌতাৰ ওচৰত আমাৰ কিছু ব্যক্তিগত কাম আছিল৷ সেইখিনি কৰি উঠি দুপৰীয়াৰ ভাতসাঁজ ধাবা এখনতে খাই ল’লোঁ৷ তাৰ পাছত পোনাই দিলোঁ ভৈৰৱকুণ্ডৰ ফালে৷ পাতলকৈ ৰ’দ দিছিল৷ গছ-গছনিবোৰে পুৱাৰ বৰষুণজাকত তিতি যেন প্ৰাণ পাই উঠিছিল৷ ভৈৰৱকুণ্ডলৈ যোৱা বাটটো খুউব মসৃণ, ফিন্‌ফিনিয়া, গাড়ী চলাবলৈ ভাল আৰু চৌপাশৰ সৌন্দৰ্যও চাবলগীয়া৷ মাজে মাজে দেওবৰীয়া হাট বহিছিল, তাত বাৰীত লগা সতেজ শাক-পাচলিৰ পয়োভৰ৷

 


আমি ওভতোঁতে ভৈৰৱকুণ্ডত ৰোৱাৰ কথা৷ সেয়ে প্ৰথমে ভূটান গে’টলৈ আগ বাঢ়ি গ’লোঁ৷ গে’টত আধাৰ কাৰ্ড বা ভোটাৰ আই. ডি. দেখুৱাই এটা এগ্‌জিট নম্বৰ ল’ব লাগে, যিটো উভতি আহোঁতে গে’টত পুনৰ কৈ আহিব লাগে- প্ৰমাণস্বৰূপে যে আপুনি সেইখন দেশৰ পৰা ঘূৰি আহিছে৷ ভিতৰলৈ গৈ ভূটান গে’টৰ ওচৰত থকা অফিচত পুনৰ নাম-ঠিকনা ৰেজিষ্ট্ৰেশ্বন কৰাব লাগে৷ চৈধ্য বছৰৰ তলৰ শিশুৰ বাবে বাৰ্থ চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক৷ যি কি নহওক, যাৱতীয় কামখিনি কৰি আমি ভিতৰ সোমাওঁতে প্ৰায় আবেলিয়েই হৈছিল৷ ভূটানৰ এই সৰু চহৰখনৰ নাম হৈছে জমতচংখা৷ জনসংখ্যা প্ৰায় এহেজাৰতকৈও কম৷ পৰিষ্কাৰ-পৰিচ্ছন্ন বাট-পথ আৰু দুয়োকাষে নিচেই সৰু সৰু দোকান৷ মাজে মাজে দুই এক দুই-তিনি মহলীয়া বিল্ডিঙো আছে৷ ঘৰবোৰৰ ডিজাইন একে- সম্পূৰ্ণৰূপে ভূটানিজ ষ্টাইলৰ৷ বেৰ আৰু খুটাত নানৰঙী কাৰুকাৰ্য কৰা আৰু ওপৰভাগ চেপেটাকৈ বাহিৰফালে আগ বঢ়া৷ অলপ দূৰ গাড়ীৰে গৈ আমি এঠাইত গাড়ী ৰখাই খোজকাঢ়ি ঘূৰা-ফুৰা কৰিম বুলি আগ বাঢ়িলোঁ৷ জৰ্‌জৰকৈ শব্দ কৰি পাহাৰীয়া নৈ এখন  বৈ আহিছিল আৰু তাৰ ওপৰত থকা দলংখনক বৌদ্ধ ধৰ্মৰ ৰঙা-নীলা সৰু সৰু পতাকাৰ শাৰীয়ে চামিয়ানাৰ দৰে ঢাকি ধৰিছিল৷ এই ধুনীয়া দৃশ্য দেখি আমি ফটো তোলাত ব্যস্ত হৈ পৰিলোঁ৷ আমাক দেখি বাটত খোজকাঢ়ি থকা ককা এজন কথা পাতিবলৈ আগুৱাই আহিল৷ স্থানীয় বয়সস্থ লোক এজনৰ সৈতে কথা পাতিবলৈ পাই আমিও ভাল পালোঁ৷ তেওঁ অসমৰ বা-বাতৰি ল’লে আৰু আমি তেওঁলোকৰ৷ তেওঁৰ পৰা বিদায় লোৱাৰ পাছত আমি ভাবিলোঁ চাহ একাপকে খোৱা যাওক ওচৰে-পাজৰে যদি পোৱা যায়৷ ফাষ্ট ফুড্ বুলি লিখি থোৱা সৰু সৰু ঘৰ কিছুমান দেখিলোঁ৷ দেখাত কিন্তু সেইবোৰ ৰেষ্টুৰেণ্টৰ দৰে নহয়৷ অৱশ্যে ভিতৰত সোমাই  দেখিলোঁ বহাৰ ভাল ব্যৱস্থা আছে আৰু চাফ-চিকুণ৷ কি কি আছে সোধাত পাকঘৰত ব্যস্ত হৈ থকা বাইদেউগৰাকীয়ে ম’ম’, ঘূগুণী, বয়ল কণী সকলোখিনি আমাৰ ফালে আগ বঢ়াই দি বিক্ৰীৰ আশাত মুখলৈ চালে৷ ভোক লগা নাছিল যদিও গোটেই কেইবিধৰে একো প্লেটকৈ আমি অৰ্ডাৰ দিলোঁ৷ লগত দুকাপ ডাঠকৈ গাখীৰ চাহ৷ কাৰণ আশাৰে মুখলৈ চোৱা বাইদেউ গৰাকীক নিৰাশ কৰিব খোজা নাছিলোঁ৷ কিন্তু সেই নিচেই সৰু ফাষ্টফুড্খনৰ ভেজ ম’ম’ আৰু চাট্‌নিখিনি ইমানেই সুস্বাদু আছিল যে আমি টকালি পাৰি পাৰি খালোঁ৷ খোৱা-বোৱা শেষ হোৱাত আৰম্ভ হ’ল ওভতনি যাত্ৰা৷ ভূটান গে’টৰ পৰা অলপ দূৰ ওলাই আহিয়েই পোৱা যায় ভৈৰৱকুণ্ড৷ বহুদিনৰ পৰা নাম শুনি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিল৷ ভৈৰৱকুণ্ডত ভূটানৰ পৰা নামি অহা জামপানী নৈৰ লগত ভৈৰৱী নৈ লগ হৈ ধনশিৰি নৈৰ সৃষ্টি হৈছে৷ চৌদিশে পাহাৰ আৰু খৰস্ৰোতা নৈৰ শিলত ঠেকা খাই খাই আগুৱাই যোৱাৰ মনোৰম দৃশ্যই আমাক মুগ্ধ কৰিলে৷ কিছু সময় তাত কটাম বুলি আমি নৈৰ দাঁতিত বহিবলৈ আগুৱাই গ’লোঁ৷ পিছে এটা কথাইহে বৰ অশান্তি দিলে৷ কথাটো হ’ল তালৈ গাড়ী, বাইক লৈ অজস্ৰ মানুহ আহিছে৷ কোনোৱে পিক্‌নিক্‌ খাবলৈ, কোনোৱে এনেয়ে সময় কটাবলৈ৷ তাৰে অধিকাংশ লোকেই চিপ্‌চৰ খালী পেকেট, ক’ল্ড ড্ৰিংকছ্ বা সুৰাৰ খালী বটল য’তে ত’তে পেলাই ঠাইখিনি কদৰ্য কৰি তুলিছে৷ মনটো এইবোৰ দেখি খুব বেয়া লাগি গ’ল৷ তাৰ পৰা মাত্ৰ সামান্য দূৰত্বত থকা ভূটানৰ পৰিষ্কাৰ-পৰিচ্ছন্ন সৰু চহৰখনৰ পৰা আমি উভতিছোঁহে মাত্ৰ, নিজৰ দেশত দেখা পালোঁ এই অৱস্থা৷ অহৰহ পৰ্যটক আহি থকা ভৈৰৱকুণ্ডত উন্নত মানৰ ডাষ্টবিনৰ ব্যৱস্থাও চকুত নপৰিল৷ হয়তো অ’ত-ত’ত দুই এটা আছে৷ আমাৰ দেশৰ একাংশ মানুহৰ মানসিকতা যে কেতিয়া সলনি হ’ব ভাবি ওৰ নাপালোঁ৷ চৰকাৰেও আচলতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা উচিত৷


গধূলি বেলি পৰোঁ পৰোঁ হওঁতে আমি তাৰ পৰা ঘৰমুৱা হ’লোঁ৷ বাটতে ছিপাঝাৰ পাৰ হৈ নাৰিকলী মন্দিৰত বাহিৰৰ পৰাই মূৰ দোঁৱাই আহিলোঁ৷ জমতচংখাৰ ধুনীয়া আবেলিটো আৰু ভৈৰৱকুণ্ডৰ খৰস্ৰোতা নৈৰ কলকলনিৰ শব্দ বুকুত সামৰি ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীত আমি প্ৰৱেশ কৰোঁতে নিশা ভালেখিনি হৈছিল৷     

অ
লেখকৰ পৰিচয়

অংগনা চৌধুৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)