৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত

লেখকঃ অভিজিত শৰ্মা বৰুৱা • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৩
৩৩ মিনিট পঠন • ১১৭৪ বাৰ পঢ়া হৈছে
নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত
ডাঙৰকৈ চাওক (Zoom)

 অভিজিত শৰ্মা বৰুৱা

 

যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্ৰাভিমুখী মহাকাশযান চন্দ্ৰযান–৩–ৰ বিক্ৰম লেণ্ডাৰে পূৰ্ব পৰিকল্পনা অনুসৰিয়েই চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিলে। ইয়াৰ লগে লগে চন্দ্ৰপৃষ্ঠত কোনো যানক ‘আলফুল অৱতৰণ’ (Soft landing) কৰোৱাৰ ক্ষেত্ৰত ভাৰত সমগ্ৰ বিশ্বৰে চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ল। ইয়াৰ আগতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন (বৰ্তমানৰ ৰাছিয়া) আৰু চীন দেশেহে চন্দ্ৰত কোনো মহাকাশযানক আলফুলে অৱতৰণ কৰাবলৈ সক্ষম হৈছিল। আনহাতে চন্দ্ৰৰ বিপদসংকুল দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান–৩–ক মসৃণ অৱতৰণ কৰাই আৰু ৰ’ভাৰ যান নমাই এই অঞ্চলত এনে কাম কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ভাৰতে আন এক অনন্য কৃতিত্ব অৰ্জন কৰিলে।

২০২৩ চনৰ ১৪ জুলাইৰ দিনা ভাৰতে চন্দ্ৰলৈ চন্দ্ৰযান–৩ নামৰ এক মহাকাশযান উৎক্ষেপণ কৰি এই দেশৰ চন্দ্ৰাভিমুখী তৃতীয় অভিযানৰ শুভাৰম্ভ ঘটাইছিল। ২০০৮ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতে চন্দ্ৰলৈ তিনিখন যান (চন্দ্ৰযান–১, চন্দ্ৰযান–২ আৰু চন্দ্ৰযান–৩) পঠিয়াইছে। আন কেইখনমান উন্নত দেশে চন্দ্ৰ অভিযান অৱশ্যে বহু আগতেই আৰম্ভ কৰিছিল।  চন্দ্ৰযান–১ অভিযানৰ কালছোৱাত চন্দ্ৰপৃষ্ঠত ভাৰতৰ ত্ৰিৰংগা অংকিত যি প্ৰ’ব নিক্ষেপ কৰা হৈছিল, ছোভিয়েট ৰাছিয়াই তেনে প্ৰ’ব (লুনা–২) নিক্ষেপ কৰিছিল ১৯৫৯ চনৰ ১২ ছেপ্টেম্বৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপ’ল’–১১ অভিযানৰ সময়ত ১৯৬৯ চনৰ ২০ জুলাইতে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত প্ৰথমবাৰৰ বাবে মানৱ খোজ পেলাইছিল। তাৰো প্ৰায় দুকুৰি বছৰৰ পাছতহে চন্দ্ৰযান–১–ৰ জৰিয়তে ভাৰতে নিজাববীয়াকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল আৰু তাকো মানৱবিহীন মহাকাশযান পঠিয়াই।

বিশ্বৰ চন্দ্ৰ অভিযানৰ ইতিহাস

১৬০৯ চনত নিজে এটা টেলিস্কোপ সাজি গেলিলিঅ’ গেলিলিয়ে চন্দ্ৰক ভালদৰে নিৰীক্ষণ কৰাৰ আগলৈকে মানুহে চন্দ্ৰক খালী চকুৰেই চাই আহিছিল। গেলিলিয়ে তেওঁৰ টেলিস্কোপেৰে চন্দ্ৰত থকা পাহাৰ আৰু গহ্বৰবোৰো দেখা পাইছিল।

গেলিলিৰ পৰ্যবেক্ষণৰ প্ৰায় চাৰে তিনিশ বছৰৰ পাছত ১৯৫৮ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ‘পায়’নিয়াৰ–অ’ আৰু ‘লুনা–১’ৰ দুটা ব্যৰ্থ অভিযানেৰে চন্দ্ৰলৈ মানুহৰ অভিযান আৰম্ভ হৈছিল। ১৯৫৯ চনৰ জানুৱাৰিত ‘লুনা–১’ আৰু মাৰ্চত ‘পায়’নিয়াৰ–৪’ ৰ অভিযান আংশিকভাৱে সফল হ’ল। তাৰ পাছত চন্দ্ৰলৈ প্ৰথমটো সফল অভিযানৰ ফলস্বৰূপে ১৯৫৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰা ‘লুনা–২’ মহাকাশ ‘প্ৰ’বে’ চন্দ্ৰপৃষ্ঠত আঘাত কৰিলে। ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ছোভিয়েট ৰাছিয়াৰ এই সফলতাই আমেৰিকা যুক্তৰাষ্ট্ৰক ঈৰ্ষান্বিত কৰি তুলিলে আৰু তেওঁলোক সফল চন্দ্ৰ অভিযানৰ বাবে উঠি-পৰি লাগিল। তাৰ মাজতে ছোভিয়েট ৰাছিয়াৰে আন এক মহাকাশযান ‘লুনা–৩’য়ে ১৯৫৯ চনৰ অক্টোবৰত চন্দ্ৰৰ আমি নেদেখা ফালটোৰ ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিবলৈও সক্ষম হ’ল। ১৯৬১ চনৰ ২৫ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে ঘোষণা কৰিলে যে তেওঁলোকৰ লক্ষ্য হ’ল– এজন মহাকাশচাৰীক চন্দ্ৰত থিয় কৰোৱা। ১৯৬৬ চনৰ ৩ ফেব্ৰুৱাৰিত ছোভিয়েট ৰাছিয়াৰ আন এখন মহাকাশযান ‘লুনা–৯’য়ে চন্দ্ৰপৃষ্ঠত আলফুলে অৱতৰণ কৰে আৰু চন্দ্ৰপৃষ্ঠৰ ফটো পৃথিৱীলৈ প্ৰেৰণ কৰে।

১৯৬৬ চনৰ ৩১ মাৰ্চত ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰা ‘লুনা–১০’ আছিল চন্দ্ৰলৈ পৃথিৱীৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। ১৯৬৮ চনত ২৪ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘এপ’ল’–৮’ অভিযানৰ মহাকাশচাৰী ফ্ৰাংক বৰমান, জেমছ লভেল আৰু উইলিয়াম এণ্ডাৰ্ছ চন্দ্ৰৰ লক্ষপথত প্ৰদক্ষিণ কৰা আৰু চন্দ্ৰৰ অন্ধকাৰ ফালটো প্ৰত্যক্ষ কৰা প্ৰথম মানুহ হিচাপে পৰিগণিত হয়। ১৯৬৯ চনৰ ২০ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাৰ (NASA) এপ’ল’–১১ অভিযানৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম পদাৰ্পণ কৰি চন্দ্ৰ অভিযানত নতুন ইতিহাসৰ সৃষ্টি কৰিলে।

১৯৭০ চনৰ ১৭ নৱেম্বৰত ছোভিয়েট ৰাছিয়াৰ ‘লুনোখোড–১’য়ে প্ৰথম ৰোভাৰ যান হিচাপে চন্দ্ৰত অৱতৰণ কৰে। ১৯৭২ চনৰ এপ’ল’–১৭ অভিযানত চন্দ্ৰত খোজ কঢ়া ইউজিন চেৰমেনৰ পাছত এতিয়ালৈকে আন কোনো লোকে তাত ভৰি দিয়া নাই। ছোভিয়েট ৰাছিয়াই চন্দ্ৰলৈ পঠিওৱা ‘লুনা’–১৬’, ‘লুনা–২০’ আৰু ‘লুনা–২৪’ মহাকাশযান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘এপ’ল’–১৩’ ক বাদ দি ‘এপ’ল’–১১’–ৰ পৰা ‘এপ’ল’–১৭’ মহাকাশযান কেইখনে চন্দ্ৰৰ পৰা বিভিন্ন নমুনা সংগ্ৰহ কৰি আনিছিল আৰু সেইবোৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে চন্দ্ৰৰ বিষয়ে নানা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া – এই দুই দেশৰ মহাকাশযানসমূহে মুঠ ৬৫ বাৰ চন্দ্ৰত অৱতৰণ কৰিছিল। পাছে ১৯৭৬ চনৰ লুনা–২৪ ৰ অভিযানৰ পাছতে দুয়োখন দেশৰ চন্দ্ৰ অভিযান হঠাতে বন্ধ হৈ গ’ল। ছোভিয়েট ৰাছিয়াই শুক্ৰ গ্ৰহ অভিযান আৰু মহাকাশ কেন্দ্ৰ স্থাপনত মনোযোগ দিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গুৰুত্ব দিলে মংগল গ্ৰহ অভিযানত, মহাকাশ গৱেষণাগাৰ স্থাপন আৰু মহাকাশ ছাটল যানৰ ফালে। তাৰ আগলৈকে ছোভিয়েট ৰাছিয়াই চন্দ্ৰত বহুমুখী উদ্দেশ্যসম্পন্ন ‘বে’ছকেম্প’ পাতিব খুজিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই তাত বৈজ্ঞানিক আৰু সামৰিক ঘাটি স্থাপন কৰিবলৈ বিচাৰিছিল। পাছত সেইবোৰ লক্ষ্য বাদ দিয়া হ’ল।

১৯৭৬ চনৰ বেছ কিছু বছৰৰ পাছত ১৯৯০ চনত জাপানে তেওঁলোকৰ ‘হিটেন’ মহাকাশযান চন্দ্ৰৰ কক্ষপথত স্থাপন কৰি চন্দ্ৰ অভিযান চলোৱা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হয়। তাৰ পাছত ২০০৭ চনৰ ছেপ্টেম্বৰত জাপানে ‘ছেলেন’ নামৰ মহাকাশযান চন্দ্ৰলৈ পঠিয়ায়। চন্দ্ৰৰ আদি অৱস্থা কেনে আছিল সেই সম্পৰ্কত অনুসন্ধান চলোৱাটো আছিল এই অভিযানৰ মূল উদ্দেশ্য।

২০০৩ চনৰ ২৭ ছেপ্টেম্বৰত ইউৰোপিয়ান স্পেচ এজেঞ্চিয়ে ‘স্মাৰ্ট–১’ নামেৰে চন্দ্ৰক প্ৰদক্ষিণ কৰা এক কম খৰচী প্ৰ’ব উৎক্ষেপণ কৰে। এই অভিযানৰ উদ্দেশ্য আছিল এক্স-ৰে’ আৰু অবলোহিত ৰশ্মিৰ সহায়ত চন্দ্ৰপৃষ্ঠৰ এক ত্ৰিমাত্ৰিক ‘ইমেজেৰী’ তৈয়াৰ কৰা।

২০০৭ চনৰ ২৪ অক্টোবৰত চীন দেশে ‘চাংগে–১’ নামৰ এক চন্দ্ৰ— কক্ষপথীয় ৰ’বটিক প্ৰ’ব চন্দ্ৰলৈ নিক্ষেপ কৰে। ‘চাংগে-১’ৰ কাৰ্য্যকাল আছিল এবছৰ। পাছে ই তাৰ ওপৰঞ্চিভাবে আৰু চাৰিমাহ কৰ্মক্ষম হৈ থাকিল। ২০১০ চনত চীন দেশে ‘চাংগে–২’ নামৰ আন এক চন্দ্ৰ-কক্ষপথীয় মহাকাশযান উৎক্ষেপণ কৰে।

ভাৰতে ২০০৮ চনত ‘চন্দ্ৰযান–১’ আৰু ২০১৯ চনত ‘চন্দ্ৰযান–২’ নামৰ দুখন যান চন্দ্ৰলৈ প্ৰেৰণ কৰে। চন্দ্ৰযান–১ তাৰ দায়িত্ব পালনত প্ৰায় ৯০ শতাংশ সফল হ’লেও চন্দ্ৰযান–২ তাৰ মূল উদ্দেশ্য চন্দ্ৰত ‘আলফুল অৱতৰণ’ কৰাত সফল নহ’ল।

ৰাছিয়াই ১৯৭৬ চনৰ ৪৭ বছৰ পাছত ২০২৩ চনৰ আগষ্ট মাহত তেওঁলোকৰ চন্দ্ৰমুখী মহাকাশযান ‘লুনা–২৫’ চন্দ্ৰলৈ প্ৰেৰণ কৰে। অৱশ্যে এই অভিযান বিফল হ’ল।

২০২৩ চনত ভাৰতে চন্দ্ৰলৈ পঠিওৱা ‘চন্দ্ৰযান–৩’–ৰ লেণ্ডাৰ আৰু ৰ’ভাৰ যানে চন্দ্ৰত ‘আলফুল অৱতৰণ’ কৰি নিৰ্ধাৰিত কাম-কাজ চলাই আছে। 

ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান - চন্দ্ৰযান-১

২০০৮ চনৰ ২২ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান স্পে’চ চেণ্টাৰ’ৰ উৎক্ষপণ কেন্দ্ৰৰপৰা ভাৰতৰ চন্দ্ৰাভিমুখী প্ৰথমখন মহাকাশযান চন্দ্ৰযান–১ক উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান–১য়ে ভাৰতৰ নিজস্ব পাঁচবিধ সঁজুলিৰ লগতে নাছা, ইউৰোপিয়ান স্পে’চ এজেঞ্চি আৰু বুলগেৰিয়াৰ ছবিধ সঁজুলি কঢ়িয়াই নিছিল। চন্দ্ৰযান–১–ৰ যোগেদি আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া (পূৰ্বৰ) আৰু ইউৰোপিয়ান স্পে’চ এজেঞ্চিৰ (১১ খন দেশৰ এক সংস্থা) পাছত চন্দ্ৰত জাতীয় পতাকাৰ প্ৰতীক স্থাপন কৰা  চতুৰ্থ সংস্থা তথা দেশ হোৱাৰ গৌৰৱো ISRO আৰু ভাৰতে অৰ্জন কৰিছিল। আনকি তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কবলগীয়া হৈছিল, “এই সফলতা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এক প্ৰত্যাহ্বান। আমি যদি মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অপ্ৰতিদ্বন্দ্বী হৈ থাকিব খোজোঁ, তেন্তে আমি তৎকালীনভাৱে আমাৰ মহাকাশ অভিযানত নতুন দিশ সংযোজন কৰিব লাগিব৷” আমাৰ অসমৰে এজন সুসন্তান ডঃ জিতেন্দ্ৰনাথ গোস্বামী এই অভিযানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল।

উৎক্ষেপণৰ পাছত কিছু দিন ঠিকে ঠাকে যোৱাৰ পাছত, আৰু যথেষ্ট তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰাৰ পাছত ২০০৯ চনৰ মে’ মাহত চন্দ্ৰযান–১–ৰ গতিপথ কিছু সলনি কৰিবলগীয়া হ’ল। চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰেদি ই চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ কথা আছিল যদিও এই কক্ষপথ তেতিয়া ২০০ কিলোমিটাৰ উচ্চতালৈ বঢ়াই দিয়া হ’ল। চন্দ্ৰযান–১–ক প্ৰায় ৭৫ ডিগ্ৰী চেলচিয়াছ উষ্ণতা সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল আৰু ভবা হৈছিল যে ১০০ কিলোমিটাৰৰ কক্ষপথত ই তাতকৈ বেছি উষ্ণতা নাপাব। কিন্তু কাৰ্যক্ষেত্ৰত চন্দ্ৰযান–১–এ সেই স্থানত তাতকৈ বেছি উষ্ণতাৰ সম্মুখীন হ’ল। সেই সমস্যাৰ সমাধানৰ বাবে ২০০৮ চনৰে নৱেম্বৰ মাহত তাৰ কিছুমান সঁজুলিৰ কাম বন্ধ কৰি দিয়া হ’ল। তাৰ পাছত ২০০৯ চনৰ মে’ মাহত তাৰ কক্ষপথো বঢ়াই দিয়া হ’ল। কিন্তু তৎসত্তেও চাগৈ চন্দ্ৰযান–১–য়ে তাপৰ সমস্যাৰ পৰা মুক্তি নাপালে।    

চন্দ্ৰযান–১–ৰ দুবছৰীয়া পৰিক্ৰমাত ই চন্দ্ৰপৃষ্ঠৰ জৰীপ সম্পূৰ্ণ কৰা, ত্ৰিমাত্ৰিক ভূস্থানিক মানচিত্ৰ তৈয়াৰ কৰিব পৰাকৈ তথ্য সংগ্ৰহ কৰা, চন্দ্ৰত থাকিব পৰা ৰাসায়নিক পদাৰ্থবোৰৰ সম্পৰ্কে জনা, চন্দ্ৰৰ মেৰু অঞ্চলৰ সম্ভাৱ্য ‘বৰফ’ৰ সম্পৰ্কত তথ্য আহৰণ কৰা আদি কাম সম্পন্ন কৰাৰ কথা আছিল। সেই হিচাপ মতে ২০১০ চনৰ শেষৰ ভাগলৈকে চন্দ্ৰযান–১–য়ে বিভিন্ন তথ্য নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব লাগিছিল। পিছে এই অভিযান প্ৰায় দহ মাহমান পাছতে পৰিত্যক্ত হ’বলগীয়া হ’ল। ২০০৯ চনৰ ২৯ আগষ্টত চন্দ্ৰযান–১–ৰ লগত ভাৰতৰ নিয়ন্ত্ৰণ কক্ষৰ সংযোগ বিচ্ছিন্ন হৈ যায়। অৰ্থাৎ চন্দ্ৰযান–১–লৈ খবৰ পঠিওৱা আৰু তাৰ পৰা তথ্য অহাটো বন্ধ হৈ পৰে আৰু এই যানখন ‘বোবা-কলা’ৰ দৰে হৈ পৰে। পুনৰ সংযোগ স্থাপন কৰাটো অসম্ভৱ হৈ পৰা বাবে ২০০৯ চনৰ ৩০ আগষ্টত এই অভিযানৰ সমাপ্তিৰ বিষয়ে জনোৱা হয়।

ISROই জনোৱামতে চন্দ্ৰযান–১–য়ে ইতিমধ্যে ই পঠিয়াবলগীয়া সমূহ তথ্যৰ প্ৰায় ৯৫ শতাংশ তথ্য যোগান ধৰিলে। চন্দ্ৰযান–১–ৰ অভিযানৰ সময়তে চন্দ্ৰৰ পৃষ্ঠত পানীৰ অণু আবিষ্কৃত হৈছিল। এইবোৰ নিশ্চয় গুৰুত্বপূৰ্ণ কথা আছিল।  

চন্দ্ৰযান-২ 

চন্দ্ৰযান–২ আছিল ভাৰতৰ দ্বিতীয় চন্দ্ৰ অনুসন্ধান অভিযান। চন্দ্ৰযান-২ ক এক ভূস্থিত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩  (জি এছ এল ভি মাৰ্ক ৩) ৰকেটৰ সহায়ত ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰৰ অভিমুখে উৎক্ষেপণ কৰা হৈছিল। এই যানৰ লগত আছিল চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিবলগীয়া লেণ্ডাৰ (Lander) আৰু ৰ’ভাৰ (Rover) যান। ISRO–ই এই দুয়োখন লেণ্ডাৰ আৰু ৰ’ভাৰ নিৰ্মাণ কৰিছিল। চন্দ্ৰযান–২ অভিযানত খৰচ পৰিছিল প্ৰায় ৯৭৮ কোটি টকা।

চন্দ্ৰযান–২–ত আছিল এক চন্দ্ৰ প্ৰদক্ষিণকাৰী (Lunar Orbiter), ‘বিক্ৰম’ নামৰ এক লেণ্ডাৰ আৰু ‘প্ৰজ্ঞান’ নামৰ এক ৰ’ভাৰ যান। এই সকলোবোৰ ভাৰতৰ বিজ্ঞানী-প্ৰযুক্তিবিদে নিজা প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল। এই অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক সংযুক্তি অধ্যয়ন কৰা আৰু চন্দ্ৰত পানীৰ অৱস্থিতি আৰু পৰিমাণ নিৰূপণ কৰা।

২০১৯ চনৰে ২০ আগষ্টত চন্দ্ৰযান–২–য়ে নিৰাপদে ভ্ৰমণ কৰি চন্দ্ৰৰ কাষেদি ঘূৰিবলগীয়া নিৰ্দিষ্ট কক্ষপথ পালেগৈ। চন্দ্ৰযান–২–ৰ লেণ্ডাৰ আৰু ৰ’ভাৰে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলৰ প্ৰায় ৭০ ডিগ্ৰী অক্ষাংশত ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত অৱতৰণ কৰাৰ কথা আছিল। পৰিকল্পনা অনুসৰিয়েই সেই দিনা বিক্ৰম লেণ্ডাৰে চন্দ্ৰত অৱতৰণ কৰিবলৈ লয়। পিছে এক ছফটৱেৰৰ ভুলৰ বাবে সেই লেণ্ডাৰে অৱতৰণ কৰাৰ কেই মিনিটমানৰ আগতে চন্দ্ৰযান–২–ৰ লগত ভূপৃষ্ঠৰ নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। প্ৰয়োজনীয় নিৰ্দেশ নোপোৱাৰ ফলত লেণ্ডাৰে অনিয়ন্ত্ৰিতভাৱে আৰু অত্যধিক বেগেৰে গৈ চন্দ্ৰৰ মাটিত খুন্দা মাৰে আৰু বিধ্বস্ত হৈ যায়। পাছত ‘বিফলতা বিশ্লেষণ প্ৰতিৱেদন’ত একে কথাই ওলাল যে ছফটৱেৰৰ ভুলৰ বাবেই সেই ঘটনা ঘটিল। তাৰ ফলত পাছৰ পৰ্যায়ৰ কামবোৰ পৰিত্যক্ত হ’ল। অৱশ্যে চন্দ্ৰযান–২–ৰ অৰ্বিটাৰে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে আৰু লগতে মূল্যবান তথ্যও প্ৰেৰণ কৰি আছে।

চন্দ্ৰযান-৩

চন্দ্ৰযান–৩ হ’ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) তৃতীয় আৰু আটাইতকৈ সফল চন্দ্ৰ অভিযান। সকলো সা-সঁজুলিকে ধৰি চন্দ্ৰযান–৩–ৰ মুঠ ওজন  আছিল ৩,৯০০ কিলোগ্ৰাম। ইয়াৰ প্ৰধান অংশ সঞ্চালন বা প্ৰপালছন মড্যুলৰ (Propulsion Module) ওজন ২,১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ (Lander) আৰু ৰ’ভাৰ (Rover) মিলি মুঠ ওজন  ১,৭৫২ কিলোগ্ৰাম। ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেট জি এছ এল ভি মাৰ্ক ৩–ৰ হে  ইমান ওজন লৈ যোৱাৰ সক্ষমতা আছে।



চন্দ্ৰযান-৩ ত, আগৰ চন্দ্ৰযান–২ ৰ দৰেই এক লেণ্ডাৰ আৰু এক ৰোভাৰ আছিল, কিন্তু ইয়াৰ কোনো অৰবিটাৰ নাছিল। ইয়াৰ সঞ্চালন বা প্ৰপালছন মড্যুলটোৱে এক যোগাযোগ ৰিলে উপগ্ৰহৰ দৰে কাম কৰিছিল। মহাকাশ যানখন চন্দ্ৰৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ এক কক্ষপথত থকালৈকে প্ৰপালছন মডুলটোৱে লেণ্ডাৰ আৰু ৰ’ভাৰৰ ভৰ বহন কৰিছিল।

২০২৩ চনৰ ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান স্পে’চ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ‘জি এছ এল ভি মাৰ্ক থ্ৰী হেভি-লিফট লঞ্চ্ ভেহিকল’–য়ে (যাক বাহুবলী ৰকেট বুলিও জনা যায়) উৎক্ষেপণ কৰিছিল।  

চন্দ্ৰযান-৩ ৰ ক্ষেত্ৰত ISRO য়ে কিছু সংশোধন কৰিছিল, যাতে আগৰ যান দুখনৰ তুলনাত ই বেছি নিৰ্ভৰযোগ্য হয়। ইয়াৰ বিক্ৰম লেণ্ডাৰৰ ওজন হ’ল ১,৭৫২ কিলোগ্ৰাম। চন্দ্ৰযান–২ ত এই লেণ্ডাৰখনৰ ওজন তাতকৈ ২৮০ কিলোগ্ৰাম কম আছিল। ISRO–ই কিছু অতিৰিক্ত সাৱধানতা ল’ব খোজাৰ বাবেই লেণ্ডাৰৰ ওজন অলপ বাঢ়িল। অৱতৰণ সফল কৰিবলৈ বিক্ৰমত অলপ বেছিকৈ ইন্ধন ৰখা হ’ল, যাতে ই চন্দ্ৰৰ পৃষ্ঠত প্ৰয়োজন হ’লে বেছি সময় থাকিব পাৰে। চন্দ্ৰযান–৩ ৰ অভিযান ষোল অনাই সফল কৰিবলৈ মহাকাশযানখন উৎক্ষেপণ কৰাৰ আগতেই তাক লৈ কিছুমান কঠিন পৰীক্ষা কৰা হ’ল আৰু লগতে যথেষ্ট সুৰক্ষা ব্যৱস্থাও ৰখা হ’ল। উৎক্ষেপণৰ পাছত চন্দ্ৰযান–৩’ক ১০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰাৰ কাম সফলতাৰে সম্পন্ন কৰা হ’ল।

‘চন্দ্ৰযান’৩ ৰ ভ্ৰমণকালত তিনিটা পৰ্য্যায় আছিল –

  • পৃথিৱীকেন্দ্ৰিক পৰ্য্যায় – এই পৰ্য্যায়ত আছিল উৎক্ষেপণৰ আগৰ কাম-কাজ আৰু উৎক্ষেপণৰ পাছত পৃথিৱীৰ চাৰিওফালে ঘূৰি দিশ সলনি কৰাৰ অভ্যসন কৰাৰ কাম।
  • চন্দ্ৰ-স্থানান্তৰণ পৰ্যায় – এই পৰ্যায়ত আছিল গতিপথ সলনি কৰা আৰু বেগ বৃদ্ধি কৰাৰ কাম-কাজ, যাৰ ফলত চন্দ্ৰযান–৩ য়ে পৃথিবীৰ মাধ্যাকৰ্ষণৰ বাধা অতিক্ৰম কৰি চন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰাৰ কাম।   
  • চন্দ্ৰ-কেন্দ্ৰিক পৰ্য্যায় – এই পৰ্য্যায়ত চন্দ্ৰযান–৩–য়ে চন্দ্ৰক কেবাবাৰো প্ৰদক্ষিণ কৰি শেষ পৰ্যায়ত লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। তাৰ পাছত ৰ’ভাৰ যানখন এক ৰেম্পৰ জৰিয়তে লেণ্ডাৰৰ পৰা ওলাই আহি চন্দ্ৰপৃষ্ঠত ঘূৰি-ফুৰি অনুসন্ধান কৰাটো আৰম্ভ কৰি দিব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) চন্দ্ৰযান–৩ অভিযানৰ বাবে তিনিটা প্ৰধান লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেই কেইটা হ’ল –

•        চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ, নৰম আৰু নিখুঁতভাৱে এখন লেণ্ডাৰক অৱতৰণ কৰোৱা;

•        চন্দ্ৰত ৰ’ভাৰৰ ঘূৰা-ফুৰা ক্ষমতা প্ৰদৰ্শন আৰু পৰ্যবেক্ষণ কৰা;

•   অন্তৰ্নিৰীক্ষণ কৰা আৰু বৈজ্ঞানিক পৰ্যবেক্ষণ কৰা – চন্দ্ৰৰ পৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্ৰাকৃতিক উপাদান, মাটি, পানী ইত্যাদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি চন্দ্ৰৰ গঠন সম্পৰ্কত অধিক জ্ঞান আহৰণ কৰা।




চন্দ্ৰযান–৩–ত তিনিটা প্ৰধান স্বয়ংসম্পূৰ্ণ অংশ বা মড্যুল (Module) আছিল। সেইকেইটা হ’ল  –

১। সঞ্চালনা বা প্ৰপালছন মড্যুল – এই মড্যুলে চন্দ্ৰৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ কক্ষপথ পোৱা পৰ্যন্ত লেণ্ডাৰ আৰু ৰ’ভাৰৰ সজ্জা বহন কৰি লৈ গৈছিল। ই হ’ল মূলতঃ এক বাকচৰ দৰে গঠন। তাৰ এফালে আছে এখন ডাঙৰ সৌৰ পেনেল আৰু ইয়াৰ ওপৰত এটা ডাঙৰ চিলিণ্ডাৰ স্থাপন কৰা হৈছে। এই অংশই লেণ্ডাৰৰ অৱতৰণৰ সময়ত তাক সহায় কৰিছিল। চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিবীৰ বৰ্ণালী আৰু আন কিছুমান বিশেষত্ব অধ্যয়ন কৰিবলৈ এই মড্যুলে এক অন্তৰীক্ষ সঁজুলিও বহন কৰি নিছিল।  

২। লেণ্ডাৰ – চন্দ্ৰত নৱম বাৰৰ বাবে অৱতৰণৰ বাবে চন্দ্ৰযান-৩ ত এক লেণ্ডাৰ আছিল। ইও বাকছ আকৃতিৰে। ইয়াত চাৰিটা ঠেং আছে। এই ঠেংকেইটা চন্দ্ৰযান–২–ৰ তুলনাত বেছি শক্তিশালীকৈ তৈয়াৰ কৰা হৈছে। অন্তৰ্নিৰীক্ষণ আৰু আন তথ্য সংগ্ৰহৰ বাবে লেণ্ডাৰে এখন ৰ’ভাৰ যান আৰু অন্যান্য বৈজ্ঞানিক সঁজুলিও বহন কৰি নিছে। লেণ্ডাৰে চন্দ্ৰৰ মাটিত অৱতৰণ কৰিব আৰু তাৰ পাছত ৰ’ভাৰ যানখনে চন্দ্ৰৰ মাটিত ঘূৰা-ফিৰা কৰিব।  

চন্দ্ৰযান–৩ ৰ বাবে যিখন লেণ্ডাৰ নিৰ্মাণ কৰা হৈছে, সেইখন নমস্য মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰাভাইৰ নামেৰে ‘বিক্ৰম’ বুলি নামকৰণ কৰা হৈছে। আগৰ চন্দ্ৰযান–২–ত পাঁচটা ইঞ্জিন থাকিলেও চন্দ্ৰযান–৩–ত চাৰিটা ইঞ্জিনহে ৰখা হৈছিল। এই ইঞ্জিনকেইটাই লেণ্ডাৰক গতি আৰু দিশ প্ৰদান কৰিছিল। বিক্ৰম লেণ্ডাৰত বৈজ্ঞানিক পৰীক্ষা কৰিবলৈ চাৰিবিধ সঁজুলি আছে। সেইকেইটা সঁজুলিৰ প্ৰথমটোৱে চন্দ্ৰৰ পৃষ্ঠৰ তাপমাত্ৰা আৰু তাপ-পৰিৱাহিতা নিৰ্ণয় কৰিব, দ্বিতীয়টোৱে অৱতৰণ স্থানৰ ভূকম্পনৰ পৰিমাণ জুখিব, তৃতীয়টোৱে প্লাজমাৰ ঘনত্ব তথা বৈচিত্ৰ্য জুখিব আৰু চতুৰ্থটোৱে চন্দ্ৰ আৰু পৃথিবীৰ মাজৰ মহাকৰ্ষনিক আন্তঃক্ৰিয়া বুজাত সহায় কৰিব।  

আগৰবাৰ (চন্দ্ৰযান–২) যিহেতু বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত আহি পৰাৰ পাছতে বিধ্বস্ত হৈছিল, সেইবাবে এইবাৰৰ বিক্ৰম লেণ্ডাৰত কিছু সালসলনি ঘটোৱা হৈছে। তাৰ ভিতৰত আছে– আগতকৈ ডাঙৰ ইন্ধন টেংক, দুফালে দুখন সৌৰ পেনেলৰ ঠাইত চাৰিওফালে চাৰিখন সৌৰ পেনেল, অতিৰিক্ত নেভিগেছন ছফটৱেৰ,  আপডে’টেড ছফটৱেৰ, অতিৰিক্ত শক্তি ইত্যাদি। পৰিকল্পনা অনুসৰি বিক্ৰম লেণ্ডাৰে যেতিয়া চন্দ্ৰপৃষ্ঠাত অৱতৰণ কৰিব, তেতিয়া তাৰ অনুভূমিক বেগ হ’ব ছেকেণ্ডত পাঁচ মিটাৰৰ কম, উলম্ব বেগ ঘণ্টাত দুই মিটাৰৰো কম আৰু প্ৰৱণতা (slope) হ’ব ১২০ ডিগ্ৰীতকৈ কম।

৩। ৰ’ভাৰ– চন্দ্ৰযান–৩–ৰ ৰ’ভাৰ ভাৰতৰ এই মহাকাশ কৰ্মসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ। ‘প্ৰজ্ঞান’ নামৰ এই ৰ’ভাৰ যানৰ ছটা চকা আছে। লেণ্ডাৰে চন্দ্ৰত নমাৰ পাছত ৰ’ভাৰ যানখনে চন্দ্ৰপৃষ্ঠত ঘূৰি ফুৰি তথ্য সংগ্ৰহ কৰিব। ইয়াৰ ওজন ২৬ কিলোগ্ৰাম। ই মুঠ ৫০০ মিটাৰ দূৰত্ব পৰিভ্ৰমণ কৰিব পাৰিব। ৰ’ভাৰত কেমেৰা, স্পেক্ট’মিটাৰ, ড্ৰিল সঁজুলি আৰু আন দুটামান বৈজ্ঞানিক যন্ত্ৰ আছে। নিজৰ কাম সম্পাদন কৰিব পাৰিলে ৰ’ভাৰ যানখনে কেইটামান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিবলৈও সক্ষম হব বুলি আশা কৰা হৈছে।

ISRO–ৰ অধ্যক্ষ শ্ৰীধৰ পি সোমনাথে আগতেই কোৱামতে ছেঞ্চৰ ফেইলাৰ (Failure), ইঞ্জিন ফেইলাৰ, এলগৰিথ্ম ফেইলাৰ, কেলকুলেছন ফেইলাৰ আদি কোনো বিসংগতিয়ে যাতে এই মিছনৰ সফলতাত বাধা দিব নোৱাৰে, চন্দ্ৰযান–৩ ত তেনে ব্যৱস্থা লোৱা হৈছে। আৰু শেষ পৰ্যন্ত সেয়া সঁচা বুলিয়েই প্ৰমাণিত হ’ল।  

১৪ জুলাইত চন্দ্ৰযান–৩ ক উৎক্ষেপ– কৰাৰ পাছত ১৫ জুলাইত প্ৰথমটো কক্ষপথ বৃদ্ধি ‘পৰিচালন কৌশল’ৰ (Maneuver) জৰিয়তে চন্দ্ৰযান–৩ ৰ কক্ষপথ ৪১৭৬২ কিলোমিটাৰ × ১৭৩ কিলোমিটাৰলৈ বৰ্ধিত কৰা হয়। তাৰ পাছত ১৭ জুলাইত দ্বিতীয়টো পৰিচালন কৌশলৰ জৰিয়তে ইয়াক ৪১৬০৩ কিলোমিটাৰ × ২২৬ কিলোমিটাৰ কক্ষপথত স্থাপিত কৰা হয়। ১৮ জুলাইত তৃতীয়টো পৰিচালন কৌশলৰ জৰিয়তে চন্দ্ৰযান–৩ য়ে ৫১৪০০ কিলোমিটাৰ × ২২৮ কিলোমিটাৰ কক্ষপথত পৃথিবীক প্ৰদক্ষিণ কৰিবলৈ লয়। ২২ জুলাইত চতুৰ্থটো পৰিচালন কৌশলৰ জৰিয়তে ইয়াক ৭১৩৫১ কিলোমিটাৰ × ২৩৩ কিলোমিটাৰ কক্ষপথত স্থাপিত কৰা হয়। ২৫ জুলাইত আন এক পৰিচালন কৌশলৰ যোগেদি তাৰ কক্ষপথ অধিক বৃদ্ধি কৰা হয়।  ১ আগষ্টত চন্দ্ৰযান – ৩ য়ে ২৮৮ কিলোমিটাৰ × ৩৬৯৩২৮ কিলোমিটাৰ চন্দ্ৰাভিমুখী কক্ষপথত প্ৰৱেশ কৰে। ৫ আগষ্টত ইয়াক ১৬৪ কিলোমিটাৰ × ১৮০৭৪ কিলোমিটাৰ চন্দ্ৰীয় কক্ষপথত স্থাপিত কৰা হয়। ৬ আগষ্টত এই মান ১৭০ কিলোমি ত তৃতীয়টো চন্দ্ৰাভিমুখী পৰিচালন কৌশলৰ পাছত এই যান চন্দ্ৰতকৈ প্ৰায় ১,৫০০ কিলোমিটাৰৰো কম দূৰত্বলৈ আহে। চন্দ্ৰক প্ৰদক্ষিণৰ কক্ষপথ হয়গৈ ১৭৪ কিমি × ১৪৩৭ কিলোমিটাৰ।  ইয়াৰ পাছৰ অভিযান ১৪ আগষ্টত চলোৱা হয়। তাৰ ফলত চন্দ্ৰযান-৩ য়ে চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ কক্ষপথ কমি আহে। ১৭ আগষ্টত চন্দ্ৰযান–৩ ৰ বিক্ৰম লেণ্ডাৰ প্ৰপালছন মড্যুলৰ পৰা পৃথক হৈ যায় আৰু এই অভিযানৰ শেষ পৰ্যায়ৰ কাম আৰম্ভ হয়। অৱশেষত ২৩ আগষ্টত চন্দ্ৰযান – ৩–ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিলে।

 দক্ষিণ মেৰু অঞ্চলৰ পৃষ্ঠভাগ ওখোৰা-মোখোৰা, তাত গভীৰ গভীৰ অনেক গাঁত আৰু খাল আছে; আৰু লগতে আছে এগাল জ্বালামুখী। সেইবাবে আগতে এই অঞ্চলত অৱতৰণৰ প্ৰচেষ্টা চলোৱা হোৱা নাছিল। পাছে চন্দ্ৰযান–১ অভিযানৰ সময়ত এই অঞ্চলতে পানীৰ অস্তিত্ব পোৱা গৈছিল আৰু পাছত নাছায়ো সেই বছৰতে তেওঁলোকৰ নিজা প্ৰ’বৰ সহায়ত দক্ষিণ মেৰুৰ পৃষ্ঠৰ তলত বৰফীভূত পানীৰ সন্ধান পাইছিল। সেইবাবে এই অঞ্চলত অন্বেষণৰ গুৰুত্ব বাঢ়ি আহিছিল।  চন্দ্ৰযান–৩ ৰ প্ৰজ্ঞান নামৰ ছয়চকীয়া ৰ’ভাৰ যানখনে ১ চান্দ্ৰদিন (১৪ পৃথিৱীদিন) এই অঞ্চলতে চন্দ্ৰৰ পৃষ্ঠত ঘূৰি-ফুৰি বিভিন্ন তথ্য আৰু ফটো প্ৰেৰণ কৰাৰ কথা। চন্দ্ৰযান–৩ প্ৰায় দুসপ্তাহ কাৰ্যকৰী হৈ থাকিব আৰু চন্দ্ৰপৃষ্ঠৰ খনিজ গঠনৰ স্পেকট্ৰ’মিটাৰ বিশ্লেষণকে ধৰি কে’বাটাও পৰীক্ষা সম্পন্ন কৰিব।

চন্দ্ৰযান–৩–ৰ সমসাময়িকভাৱে ২১ আগষ্টত ৰাছিয়াৰ লুনা–২৫ নামেৰে এখন মহাকাশযানেও প্ৰায় একে স্থানতে ‘আলফুল অৱতৰণ’ কৰাৰ কথা আছিল। কিন্তু সেই অভিযান ব্যৰ্থ হয়। ৰাছিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা ‘ৰছকছমছে’ (Roscosmos) জনোৱা মতে ১৯ আগষ্টৰ ১১-৫৭ বজাত (গ্ৰীনউইছ মীন টাইম – জি এম টি) লুনা–২৫ য়ে চন্দ্ৰৰ এক অবতৰণ–পূৰ্ব কক্ষপথত প্ৰৱেশ কৰিবৰ সময়ত তাত এক সমস্যাই দিয়ে আৰু ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। তাৰ পাছত ই চন্দ্ৰপৃষ্ঠৰ ফালে বেগেৰে ঢাল লয় আৰু তাত আচাৰ খাই পৰি ধ্বংসপ্ৰাপ্ত হয়।

চন্দ্ৰত চন্দ্ৰযান–৩–ৰ ৰ’ভাৰ যানৰ অৱতৰণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নাথ মোদী BRICS অধিৱেশনৰ বাবে দক্ষিণ আফ্ৰিকাত আছিল। তেওঁ তাৰ পৰাই উৎফুল্লিত কণ্ঠেৰে কয়– “ভাৰতৰ মহাকাশ অভিযানৰ ক্ষেত্ৰত ই হ’ল এক নতুন অধ্যায়। এই সফলতাই প্ৰতিজন ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা বঢ়াই তুলিব।“

নাছাৰ (NASA) মুৰব্বী বিল নেলছনে কৈছে যে তেওঁ এই অভিযানৰ পৰা কিবোৰ কথা জানিব পৰা যায়, তাৰ প্ৰতি চকু ৰাখিছে। নাছাই আগতেও (২০০৯ চন) ভাৰতৰ লগত সহযোগিতা কৰি চন্দ্ৰযান–১–ত তেওঁলোকৰ সঁজুলি চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। সেই অভিযানতে চন্দ্ৰত পানীৰ অৱস্থিতি ধৰা পৰিছিল।

চন্দ্ৰ অভিযানে ভাৰতক অৰ্থনৈতিকভাৱেও সহায় কৰিব পাৰে। চন্দ্ৰৰ বিষয়ে যথেষ্ট কথা এতিয়াও জানিবলৈ বাকী আছে। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত থকা বৰফীকৃত পানীয়ে ভৱিষ্যত অভিযানবোৰৰ বাবে ইন্ধন, অক্সিজেন আৰু খোৱা পানী যোগান ধৰিব পৰাৰ সম্ভাৱনা আছে। চন্দ্ৰযান–৩–ৰ সফলতাই ভৱিষ্যতে সৃষ্টি হ’ব পৰা কৃত্ৰিম উপগ্ৰহ-নিৰ্ভৰ ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাব। আনহাতে চন্দ্ৰত থাকিব পৰা ৰাসায়নিক পদাৰ্থবোৰৰ চিনাক্তকৰণ আৰু অন্যান্য তথ্যবোৰৰ আৱিষ্কাৰে ভাৰতক আৰ্থিকভাৱে লাভান্বিত কৰিব পাৰে। ভাৰতৰ ত্ৰিৰংগা অংকিত প্ৰ’বডাল চন্দ্ৰযান–১–ৰ যোগেদি চন্দ্ৰত স্থাপন কৰাৰ প্ৰসংগত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামদেৱে কৈছিল যে ই ভৱিষ্যতে চন্দ্ৰৰ কিছু অংশৰ ওপৰত আমাৰ অধিকাৰো সাব্যস্ত কৰিব। পাছত কেতিয়াবা চন্দ্ৰত যদি এক মহাকাশ ষ্টেছন বা শিবিৰ স্থাপিত হয়, ভাৰতো হয়তো তাৰ অংশীদাৰ হ’ব পাৰিব। 

ইতিমধ্যে এই কথাও প্ৰকাশ পাইছে যে অসমৰ কেইগৰাকীমান বিজ্ঞানী ক্ৰমে নিধি শৰ্মা, চয়ন দত্ত, বিদ্যুৎ বিকাশ গগৈ, বাহাৰুল ইছলাম বৰভূঞা, উদ্দীপনা কলিতা, পংকজ নাথ, ৱাই বিশাল সিংহ, নাজনীন য়াছমিন আদিও এই চন্দ্ৰযান-৩ অভিযানৰ লগত ভালদৰে জড়িত হৈ আছিল। সেইটোও আমাৰ বাবে এক সুখবৰ আৰু গৌৰৱৰ বিষয়।

*****

 

চন্দ্ৰ-অভিযান সাধাৰণ মানুহে ভবাৰ দৰে সিমান সহজো নহয়। বিশ্বৰ উন্নত দেশসমূহো বহুবাৰ এনে অভিযানত বিফল হৈ আহিছে। বিফল চন্দ্ৰ অভিযানসমূহৰ এক তালিকা ইয়াত সন্নিবিষ্ট কৰা হৈছে।  

১।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘এপ’ল’ – ১৩’ (১৯৭০ চন)

২। জাপানৰ ‘হাকুটো – আৰ’ (২০২৩)

৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘পায়’নিয়াৰ–অ’ মিছন’ (১৯৫৮)

৪। ছোভিয়েট ৰাছিয়াৰ ‘লুনা ই–১ নং ১’ (১৯৫৮)

৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ছটা ‘ৰেঞ্জাৰ মিছন’ (১৯৬১-১৯৬৪)

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ছাৰ্ভেয়ৰ–২’ (১৯৬৬) আৰু ‘ছাৰ্ভেয়ৰ ৪’ (১৯৬৭)

৭। ছোভিয়েট ৰাছিয়াৰ ‘ঝণ্ড– ৬ মিছন’ (১৯৬৮)

৮। ছোভিয়েট ৰাছিয়াৰ ‘লুনা–১৫ মিছন’ (১৯৬৯)

৯। চীনদেশৰ ‘লংজিয়াং – ১’ (২০১৮)

১০। ইজৰাইলৰ ‘বেৰেশ্বীট প্ৰ’ব’ (২০১৯)

১১। ভাৰতৰ বিক্ৰম লেণ্ডাৰ (২০১৯)

১২। জাপানৰ ‘জাক্সাছ অম’টেনাছি’ (২০২২)

১৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘লুনাৰ ফ্লাছলাইট’ (২০২২)

১৪। ৰাছিয়াৰ ‘লুনা–২৫ (২০২৩)

 

 

মহাকাশীয় আৱৰ্জনাৰ পৰা মহাকাশযানত হ’ব পৰা সাংঘাটিক বিপদ

পৃথিৱী তথা সৌৰজগত সৃষ্টি হোৱাৰ পাছৰে পৰা মহাকাশত বিভিন্ন সৰু সৰু টুকুৰা, ধূলি-বালি আদি ওপঙি ফুৰিছে। ক্ষুদ্ৰ অংশ হ’লেও সেইবোৰ মহাকাশৰ স্বাভাৱিক বাসিন্দা। পাছে মহাকাশীয় আৱৰ্জনা বোলোঁতে মূলতঃ এনেবোৰ বস্তুকহে বুজোৱা হয়, যিবোৰ মানুহে সৃষ্টি কৰিছিল বা কৰি আছে আৰু যিবোৰে কোনো দৰকাৰী কাম নকৰাকৈ মহাকাশত বিভিন্ন কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছে। এনে আৱৰ্জনাৰ ভিতৰত আছে – ৰকেটৰ বিভিন্ন পৰিত্যক্ত পৰ্যায়বোৰ, মূল ৰকেট বা মহাকাশযানৰ পৰা এৰা খাই যোৱা অংশবোৰ, মহাকাশত হোৱা সংঘৰ্ষ বা বিস্ফোৰণৰ ফলত তাত থাকি যোৱা টুকুৰাবোৰ আদি। বিভিন্ন কক্ষপথত এই আৱৰ্জনাবোৰ মহাকাশত ঘূৰি ফুৰে। যেতিয়াই এই কক্ষপথে আন মহাকাশযান বা কৃত্ৰিম উপগ্ৰহবোৰৰ কক্ষপথৰ লগত একেটা বিন্দুত মিলি যায়, তেতিয়াই সৃষ্টি হয় মহাকাশীয় সংঘৰ্ষৰ।

এনে আৱৰ্জনাৰ টুকুৰাৰ এক কোটিৰো বেছি সংখ্যক হ’ল– এৰাই যোৱা পেইণ্ট, ৰকেটৰ ইন্ধনৰ দহন নোহোৱাকৈ থাকি যোৱা কণা আদিৰ দৰে নিচেই ক্ষুদ্ৰ টুকুৰা। এনে ক্ষুদ্ৰ টুকুৰাবোৰক একেলগে ‘মাইক্ৰ’মেটিঅ’ৰাইটছ’ বুলি কোৱা হয়। এনে টুকুৰাবোৰৰ পৰা হোৱা ক্ষতি ৰোধ কৰিবলৈ এতিয়া মহাকাশযানবোৰত মূল আৱৰণীৰ ওপৰত ধাতুৰ বিশেষ পাতৰ আন এক আভৰণ দিয়া হয়। সংঘাত হ’লে এই ধাতুৰ পাতে যথেষ্ট তাপৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আৱৰ্জনাৰ ক্ষুদ্ৰ টুকুৰাবোৰে তীব্ৰ বেগত সেই ধাতুৰ পাতত খুন্দা মাৰে, তেতিয়া সেই সংঘাতৰ ফলত তাত সৃষ্টি হোৱা প্ৰচণ্ড তাপে সেই আৱৰ্জনাবোৰ গলাই  বাষ্পীভূত কৰি পেলায়। অৱশ্যে বাষ্পীভূত কৰা বুলি ক’লেও একেবাৰে সঁচা কোৱা নহ’ব, কাৰণ সেইবোৰ তাৰো ওপৰত প্লাজমা অৱস্থা (পদাৰ্থৰ চতুৰ্থ অৱস্থা) প্ৰাপ্ত হয় আৰু লগে লগে মহাকাশত বিলীন হৈ যায়। গতিকে সেইবোৰে মূল যানখনৰ বিশেষ ক্ষতি সাধন কৰিব নোৱাৰে। পাছে মহাকাশযানবোৰৰ সৌৰ পেনেল আৰু টেলিস্কোপ, ষ্টাৰ ট্ৰেকাৰ আদি আলোকীয় অংশ তথা সঁজুলিবোৰত ধাতুৰ এনে আভৰণ দিব পৰা নাযায়। গতিকে তেনে উন্মুক্ত অংশত ‘মাইক্ৰ’মেটিঅ’ৰাইটছ’ তথা আন জাবৰবোৰে অনিষ্ট সাধন কৰিব পাৰে।

আন ডাঙৰ আৱৰ্জনাৰ পৰা মহাকাশযানসমূহক বচাবলৈ বৰ্তমান আমাৰ হাতত এটাই উপায় আছে! সেয়া হ’ল– কোন দিশৰ পৰা কি আৱৰ্জনাই খুন্দা মাৰিব পাৰে বা কেনে ধৰণৰ আৱৰ্জনা সেই দিশলৈ আহি আছে, তাক আগতীয়াকৈ জানি সেই মহাকাশযানৰ অৱস্থান সেইমতে সামান্য সলনি কৰি লোৱা। বৰ্তমানৰ আহিলাবোৰে পৃথিবীৰ নিম্ন কক্ষপথত থকা আৱৰ্জনাৰ টুকুৰাবোৰৰ ক্ষেত্ৰত পাঁচ চেণ্টিমিটাৰ ব্যাসলৈকে আৰু ‘জিঅ’ ছিনক্ৰনাছ’ কক্ষপথত থকা টুকুৰাৰ ক্ষেত্ৰত ৫০ চেণ্টািমিটাৰৰ ব্যাসলৈকেহে চিনাক্ত কৰিব পাৰে আৰু তেনে ধৰণৰ টুকুৰাৰ কক্ষপথৰ বিষয়েহে আমাক সঠিকভাবে জনাব পাৰে। মানে হিচাপটো এনেকুৱা হ’ল যে বিপদ ঘটোৱাৰ সামৰ্থ্য থকা প্ৰায় ৬,০০,০০০ লাখ জাবৰ-কণাৰ প্ৰায় ১৯,০০০–কহে আমি এতিয়া নিৰীক্ষণ কৰিব পাৰোঁ, বাকীবোৰৰ বিষয়ে আমাৰ ওচৰত কোনো তথ্যই নাই। গতিকে যি বুজা গৈছে, কেৱল মহানগৰৰ ঘাইপথবোৰেই নহয়, মহাকাশো এতিয়া ৰীতিমত বিপদজনক ঠাই। কেতিয়া কোনে খুন্দিয়াই পেলাই থৈ যায়, তাৰ ঠিক নাই!

এটা হিচাপ মতে এক কিলোগ্ৰাম ওজনৰ এটা টুকুৰাই যদি ১০ মিটাৰ প্ৰতি ছেকেণ্ড বেগত ১০০০ কিলোগ্ৰাম ওজনৰ এখন মহাকাশযানক খুন্দা মাৰে, তেন্তে সেই মহাকাশযানখন ধ্বংস হৈ যাব পাৰে। তাৰ পৰা প্ৰায় এক কিলোগ্ৰাম ওজনৰ শতাধিক টুকুৰাৰ সৃষ্টি হ’ব পাৰে। এই টুকুৰাবোৰ মহাকাশীয় আৱৰ্জনাৰ তালিকাত নতুনকৈ সংযোজিত হয়, আৰু তেনেদৰে ৰক্তবীজৰ বংশৰ দৰে মহাকাশীয় আৱৰ্জনাবোৰৰ সংখ্যা ক্ৰমে বাঢ়ি গৈ থাকে। এসময়ত সকলো ডাঙৰ পৰিত্যক্ত আৰু অপৰিত্যক্ত মহাকাশযান, ৰকেট আদি এনে মহাকাশীয় আৱৰ্জনাত পৰিণত হ’ব। এই আশঙ্কাক কোৱা হয় ‘কেছলাৰ ছিনড্ৰম’। কিছুমান বিশেষ ‘কক্ষপথীয় বেণ্ড’ত ইতিমধ্যে সেই অৱস্থা পাইছে বুলিয়েই ধাৰণা কৰা হৈছে। মহাকাশত এনেদৰে আৱৰ্জনা বাঢ়ি গৈ থাকিলে সমস্যা যে ক্ৰমে ভয়াৱহ হৈ উঠিবগৈ সেয়া খাটাং। হয়তো নতুনকৈ মহাকাশযান উৎক্ষেপণ কৰাৰ সময়ত আমি অৰ্থ, উপৰ্যুক্ত প্ৰযুক্তি, প্ৰয়োজনীয়তা আদিৰ উপৰি আন বহুত কথা চিন্তা কৰিবলগীয়াও হ’ব পাৰে।

  

চন্দ্ৰযান-৩ অভিযানত জড়িত অসমীয়া বিজ্ঞানী

চন্দ্ৰযান-৩ ৰ সফল অভিযানত আমাৰ অসমৰো কেবাজনো যুৱ বিজ্ঞানী জড়িত হৈ আছে। তাৰ ভিতৰত নাম ল’ব লাগিব সুদীৰ্ঘ এটা দশক ইছৰোত বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা। তেওঁ ইয়াৰ আগৰ ২০১৯ চনৰ চন্দ্ৰযান-২ ৰ কামতো জড়িত আছিল। তিনিচুকীয়াৰ ৰাজাআলি নিবাসী দীপক দেব আৰু শিখা দেবৰ বোৱাৰী আৰু দিবাকৰ দেবৰ পত্নী নিধিয়ে সন্তানসম্ভৱা হৈ থকা সময়তো ছুটী নলৈ চন্দ্ৰযান-৩ ৰ কামত ওতঃপ্ৰোতভাবে লাগি আছিল। আন এজন অসমীয়া বিজ্ঞানী চয়ন দত্ত চন্দ্ৰযান-৩ ৰ মিছন কণ্ট্ৰ’ল অপাৰেছনৰ লগত জড়িত আছিল। লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনীনিৱাসী ৰঞ্জিত কুমাৰ দত্ত আৰু শিলাৰাণী দত্তৰ পুত্ৰ চয়ন দত্তই চন্দ্ৰযান-৩ ৰ লাঞ্চ কণ্ট্ৰ’ল অন ব’ৰ্ড কমাণ্ড, টেলিমেট্ৰি, ডাটা হেণ্ডলিং ছিষ্টেম আদিৰ দায়িত্বত আছিল। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজৰ প্ৰাক্তন ছাত্ৰ ডঃ বিদ্যুৎ বিকাশ গগৈয়ে যুৱ বিজ্ঞানী হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোত (ISRO) যোগদান কৰি চন্দ্ৰযান-৩ ৰ থাৰ্মেল কণ্ট্ৰ'ল টীমৰ সৈতে জড়িত হৈ পৰে। জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিৱাসী আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক সুৰেন কলিতাৰ জীয়ৰী উদ্দীপনা কলিতা হ’ল চন্দ্ৰযান-৩ ৰ এগৰাকী অন্যতম বিজ্ঞানী। তেওঁ ২০১৪ চনতে ইছৰোত যোগদান কৰি মূলতঃ গৱেষণাৰ কামত ব্যস্ত আছিল। হাইলাকান্দিৰ প্ৰয়াত প্ৰধান শিক্ষক মইনুল বৰভূঞাৰ পুত্ৰ ডঃ বাহাৰুল ইছলাম বৰভূঞা চন্দ্ৰযান-৩ ৰ ছেন্সৰ ব্যৱস্থাপনাৰ সৈতে সম্পৰ্কিত আছিল। তেওঁ হাইলাকান্দিৰ এছ এছ কলেজ আৰু আ্লিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি আৰু এম এছ চি ডিগ্ৰী অৰ্জন কৰে আৰু তাৰ পাছত ইছৰোৰ পৰাই পি এইছ ডি ডিগ্ৰী লাভ কৰে। ২০০৯ চনত বাহাৰুলে ইছৰোত বিজ্ঞানী হিচাপে যোগদান কৰে। আনহাতে নগাঁৱৰ জুৰীয়াৰ আবুল কালাম আজাদ আৰু মঞ্জুলা বেগমৰ কন্যা নাজনীন য়াছমিনো চন্দ্ৰযান-৩ ৰ লগত জড়িত আছিল। তেওঁ ২০২০ চনত ইছৰোত যোগদান কৰিছিল। শিলচৰৰ ৰামনগৰ টুকৰগ্ৰামৰ ৱাই বিশাল সিংহই ২০১৯ চনত ইছৰোত যোগদান কৰিছিল। তাৰ এবছৰ পাছতে তেওঁ থাৰ্মেল কণ্ট্ৰ’ল টীমৰ বিজ্ঞানী হিচাপে চন্দ্ৰযান-৩ৰ কামত জড়িত হৈ পৰে। তেওঁলোকৰ উপৰি জয়ন্ত পাল, কৃষাণু নন্দী, পংকজ নাথ, সৌম্যজিত চট্টোপাধ্যায় আদিও এই মিছনৰ কামৰ লগত সম্পৰ্কিত আছিল।

 

*****

অ
লেখকৰ পৰিচয়

অভিজিত শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)