৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সুৰুয সূৰ্য হ’ল

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ • প্ৰকাশিতঃ ২৬ ছেপ্টেম্বৰ, ২০২৩
৪ মিনিট পঠন • ১৮২৬ বাৰ পঢ়া হৈছে

 চন্দ্ৰাৱলী বৰঠাকুৰ

 

এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্ৰথম চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ সক্ষম হৈ, মহিলাৰ অৱস্থান উন্নত কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰো মান ময়ূৰ হাজৰিকাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ কঠিনতম পৰীক্ষাত নিজৰ শ্ৰম, কৰ্মনিষ্ঠাৰে উত্তীৰ্ণ হৈ  দেশসেৱাৰ বাবে আগবাঢ়ি গৈছে। প্ৰতিবছৰে এই পৰীক্ষাত ৪৪% চাকৰি দিব্যাংগসকলৰ বাবে সংৰক্ষণ কৰা হয়। বহু শাৰীৰিকভাৱে দুৰ্বল লোকে আত্মবল, নেৰানেপেৰা প্ৰচেষ্টাৰ বলত আকৰ্ষণীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। 

এনে এক উজ্জ্বল,প্ৰেৰণাদায়ক চৰিত্ৰ হ’ল সুৰুয তিৱাৰী, যাৰ সাহ আছিল মাত্ৰ হাতৰ তিনিটা আঙুলি।

 উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ নিৱাসী সুৰুয তিৱাৰী সাধাৰণ দৰ্জী পৰিয়ালত জন্ম হৈছিল। সৰুৰে পৰাই মেধাৱী ছাত্ৰজনৰ জীৱনত ধ্ৰুৱতৰাৰ দৰে জিলিকাৰ হেঁপাহ আছিল। ঘৰৰ অৰ্থিক অৱস্থা সুচল নাছিল, সেই বুলি পিতৃ -মাতৃ পঢ়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি হ’বলৈ দিয়া নাছিল। প্ৰচুৰ আত্মবিশ্বাসী সুৰুযে এদিন সমাজত জিলিকিব বুলি প্ৰতিজ্ঞা কৰিছিল। কিন্তু ২০১৭ চনৰ এটি ঘটনাই তেওঁৰ জীৱনলৈ কাল অমাৱস্যা কঢ়িয়াই আনে।

 দিল্লীৰ পৰা আলিগড় অভিমুখে গৈ থকা এখন চলন্ত ট্ৰেইনৰ পৰা পৰি তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতেহে ৰক্ষা পৰে। তেওঁৰ অজ্ঞান অৱস্থাৰ পৰা সজ্ঞানলৈ আহি, গম পায় যে তেওঁ শৰীৰৰ অমূল্য অংশ দুয়োখন ভৰি, বাওঁহাতখন আৰু সোঁহাতৰ দুটা আঙুলি হেৰুৱাই পেলাইছে। তেওঁৰ বাবে জীয়াই থকাৰ সাহস আছিল মাত্ৰ সোহাঁতৰ তিনিটা আঙুলি। সেই সময়ছোৱাত তেওঁ নিজৰ ভাতৃকো হেৰুৱাব লগা হয়। ঘৰৰ সদস্যসকলে যেন হাঁহিবলৈ পাহৰি পেলাইছিল। সকলো স্তব্ধ হৈ গৈছিল।

কিন্তু এয়া সচাঁ যে পৰিৱৰ্তন সংসাৰৰ নিয়ম। বহু সময়ত এনে পৰিৱৰ্তনে আমাক মানসিকভাৱে দুৰ্বল নকৰি, বৰং আমাক শক্তিশালীহে কৰি তোলে। নিজৰ এই ক’লা সময়ক জীৱনে তেওঁৰ ওপৰত লোৱা এটা পৰীক্ষা বুলি ভাবিছিল। আত্মবলেৰে তেওঁ পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত ল’লে। প্ৰথমে দিল্লীৰ জে. এন. ইউ-ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল যদিও পাছৰবাৰ তেওঁ বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ত ৰাছিয়ান বিষয়ত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে। জে.এন . ইউ-ত এক নতুন পৰিৱেশ পালে। হেৰুৱাই পেলোৱা আত্মবিশ্বাস আকৌ ঘূৰাই পালে। কেতিয়াও নুশুনা লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিষয়ে বুজিলে, জানিলে আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে। ফলত ২০২২ বৰ্ষৰ ফলাফলত ৯১৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।

শ্ৰম, আত্মবিশ্বাসেৰে এই স্থান লাভ কৰি তেওঁ ইতিহাসত নাম লিখাৰ উপৰি দিব্যাংগ, শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবেই নহয়, সমগ্ৰ মানৱজাতিৰ বাবে ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ল।

 

ঠিকনা :

দ্বাদশ মান,

ক্ৰিছেণ্ট একাডেমী (যোৰহাট)

চ
লেখকৰ পৰিচয়

চন্দ্ৰাৱলী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)