৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ৩০ মে’, ২০২৪
৮ মিনিট পঠন • ২১৪৬ বাৰ পঢ়া হৈছে

স্মৃতিৰেখা দেৱী


কথামতেই কাম৷

পাছদিনা পুৱাবেলাতে কেইবাজনো মুখ্য সভাসদক লৈ মহাৰাজ কেশৰী গৈ জুৰণিপাৰৰ কাঠনিখন পালেগৈ৷ ইতিপূৰ্বেই ছটছটীৰপৰা আগতীয়াকৈ খবৰ পাই বৃদ্ধ বাদুলিহাল মহাৰাজ কেশৰীক অভিবাদন জনাবলৈ সাজু হৈ আছিল৷

‘প্ৰণাম, মহাৰাজ৷’ – দিনৰ ভাগত চকুৰে প্ৰায় একোকে নেদেখা বাদুলিহালে প্ৰখৰ শ্ৰৱণশক্তিৰ দ্বাৰা মহাৰাজ আৰু সভাসদসকল আহি তেওঁলোকৰ ওচৰ পোৱাৰ উমান পাই মাত লগালে৷

‘প্ৰণাম, প্ৰণাম৷ কেনে আছা তোমালোক? শ্ৰীমতী বাদুলী আয়ে গাটো বাৰু আগতকৈ অলপ ভাল পাইছানে?’

‘আমি ভালেই আছোঁ৷ ময়ো গাটো অলপ ভাল পাইছোঁ৷’ লেৰেলি পৰা বহল গছপাত এখিলাৰে নাকটো মচি মচি বৃদ্ধা বাদুলীগৰাকীয়ে কৈ উঠিল৷

‘আজি আমি বিশেষ গুৰুত্বপূৰ্ণ সকাম এটাতহে তোমালোকৰ ওচৰলৈ আহিছোঁ৷ সেউজপুৰৰ বাবে বাটলু কি বা কোন তোমালোককতো বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই৷ সি নিৰুদ্দেশ হোৱাৰ পাছত তাৰ বিষয়ে তোমালোকে দিয়া খবৰ আমি ছটছটীৰপৰা পাইছোঁ৷ তোমালোকক নথৈ ধন্যবাদ জনাইছোঁ৷ এতিয়া আমি বাটলুৰ সবিশেষ খবৰ পোৱাৰ ক্ষেত্ৰত আৰু তাৰ সৈতে আমি যোগাযোগ কৰিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰিবলৈ যত্ন কৰিব লাগে৷ আৰু তোমালোকৰ বাহিৰে আন কোনেও এই ক্ষেত্ৰত আমাক সহায় কৰিব নোৱাৰে৷’

অলপো পলম নকৰাকৈ প্ৰায় একেটা উশাহতে মহাৰাজে কথাখিনি কৈ তেওঁলোকলৈ চালে৷ তেওঁলোকৰ মুখমণ্ডলত একো অভিব্যক্তি নেদেখি মহাৰাজৰ খঙেই উঠিছিল৷ মহামন্ত্ৰী বৃকোদৰে তেওঁৰ কাণে কাণে ক’লে–

‘আপোনাৰ খং উঠিছে, মহাৰাজ৷ অনুগ্ৰহ কৰি খং-ৰাগ নকৰিব৷ তেওঁলোকে দিনত একোকে নেদেখে, আমাকো দেখা নাই৷ কেৱল অনুমানতহে কথা পাতি আছে...৷’

মহামন্ত্ৰীৰ কথা শেষ হ’ল কি নহ’ল, বৃদ্ধ বাদুলিজনে ক’বলৈ ধৰিলে–

‘ধন্যবাদ দি আমাক লাজ নিদিব মহাৰাজ৷ সেউজপুৰীয়া হিচাপে এইখিনি আমাৰ দায়িত্বই৷ বয়সৰ কাৰণেই আমি ৰাজ্যখনৰ কাৰণে একোকে কৰিব নোৱৰা হ’লোঁ৷ এইবাৰ ভাগ্যক্ৰমেহে সেই উৰণীয়া যানখনৰ ভিতৰত বাটলু মহাশয়ক দেখা পালোঁ৷ তেখেতক দেখাৰ পাছৰেপৰা আমাৰ মন উগুল-থুগুল লাগি আছিল৷ অৱশ্যে তেখেত কুশলে আছে বুলি জনাৰ পাছতহে আমাৰ মন ভাললৈ আহিল৷ আচলতে মহাৰাজ আৰু সভাসদসকল, আপোনালোকে জানি খুব ভাল পাব যে সেই উৰণীয়া ঘূৰণীয়া যানখনত সোমাই অহা লোকসকল দেখাত প্ৰায় আমাৰ পৃথিৱীৰ মানুহবোৰৰ দৰেই৷ তেওঁলোক কেৱল অলপ চাপৰ আৰু তেওঁলোকৰ মূৰত চুলি নাই৷ নিজৰ মাজত এটা অদ্ভুত ভাষাত কথা পাতে তেওঁলোকে, আমি বুজি নাপাওঁ৷ কিন্তু আমাক আচৰিত কৰি তেওঁলোকে আমাৰ লগত আমাৰ ভাষাতে কথা পাতিছিল৷ আমি অনুমান কৰিছোঁ, তেওঁলোক যেন আমাৰ মানুহতকৈও বেছি কথা জনা প্ৰাণী৷ আৰু মহাৰাজ, তেওঁলোক যথেষ্ট মৰমিয়াল আৰু ভদ্ৰ৷’

কথা কৈ কৈ বাদুলিজনে ফোঁপাইছিল৷ মহাৰাজে ক’লে– ‘হ’ব হ’ব৷ খন্তেক ৰৈ দীঘল দীঘলকৈ উশাহ দুটামান লৈ লোৱাঁ৷ তুমি ভাগৰি গৈছা৷ আমি অলপ ৰৈছোঁ বাৰু৷’ মহাৰাজৰ কথা শুনি তেওঁ অকণমান সময় ৰ’ল৷ ভাগৰি পৰিলেও কিবা এটা উত্তেজনাত তেওঁ পুনৰ ক’বলৈ আৰম্ভ কৰিলে–

‘সেইদিনা মহাৰাজ, সেই উৰণীয়া যানখন মাটিত ৰৈ থাকোঁতে তাৰ ভিতৰত কোনো নাই বুলি ভাবি ভিতৰলৈ সোমাই গৈছিলোঁ৷ তেতিয়াই তাত বাটলু মহাশয়ৰ দৰে এজনক দেখা পালোঁ– কিন্তু সেইজন আচলজন নহয়৷ মানে আমি যে পানীত নিজকে দেখোঁ, তেনেকৈহে তেখেতক দেখিছিলোঁ এটা যন্ত্ৰৰ ভিতৰত৷ কিন্তু তেখেতে কৈ থকা কথা মই শুনিছিলোঁ, মহাৰাজ৷ তেখেতে কথা কোৱা শুনি তেখেত সোমাই থকা যন্ত্ৰটোৰ ওচৰ চাপি গৈ মই তেখেতক বিবিধ কথা সুধিবলৈ ধৰিছিলোঁ৷ তেনেকুৱা সময়তে ওচৰতে মই বেলেগ মাত এটা শুনিলোঁ৷ ‘তেওঁ তোমাৰ কথা নুশুনে’ বুলি কোনোবাই লাহেকৈ কোৱা শুনি মই উচপ খায়েই উঠিছিলোঁ৷ ইফালে সিফালে চাইহে দেখোঁ যে তাত দুজন প্ৰাণী ইতিমধ্যে আছেই৷ প্ৰথমে বৰ ভয় খালোঁ যদিও খন্তেকতে তেওঁলোকেই মোৰ ভয় ভাঙি দিলে৷ তেওঁলোকে বাটলু মহাশয়ৰ বিষয়ে, তেখেত সোমাই থকা যন্ত্ৰটোৰ বিষয়ে আৰু তেওঁলোকৰ নিজৰ বিষয়ে বহুত কথা ক’লে৷ সাহ পাই ময়ো সুধিলোঁ কিবাকিবি৷ তেতিয়াই তেওঁলোকে মহাৰাজ আপোনাৰ কথা, সেউজপুৰ ৰাজ্যৰ কথা যিখিনিহে ক’লে, মই আচৰিতেই হ’লোঁ৷ তেওঁলোকে আমাৰ বিষয়ে নজনা কথা নায়েই মহাৰাজ৷ মই সুধিলোঁ, আমাৰ বিষয়ে অতবোৰ কথা তেওঁলোকে কেনেকৈনো জানিলে? তেওঁলোকে একো উত্তৰ নিদি কেৱল আপোনাক লগ পাবলৈ তেওঁলোকৰ প্ৰবল হেঁপাহৰ কথাহে ক’লে৷ আপোনাৰ অনুমতি হ’লে আপোনাৰ সৈতে তেওঁলোকৰ সাক্ষাতৰ ব্যৱস্থা কৰিব পৰা যাব৷ তেওঁলোকে কোৱামতে বাটলু মহাশয়ৰ সৈতেও আমাক যোগাযোগ কৰাই দিব হেনো৷’

বাদুলিজন ৰ’ল৷ কেশৰীৰ হাহোঁ নে কান্দো লাগিল৷ ইমানবোৰ কথাশুনাৰ পাছতো তেওঁলোকে দেখোন বাটলুৰ বিষয়ে স্পষ্টকৈ একোকে জানিবলৈ নাপালে৷

মহাৰাজ কেশৰীয়ে কিবা এষাৰ ক’বলৈ মুখ মেলিছিলহে, তেনেতে বৃদ্ধা বাদুলীগৰাকীয়ে কৈ উঠিল–

‘মহাৰাজ, কাইলৈ বা পৰহিলৈ কিজানি উৰণীয়া যানখন আকৌ এবাৰ আহিব৷ তেওঁলোকে আমাৰ ইয়াৰপৰা গছপুলি নিয়ে৷ সৌ শালগছজোপাৰ ফালে এগালমান পুলি উভালি থৈছে চাওকচোন৷ সেইবোৰ নি সময় মতে ৰুব নোৱাৰিলে বচাব নোৱাৰিব৷ গতিকে তেওঁলোক অতি সোনকালে আকৌ আহি পুলিখিনি নিবহি৷’

‘তুমি ঠিকেই কৈছা বাদুলী আই৷ মোৰ মতে তেওঁলোক আজিয়েই অহাৰ সম্ভাৱনা আছে৷ আজিৰপৰা ইয়াতে আমি দুজনমানে সেই যানখনলৈ অপেক্ষা কৰাই ভাল হ’ব নেকি! নে কি কয়, মহাৰাজ?’ – মহামন্ত্ৰী বৃকোদৰে মহাৰাজৰ ফালে চাই সুধিলে৷

‘নিশ্চয়, ডাঙৰীয়া৷ আজিৰপৰা পাল পাতি পাতি জুৰণিপাৰত সঁজাতিৰ দল একোটা ৰখাৰ ব্যৱস্থা কৰা হওক৷ মৰমৰ বাটলুটোৰ কাৰণে আমি এইকণ কষ্ট কৰিবই লাগিব৷’

মহাৰাজৰ কথাত আটায়ে হয়ভৰ দিলে৷

...

পৰীক্ষাগাৰৰপৰা ৰিগাত উঠাই বাটলুক পোনে পোনে ইপ্পিৰ বাসস্থানলৈ অনা হ’ল৷ কম্পিউটাৰ এটাৰ সম্মুখত বহি ইপ্পিয়ে একান্তমনে কিবা চাই আছিল৷ আহল বহল কোঠাটোৰ বেৰত থকা ডাঙৰ ডাঙৰ কেইবাটাও মনিটৰত কিবাকিবি ছবি আৰু আখৰ ওলাই আছিল৷ সেইবোৰকে ঘূৰি-পকি চাই চাই গৈ কোন পলকতনো সি ইপ্পিৰ টেবুলখনৰ ওপৰ পালেগৈ গমকে নাপালে৷ ইপ্পিৰ সম্মুখৰ মনিটৰটোত ওলাই থকা ছবি আৰু আখৰবোৰ ডাঙৰ ডাঙৰকৈ দেখিহে সি লাজ পোৱাদি পালে৷ অতিশয় ভদ্ৰ আৰু অমায়িক এই প্ৰাণীসকলৰ সম্মুখত সি অন্ততঃ নিজৰ চঞ্চল স্বভাৱটো সম্বৰণ কৰিব পাৰিব লাগিছিল৷ স্বভাৱসুলভ কৌতূহল আৰু ধৈৰ্য নোহোৱা স্বভাৱটোৰ বাবেই সি বিনা অনুমতিত ইপ্পিৰ টেবুলখনৰে ওপৰ পালেগৈ৷ তাতেই কিছু স্বাভাৱিক হ’বলৈ চেষ্টা কৰি মাতটো যিমান পাৰি গলগলীয়াকৈ উলিয়াবলৈ যত্ন কৰি সি কৈ উঠিল–

‘আপোনাৰ কোঠালিটো বেছ সুন্দৰ, ইপ্পি৷ কম্পিউটাৰৰ মনিটৰকইটাও সুন্দৰ আৰু ডাঙৰ৷’ ভাগ্যে মানুহৰ সংস্পৰ্শত থাকোঁতে সি মানুহে ব্যৱহাৰ কৰা বস্তু কিছুমানৰ সৈতে পৰিচিত হৈছিল৷

‘হয়৷ ইয়াৰপৰাই মই আমাৰ সকলো কাম চোৱা-চিতা কৰি থাকোঁ৷ যাৱতীয় নিৰ্দেশনাও দিবলগীয়া হয় মাজে মাজে৷ আপুনি অনুগ্ৰহ কৰি ভালকৈ বহি লওক৷’ – কৈ কৈ জুইশলা বাকচৰ নিচিনা সৰু বাকচ এটা তেওঁ বাটলুৰ ফালে ঠেলি দিলে৷ বাটলুৱেও বাকচটোৰ ওপৰত উঠি বহি ল’লে৷

মহা আয়মেৰে বহি লৈ বাটলুৱে ক’লে–

‘মই অৱশ্যে বিশেষ এটা কথাৰ বাবেহে আপোনাৰ ওচৰলৈ আহিলোঁ৷’

‘হয় নেকি? নিশ্চয় আপোনাৰ কথা শুনিম, কথা পাতিম৷ কিন্তু তাৰো আগতে আপোনালৈ এটা ভাল খবৰ আছে৷’

‘ভাল খবৰ? মোৰ? ইয়াতনো বেলেগে মোৰ কি খবৰ থাকিব পাৰে!’

এক প্ৰকাৰ দুখমনেৰেই কোনোমতে হাঁহিবলৈ যত্ন কৰি বাটলুৱে ভাব প্ৰকাশ কৰিলে৷ ইপ্পিয়ে ক’লে–

‘সঁচাকৈয়ে ভাল খবৰ৷ সেউজপুৰৰ খবৰ৷’

ইপ্পিৰ মুখত সেউজপুৰ শব্দটো শুনিয়েই বাটলুৰ মনটোৱে উলাহত নাচিবলৈ আৰম্ভ কৰিলে৷ চকুহাল সেমেকি পৰিল তাৰ৷

(আগলৈ)

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)