৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

লেখকঃ দেৱাশিস বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
২ মিনিট পঠন • ২৫৮৩ বাৰ পঢ়া হৈছে

 

কাঞ্চন ফুলিছে

শিমলু-তুলা উৰিছে

ডাঙৰকৈ নক’বা

বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ

এই উৰি যাওঁ, উৰি যাওঁ

 

মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে

পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক

গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই

মোৰ কোঠাত সোমাইছে

ইথাৰত উৰি অহা তোমাৰ মাত আৰু বৈ অহা জোনাকৰ সহবাস,

মোৰ কোঠাত

 

মনে-মনে, মনে-মনে...

ডাঙৰকৈ নক’বা, মোৰ কোঠাৰ বেৰবোৰ কাণেৰে গঁথা

 

সম্বোধনহীনকৈ তোমাৰ চিঠিখন আহিছিল

একেটা সপোন দেখি দেখি ভাগৰাৰ কথা লিখিছিলা

কান্দা, হাঁহা, আকৌ বেছিকৈ কান্দা

খপ্‌জপাই কলম উলিয়াই চিধাচিধি তোমাক বৰষুণত তিতাৰ প্ৰস্তাৱ দিলোঁ

তুমিচোন কৈছিলা তোমাৰ প্ৰিয় ভাষা অস্পষ্টতা আৰু ধূসৰতা

চিঠিখন পঠাইহে মনত পৰিল

 

কাঞ্চন ফুলিছে

বৰষুণ সৰিছে

বতাহ বলিছে কেৰেচিয়াকৈ

বকুলজোপাৰ সিপাৰে সেইহাল কোন তিতিছে

 

তোমাৰ গাৰপৰা খবলা-খবলে বোকা খহিছে... মই ক’লোঁ

ডাঙৰকৈ নক’বা

যি কয় আহিব লগা প্ৰতিটো ফাগুনে ক’ব

তুমি স্পষ্টকৈ ফুচ্‌ফুচাই  ক’লা...

 

ঠিকনা :

গৱেষক

তেজপুৰ বিশ্ববিদ্যালয়

দ
লেখকৰ পৰিচয়

দেৱাশিস বুঢ়াগোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)