৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এটা ফুটা কলহ

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২৩
৭ মিনিট পঠন • ২৬৩৩ বাৰ পঢ়া হৈছে

 নৱনীতা ভট্টাচাৰ্য্য

 

আইতা বুলি ক’লেই মনলৈ অহা প্ৰথম শব্দটো হ’ল সাধুকথা ৷ জিলিৰ আইতাকো ইয়াৰ ব্যতিক্ৰম নহয় ৷ তেওঁ প্ৰতিটো পৰিস্থিতিৰ লগতে খাপ খুৱাই সাধুকথা কৈ ল’ৰা-ছোৱালীৰ মন ভুলাব জানে ৷ তেওঁৰ সাধুবোৰ অকল ৰসালেই নহয়, নীতিশিক্ষাৰো ভঁৰাল। আটাইতকৈ ডাঙৰ কথা হ’ল তেওঁৰ সাধুবোৰ বিভিন্ন সোৱাদেৰে ভৰপূৰ ৷ তাতে আকৌ তেওঁৰ কথন শৈলীয়ে সোণত সুৱগা চৰায়। শুনি কেতিয়াও আমনি নালাগে ৷ সেইবাবে সুবিধা পালেই ময়ো জিলিৰ ওচৰতে বহি আইতাৰ সাধু শুনো ৷ আজি তেনে সাধু এটাকে কওঁ শুনা - 

সন্ধিয়াৰ সময়, প্ৰাৰ্থনা শেষ কৰাৰ লগে লগে মাকে জিলিক ককায়েকৰ ওচৰতে বহি পঢ়িবলৈ নিৰ্দেশ দিলে৷ তায়ো ডাঙৰ মেজখনত বহি পঢ়াৰ সুযোগ পাই ফূৰ্তিতে লগে লগে ছবি অঁকা বহীখন লৈ আহি ককায়েকৰ ওচৰত বহিলহি৷ এনেতে লাগিল নহয় পয়মালখন! খৰধৰ কৰোঁতে ছবি আঁকিবলৈ অনা পেঞ্চিলৰ জোঙটো হাতৰ পৰা পৰি ভাগি গ’ল৷ সেইবাবে তাই ককায়েকক আন এডাল পেঞ্চিল বিচাৰিলে ৷ সিও বাকচটোৰ পৰা বিচাৰি বিচাৰি সৰু পেঞ্চিল এডাল তাইক উলিয়াই দিলে ৷ তাকে দেখি তাইৰ বৰ খং উঠিল ৷ “মই কিয় সৰু পেঞ্চিলেৰে আঁকিম!” লগে লগে তাই ককায়েকক দীঘল পেঞ্চিল এডাল দিবলৈ দাবী কৰিলে ৷ সি নাছোৰবান্দা- তাইক পেঞ্চিল দিলে আকৌ পেলাই ভাঙিব। সেইবাবে বেলেগ পেঞ্চিল দিব নোৱাৰে৷ আঁকিব খুজিলে সেইডালেৰেই আঁকিব লাগিব ৷ ইফালে কিতাপ-বহী মেলি লৈ দুয়োকে কাজিয়া কৰি থকা দেখি মাকে দুয়োকে ধমক দিলে ৷ ধমক শুনি ককায়েকে লগে লগে পঢ়িবলৈ আৰম্ভ কৰিলে, কিন্তু জিলিয়ে ফেঁকুৰি ফেঁকুৰি আইতাকৰ ওচৰ পালেগৈ ৷ জিলিৰ চকুত পানী দেখি আইতাকে তাইক কোচত বহুৱাই লৈ কি হ’ল সুধিলে ৷ তায়ো আগৰ পৰা গুৰিলৈকে সকলো বৰ্ণাই গ’ল ৷ তাইৰ কথা হ’ল- “সৰু পেঞ্চিলেৰে তাই কিয় আঁকিব? তাইক এডাল দীঘল পেঞ্চিল লাগিবই !” তাইৰ দাবী শুনি আইতাকে ক’লে- “হয় তো। দীঘল পেঞ্চিল এডাল নহ’লে তুমি কেনেকৈ আঁকিবা ৷ তুমি পিছে এটা কথা পাহৰিছা, আজি সাধু শুনাই নাই নহয়। আগতে সাধু এটা শুনা ৷ তাৰ পাছত ঠিৰাং কৰিবা ৷” 

আইতাকৰ প্ৰস্তাৱটো তাই বৰ ভাল পালে ৷ সেইবাবে পোনছাটেই হ’ব বুলি সন্মতি দিলে৷ আইতাকেও তাইৰ সঁহাৰি পাই ক’বলৈ ধৰিলে-

আজিৰ পৰা বহুত দিনৰ আগৰ কথা ৷ এখন গাঁৱত এগৰাকী মহিলা বাস কৰিছিল ৷ সেই সময়ত আজিকালিৰ নিচিনাকৈ ঘৰে ঘৰে পানীৰ কল নাছিল ৷ দূৰ-দূৰণিত থকা নদী, বিল আদিৰ পৰা পানী কঢ়িয়াই আনি ঘৰৰ যাৱতীয় কামসমূহ কৰিব লাগিছিল ৷ সেই সময়ত মানুহৰ জীৱন-যাত্ৰা বৰ সহজ-সৰল আছিল যদিও কষ্টকৰ আছিল ৷ মহিলাগৰাকীয়েও কান্ধত বেৰিয়াখনত দুয়োফালে দুটা কলহ ওলমাই লৈ নিতৌ পানী আনিবলৈ গৈছিল ৷ এনেদৰে পানী কঢ়িয়াই থাকোঁতে এদিন এটা কলহত সৰুকৈ ফুটা এটা হৈছিল ৷ ফুটাটোৰে পানী সৰকি যোৱা বাবে সেই কলহটোৱে কেতিয়াও সম্পূৰ্ণ ভৰ্তিকৈ পানী কঢ়িয়াব পৰা নাছিল, কিন্তু আনটো কলহৰ ক’তো ক্ষতি-ক্ষুণ নথকা বাবে সদায় ভৰ্তিকৈ পানী কঢ়িয়াই আনিছিল ৷ এই কথাটোৱে ফুটা কলহটোৰ মনত বৰ দুখ দিছিল ৷ মহিলাগৰাকীয়ে ইমান কষ্ট কৰি পানী কঢ়িয়াই আনে, কিন্তু ঘৰ পোৱালৈকে ফুটা কলহটোত আধামানহে পানী ৰৈছিলগৈ ৷ নিজৰ দোষৰ বাবে মালিকনীৰ কষ্ট অথলে যোৱা দেখি কলহটোৰ মন বিষাদেৰে ভৰি পৰিছিল ৷ ইফালে ভাল কলহটোৱে নিজৰ কাম সুকলমে সমাধা কৰাৰ গৰ্বত গৰ্বিত হৈ উঠিছিল ৷ নহ’বনো কিয়? সফলতাই হৈছে সুখৰ মূল কাৰণ ৷ ইফালে ফুটা কলহটোৰ লাজত মুখ উলিয়াব নোৱৰা অৱস্থা হৈ পৰিছে ৷ এনেদৰে এদিন-দুদিনকৈ দুবছৰ পাৰ হ’ল ৷ মহিলাগৰাকীয়ে কিন্তু কলহটো সলনি নকৰিলে ৷ দুবছৰে বিফলতাৰ মুখ দেখি ফুটা কলহটোৰ লাজতে মৰোঁ মৰোঁ অৱস্থা ৷ সেইবাবে এদিন পানী ভৰাই থকা সময়ত কলহটোৱে মহিলাগৰাকীক ক’লে, “বোলোঁ তুমি নলগা তামোলত জেং বান্ধিবলৈ গৈছা। বৃথা চেষ্টা কিয় কৰিছা ? মই কেতিয়াও তোমাক সুখ দিব নোৱাৰিম ৷ মাৰ গাত থকা ফুটাটোৰ বাবেই গোটেই ৰাস্তাত পানী পৰি পৰি যায় আৰু তুমি ঘৰ গৈ পোৱালৈকে আধামানহে ৰয়গৈ ৷ এই ফুটাটোৱে মোক বৰ লাজত পেলাইছে ৷ তোমাৰ ওচৰত মই মুখ উলিয়াব নোৱৰা হৈছোঁ ৷ তোমাৰ বাবে মই ভালুকৰ সাঙী হৈ পৰিছোঁ ৷” 

কলহটোৰ কথা শুনি মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহি ক’লে, “বোলোঁ, যাৰ গৰু খালত পৰে, সিহে নেজত ধৰে বুলিও কথা এষাৰ আছে৷ তুমি বাৰু মন কৰিছানে, মই অহা-যোৱা কৰা ৰাস্তাটোৰ যিটো ফালে তুমি থাকাঁ সেইফালটো বহুৰঙী ফুলেৰে ভৰপূৰ হৈ উঠিছে ৷ কিন্তু আনটো ফাল একেবাৰে শুকান ৷ কিয় জানানে ? কাৰণ তোমাৰ দোষৰ কথা মই আগতেই জানো ৷ সেইবাবে পানী আনিবলৈ যোৱাৰ সময়ত মই হাতত বীজ কেইটামান ৰাস্তাত ছটিয়াই থৈ যাওঁ আৰু ওভতাৰ সময়ত তুমি পানী দি যোৱাঁ ৷ ফলত বীজবোৰৰ পৰা গছ গজি এতিয়া ফুলেৰে ভৰি পৰিছে ৷ এতিয়া আৰু মই ফুল বিচাৰি দূৰলৈ যাব নালাগে ৷ এই বাটেৰে উভতি যাওঁতেই ফুলবোৰ ছিঙি নি মেজখনত ধুনীয়াকৈ সজাই থৈ ঘৰটো শুৱনি কৰি তোলোঁ ৷ তোমাৰ গাত যদি ফুটাটো নাথাকিলহেঁতেন, মই হয়তো ঘৰটো ধুনীয়াকৈ সজাব নোৱাৰিলোহেঁতেন৷” মহিলাগৰাকীৰ কথা শুনি কলহটোৰ ভুল ভাগিল ৷ সিদিনাখনৰ পৰা তাৰ মনৰ দুখ আঁতৰিল আৰু অতি আনন্দমনে নিজৰ কাম কৰি গ’ল ৷ 

সেই সাধুটোৰ পৰা আমি ইয়াকে বুজোঁ যে, প্ৰতিজনৰে গাত কিবা নহয় কিবা দোষ থাকিব পাৰে ৷ কিন্তু এই বিশেষ দোষ-ত্ৰুটিবোৰেই আমাৰ জীৱনটো আকৰ্ষণীয় কৰি তুলিব পাৰে ৷ ভগৱানে যেনেদৰে গঢ়িছে ঠিক তেনেদৰে লোৱা উচিত, মাত্ৰ তেওঁৰ মাজত থকা গুণবোৰ লোৱা উচিত ৷ কথাতে কয় নহয় ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে ৷ 

এতিয়া তুমিয়ে কোৱাঁচোন, তোমাৰ পেঞ্চিলডাল সৰু হৈ গৈছে বুলি তাক তুমি পেলাই দিবা নেকি ? সেই পেঞ্চিলডালেৰে ধুনীয়া ছবি এখন আঁকি উলিওৱাঁচোন। কোনডাল পেঞ্চিলেৰে আঁকিছা কোনেনো সুধিব ? কি ঠিক তোমাৰ দীঘল পেঞ্চিলডালতকৈ সৰু পেঞ্চিলডালেৰে আঁকিলে ছবিখন বেছি ভাল হয়ে কিজানি ৷”

আইতাকৰ কথা শুনি জিলিৰ ঠেঁহ নিমিষতে নাইকিয়া হ’ল ৷ মিচিকিয়াই হাঁহি উঠি গৈ সৰু পেঞ্চলডাল লৈ তাই ছবি আঁকিবলৈ ধৰিলে ৷

টোকা : এটা পুৰণি সাধুৰ আলম লৈ গল্পটো লিখি উলিওৱা হৈছে৷ সাধুটোৰ লোখকজনৰ নাম উল্লেখ কৰা নাই বাবে প্ৰকাশ কৰিব পৰা নগ’ল।

ঠিকনা :

বেলতলা তিনিআলি

বি,এন শইকীয়া পথ

গুৱাহাটী-২৮

 

৯৮৬৪২৩৩৩৫০

 

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)