৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নাম

লেখকঃ প্ৰেমনাৰায়ণ নাথ • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
১ মিনিট পঠন • ২৪৯৯ বাৰ পঢ়া হৈছে

দেখিছিলো জাপানী কবিতাৰ চেৰীফুল

টুৱেনছাঙৰ পাহাৰত

শেৱালিৰ দৰে তল ভৰি নসৰে

মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি  তোলে

মৰমসনা পাহিবোৰত মিহি মিহি আখৰৰ

কোমল হাইকুবোৰ

যেনি তেনি ওলমি আছিল

কোনো ফুলেই কাহানিও কথা কোৱা শুনা নাই

কোনো ফুলেই কাহানিও মনৰ কথা কোৱা নাই

কোনো ফুলেই কাহানিও তোমাৰ কথাও লিখা নাই

এতিয়া দেখোন সকলোতে লিখা আছে তোমাৰ নাম

আকাশত বতাহত  উশাহত নিশাহত

ৰ'দত জোনাকত  সপোনত দিঠকত

যেনি তেনি চেৰীফুল হাইকু

চেৰীফুল হাইকু

বতাহত সিঁচি দিয়া মাত এটাৰ দৰে

পথাৰত সিঁচি দিয়া শইচৰ দৰে

তোমাৰ নাম

---

প
লেখকৰ পৰিচয়

প্ৰেমনাৰায়ণ নাথ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)