৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিহাৰ স্কুল অৱ এথেনছ্ !

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ • প্ৰকাশিতঃ ৩১ জুলাই, ২০২৪
৭ মিনিট পঠন • ৪১৬৯ বাৰ পঢ়া হৈছে

 পঙ্কজ প্ৰতিম বৰদলৈ

 

 

ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা, মাদ্ৰাজ, ব’ম্বে আদি মূল চহৰকেইখন মুখ্য ব্যৱসায়িক কেন্দ্ৰত পৰিগণিত হৈছিল৷ একেসময়তে আন বহু সৰু চহৰো বিভিন্ন বেহা-বেপাৰৰ কেন্দ্ৰ হৈ পৰিছিল৷ ব্যৱসায়ৰ এই প্ৰসাৰৰ লগত একে সময়তে বিকাশ লাভ কৰা আন এটা দিশ আছিল কলা বিষয়ক৷ মূল চহৰসমূহৰ পৃষ্ঠপোষকসকলে সেই সময়ত কলা বা শিল্পীসকলক যথেষ্ট উৎসাহ জনাইছিল আৰু ফলস্বৰূপে কিছু চহৰক  কেন্দ্ৰ কৰি একো একোটা নিৰ্দিষ্ট শৈলীৰ ধাৰা বা  ‘স্কুল’ৰ সৃষ্টি হৈছিল৷ এই ক্ষেত্ৰত আগৰণুৱা আছিল কলিকতা আৰু বম্বে৷  এই দুখন চহৰত এক সুকীয়া শৈলীৰ শিল্পশৈলীৰ আৰম্ভণি হয়৷  

‘বেংগল স্কুল অৱ পেইণ্টিং’ বা ব’ম্বেৰ ‘জে জে স্কুল অৱ আৰ্ট’ আদিৰ আলমত গঢ় লৈ উঠা এই কলাশৈলীয়ে পৰৱৰ্তী কালত আধুনিক ভাৰতৰ শিল্পকলাৰ গতি প্ৰকৃতি আৰু দিশ নিৰ্ণয় কৰিছিল৷

ব্যৱসায়িক দৃষ্টিকোণেৰে মূল চহৰসমূহৰ সমান গুৰুত্ব লাভ নকৰা চহৰ হিচাপে বৰ্তমানৰ বিহাৰৰ পাটনা চহৰ আপেক্ষিকভাৱে কলাশৈলী অথবী সৃজনীশীল কৰ্মৰ ক্ষেত্ৰতো পিছপৰাই আছিল৷ ১৮২৪ চনত এই পাটনা চহৰতে অপেছাদাৰী ব্ৰিটিছ চিত্ৰশিল্পী আৰু ব্ৰিটিছ চৰকাৰৰ আফিং বা কানিৰ এজেণ্ট চাৰ্লছ ড’অয়লী (Charles D’oyly)-ৰ উদ্যোগত ইউৰোপীয়ান আৰু ভাৰতীয় লোকৰ সহযোগিতাৰে জুলাই মাহৰ এক তাৰিখে পাটনা চহৰত ‘ব্ৰিটিছ স্কুল অৱ এথেনছ’ স্থাপন কৰা হয়৷ এটা কলা সংস্থা হিচাপে স্থাপন কৰা এই গোটটোৱে কলা আৰু বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ লগতে কলাৰ জৰিয়তে মনোৰঞ্জনৰ দিশতো কাম কৰিব বুলি ইয়াৰ আৰম্ভণিৰ কাকতত উল্লেখ আছিল৷ বিহাৰ স্কুল অৱ এথেনছ’ক ‘য়ুনাইটেড পাটনা’ আৰু ‘গয়া ছ’চাইটি’ বুলিও কোৱা হৈছিল৷ ‘টেকাৰী’ৰ ৰাজা মিৰাজিৎ সিংৰ ‘পাটনা হাউছ’ নামৰ ঘৰটোতে এই সংস্থাৰ সভ্যসকলে নিয়মীয়াকৈ আলোচনা আৰু সৃজনীশীল কৰ্মৰ বিভিন্ন দিশত চিন্তা-চৰ্চা কৰিছিল৷ সেই সময়ত পাটনা চহৰত এক মিশ্ৰিত জনগোষ্ঠী আছিল৷ য়ুৰোপীয়ান কোম্পানিবোৰৰ ফেক্টৰীসমূহ থকাৰ লগতে বৃহৎ ইউৰোপীয়ান বাংলোবোৰ আছিল, য’ত বহু সংখ্যক ইউৰোপীয়ান বাস কৰিছিল৷ একে সময়তে ধনী ভাৰতীয় সদাগৰ আৰু ভূস্বামীসকলৰ অভিজাত ঘৰসমূহে চহৰখনৰ এক সুকীয়া চিনাকী দিছিল৷

ড’অয়লী গোটৰ শিল্পীসকলে সেই সময়ৰ পাটনা চহৰৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা বহুতো চিত্ৰ অংকন কৰিছিল৷ ব্যস্ত চহৰৰ চিত্ৰ, মানুহেৰে ভৰ্তি হৈ থকা বজাৰ, পদপথ আদি এই চিত্ৰশিল্পসমূহত প্ৰতিফলিত হৈছিল৷ বিহাৰ সেইসময়ত ব্ৰিটিছ চৰকাৰৰ আফিং ব্যৱসায়ৰ মূল সৰবৰাহ কেন্দ্ৰ আছিল৷ গংগা নদীৰ পাৰৰ অঞ্চলসমূহত ইয়াৰ খেতি কৰাৰ লগতে গুলজাৰবাৰ্গৰ ফেক্টৰিবোৰত ইয়াৰ নিষ্কাষণ আদি কৰি কলিকতা চহৰত যোগান ধৰা হৈছিল৷ গতিকে তেনে বিষয়ক বহু চিত্ৰকৰ্মও অংকন কৰা হৈছিল৷  

ড’অয়লীয়ে স্থাপন কৰা এই ছ’চাইটিৰ এক উল্লেখযোগ্য দিশ আছিল যে ই ভাৰতীয়সকলকো সমপৰিমাণে ইয়াত যোগদানৰ সুবিধা প্ৰদান কৰিছিল৷ ড’অয়লী গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংচৰ  সম্বন্ধীয় আছিল আৰু বেংগল চিভিল ছাৰ্ভিচত যোগদান কৰাৰ সময়ত লৰ্ড কৰ্নৱালিছ গভৰ্ণৰ জেনেৰেল আছিল৷ ড’অয়লী যথেষ্ট মুক্ত চিন্তাধাৰাৰ আছিল আৰু ভাৰতীয় আৰু য়ুৰোপীয়ান সকলৰ মিলা-মিছাত তেওঁৰ কোনো আপত্তি নাছিল৷ তদানীন্তন সময়ত এই ক্ষেত্ৰত যথেষ্ট বাধা-বিঘিনি আছিল আৰু লৰ্ডকৰ্ণৱালিছে ভাৰতীয়ৰ লগত বিবাহপাশত আৱদ্ধ হোৱা ইংৰাজক চহৰৰ বাহিৰত বসবাস কৰাৰ বাবে বাধ্য কৰিছিল৷ পৰৱৰ্তী সময়ত ড’অয়লী ঢাকাৰ কালেক্টৰ হয় আৰু ১৮০৮ ৰ পৰা ১৮১২ৰ সময়ছোৱাত তেওঁ George Chinnery  আৰু পাছত James Atkinsonক লগ পায়৷ সেইসময়ৰ এই দুজন প্ৰখ্যাত চিত্ৰশিল্পীৰ কৰ্মই তেওঁক যথেষ্ট প্ৰভাৱান্বিত কৰে৷ পাটনাৰ ব্যৱসায়িক অধিকৰ্তা হিচাপে যোগদান কৰাৰ পাছত, তেওঁৰ যথেষ্ট সৃজনীশীল কামৰ শুভাৰম্ভ হয়৷ প্ৰকৃততে তেওঁৰ  শক্তিশালী চিত্ৰকৰ্ম এই সময়চোৱাৰে ফচল৷  

কলিকতাত মূলত ইংৰাজ আড়ম্বৰ সংস্কৃতিৰ প্ৰভাৱ আছিল আৰু তাৰ প্ৰভাৱ কলাশিল্পতো পৰিছিল৷ কিন্তু পাটনাস্থিত ‘ব্ৰিটিছ স্কুল অৱ এথেনছ’ৰ সভ্য হিচাপে ব্ৰিটিছ, এংলো ইণ্ডিয়ান, ভাৰতীয় আৰু বিভিন্ন প্ৰব্ৰজনকাৰীসকলেও সুযোগ লাভ কৰিছিল৷ গতিকে কলাৰ দিশতো একধৰণৰ মুক্ত আৰু মিশ্ৰিত প্ৰভাৱ আছিল৷  ড’অয়লীয়ে ১৮২৮ চনত ‘বিহাৰ লিথ’গ্ৰাফিক প্ৰেছ’ স্থাপন কৰে আৰু তাৰপৰাই ‘বিহাৰ এমেচাৰ লিথ’গ্ৰাফিক স্ক্ৰেপবুক’ প্ৰকাশ কৰে৷ ইয়াত এই সমিতিৰ সভ্যসকলৰ কলাকৃতি প্ৰকাশ কৰা হয়৷ দুজন ভাৰতীয় শিৱ দয়াল আৰু জয়ৰাম দাসৰ কলাকৃতিও প্ৰকাশিত হয়৷ সেইসকলৰ আন এজন শিল্পী আছিল- হুলাছ লাল, যি বেনাৰসৰ পৰা পাটনালৈ আহি নিজকে  চিত্ৰশিল্পী  প্ৰতিষ্ঠা কৰিছিল৷ নিছাৰ জেহদী, সেৱক ৰাম, আদি শিল্পীসকলে মুৰ্ছিদাবাদ আদি ঠাইৰ পৰা পাটনালৈ আহি এনে কৰ্মত জড়িত হয়৷ ইষ্ট ইণ্ডিয়া কোম্পানিত বিভিন্ন কামত জড়িত হোৱাৰ লগতে শিল্পী হিচাপেও পাটনাৰ শিল্পক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ ১৮২৯ চনত প্ৰকাশিত ‘অৰিয়েণ্টেল অৰ্ণিথ’লজী’ ৰ বিভিন্ন ড্ৰয়িং অংকন কৰা শিল্পীসকলৰ অন্যতম আছিল ফকীৰ চান্দ লাল, যি এজন ভাৰতীয়৷

ড’অয়লীৰ ‘বিহাৰ লিথ’গ্ৰাফিক প্ৰেছে’ প্ৰকাশ কৰা ‘ইণ্ডিয়ান  স্পৰ্টছ’ ত খেলৰ বিভিন্ন দিশক লগতে ভাৰতীয় আৰু ইংৰাজ চিত্ৰশিল্পীৰ মনোজগতৰ চিন্তাধাৰাৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল৷ সেইসময়চোৱাত ‘কষ্টিউমছ অৱ ইণ্ডিয়া’, স্কেটছ অৱ নিউ ৰোড ইন জাৰ্ণি ফ্ৰম কলকাতা টু গয়া’ আৰু ‘ফিডাৰহেড গেম অৱ হিন্দোস্তান’ আদি লিথ’গ্ৰাফিক প্ৰকাশ কৰিছিল৷ 

কলিকতাৰ পৰা দূৰৈত- ৰাজনীতি আৰু আভিজাত্যৰ পৰা আঁতৰত- বিহাৰৰ পাটনাৰ শিল্পীসকলে প্ৰতিদিনৰ জীৱনৰ চিত্ৰ, লেণ্ডস্কেপ, প্ৰকৃতি, গ্ৰাম্য জনজীৱন আদিৰ চিত্ৰ অংকন কৰিছিল৷ তেওঁৰ এই উদ্যোগৰ বাবে ড’অয়লীয়ে লণ্ডনতে অপেছাদাৰী শিল্পী হিচাপে কিছু গুৰুত্ব লাভ কৰিছিল৷ আন শিল্পীসকলেও যথেষ্ট সন্মান  লাভ কৰিছিল৷   

পাটনা চহৰখনৰ ইতিমধ্যে চিত্ৰকলাৰ এক গৌৰৱময় ইতিহাস আছে৷ মোগল শাসনৰ সময়ত এক স্বকীয় কলাশৈলী হিচাপে ‘পাটনা কলম’ৰ  প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল৷ ‘কলজী চিয়াঁহী’ পাটনা কলমৰ আন এটা গুৰুত্বপূৰ্ণ অংশ৷ ‘কলজী চিয়াঁহী’ মানে ‘কলা চিয়াঁহী’৷

পাটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই কলাশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰ সেই সময়ৰ শিল্পকলা জগতৰ বাবে এক উল্লেখযোগ্য দিশ৷ কলিকতাৰ নিকটৱৰ্তী স্থানত অথচ এক নিৰ্দিষ্ট আৰু সুকীয়া শৈলীৰে আৰম্ভ  হোৱা এই কলা উদ্যোগে যথেষ্ট গুৰুত্ব লাভ কৰিলে৷ সেই সময়ত কলিকতাৰ পৰা আঁতৰি এক সুকীয়া কলাকেন্দ্ৰ হিচাপে পৰিগণিত হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা আছিল৷   

চাৰ্লছ ড’অয়লী আৰু বিহাৰ স্কুল অৱ এথেনছ্ এই গৌৰৱৰ প্ৰকৃত  প্ৰাপক৷

 *****


পঙ্কজ প্ৰতিম বৰদলৈ

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

নতুন দিল্লী

 

প
লেখকৰ পৰিচয়

পঙ্কজ প্ৰতিম বৰদলৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সংৰক্ষণ নীতিৰ ৭৫ বছৰ
পংকজ প্ৰতিম বৰদলৈ • ১ আগষ্ট, ২০২৬
ঐতিহ্যৰ স্বগৃহলৈ প্ৰত্যাৱৰ্তন
পংকজ প্ৰতিম বৰদলৈ • ৩০ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)