৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ'দে-বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ৩১ জুলাই, ২০২৪
৯ মিনিট পঠন • ৬৩৪ বাৰ পঢ়া হৈছে

লোকনাথ গোস্বামী 

                       

(৬)

 

  মোৰ প্ৰথম স্কুল যাত্ৰা :              

দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছিল ৷ টাউনৰ দুয়োজন দাদা নিজৰ নিজৰ জীৱন সংগ্ৰামৰ মেৰপেঁচত এনেদৰে সোমাই পৰিল যে ভাই-ভনীহঁতৰ কথাতো বাদেই, দেউতা-মাৰ কথা ভাবিবলৈকো আহৰি নোপোৱা হ’ল ৷ তদুপৰি দাদাহঁতে পঢ়ি থকাৰ সময়তে মোৰ পিছতে আৰু দুটা সন্তান জন্ম হ’ল ৷ দেউতা-মাৰ কাৰণে ক’বলৈ গ’লে এক চম্ভালিব নোৱাৰা অৱস্থা ৷ মাৰ কথাতো পূৰ্বতে কৈয়ে আহিছোঁ, দেউতাৰ লগত কোনোপধ্যে মাই খোজ মিলাব নোৱাৰে ৷ দুয়োজনৰ মাজত বয়সৰ তফাতো যথেষ্ট আছিল ৷ মোক স্কুলত নাম লগাই দিয়ে মানে বয়সে ভাটি দিছিল ৷  মোৰ এতিয়াও ৰিণিকি ৰিণিকি মনত আছে এটা ঘটনা ৷ ঘটনাটো আছিল এনেকুৱা-

 এবাৰ দেউতাৰ ভাগিনীয়েক সদানন্দ দেৱচৌধুৰী (সদাদাদা, বৰ্তমান প্ৰয়াত) পাটাছাৰকুছিৰ ভিতৰুৱা গাঁও পাণবাৰীৰ পৰা আহিছিল আমাৰ  দ বেছেৰীয়া গাঁৱৰ ঘৰলৈ৷ দেউতাৰ এজনী ভাগিনীয়েক সেই ঠাইলৈ বিয়া হৈছিল বুলি পাছতহে গম পাইছিলোঁ ৷ আৰু এগৰাকী বিয়া হৈছিল যোৰহাটলৈ, যোৰহাটৰ বিখ্যাত ’পেৰেডাইজ’ হোটেলৰ স্বত্ত্বাধিকাৰী যতীন বেজবৰুৱাৰ মাতৃ ৷ সদাদাই মোক কোলাত লৈ মৰম কৰি ইটো-সিটো কথা সুধি থাকোঁতে পঢ়াৰ কথা  সুধিলে ৷ মই স্কুললৈ তেতিয়ালৈকে যোৱা নাই বুলি কোৱাৰ লগে লগে তেওঁ আচৰিত হ’ল ৷ তৎক্ষণাত ডাঙৰ দাদা (নৰেনদাদা)ক মাতি কথাটো সোধোঁতে দাদায়ো একো উত্তৰ দিব নোৱাৰিলে ৷ তেতিয়া দেউতাক সুধিলে কথাটো ৷ দেউতায়ো কিবাকিবি অজুহাত দেখুৱালে যদিও কোনো চিধাচিধি উত্তৰ দিব নোৱাৰিলে ৷ সদাদাই সকলোকে ওচৰলৈ মাতি আনি বৰ টানকৈ দেউতাক কোৱা শুনিছিলোঁ- ’দুটামানক পঢ়ুৱাই বাকী দুটামানক ঘৰত ৰাখি আপুনি  কি কৰিব খুজিছে ?’তেতিয়াহে দেউতাহঁতৰ গালৈ হুঁচ আহিল ৷ পাছদিনাই দেউতাই মোক দ বেছেৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়লৈ নি ’ক’ শ্ৰেণীত ভৰ্তি কৰাই দিলে ৷ নাম লগাবৰ সময়ত দেখিলে সোঁৱৰণী মতে বয়স বহুত বাঢ়ি গৈছে ৷  তথাপি দেউতাৰ সৈতে কথা পাতি কিবা এটা বয়স ধৰি দিলে ৷ মেট্ৰিকৰ সময়তহে বয়সে সোতৰ বছৰৰো অধিক গৰকিছিল নিজে বুলি গম পাইছিলোঁ ’এডমিট কাৰ্ড’ খন হাতত পৰাৰ পাছত ৷

পঢ়া-শুনা, গান-বাজনা, খেলা-ধূলা, অভিনয় আদি সকলোতে প্ৰাইমৰী স্কুলত থাকোতেই পাৰ্গত আছিলোঁ  বুলি ঘৰৰ লগতে গাঁৱৰ মানুহে কোৱা শুনিছিলোঁ ৷ ’ক’ মানৰ পৰা শ্ৰেণীত সদায়েই প্ৰথম হৈছিলোঁ ৷ স্কুলৰ মৌ মেল হ’লে তাতো ছাৰ-বাইদেউ বিলাকে মৰমত ওচৰত বহুৱাই গান, কবিতা আদি গোৱাইছিল ৷ আগতেই উল্লেখ কৰি আহিছোঁ, স্কুলৰ বঁটা-বিতৰণী সভাত ’ভক্ত প্ৰহ্লাদ’, ’একলব্য’ আদি চৰিত্ৰত অভিনয় কৰি মানুহৰ প্ৰিয় হব পাৰিছিলো ৷

তৃতীয় শ্ৰেণী পাওঁতে হেড মাষ্টৰ ফণী বড়া (বৰ্তমান প্ৰয়াত) এদিন আমাৰ ঘৰ ওলালহি ৷ দাদা-দেউতাহঁতক লগ ধৰি ক’লেহি যে ’ল’ৰাটোক  বৃত্তি পৰীক্ষাৰ বাবে পঠোৱাৰ কথা আমি ভাবিছোঁ ৷ গতিকে এতিয়াৰ পৰাই আপোনালোকে যত্ন ল’ব ৷’ বৃত্তি পৰীক্ষাৰ বাবে বাচনী পৰীক্ষা হয় ৷ পৰীক্ষাত বহিব লাগিব বুলিও ক’লে ৷

বাচনি পৰীক্ষাৰ আগদিনা এটা ঘটনা ঘটিল ৷ স্কুলৰ পৰা আহি আগৰ দৰে ভাত কেইটা মুখত ভৰায়েই খেলিবলৈ  বুলি ৰাস্তালৈ ওলাই  গলোঁ  ৷ লগৰ  ল’ৰাবিলাকে হৈ-গুদু (হুদু-গুদু?) খেলিম বুলি ক’লে ৷  ল’ৰাখিনি দুটা ভাগত ভাগ হ’ল ৷ ৰাষ্টাৰ মাজতে ধূলি-বালিৰে চিন এটা দি খেল আৰম্ভ কৰিলে ৷ এটা দলৰ এটাই চিনটো পাৰ হৈ একে উশাহতে আনটো দলৰ এজনক চুই আহিব লাগে ৷ চুবলে যাওঁতে চাব লাগিব যাতে প্ৰতিদ্বন্দ্বী দলটোৱে তাক আবদ্ধ কৰি ৰাখিব নোৱাৰে ৷ যি বাৰ মোৰ পাল পৰিছিল, প্ৰতিদ্বন্দ্বী দলটোক ভালেই খেদি গৈ এটাক চুব পাৰিছিলো ৷ চুই ঘূৰি আহিবলৈ লওঁতেই কোনোবা পাকত প্ৰতিপক্ষৰ এটাই আগুৰি ধৰি মাটিত পেলাই দিলে আৰু অইন এটাই হাতত গছকি ধৰিলে ৷ এই গছকত সোঁ-হাতখনৰ জোৰা ল’ৰি গ’ল ৷ বিষত তাল-ফাল লগালোঁ ৷ খেল তাতেই অন্ত পৰিল ৷ অকণ (অকালতে মৃত্যু বৰণ কৰিলে) নামৰ লগৰ এটাই দাঙি আনি ঘৰ পোৱালেহি ৷ সিফালে ঘৰত হুলস্থূল লাগিল ৷ পাছদিনা বৃত্তি পৰীক্ষাৰ বাবে  বাচনি পৰীক্ষা স্কুলত ৷ ঘৰত চবৰে চিন্তা হ’ল ৷ গাঁৱৰে বুঢ়া মানুহ (নাম পাহৰিছোঁ, ৰামেশ্বৰ নাথৰ দেউতাক বুলি মনত আছে) এজনৰ ওচৰলৈ কোনোবা এজন দাদাই লৈ গৈ দেখুৱালে ৷ তেতিয়া আজিৰ দৰে ডাক্তৰৰ ওচৰলৈ সহজে নিয়া নহৈছিল ৷ ডাক্তৰ মানেই টাউন পাব লাগিবগৈ ৷ বৰ সহজ নাছিল কথাটো ৷  বুঢ়া মানুহজনে হাতত লতা এডাল টানকৈ বান্ধি দিলে, লগতে বিহলঙনী পাতেৰে কোবাই  জৰা-ফুকাও কৰিলে ৷

   পাছদিনা তেনেকৈয়ে বাচনী পৰীক্ষা দিবলৈ স্কুললৈ গ’লোঁ ৷ মোৰ অৱস্থাটো দেখি হে’ড মাষ্টৰ ফণী বৰাই  ঘৰলৈ পঠিয়াই দিলে ৷ পৰীক্ষাত নবহিলেও বৃত্তি পৰীক্ষালৈ নিৰ্বাচন কৰিব বুলি দাদাহঁতক ক’লে ৷ মোৰা দৃঢ় বিশ্বাস আছিল তেনে কিবা এটা কৰিব বুলি ৷

                               (৭)

আশা কৰা ধৰণেই বৃত্তি পৰীক্ষালৈ নিৰ্বাচিত হ’লোঁ৷ বৃত্তি পৰীক্ষা দিবগৈ লাগিব টাউনৰ মজলীয়া স্কুলত৷ ডাঙৰ দাদা (নৰেনদাদা)ই আগদিনাই চাইকেলত তুলি টাউনৰ কাবুলদা (ত্ৰৈলোক্য গোস্বামী)ৰ ঘৰলৈ লৈ গ’ল৷তাতে পঢ়ি পৰীক্ষা দিয়াৰ কথা৷ তাৰ পৰা দাদাই নিতৌ বৃত্তি পৰীক্ষা কেন্দ্ৰলৈ চাইকেলেৰে লৈ যাব৷ সিমানলৈকে ঠিকেই আছিল৷ কিন্তু সন্ধিয়া সময়ত কাবুলদাৰ বৌৱে নৰেনদাক মাতি কোৱা শুনিলোঁ-’ভাইটি ইয়াত থাকিব পাৰিব, কিন্তু তাৰ ভাতৰ ব্যৱস্থাটো তুমি ক’ৰবাত বেলেগে কৰিব লাগিব৷ আমাৰ ঘৰত চাউৰ বৰ নাটনি৷’কথাটো শুনি দাদাই দাদাৰ এজন বন্ধু তীৰ্থদা (তীৰ্থ শৰ্মা, সমীপতে থাকে)ক কলেগৈ৷ তীৰ্থদাই মাকক ক’লে কথাটো৷ তীৰ্থদাৰ মাক মই আইতা বুলি মাতিছিলো, আইতাই কথাটো শুনি একে আষাৰেই ক’লে- কিনো ডাঙৰ কথা হ’ল৷ অকণমান ল’ৰাটোৱে কিমান ভাত খাব? ইয়াতে খাব৷দাদাক ওচৰৰ দোকানৰ পৰা মাখনৰ পেকেট এটা  আনি দিবলৈ ক’লে৷ তেনেকৈয়ে ৰাতি থাকিলোঁ এঠাইত আৰু খালো এঠাইত৷

এদিন নৰেনদা চাকৰিৰ পৰা সন্ধিয়া আহি ক’লেহি বোলে ভাল খবৰ এটা আছে৷ আমাৰ ভাইতিয়ে এল পি বৃত্তি পাইছে৷ খবৰটো দিলে আকৌ ডি আই অফিচত কাম কৰা গাঁৱৰে গণ্য-মান্য ব্যক্তি ধৰ্মেশ্বৰ শইকীয়াই৷ খবৰটো পোৱাৰ পিছত মোৰো ভাল লাগিল৷ সকলোৱে ক’লে মাহে পাচ টকাকৈ বৃত্তি দিব৷ সেই পাচটকীয়া বৃত্তিৰো এটা আমোদজনক কাহিনী আছে৷ বেছেৰীয়া হাইস্কুলত চতুৰ্থ শ্ৰেণিত পঢ়ি থাকোতে এদিনাখন হেড মাষ্টৰ মোহোৰাম বৰাই চকীদাৰজনক ক্লাছলৈ পঠিয়াই মোক ছাৰৰ ৰূমলৈ মতাই পঠালে৷ হেডছাৰে মতাই পঠোৱা বুলি কোৱাত ভয়ত তত নাই৷ ক্লাছৰ সকলোৰে কৌতুহল হ’ল জানিবলৈ৷ ছাৰৰ ৰূমলৈ গৈ সোমোৱাৰ পাছত ক’লে-তই এল পি স্কুলত বৃত্তি পৰীক্ষা দিছিলি নহয়৷তাৰে পাচ-টকীয়া বৃত্তিৰ এবছৰৰ মুঠ ষাঠি টকা আজি আহিছে৷তোক সেই টকাখিনি নিবলৈ মাতিছোঁ৷

এই বুলি টেবুলত থকা পইচাখিনি মোৰ চকুৰ আগতে গণি গণি তাৰ পৰা এঘাৰখন পাচ টকীয়া নোট মোৰ হাতত তুলি দি বাকী এখন হাতত ৰাখি ক’লে-’এই পাঁচ টকা মাই ৰাখিছো দেই, ইয়াৰ কাৰণে আমি বহুত কাম কৰিব লাগে নহয়৷’ মুঠ ষাঠি টকাৰ বাকী পঁচপন্ন টকা পকেটত ভৰাই আকৌ শ্ৰেণীকোঠা পালোহি৷ লগৰ ল’ৰা বিলাকক কওঁতেহে মনৰ কৌতূহল ভাগিল৷

ইমানখনি টকা জীৱনত প্ৰথম একেলগে পাই মনত আনন্দে নধৰা হ’ল৷ স্কুল ছুটীৰ পাছত ঘৰলৈ আহি ঘৰৰ মানুহখিনিক ফূৰ্তি মনেৰে গোটেই কথাখিনি হুবহু ক’লোঁহি৷ স্কুলৰ হেড মাষ্টৰে মোৰ বৃত্তিৰ টকাৰ পাঁচ টকা ৰেনেদৰে চান কঢ়া কথটো শুনি বিচূৰ্তি খালে৷কেনেবাকে মোৰ ভুল হোৱা বুলি পইচাখিনি হিচাপ কৰিও চালে৷ ঠিকেই পাঁচ টকা কম৷ সকলো গৰজি উঠিল৷ মই অৱশ্যে বিশেষ একো ভাবিব পৰা নাছিলোঁ৷ হেড ছাৰে সেয়া ল’বলগীয়া টকা বুলিয়েই ধৰি লৈছিলোঁ৷ পাছত মোৰ বাকীছোৱা স্কুলীয়া সময়ৰ কথা চিন্তা কৰিয়েই সকলো চুপ-চাপ থাকিল৷

মই পঢ়া দ বেছেৰীয়া বুনীয়াদী স্কুলখনৰ ২০০৩ চনত শতবৰ্ষ উদযাপনত ভাগ ল’বলৈ যাওঁতে স্কুল কৰ্তৃপক্ষই মোক আনুষ্ঠানিকভাৱে বৃত্তি প্ৰাপ্তিৰ প্ৰমাণ পত্ৰখন হাতত তুলি দিছিল৷

 (আগলৈ)


ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)