৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

তুমি ভাল নহয়

লেখকঃ অনুবাদ : ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৫ জুন, ২০২৪
২ মিনিট পঠন • ২৯৭৫ বাৰ পঢ়া হৈছে

তুমি ভাল নহয় (You're No Good)

মূল  : ব'ব ডিলান * (২৪ মে, ১৯৪১-)

অনুবাদ : ড° ৰঞ্জিত দত্ত

জানা, মই নিজেই নাজানো

কিয় মই বিচৰা ধৰণেই

ভাল পাওঁ তোমাক;

পৃথিৱীৰ  কোনোৱেই 

পাব নোৱাৰিব তোমাক 

এনেকৈ অতি একান্তভাৱে,

তোমাৰ হয়তো এনে লাগিছে 

এটা অসুৰহে যেন শুই আছে 

এটি সিংহৰ  গাঁতত অতি সন্তপৰ্ণে,

যোৱাৰাতি মই

ঘৰলৈ আহিছিলোঁ আৰু 

তুমি মোক ঘৰৰ ভিতৰত 

সোমাবলৈকে নিদিলা,

মই বুজি নাপাওঁ কিয় 

কেতিয়াবা তুমি সকলোৱে 

বিচৰাৰ দৰেই সুমধুৰ হৈ পৰাঁ

আকৌ কেতিয়াবা

পাগলৰ দৰে জঁপিয়াই পৰা

মোৰ  ওপৰত অনাহকতে 

অতি হিংসুকভাৱে,

মোৰ এনে ভাব হয় জানা

মোক বেদনাৰ ফতিকা পান কৰোৱাই

তুমি খুউব ভাল পোৱাঁ,

তুমি দুখ দিলে কিন্তু 

মোৰ মৰি যাওঁ যেন লাগে,

প্ৰচণ্ড শীতত যেতিয়া 

তোমাৰ ভৰিত পিন্ধিবলৈ 

এজোৰ জোতা  নাছিল

ময়ে পিন্ধাই দিছিলোঁ তোমাক 

সেই আৰামদায়ক জোতাযোৰ,

খাদ্যৰ অভাৱত যেতিয়া

তুমি লঘোণে আছিলা

ময়ে তোমাক খাবলৈ দিছিলোঁ,

তুমি যে সঁচাকৈ

কেনেকুৱা নাৰী 

মই অকণো বুজিকে  নাপাওঁ!

মোৰ টকা-পইচা সকলো

মোৰ পৰা আত্মসাৎ কৰি

দি দিলা এজন পৰপুৰুষক,

তুমি এনে এগৰাকী নাৰী

যি এজন পুৰুষৰ মগজু

শেষ কৰি দিব পাৰে ক্ষন্তেকতে,

বলিয়া কৰিব পাৰে

কাৰোবাক  নিমিষতে,

মই নিজেই নাজানো 

তুমিনো মোক দুখ দি 

কিয় ভাল পোৱাঁ?

তুমি মোক দুখ দিয়াঁ

যি কৰাঁ কৰাঁ 

মই কিন্তু মৰিব পাৰোঁ

তোমাৰ বাবে হেলাৰঙে।

***

* ২০১৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী।

ফোন : ৯৪৩৫৫ ৯৩৫৪২

অ
লেখকৰ পৰিচয়

অনুবাদ : ড° ৰঞ্জিত দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)