বিনয় মোহন শইকীয়া
বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্ৰকাশিত বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰকাশ কৰি থাকে। তালিকাবোৰ সাধাৰণতে পৃথক যদিও কিছু সংখ্যক গ্ৰন্থই এই তালিকাবোৰত সঘনাই ভুমুকি মৰা দেখা যায়। এটা সমীক্ষাৰপৰা জানিবলৈ পোৱা গৈছে যে টাইম আলোচনী, বি বি চি, ৰিডাৰ্ছ ডাইজেষ্ট, হাৰ্ভাৰ্ড, দ্যা গাৰ্ডিয়ান আদি বিশ্বৰ আঠটা নামী প্ৰতিষ্ঠানে প্ৰায় একে সময়তে প্ৰকাশ কৰা এনে আঠখন তালিকাত প্ৰত্যেকৰে এশকৈ, আঠশ গ্ৰন্থৰ নাম সন্নিৱিষ্ট হৈছে। হিচাপ কৰি পোৱা গৈছে যে এই তালিকাবোৰ মিলালে মুঠতে আঠশ গ্ৰন্থৰ নাম আছে যদিও প্ৰকৃততে ইয়াত ৫২০ খন পৃথক গ্ৰন্থহে অন্তৰ্ভুক্ত হৈছে। অৰ্থাৎ, ২৮০খন গ্ৰন্থই একাধিক তালিকাত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে এই আঠখন তালিকাৰ প্ৰত্যেকতে অন্তৰ্ভুক্ত হোৱা গ্ৰন্থৰ সংখ্যা নিচেই কম; মাথোঁ ২খন গ্ৰন্থইহে এই বিৰল কৃতিত্ত্বৰ অধিকাৰী হ’বলৈ সমৰ্থ হোৱা কথাটোৰপৰাই তালিকাবোৰৰ বৈচিত্ৰ্যৰ অনুমান কৰিব পাৰি। (জানি থোৱা ভাল যে এই গ্ৰন্থ দুখন হৈছে ক্ৰমে এফ স্কট ফিটজাৰেল্ডৰ দ্যা গ্ৰেট গেট্ছবি আৰু জোছেফ হেলাৰৰ কেট্ছ টুৱেণ্টি টু।)
সি যি হওক, এই যুক্তি নিশ্চয় উত্থাপিত হ’ব যে ওপৰত উল্লেখ কৰা এই ৫২০ খন গ্ৰন্থৰ বাহিৰেও বিশ্বত অনেক অতি উচ্চ মানবিশিষ্ট গ্ৰন্থ আছে যিবোৰ ইয়াত অন্তৰ্ভুক্ত হোৱা নাই। তালিকাত কেৱল ইংৰাজী ভাষাৰ কিতাপহে সন্নিৱিষ্ট হোৱাত এই যুক্তি অধিক শক্তিশালী হৈছে। অৱশ্যে এটা কথা ঠিক যে সমগ্ৰ বিশ্বতে ইংৰাজীৰ বহুল প্ৰয়োগলৈ চাই পশ্চিমৰ উন্নত ভাষাবোৰৰ প্ৰায়বোৰ বিখ্যাত গ্ৰন্থই ইংৰাজীলৈ অনূদিত হৈছে বুলি ধৰি ল’ব পাৰি। তথাপি তাতো কিবা সুৰুঙা থাকি যোৱাৰ সম্ভাৱনা নথকা নহয়। কিন্তু এটা কথা অনুমান কৰিব পাৰি যে ইংৰাজী আৰু পশ্চিমৰ আন উন্নত ভাষাবোৰক বাদ দি বিশ্বৰ বাকী অংশৰ দেশসমূহত প্ৰচলিত বিভিন্ন ভাষাৰ উচ্চ মানৰ গ্ৰন্থ এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰপৰা বঞ্চিত হৈছে। এই গ্ৰন্থবোৰৰ মানবিশিষ্ট ইংৰাজী অনুবাদৰ অভাৱেই এনে হোৱাৰ মূল কাৰণ বুলিও সহজেই অনুমান কৰিব পাৰি। ওপৰত উল্লেখ কৰা তালিকাত ভাৰতীয় লেখকৰ গ্ৰন্থৰ অন্তৰ্ভুক্তিৰ পৰিসংখ্যাটো চালেই এই কথাৰ যুক্তিযুক্ততা প্ৰতিপন্ন হ’ব বুলি ক’ব পৰা যায়। এই কথা আচৰিত যেন লাগিলেও সঁচা যে বিশ্বৰ ৫২০ খন শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ভাৰতীয় সাহিত্যকৰ গ্ৰন্থৰ হৈছে মাথোঁ চাৰিখন। সেই গ্ৰন্থকেইখন হৈছে ক্ৰমে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্যা হ’ম এণ্ড দ্যা ৱৰ্ল্ড (ঘৰে বাইৰে), আৰ কে নাৰায়ণৰ ৱেইটিং ফৰ দ্যা মহাত্মা, বিক্ৰম শেঠৰ এ ছুইটেবল বয় আৰু অৰুন্ধতী ৰয়ৰ দ্যা গড অব দ্যা স্মল থিংছ। ভাৰতীয় মূলৰ দুগৰাকী বিশ্ববৰেণ্য সাহিত্যিক ভি এছ নাইপল আৰু ছালমন ৰাশ্বডি দুয়োজনৰে দুখনকৈ গ্ৰন্থ এই তালিকাবোৰত অন্তৰ্ভুক্ত হোৱাৰ বিষয়েও উল্লেখ কৰি থোৱাটো উচিত হ’ব।
এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা প্ৰয়োজন হ’ব যে তালিকাত অন্তৰ্ভুক্ত গ্ৰন্থৰ ভিন্নতা অথবা শ্ৰেষ্ঠতাক লৈ বিতৰ্কৰ সৃষ্টি হ’লেও এই তালিকাবোৰৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। কাৰণ, এজন সাধাৰণ কিন্তু উৎসুক পাঠকৰ বাবে এয়া এক প্ৰয়োজনীয় দিক-নিৰ্দেশনা হ’ব পাৰে। লগতে ইয়াকো ক’ব পৰা যায় যে ইয়াত অন্তৰ্ভুক্ত সকলো গ্ৰন্থই নিজ নিজ সাহিত্যিক গুণত অনন্য, আৰু পাঠক হিচাপে কিছু সংখ্যক গ্ৰন্থৰ অভ্যন্তৰলৈ সোমাব নোৱৰাটো সেই গ্ৰন্থবোৰৰ দোষ হ’ব নোৱাৰে; পাঠকৰ পঠন-সামৰ্থ্যৰ সীমাৱদ্ধতা আৰু নিজা ৰুচি-অভিৰুচিৰ বাবেই তেনে হয় বুলি মানি ল’লেও নিশ্চয় কাৰো একো ক্ষতি নহয়। এই তালিকাবোৰৰ লগতে সময়ে সময়ে বিভিন্ন কাকত-আলোচনীয়ে প্ৰকাশ কৰা ‘বে’ষ্ট ছে’লাৰ লিষ্ট’ তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত সাহিত্যিক তথা গ্ৰন্থৰ ক্ষেত্ৰতো একে কথাই খাটিব। ন’বেলকে আদি কৰি সাহিত্যৰ প্ৰায় সকলো বঁটাৰ ক্ষেত্ৰতে বিভিন্ন সময়ত অনেক বিতৰ্কৰ সৃষ্টি হ’লেও বঁটা লাভ কৰা সাহিত্যিকৰ গ্ৰন্থই নিজৰ অসামান্য তথা অনন্য গুণৰ জৰিয়তে পাঠকৰ হৃদয় চুই যাবলৈ সমৰ্থ নোহোৱাৰ উদাহৰণ নিশ্চয় কম হ’ব।
এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ইংৰাজীৰ বাহিৰৰ প্ৰতিভাৱান সাহিত্যিকৰ উচ্চমানৰ গ্ৰন্থৰ গুণগত ইংৰাজী অনুবাদ সম্ভৱ হৈ উঠিলে সেই গ্ৰন্থক বিশ্বৰ ৰসগ্ৰাহী পাঠকৰ ওচৰলৈ লৈ যোৱাৰ পথ সুগম হৈ উঠে আৰু ইয়াৰ ফলতে কেতিয়াবা বিশ্বৰ সন্মানীয় বঁটাৰ বাবে গ্ৰন্থখন নিৰ্বাচিত হোৱাৰ সম্ভাৱনাও নথকা নহয়। অৱশ্যে সকলো উপযুক্ত গ্ৰন্থৰ ক্ষেত্ৰতে এইখিনি প্ৰয়োজনীয় চৰ্ত সম্ভৱ হৈ উঠিব বুলি আশা কৰিব নোৱাৰি। তথপিও সাম্প্ৰতিক সময়ৰ এখন গ্ৰন্থই এয়া যে অসম্ভৱ নহয়, সেয়া প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হৈছে। গ্ৰন্থখন হৈছে গীতাঞ্জলি শ্ৰীৰ মূল হিন্দী উপন্যাস ৰেট সমাধি (দ্যা ট’ম্ব অব ছেণ্ড)। উল্লেখযোগ্য যে গ্ৰন্থখন ২০২২ বৰ্ষৰ ইণ্টাৰনেশ্বনেল বুকাৰ প্ৰাইজৰ চূড়ান্ত বিজয়ী হিচাবে মনোনীত হৈছে। যিকোনো ভাৰতীয় ভাষাত লিখা গ্ৰন্থই এই বঁটা লাভ কৰাৰ নিদৰ্শন এয়াই হৈছে প্ৰথম। মন কৰিবলগীয়া কথাটো হৈছে যে ইণ্টাৰনেশ্বনেল বুকাৰ প্ৰাইজৰ বাবে নিৰ্বাচিত হ’বলৈ গ্ৰন্থখন ইংৰাজী ভাষাত প্ৰকাশিত হোৱাটো অন্যতম প্ৰয়োজনীয় চৰ্ত। গতিকে ডেইজি ৰকৱেলৰ অনুবাদ অবিহনে গীতাঞ্জলি শ্ৰীৰ মূল হিন্দী উপন্যাসখনে এই বঁটা লাভ কৰাটো কেতিয়াও সম্ভৱ হৈ নুঠিলহেঁতেন।
অৱশ্যে এই কথাও ঠিক যে যি কোনো অনুবাদ হ’লেই এয়া সম্ভৱ নহ’ব, সেই অনুবাদ হ’ব লাগিব গুণে-মানে শ্ৰেষ্ঠ। এটা সাক্ষাৎকাৰত শ্ৰীয়ে কৈছে, “অনুবাদত হোৱা লাভ আৰু লোকচানৰ বিষয়ে মানুহে অবিৰাম কৈয়ে থাকে। ভাল অনুবাদে মানসম্পন্ন লেখা একোটাক, ভিন্ন ধৰণে হ’লেও, নিশ্চিতভাৱে অধিক সুন্দৰ কৰি তুলিব পাৰে। অনুবাদকৰ সৈতে মোৰ সম্বন্ধই হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা।” উপন্যাসখনৰ শেষত অনুবাদক ডেইজি ৰকৱেলৰ এটা লেখা দিয়া হৈছে। তাত কোৱা হৈছে যে অনুবাদকৰ বাবে ট’ম্ব অব ছেণ্ড হৈছে হিন্দী ভাষালৈ তেওঁৰ এখন প্ৰেমপত্ৰ। তেওঁ আৰু কৈছে, “গীতাঞ্জলি শ্ৰীয়ে ইংৰাজীত কোনো খোকোজা নলগাকৈ লিখিব পাৰে, কিন্তু তেওঁ হিন্দী ভাষাত লিখিবলৈ পছন্দ কৰে, যিটো তেওঁৰ মাতৃভাষা। তেওঁ শব্দবোৰৰ ধ্বনি আৰু কেনেদৰে ইটোৰ সৈতে সিটো প্ৰতিধ্বনিত হয় সেয়া উপভোগ কৰে ... ।মই গোটেই অনুবাদতে হিন্দীৰ ইংৰাজী ধ্বনি এটা লেখাখিনিত পুনৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছোঁ।” এই প্ৰয়াসত তেওঁ যে সফল হৈছে তাত কোনো সন্দেহ নাই। ইয়াৰ ফলতে সকলোখিনি সূক্ষ্মাতিসূক্ষ্ম বৰ্ণনা সযতনে সংৰক্ষিত কৰি মূলৰ অকণো হীন-ডেঢ়ি নঘটোৱাকৈ হিন্দী ভাষাৰ সৈতে পৰিচয় নথকা, বিশেষকৈ পশ্চিমীয়া পাঠকক এখন সুন্দৰ উপন্যাস তেওঁ উপহাৰ দিব পাৰিছে। এগৰাকী আলোচকে আনকি ইয়াক ‘অনুবাদ’ বুলি ক’বলৈকে অস্বীকাৰ কৰিছে। সেইজন আলোচকৰ মতে এইখন ‘মূল’ উপন্যাসেই।
আৰু এটা উল্লেখযোগ্য কথা এইখিনিতে কৈ থোৱা উচিত হ’ব। ৰেট সমাধিত থকা সকলো উৰ্দু, হিন্দী, পাঞ্জাৱী ভাষাৰ কবিতাৰ উদ্ধৃতি ট’ম্ব অব ছেণ্ডতো একেদৰেই ৰাখি তাৰ লগতে ইংৰাজী অনুবাদ দিয়া হৈছে। ৰকৱেলে কৈছে যে মূল উপন্যাসখনত যেনেদৰে হিন্দীৰ মাজত অনেক ইংৰাজী শব্দ আছে, ঠিক একেদৰে অনুবাদতো ইংৰাজীৰ মাজত অনেক হিন্দী শব্দই ভুমুকি মাৰিছে। তাত আচৰিত হ’বলগীয়া একো নাই। তেওঁৰ মতে মূল উপন্যাসখন যেনেদৰে কৃত্ৰিমভাৱে হিন্দীকেন্দ্ৰিক, ঠিক সেইদৰে অনুবাদখনো কৃত্ৰিমভাৱে ইংৰাজীকেন্দ্ৰিক। (the original novel is artificially Hindi-centric, just as the translation is artificially English-centric.)
প্ৰসংগতঃ উল্লেখযোগ্য যে অলপতে অসমীয়া সাহিত্যৰ এটা সুপৰিচিত তথা সন্মানীয় নাম অৰূপা পটংগীয়া কলিতাৰ তানিয়া নামৰ মূলতঃ কম বয়সীয়া পাঠকৰ বাবে লিখা উপন্যাসখনৰ ইংৰাজী অনুবাদ পঢ়াৰ সৌভাগ্য হৈছে। অসমীয়া নামটোৰ সৈতে একে নামৰ ইংৰাজী উপন্যাসখন প্ৰকাশ পাইছে পেংগুইনৰ ‘পাফিন ক্লাছিক’ ছিৰিজত, ২০২২ চনত। মূল অসমীয়াত লিখা উপন্যাসখন আগতে পঢ়া হোৱা নাই। কিন্তু ইংৰাজীত কিতাপখন পঢ়ি যাওঁতে এবাৰো মনলৈ অহা নাই যে এইখন এখন অনূদিত উপন্যাস। মনতে ভাব হৈছে, এনেকুৱা সাৱলীল সুন্দৰ অনুবাদ যদি সেউজী পাতৰ কাহিনী, অঘৰী আত্মাৰ কাহিনী, এহাত দাবা আদি লেখাৰ বাবেও উপযুক্ত সময়ত সম্ভৱ হ’লহেতেন, তেনেহ’লে অসমীয়া সাহিত্যই নিশ্চয় সঁচা অৰ্থত সমগ্ৰ বিশ্বৰে ৰসগ্ৰাহী পাঠকৰ প্ৰশংসা তথা সন্মান লাভ কৰিবলৈ সমৰ্থ হ’লহেঁতেন। অঁ, হয়, তানিয়াখন অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰিছে মীনাক্ষী বৰকটকীয়ে। এই অনুবাদকৰ অন্য এখন অনুবাদ গ্ৰন্থও অলপতে প্ৰকাশ পাইছে। গ্ৰন্থখন হৈছে ২০১৪ চনৰ মুনীন বৰকটকী সাহিত্য বঁটাৰে সন্মানিত তুলিকা শইকীয়াৰ চাৰিশাল গোসানীৰ তেজ। ভৱানী বুকছে প্ৰকাশ কৰা অনূদিত গ্ৰন্থখনৰ নাম হৈছে, Wrath of Goddess (জানুৱাৰি, ২০২৩)। বিষয়বস্তুৰ গভীৰতা সত্তেও অনুবাদকৰ দুয়োটা ভাষাতে থকা বিৰল দখল আৰু মৌলিক সাহিত্যিক প্ৰতিভাই গ্ৰন্থখন সুখপাঠ্য কৰি তুলিছে। অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰা এনে এগৰাকী অনুবাদক থকাটো অসমীয়া সাহিত্য জগতৰ বাবে নিশ্চয়কৈ অতি আশাপ্ৰদ আৰু আনন্দদায়ক বিষয় ৰূপে বিৱেচিত হ’ব।
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)