অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
চতুৰ্থ অধ্যায়
।। হেমন্ত বৰ্ণনা ।।
।। অথ হেমন্তঃ ।।
প্ৰবালৰ দৰে নৱপল্লৱেৰে ৰম্য শস্যৰ তলী
উৎফুল্লিত বিকশিত লোধ্ৰ পৰিপক্ক শালিখেতি,
পদুম এতিয়া হ’ল অন্তৰ্ধান আৰম্ভ হ’ল হিমপাত
এইদৰেই আহি হেমন্তকাল হ’ল সমাগত ।
নৱপ্ৰৱালোদ্গমসস্যৰম্যঃ
প্ৰফুল্ললোধ্ৰঃ পৰিপক্বশালিঃ ।
ৱিলীনপদ্মঃ প্ৰপতত্তুষাৰো
হেমন্তকালঃ সমুপাগতোঽয়ম্ ।। ১ ।।
কুমকুমৰ চিত্তহৰণকাৰী ৰক্তাভ ৰঙেৰে
বিলাসিনী নাৰীয়ে বিশাল বক্ষ কৰি ৰঞ্জিত
তুষাৰশুভ্ৰ চন্দ্ৰাৱলী যেন খৰিকাজাঁইৰ মালাৰে
কৰিছে উন্নত স্তনমণ্ডল সুশোভিত ।
মনোহৰৈঃ কুঙ্কুমৰাগৰক্তৈঃ
স্তুষাৰকুন্দেন্দুনিভৈশ্চ হাৰৈঃ ।
বিলাসিনীনাং স্তনশালিনীনাং
নালংক্ৰিয়ন্তে স্তনমণ্ডলানি ।। ২।।
এতিয়া বিলাসিনী নাৰীৰ বাহুযুগলত নাই
শীতল পৰশ দিয়া বাজুবন্ধ-কংকণ,
সুদৌল নিতম্বত নিপিন্ধে পাটৰ নৱবসন
পীনোন্নত বক্ষতো নাই সূক্ষ্ম পাতল বসন ।
ন বাহুয়ুগ্মেষু ৱিলাসিনীনাং
প্ৰয়ান্তি সঙ্গং ৱলয়াঙ্গদানি ।
নিতম্ববিম্বেষু নৱং দুকূলং
তন্বংশুকং পীনপয়োধৰেষু ।। ৩।।
ৰত্নখচিত সুৱৰ্ণৰ কিংকিণীৰে
নিতম্ব শুৱনি কৰা নাই মনোহাৰিণী নাৰীয়ে,
সজোৱা নাই পদুমৰ দৰে সুন্দৰ চৰণ
হংসধ্বনিক অনুকৰণ কৰা নূপুৰেৰে ।
কাঞ্চীগুণৈঃ কাঞ্চনৰত্নচিত্ৰৈৰ্
নো ভূষয়ন্তি প্ৰমদা নিতম্বান্ ।
ন নূপুৰৈৰ্হংসৰুতং ভজদ্ভিঃ
পাদাম্বুজান্যম্বুজকান্তিভাঞ্জি ।।৪।।
লাস্যময় শৰীৰত ‘কালীয়ক’ অগৰু সানে
কমলৰ দৰে সুন্দৰ মুখত পত্ৰলেখা আঁকে
চুলিটাৰি কৰে সুৱাসিত কালাগুৰু ধূপৰ ধোঁৱাৰে
এনেকৈয়ে কামিনীয়ে সাজে-কাচে ৰতিক্ৰীড়াৰ বাবে ।
গাত্ৰাণি কালীয়কচৰ্চিতানি
সপত্ৰলেখানি মুখাম্বুজানি ।
শিৰাংসি কালাগৰুধূপিতানি
কুৰ্বন্তি নাৰ্য় সুৰতোত্সৱায় ।। ৫।।
চৰমসুখৰ পৰমানন্দ লভে তৰুণীয়ে
ৰতিশ্ৰমত ক্লান্ত হৈ মুখশ্ৰী শেঁতা পৰে ।
ৰাগৰঞ্জিত দন্তক্ষতগ্ৰস্ত ওঁঠ দুটিৰে
মুকলি হাঁহিটি মাৰিব নোৱাৰে ।
ৰতিশ্ৰমক্ষামৱিপাণ্ডুৱক্ত্ৰাঃ
সম্প্ৰাপ্তাশ্চ হৰ্ষাভ্যুদয়স্তৰুণ্যঃ।
হসন্তি নোচ্চৈৰ্দশনাগ্ৰভিন্নান্
প্ৰপীড্যমানানধৰানৱেক্ষ্য ।। ৬।।
ধুনীয়া বুকুখনি সুউচ্চ পয়োধৰেৰে
ৰতিকালৰ মৰ্দনত বেদনাগ্ৰস্ত হৈ পৰে
ঘাঁহপাতৰ আগৰ হিমকণাই শীতল পুৱাত
যেন তাৰে বিষত উচুপিহে আছে ।
পীনস্তনোৰুস্থলভাগশোভাং
আসাদ্য তত্পীডনজাতখেদঃ ।
তৃণাগ্ৰলগ্নৈস্তুহিনৈঃ পতদ্ভিৰ্
আক্ৰন্দতীৱোষসি শীতকালঃ ।। ৭।।
প্ৰভূত ধাননিপথাৰ পৰিপূৰ্ণ
হৰিণীৰ জাকো তাতে সুশোভিত
ক্ৰৌঞ্চপখীৰ মধুৰ ধ্বনি হৈছে গুঞ্জৰিত
ভূমি প্ৰান্তৰৰ লোকৰ মন কৰি পুলকিত ।
প্ৰভূতশালিপ্ৰসৱৈশ্চিতানি
মৃগাঙ্গনায়ূথৱিভূষিতানি ।
মনোহৰক্ৰৌঞ্চনিনাদিতানি
সীমান্তৰাণ্যুত্সুকয়ন্তি চেতঃ ।। ৮।।
প্ৰস্ফুটিত নীলোৎপলেৰে সুশোভিত
মদনোন্মত্ত কলহংসৰ বিচৰণেৰে বিভূষিত
জলাধাৰৰ স্বচ্ছ জলৰাশি সুশীতল
তাকে দেখি মানুহৰ চিত্ত হয় চঞ্চল ।
প্ৰফুল্লনীলোত্পলশোভিতানি
সোন্মাদকাদম্বৱিভূষিতানি ।
প্ৰসন্নতোয়ানি সুশীতলানি
সৰাংসি চেতাংসি হৰন্তি পুংসাম্ ।। ৯।।
চোৱাঁ প্ৰিয়তমা !
শিশিৰ উদ্ভৱা শীতল বায়ুত
প্ৰিয়ঙ্গুলতা হৈছে নিৰন্তৰ আন্দোলিত
কঁপি উঠিছে পৰিপক্ক পাত
যেন শেঁতা পৰা প্ৰেয়সী প্ৰিয়তমৰ বিৰহত ।
পাকং ব্ৰজন্তী হিমজাতশীতৈৰ্
আধূয়মানা সততং মৰুদ্ভিঃ ।
প্ৰিয়ে প্ৰিয়ঙ্গুঃ প্ৰিয়ৱিপ্ৰয়ুক্তা
ৱিপাণ্ডুতাং য়াতি ৱিলাসিনীৱ ।। ১০।।
ফুলৰ মৌৰ মদিৰাৰ সুৱাসিত মুখেৰে মুখ চুমি
সুগন্ধিত উশাহত সুৰভিত শৰীৰত শৰীৰ মিলাই
পৰস্পৰে আলিংগনেৰে অংগত অংগ মিলাই
প্ৰেমিকযুগলে শয়ন কৰিছে কামৰসত একত্ৰ হৈ ।
পুষ্পাসৱামোদসুগন্ধিৱক্ত্ৰো
নিঃশ্বাসৱাতৈঃ সুৰভীকৃতাঙ্গঃ ।
পৰস্পৰাঙ্গৱ্যতিষাঙ্গশায়ী
শেতে জনঃ কামৰসানুৱিদ্ধঃ ।। ১১।।
অধৰত আছে দন্তক্ষতৰ চিহ্ন
স্তনত চিহ্ন আছে হাতৰ আঙুলিৰ নখৰ
সূচিত কৰে নৱযৌৱনা প্ৰিয়াক কৰা
নিৰ্দয় ৰতিসম্ভোগৰ ।
দন্তচ্ছদৈঃ সব্ৰণদন্তচিহ্নৈঃ
স্তনৈশ্চ পাণ্যগ্ৰকৃতাভিলেখৈঃ ।
সংসূচ্যতে নিৰ্দয়মঙ্গনানাং
ৰতোপভোগো নৱয়ৌৱনানাম্ ।। ১২।।
পুৱাৰ কোমল ৰ’দত বহি হাতত লৈ দাপোণ
কোনো ৰমনীয়ে চাই নিজৰ মুখকমল,
আঙুলিৰে চুই দন্তক্ষত কৰে নিৰীক্ষণ
প্ৰিয়তমে ৰসপান কৰা ওঁঠৰ ।
কাচিদ্ ৱিভূষয়তি দৰ্পণযুক্তহস্তা
বালাতপেষু ৱনিতা ৱদনাৰৱিন্দম্ ।
দন্তচ্ছদং প্ৰিয়তমেন নিপীতসাৰং
দন্তাগ্ৰভিন্নমৱকৃষ্য নিৰীক্ষতে চ ।। ১৩।।
চোৱাঁ, অন্য এক নাৰী অত্যন্ত ৰতিশ্ৰমত ভাগৰুৱা
নিদ্ৰাবিহীন ৰাত্ৰিযাপনত নয়নযুগল ৰঙচুৱা ।
আউল-বাউল চুলি পৰি আছে কান্ধত
শুইছে উম পাই পুৱাৰ কুহুমীয়া ৰ’দত ।
অন্যা প্ৰকামসুৰতশ্ৰমখিন্নদেহা
ৰাত্ৰিপ্ৰজাগৰৱিপাটলনেত্ৰপদ্মা।
স্ৰস্তাংসদেশলুলিতাকুলকেশপাশা
নিদ্ৰাং প্ৰয়াতি মৃদুসূৰ্যকৰাভিতপ্তা ।। ১৪।।
অন্য এক সুন্দৰী যুৱতী যাৰ ঘন কৃষ্ণবৰ্ণ কেশ
আৰু যৌৱনা উঠন বুকুৰ ভৰত যাৰ শৰীৰ অৱনতা,
যাৰ মনোজ্ঞ সুৱাস বিলোৱা মৰহি যোৱা সেই মালা
এতিয়া খুলি থৈ শিৰৰ পৰা পুনৰ কৰিছে কেশসজ্জা।
নিৰ্মাল্যদাম পৰিভুক্তমনোজ্ঞগন্ধম্
মূৰ্ধ্নোঽপনীয় ঘননীলশিৰোৰুহান্তাঃ ।
পীনোন্নতস্তনভৰানতগাত্ৰয়ষ্ট্যঃ
কুৰ্বন্তি কেশৰচনামপৰাস্তৰুণ্যঃ ।। ১৫।।
ঘননীল কুঞ্চিত দীৰ্ঘকেশী আন এক সুন্দৰী
সুন্দৰ অলকাই ধৰিছে নয়নৰ কটাক্ষ ঢাকি,
ৰোমাঞ্চিত প্ৰিয়তমে ভোগ কৰা নখক্ষতযুক্ত শৰীৰৰ সুষমা দেখি
ধুনীয়া ওঁঠত সানিছে বোল আৰু বান্ধিছে উঠন বুকুৰ কাঁচুলি ।
অন্যা প্ৰিয়েণ পৰিভুক্তমৱেক্ষ্য গাত্ৰম্
হৰ্ষান্বিতা ৱিৰচিতাধৰচাৰুশোভা ।
কুৰ্পাসকং পৰিদধাতি নখক্ষতাঙ্গী
ৱ্যালম্বিনীললুলিতালককুঞ্চিতাক্ষী ।। ১৬।।
সুদীৰ্ঘ সম্ভোগ শ্ৰমত ভাগৰুৱা তনুৰ অন্য এক কামিনী
ৰোমাঞ্চিত পৰিপুষ্ট স্তনাগ্ৰ আৰু জংঘাৰ গৰাকিনী
কোনো ৰমণীয়ে মৰ্দন কৰিছে সুগন্ধিত তেল সানি ।
অন্যাশ্চিৰং সুৰতকেলিপৰিশ্ৰমেণ
খেদং গতাঃ প্ৰশিথিলীকৃতগাত্ৰয়ষ্ট্যঃ ।
সংহৃষ্যমাণপুলকোৰুপয়োধৰান্তা
অভ্যঞ্জনং বিদধতি প্ৰমদাঃ সুশোভাঃ ।। ১৭।।
বহু গুণেৰে ৰমণীয় হেমন্ত অংগনাৰ চিত্তহৰণকাৰী
গাঁৱৰ প্ৰান্তৰত শোভা পাইছে পৰিপক্ক বহু ধাননি ।
অতি মনোজ্ঞ সুশোভিত ক্ৰৌঞ্চপখীৰ মালাৰে
আপোনাসৱক সুখী কৰিছে নিৰন্তৰ হিমসনা হেমন্তঋতুৱে।
বহুগুণৰমণীয়ো যোষিতাং চিত্তহাৰী
পৰিণতবহুশালিব্যাকুলগ্ৰামসীমঃ ।
সততমতিমনোজ্ঞ ক্ৰৌঞ্চমালাপৰীতঃ
প্ৰদিশতু হিমযুক্তঃ কাল এষঃ সুখং ৱঃ ।। ১৮।।
।। ইতি হেমন্তঃ ।।
চতুৰ্থ অধ্যায়ৰ ছন্দ সম্পৰ্কে টোকা :
শ্লোক ১ৰ পৰা ১৩লৈ - উপজাতি ছন্দ
শ্লোক ১৪ৰ পৰা ১৮লৈ- বসন্ততিলকা ছন্দ
শ্লোক ১৯ - মালিনী ছন্দ
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)