বাসুদেব দাস
‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্ৰজাপতি ব্ৰহ্মাৰ অঙ্গৰ পৰা নিৰ্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্ৰা, পিঙ্গল বৰ্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজেৰ ভূষণ, অঙ্গে গৈ্ৰিক কাষায়।’ অনাচাৰ, অমিতাচাৰ, ব্যভিচাৰৰ ফলত ৰোগাক্ৰান্ত হয় মানুহ।মৃত্যু সিহঁতক যন্ত্ৰণাৰ পৰা মুক্তি দান কৰে, জলাৰ পৰা শান্তি,পুৰণি জন্মৰ পৰা দিয়ে নব জন্মান্তৰ।
জগৎ্ মশাইৰ শিক্ষা আৰু সাধনা জীৱনমশাইৰ মাজত চৰিতাৰ্থ লাভ কৰিছিল। দেউতাৰ নিৰ্দেশত আয়ুৰ্বেদ শিক্ষাৰ লগত পাশ্চাত্য চিকিৎসা শাস্ত্ৰও আয়ত্ত কৰিছিল। দেউতাকৰ নিচিনা তেওঁৰ নাড়ীজ্ঞান আছিল অভ্ৰান্ত। নিজা প্ৰিয়পুত্ৰ বনবিহাৰীৰ মৃত্যুও তেওঁ আগতেই ঘোষণা কৰিবলৈ কুণ্ঠিত হোৱা নাছিল।নিৰাসক্ত জীৱন সাধনাত তুচ্চ হৃদয় দৌৰ্বল্যৰ কোনো স্থান নাছিল তেওঁৰ বাবে। যি নাড়ীজ্ঞানৰ বাবে জীৱন মশাইৰ সুনাম নাইবা দুৰ্নাম, তাৰ পাছত আছে জীৱন আৰু মৃত্যু সম্পৰ্কত এক ধৰণৰ বিশেষ বোধ। মৃত্যু অন্ধ আৰু বধিৰ। ৰোগ তাৰ সন্তানৰ নিচিনা নিয়ত তাৰ হাত ধৰি ঘুৰি ফুৰিছে। কিন্তু তাক নিয়ন্ত্ৰণ কৰিছে নিয়ম-কাল। যাৰ কাল পুৰ্ণ হৈ যায় তাক যাবলগীয়া হয়। অকালমৃত্যুও আছে। নিজৰ পাপকৰ্মৰ বাবে মানুহ নিজৰ আয়ু ক্ষয় কৰি কালক অকালত মাতি আনে।
পৰিৱৰ্তিত পৰিস্থিতিত জীৱনমশাইৰ চিকিৎসাপদ্ধতিত মানুহৰ আস্থা কমি আহিছে।ছোৱালী আৰু ল’ৰাৰ অকালমৃত্যু, সম্পত্তিৰ বিনাশ,জনপ্ৰিয়তা হেৰোৱাই বুঢ়া জীৱন মশাই আজি বিপৰ্যস্ত। যি চিকিৎসাৰ জৰিয়তে জীৱন মশাই এদিন বহু মানুহৰ প্ৰাণৰক্ষা কৰিছে, আজি বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ তাক ‘নিদান হাকা’ নামত অভিহিত কৰিছে। তেতিয়াও জীৱন মশাই ইমান সহজতে হাৰ স্বীকাৰ কৰা নাই। নতুনৰ জয়যাত্ৰাক আচৰিত উদাৰতাৰ সৈ্তে মানি লৈছে। নৱীন ডাক্তৰ প্ৰদ্যোতৰ ধীৰতা, সাহস আৰু উদ্যমশীলতাক প্ৰশংসা কৰিবলৈও কুণ্ঠিত হোৱা নাই। জীৱন মশাই মৃত্যুৰ লগত মানুহৰ সাধনাকো প্ৰণাম জনাইছে। মৃত্যুক জয় কৰিব নোৱাৰে, কিন্তু মানুহ অকাল মৃত্যুক জয় কৰিব পাৰে। জীৱন মশাই সেই সময়ৰ ৰোগীবোৰক হাঁহিমুখত মৃ্ত্যুক সাবটি লোৱা চাইছে । নবগ্ৰামৰ ভুবন ৰায়ে নিজৰ মৃত্যুৰ কথা জানিব পাৰি বন্ধুৰ তাত মুক্তি বিচাৰি হাঁহিমুখে চকু মুদিছিল। অকলে ভুবন ৰায় নে?গনেশ বায়ন, আশী-পঁচাশী বছৰৰ বুঢ়া গণেশ বায়ন মৃত্যুৰ আগত ‘জীৱন-মচ্ছব’টো কৰি যাব বিচাৰে। সিহঁতবোৰই হ’ল মৃত্যুৰ সমাদৰৰ অতিথি। আজিকালি মৃত্যুক তেনে অতিথি জ্ঞান কৰি বিচাৰি পোৱা নাযায়।
নানা ধৰণৰ ৰোগত কাতৰ হৈ পৰা, মৃত্যুভয়ত ভীত মানুহবোৰৰ মাজত আমি মানৱাত্মাৰ বিভিন্ন ৰূপৰ প্ৰকাশ দেখিবলৈ পাওঁ। ৰানা পাঠক, মহাপীঠৰ মোহন্ত সন্ন্যাসী, ভুবন ৰায়, গনেশ বায়ন— সিহঁত প্ৰত্যেকেই মৃত্যুৰ ওচৰত ধীৰ-স্থিৰ-অচঞ্চল। কোনোবা স্বেচ্ছায় মৃত্যুক আহ্বান কৰিছে, কোনোবা আকৌ প্ৰতিযোগী মল্লযোদ্ধাৰ নিচিনাকৈ মৃত্যুৰ লগত শক্তিপৰীক্ষাৰ বাবে উৎসুক, কোনোবা মৃত্যু নিশ্চিত বুলি জানিও ‘জীৱন উছৱ’ৰ আয়োজন কৰি জীৱনক শেষ অভিনন্দন জনাবলৈ উল্লসিত, কোনোবা জীৱনৰ সকলো দেনা পৰিশোধ কৰি দায়মুক্তভাৱে মহাঅভিযানত ওলাবলৈ প্ৰস্তুত। আনফালে জীৱন মশাইৰ নিজৰ ল’ৰা বনবিহাৰী, মতিৰ আয়েক, মঞ্জৰী, দাঁতু ঘোষাল আদি জীৱনক আঁকোৱালি ল’বৰ বাবে অশোভন ৰূপত ব্যস্ত। এইসকলে জীৱন ৰসৰ শেষ বিন্দুলৈ্কে উপভোগ কৰাৰ বাবে ব্যৰ্থ আকাঙ্ক্ষাত ছটফটাই আছে। এই দুটা বিপৰীতমুখী স্ৰোতধাৰাত অৱগাহনৰত মানৱ জীৱনক তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ে অত্যন্ত দক্ষতাৰ সৈতে ‘আৰোগ্য নিকেতন’ উপন্যাসত উপস্থাপিত কৰিছে।
‘হাঁসুলী বাঁকৰ উপকথা’ (হাঁসুলী বাঁকেৰ উপকথা) তাৰাশঙ্কৰৰ এক মহৎ সৃষ্টি। বীৰভূমৰ কোপাই নদীৰ হাঁসুলী বাঁকৰ বাঁশবাদি গাঁও ইয়াৰ পটভূমি। কাহাৰ সমাজৰ জীৱনযাত্ৰা, সমাজব্যৱস্থা, সংস্কাৰ-কুসংস্কাৰ, প্ৰেম-ভালপোৱা, দ্বন্দ্ব-সংঘাত, আনন্দ-উছৱ ইত্যাদিৰ বিচিত্ৰ ৰূপ এই উপন্যাসৰ উপজীব্য।কাহাৰসকলৰ জীৱন প্ৰাচীন সংস্কাৰ-শাসিত। সিহঁতে পাল্কি বহন কৰে, খেতি কৰে, আনন্দ-উছৱত কৰ্তা বাবাৰ থানত পূজা দিয়ে। অতীতৰ জীৱনপ্ৰৱাহৰ পৰা সিহঁত আঁতৰি আহিবলৈ আগ্ৰহী নহয়। উপন্যাসত প্ৰথম মৃত্যু আহিছে কালোশশীৰ জীৱনলৈ। পৰমৰ স্ত্ৰী কালোশশীৰ লগত বনওৱাৰীৰ এটা অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছে। বনওৱাৰীৰ প্ৰতি অবৈধ আকৰ্ষণৰ বাবে পৰমে মাজে মাজে কালোশশীক প্ৰহাৰ কৰে।কালোশশী নিঃসন্তান, বনওৱাৰীৰো কোনো লৰা-ছোৱালী নাই। সি সন্তানহীনতাৰ দুখ জানে। ইমান ডাঙৰ মাতব্বৰ সি, টকা-পইচা, মাটি-বাৰী ,ইমানবোৰ গৰু-গাই, কি কামত আহিব এইবোৰ? কালোশশী খুব এটা সুবিধাজনক মহিলা নহয়, তাইৰ চকুত মায়াবী নিচা আছে, সেই নিচাৰ তীব্ৰ আকৰ্ষণত বনওৱাৰীয়ে সকলো পাহৰি যায়। বনওৱাৰীৰ লগত কোপাইৰ গৰ্ভত গা ধুবলৈ যাওঁতে কালোশশী পৰমৰ চকুত পৰি যায়। জোনৰ পোহৰত পৰমৰ চকু শ্বাপদৰ নিচিনা প্ৰতিহিংসাৰ জুইত জ্বলি থকা দেখি প্ৰাণৰ ভয়ত কালোশশী কোপাইৰ তীৰ ধৰি দৌৰি থাকে। পাছদিনা ৰাতিপুৱা কালীদহৰ মাজত কালোশশীৰ দেহা ভাহি উঠে। হাঁসুলী বাঁকৰ বাঁহবন আৱৰি থকা বাঁশবাদিৰ ইতিহাসত এনে অস্বাভাৱিক মৃত্যু সদায়ে ঘটি থাকে।
নতুন যুগৰ প্ৰতিনিধি কৰালীৰ লগত গাঁওবুঢ়া বনওৱাৰীৰ সহজতেই বিৰোধ আৰম্ভ হৈছে। কৰালীৰ হাতত বনওৱাৰী পৰাজিত হৈছে। অকল দৈহিক শক্তিৰ পৰীক্ষাত পৰাজিত হোৱাই নহয়, কৰালীয়ে তেওঁৰ নেতৃত্ব হৰণ কৰিছে, তেওঁৰ তিৰোতা সুবাসীক লৈ গৈছে। কাহাৰপাড়াত বান অহাৰ আগতেই বনওৱাৰীৰ মৃত্যু হৈছে। বনওৱাৰীয়ে আগৰ ইচ্ছা অনুসৰি মৃত্যুৰ তিনিদিনৰ আগত কোপাইৰ গৰ্ভত গৈ শেষ শয্যা পাতিছিল। গোটেই কাহাৰপাড়াৰ মানুহবোৰক মাতি আনি সিহঁতক চাই থাকি থাকিয়েই মৃত্যুক আলিঙ্গন কৰিছে।
দেবনাথ ঘোষ ওৰফে দেবু ‘গণদেৱতা’ উপন্যাসৰ প্ৰধান চৰিত্ৰ। মূলতঃ তেওঁৰ দৃষ্টিত সমাজৰ ভাঙোন আৰু পৰিৱৰ্তন ধৰা পৰিছে। মহামাৰীত দেবুৰ পত্নী বিলু আৰু খোকাৰ আকস্মিক মৃত্যুত দেবুৰ জীৱনৰ পৰা সকলো ৰস, হাঁহি আৰু কোমলতা শুকাই গৈছে। ‘দেবু পাথৰেৰ মতো অশ্ৰুহীন নেত্ৰে নীৰব নিৰ্বাক হইয়া সব দেখিল, বুক পাতিয়া নিদাৰুণ আঘাত গ্ৰহণ কৰিল।…সুখ দুঃখেৰ অনুভূতি মৰিয়া গিয়াছে, হাসি ফুৰাইয়াছে, অশ্ৰু শুকাইয়াছে, কথা হাৰাইয়াছে, মন অসাড়, দৃষ্টি শূন্য, ঠোঁট হইতে বুক পৰ্যন্ত নীৰস শুষ্ক— সাহাৰাৰ মতো খাঁ খাঁ কৰিতেছে।’ দেবুৰ এনে মানসিক অৱস্থাত ন্যায়ৰত্নৰ মৰম আৰু সান্ত্বনাৰ বাণীয়ে দেবুক নতুনকৈ জী উঠাৰ প্ৰেৰণা দিছে।
তাৰাশঙ্কৰৰ ছোৱালী বুলুৰ অকাল মৃত্যুৱে লেখকৰ জীৱনত গভীৰ শূন্যতাৰ সৃষ্টি কৰে। সেই সময়ছোৱাত তেওঁ বলিয়াৰ নিচিনাকৈ মৰাশালিত ঘূৰি ফুৰিছিল আৰু মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিছিল। ‘প্ৰতিধ্বনি’ গল্পত লেখকৰ এনে মনোভাৱ ফুটি উঠিছে। গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ ৰসৰাজ। সি যেতিয়া বি এ ক্লাছৰ ছাত্ৰ। প্লে’গ ৰোগত তেওঁৰ ভাই-ভনীৰ মৃত্যু হয় আৰু ক্ৰমে ক্ৰমে বংশত থকা বলিয়াৰ লক্ষণসমূহ তেওঁৰ মাজত জাগি উঠে। ৰসৰাজে সকলো ঠাঁইত মৃত্যুৰ তাণ্ডৱলীলা দেখিবলৈ পায়। ‘মৃত্যু কি,তাৰ ৰূপ,কোথা তাৰ বাস— এ ভিন্ন চিন্তা নেই,মৃত্যু ভিন্ন চোখে কিছু দেখতে পাই না, কান্না ভিন্ন কিছু শুনতে পাই না। অহৰহ যেন একসঙ্গে অনেক লোক কাঁদছে।’ ৰসৰাজৰ এনে অসমাপ্ত জিজ্ঞাসাই ‘আৰোগ্য নিকেতন’ উপন্যাসৰ জীৱন মশাই চৰিত্ৰৰ মাজত পৰিণতি লাভ কৰিছেগৈ।
‘শেষ কথা’ গল্পত বুঢ়িৰ মৃত্যু জীৱনৰ মাধুৰ্যময় পৰিণতি– ‘চোখে জল টলমল কৰছিল, তবুও বুড়াৰ মুখে হাসি ফূটে উঠল, বুড়া বললে, বল বুড়ি; কি বুলছ বল?’
‘— মৰণ ভাৰি সুন্দৰ গো বুড়া, মৰণ ভাৰি সুন্দৰ। বুড়া হাসতে লাগল, চোখেৰ জল টপটপ কৰে ঝৰে পড়ল বুড়িৰ কপালেৰ উপৰ। বুড়া মুছিয়ে দিতে গেল সেই জল। বুড়ি বললে, না থাক।’
মৃত্যু সম্পৰ্কত এনে উপলদ্ধিয়েই তাৰাশঙ্কৰৰ জীৱনৰ অন্যতম সাধনা। মৃত্যু অকলে যন্ত্ৰণাজৰ্জৰ মানুহৰ দেহাৰ নিয়তিয়েই নহয়, কেতিয়াবা সেয়া সুন্দৰৰ নামান্তৰো।
এইবাৰ আমি বিভূতিভূষণৰ কথা সাহিত্যত মৃত্যুচেতনা সম্পৰ্কে আলোচনা কৰিম। ‘পথেৰ পাঁচালী’ বিভূতিভূষণৰ এখন বিখ্যাত উপন্যাস। গোটেই উপন্যাসখন জীৱন-মৃত্যুৰ ফ্ৰেমত বন্ধা। উপন্যাসত প্ৰথম স্মৰণীয় মৃত্যু ইন্দিৰ ঠাকুৰুণৰ। বল্লাল সেন প্ৰৱৰ্তিত কৌলিন্য প্ৰথাৰ বলি ইন্দিৰ ঠাকুৰুণৰ তেওঁৰ গিৰীয়েকৰ লগত সাক্ষাৎ হৈছে মাত্ৰ দুবাৰ। গিৰীয়েক আৰু আশ্ৰয়দাতা ককায়েকৰ মৃত্যুত সহায় সম্বলহীনা অৱস্থাত ইন্দিৰ ঠাকুৰুণ দূৰ সম্পৰ্কীয় আত্মীয় হৰিহৰৰ ঘৰত আশ্ৰয় লয়। হৰিহৰৰ পত্নী সৰ্বজয়াই তেওঁক সহজ মনেৰে গ্ৰহণ কৰিব পৰা নাই– ‘কোথাকাৰ কে ঠিকানা নেই। বসিয়া বসিয়া অন্ন ধ্বংস কৰিতেছে।’ শেষত এদিন চৰম অপমানত বিতাড়িত ইন্দিৰ ঠাকুৰুন দুখত, ক্ৰোধত, অনাহাৰত জীৰ্ণ অৱস্থাত বাটৰ কাযত মৰি পৰি থাকে। ইন্দিৰ ঠাকুৰুণৰ মৃত্যুত এটা যুগৰ অবসান হৈ যায়। ইয়াৰ পাছত উপন্যাসৰ আটাতকৈ উল্লেখযোগ্য মৃত্যু হৈছে দুৰ্গাৰ। অপুৰ জীৱনত দুৰ্গাৰ মৃত্যুৱে প্ৰচণ্ড আঘাত হানিছে। এই আঘাতৰ মানস প্ৰতিক্ৰিয়া লেখকে সুন্দৰকৈ ফুটাই তুলিছে। লেখকৰ শিল্পীজনোচিত অসাধাৰণ সংযম ইয়াত বিশেষ কৈ লক্ষ্য কৰা যায়– ‘আকাশেৰ নীল আস্তৰণ ভেদ কৰিয়া মাঝে মাঝে অনন্তেৰ হাতছানি আসে— পৃ্থিবীৰ বুক থেকে ছেলেমেয়েৰা চঞ্চল হইয়া ছুটিয়া গিয়া অনন্ত নীলিমাৰ মধ্যে ডুবিয়া নিজেদেৰ হাৰাইয়া ফেলে। পৰিচিত আৰু গতানুগতিক পথেৰ বহুদূৰ পাৰে কোন পথহীন পথে— দুৰ্গাৰ অশান্ত চঞ্চল প্ৰাণেৰ বেলায় জীবনেৰ সেই সৰ্বাপেক্ষা বড় অজানাৰ ডাক আসিয়া পৌছিয়াছে।’
হৰিহৰ ৰায়ৰ মৃত্যুৰ সময়ত অপুৰ বয়স হৈছিল এঘাৰ। হৰিহৰ আছিল অপুৰ পৰম বন্ধু, চিৰকালৰ নিৰ্ভৰতাৰ পাত্ৰ। দেউতাকৰ কবিমন, ভ্ৰমণৰ প্ৰতি অনুৰাগ, কৰুণা আৰু চাৰিত্ৰিক মাধুৰ্য অপুৰ মাজত বহুখিনি সঞ্চাৰিত হৈছিল। অপুৰ মনৰ গঠন আন দহটা ল’ৰাৰ নিচিনা নহয়। দেউতাকৰ মৃত্যুত সি হাহাকাৰ কৰা নাই নাইবা সংসাৰৰ আৰ্থিক সমস্যাৰ কথা ভাবি ব্যাকুলো হোৱা নাই। অপুৱে ভাবিছে প্ৰতিদিনৰ নিচিনাকৈ দেউতাকে কোনোবা ঠাইত বহি উদাস পুৰৱীৰ সুৰত আশীৰ্বচন গান গাই আছে– ‘কালে বৰ্ষতু পৰ্জন্যং পৃ্থিবী শস্যশালিনী/ লোকো সন্ত নিৰাময়াঃ’। পৃ্থক নামেৰে চিহ্নিত হ’লেও ‘অপৰাজিত’ আচলতে ‘পথেৰ পাঁচালী’ৰ উত্তৰ পৰ্ব। ইয়াত নিৰ্জন প্ৰকৃ্তিৰ কিশোৰ অপুৱে কলিকতা চহৰৰ বিশাল জনসমুদ্ৰৰ মাজত জীৱনৰ বিচিত্ৰ অভিজ্ঞতা অৰ্জন কৰিছে। মনসাপোতা গাঁৱৰ আন্ধাৰ ৰাতি মৰমৰ ল’ৰা অপুক সপোনতে চাই চাই সৰ্বজয়াৰ মৃত্যু হৈছে। মাকৰ মৃত্যুৰ সংবাদে অপুৰ মনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি বৃহত্তৰ জীৱনৰ আহ্বানত অপু আগবাঢ়ি যাবলৈ সদায়ে সাজু হৈ আছিল, সেই জীৱনৰ বাটত একমাত্ৰ চেনেহৰ বন্ধন আছিল আয়েক সৰ্বজয়া। আইৰ মৃত্যু সংবাদত প্ৰথমতে অপুৰ বান্ধোন ছিঙাৰ উল্লাস– ‘প্ৰথমটা তাহাৰ মনে একটা আনন্দ, একটা যেন মুক্তিৰ নিঃশ্বাস…একটা বাঁধন– ছেঁড়াৰ উল্লাস… অতি অল্পক্ষণেৰ জন্য— নিজেৰ অজ্ঞাতসাৰে।’ এইবাৰ অপৰ্ণাৰ পালা। পত্নী অপৰ্ণাৰ জৰিয়তে অপুৱে সৰ্বজয়াক, হেৰাই যোৱা নিশ্চিন্দিপুৰক বিচাৰি পাইছিল।সন্তানৰ জন্ম দিবলৈ গৈ অপৰ্ণাৰ মৃত্যুত অপুৰ জীৱনৰ আৰু এটা বন্ধন ছিন্ন হৈ গৈছে। এক বিশাল শূন্যতাই অপুক গ্ৰাস কৰিছে। উপন্যাসত ইমানবোৰ মৃত্যু যি কোনো লেখকক কাবু কৰাৰ বাবে যথেষ্ট আছিল কিন্তু বিভূতিভূষণৰ অনন্যসাধাৰণ শিল্পৰীতি আৰু অপূৰ্ব সংযমবোধে উপন্যাসখনক সাৰ্থক কৰি তুলিছে।
মৃত্যুক বিভুতিভূষণে দেখিছে জীৱনৰ বৃহত্তৰ পটভূমিত, তেওঁৰ দৃষ্টিত মৃত্যু জীৱনৰ পৰিপন্থী নহয়।তেওঁ মৃত্যুৰ পৰিৱৰ্তনহীন নিত্যস্থিৰ চিৰশান্ত মূৰ্তিক সদায় গ্ৰহণ কৰিব পৰা নাই। সেইবাবে ‘দেবযান’ৰ মৃত্যুৰ মাজতো ইমান বৈচিত্ৰ্য; ইমান বিস্ময় আৰু মৰ্ত্যৰ লগত যোগাযোগৰ বাবে ইমানখিনি ব্যাকুলতা।
মানিক বন্দ্যোপাধ্যায়ৰ উপন্যাসত মৃত্যুচেতনা বিশেষকৈ লক্ষ্য কৰিবলগীয়া। ‘পুতুল নাচেৰ ইতিকথা’ উপন্যাস আৰম্ভ হৈছে হাৰু ঘোষৰ অসহায় মৃত্যুৰ জৰিয়তে– ‘খালেৰ ধাৰে প্ৰকাণ্ড বটগাছেৰ গুঁড়িতে ঠেস দিয়া হাৰু ঘোষ দাঁড়াইয়াছিল। আকাশেৰ দেবতা সেইখানে তাহাৰ দিকে চাহিয়া কটাক্ষ কৰিলেন। হাৰুৰ মাথায় কাঁচাপাকা চুল আৰ মুখে বসন্তেৰ দাগভৰা ৰুক্ষ চামড়া ঝলসিয়া পুড়িয়া গেল।সে কিন্তু কিছুই টেৰ পাইল না। শতাব্দীৰ পুৰাতন তৰুটিৰ মুক অবচেতনাৰ সঙ্গে একান্ন বছৰেৰ আত্মমমতায় গড়িয়া তোলা চিন্ময় জগৎটি তাহাৰ চোখেৰ পলকে লুপ্ত হইয়া গিয়াছে।’ জীৱনৰ সামগ্ৰিক বোধৰ বাবে মৃত্যুবোধ বৰ প্ৰয়োজনীয়। বজ্ৰপাতত হাৰু ঘোষৰ মৃত্যু হৈছে। আপাতদৃষ্টিত এয়া এটা প্ৰাকৃ্তিক ঘটনা। ‘পদ্মা নদীৰ মাঝি’ৰ নিচিনাকৈ এই ঘটনাই মানুহৰ জীৱনৰ গতিপথ সলনি কৰা নাই।হাৰুৰ মৃত্যুৰ বাবে কাৰো কোনো ক্ষতি হোৱা নাই। তেনেহ’লে মানিক বন্দ্যোপাধ্যায়ৰ নিচিনা সচেতন লেখকে উপন্যাসৰ আৰম্ভণিত এনে এটা ঘটনাক কিয় স্থান দিলে এই প্ৰশ্নটো আমাৰ মনত উদয় হোৱা স্বাভাৱিক। নিপুণ শিল্পীয়ে যেনেদৰে ৰাগিণী বিস্তাৰ কৰাৰ আগত তাৰ মূল সুৰখিনি ধৰাই দিয়ে এয়াও ঠিক তেনেই। মৃত্যুৰ ঘটনাটো উপন্যাসৰ কথামুখ। অস্তিত্বমান মানুহৰ বিয়িং বা সত্তা একান্তই ঐহিক, তাৰ দুটা প্ৰান্ত জন্ম আৰ মৃত্যুৰ দ্বাৰা খণ্ডিত।মৃতদেহ সম্পৰ্কত মনুষ্যেতৰ প্ৰাণীৰ মাজত চেতনাৰ পৰিচয় উপন্যাসত লক্ষণীয়– ‘মৰা শালিকেৰ বাচ্চাটিকে মুখে কৰিয়া সামনে আসিয়া ছপছপ কৰিয়া পাৰ হইয়া যাওয়াৰ সময় একটা শিয়াল বাৰ বাৰ মুখ ফিৰাইয়া হাৰুকে দেখিয়া গেল।ওৰা টেৰ পায়।কেমন কৰিয়া টেৰ পায় কে জানে।’
গোটেই উপন্যাসখনত মানুহৰ বিচিত্ৰ বহুধা উৎসাৰিত জীৱন, ইমান চেনেহ-প্ৰেম-মৰম-লোভ-ঈৰ্ষা-জিঘাংসা লৈ উৎসাৰিত বৰ্ণালী,তাৰ পশ্চাতত আছে মৃত্যুৰ পটভূমি। মৃত্যুৱে বিভিন্নজনক ভিন ভিনভাৱে বিচলিত কৰে। আত্মীয়-পৰৰ মৃত্যুক লৈ যিবোৰ মানুহে শোক কৰে শশী সিহঁতৰ নিচিনা নহয়।কোনোবা এজনক মৰা দেখিলে শশীৰ মনত নপৰে যে সকলো মানুহ এদিন মৰিব। জীৱনটোক শশীয়ে অতি কামনাৰ আৰু উপভোগ্য বুলি ভাবে। মৃত্যুৰ প্ৰতি অন্যমনস্ক হৈ জীয়াই থকাৰ মাজত জীৱনৰ বহুত কিবাকিবি অপচয় হৈ যায়। জীৱনৰ তেনে ক্ষতি প্ৰতিকাৰহীন।
বাসুদেব বন্দ্যোপাধ্যায়ৰ সৰু ল’ৰা ভুতোৰ অপমৃত্যু হৈছে। দহ বছৰৰ ল’ৰা্টো সাতদিন আগতে গছৰ পৰা জাম পাৰিবলৈ গৈ পিছলি পৰি মৃত্যুবৰণ কৰিছে। মানুহৰ সকলো চেষ্টাই এনে আকস্মিক ব্যৰ্থতাত পৰ্যবসিত হয়। শশীহঁতৰ ঘৰত আশ্ৰিতা ছোৱালী ক্ষেমীৰ সন্তানৰ জন্ম দিবলৈ গৈ নিউমোনিয়াত মৃত্যু হয়। সেন বাইদেৱে বসন্ত ৰোগৰ পৰা সাময়িকভাৱে ৰক্ষা পায়, কিন্তু এয়া যেন স্থগিতাদেশ মাথোন।এটা সুন্দৰ ল’ৰাৰ জন্ম দিবলৈ গৈ তেওঁৰো মৃত্যু হয়। ইয়াৰ আগতে তেওঁৰ গিৰীয়েক যামিনী কবিৰাজ প্ৰবল জাৰৰ কোপত মৃত্যু হয়।
যাদব পণ্ডিত এই উপন্যাসৰ এটা অদ্ভুত চৰিত্ৰ। যাদব সূৰ্যবিজ্ঞানত পাৰদৰ্শী। মানুহজন বুঢ়া, দেহা জৰাজীৰ্ণ। গৃহস্থ যোগী তেওঁ, সংসাৰী সাধক। নিজৰ চাৰিওফালে তেওঁ এটা অলৌকিক আকৰ্ষণ সৃষ্টি কৰি তুলিছে। আনৰ নিচিনাকৈ যাদব পণ্ডিতৰো মৃত্যুভয় আছে, তেওঁ আন্ধাৰত বাট বোলাৰ সময়ত সাপৰ পৰা আঁতৰি থাকিবলৈ লাখুটিৰে শব্দ কৰি আগবাঢ়ি যায়, আনফালে ইচ্ছামৃত্যু বৰণৰ আকাংক্ষাই তেওঁৰ চৰিত্ৰক ৰহস্যময় কৰি তুলিছে। নিজৰ প্ৰতি মানুহৰ ভক্তিভাব বজাই ৰখাৰ বাবে যাদব পণ্ডিতে আত্মহত্যা কৰিবলগীয়া হয়।
বিজ্ঞানৰ ছাত্ৰ মানিক বন্দ্যোপাধ্যায়ে মৃত্যুক দেখিছে আৱেগহীন নিৰ্মোহ দৃষ্টিৰে। মৃত্যু তেওঁৰ মতে জীৱনৰ স্বাভাৱিক পৰিণাম। মৃত্যুক লৈ কোনো ধৰণৰ আধ্যাত্মিকতাৰ বিলাস মানিক বন্দ্যোপাধ্যায়ৰ সাহিত্যত দেখিবলৈ পোৱা নাযায়।
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)