৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰীৰূপত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

লেখকঃ জ্যোতিস্মিতা বৰা • প্ৰকাশিতঃ ২৭ জুলাই, ২০২৬
২০ মিনিট পঠন • ৪১৮৫ বাৰ পঢ়া হৈছে

 জ্যোতিস্মিতা বৰা


শিল্পী হৈছে এখন সমাজৰ বিবেক, এটা জাতিৰ অন্তৰাত্মা আৰু যুগৰ কণ্ঠস্বৰ৷ এই সত্যক নিজৰ সমগ্ৰ জীৱন আৰু কৰ্মৰ জৰিয়তে বাস্তৱ ৰূপ দিছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই৷ তেওঁ কেৱল অসমীয়া সংগীতৰ এগৰাকী কালজয়ী শিল্পী নাছিল; তেওঁ আছিল এটা জাতিৰ আত্মপৰিচয়, মানৱতাৰ দূত, সমাজ-সংস্কাৰক আৰু সাংস্কৃতিক বিপ্লৱৰ অন্যতম অগ্ৰদূত৷ তেওঁৰ কণ্ঠত অসমে নিজৰ ইতিহাস শুনিছিল, তেওঁৰ সুৰত ব্ৰহ্মপুত্ৰই কথা কৈছিল, আৰু তেওঁৰ গীতত নিপীড়িত, বঞ্চিত আৰু সাধাৰণ মানুহে নিজৰ জীৱনৰ প্ৰতিধ্বনি বিচাৰি পাইছিল৷ সেইবাবেই ড° ভূপেন হাজৰিকাক “অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰী” বুলি অভিহিত কৰাটো কেৱল প্ৰশংসা নহয়, ই এক ঐতিহাসিক সত্য৷ ভূপেন হাজৰিকা - পৃথিৱীৰ এটা পৰিচিত নাম৷ বৰাক, লুইতৰ পাৰৰ পৰা মিছিছিপিলৈকে বিশ্ববাসীৰ মাজলৈ নতুন প্ৰভাত আনি নৱযুগৰ সূচনাৰে সংগীতৰ আকাশখনত জ্যোতিষ্মান নক্ষত্ৰই যি উত্তাপ-জ্যোতি মানৱৰ মাজত বিলাই থৈ গ’ল সেয়া সদাই চিৰস্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ অবৰ্তমানতো সেই উত্তাপ-জ্যোতিৰে অনাগত পৃথিৱীৰ মানৱ জাতিক উদ্ভাসিত কৰি মহীয়ান কৰি তোলাৰ আকাংক্ষাৰে তেওঁ এটি নৱ দীপ্ত সূৰুয হিচাপে উজ্বলি উঠিছিল৷

                     “পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে

                      তোমাৰ ভাষাৰ মৰমবোৰে মিলন - সেঁতু গঢ়ে

                       লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ

                       জন্ম ল’লোঁ ইয়াতেই ইয়াতে যেন মৰোঁ৷”

                                                               (বোম্বাই, ১৯৬৯)

এই লুইতৰ পাৰৰ শদিয়া, উত্তৰ-পূব ভাৰতৰ পূব প্ৰান্তত হিমালয়ৰ নামনিৰ এখন সৰু ঠাইতেই (বৰ্তমান তিনিচুকীয়া জিলাৰ মহকুমা) ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত জন্ম হৈছিল এইজন বিৰল প্ৰতিভাৰ অধিকাৰী৷ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সপোনৰ ফুলে ফুলে অসমীয়া ভাষা আৰু সংগীত সাহিত্যৰ ভঁৰাল তেওঁ চহকী কৰি থৈ গৈছে৷

শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯৪২ চনত কটন কলেজৰপৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত “প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত গণসংযোগৰ ভূমিকা” বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰে৷ নিউয়ৰ্কত থকাৰ সময়ত ভাৰতীয় ছাত্ৰসন্থাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰে৷ তাৰ পৰৱৰ্তী সময়ত এইজনা প্ৰতিভাধৰে আকাশবাণীতো চাকৰি কৰে৷

সাহিত্যই হৈছে এটা জাতিৰ জীৱনী শক্তি৷ ব্যক্তি আৰু সমাজৰ আভ্যন্তৰীণ সংযোগৰ ফলত সৃষ্টি হয় সাহিত্য৷ যাযাবৰ হৈ অসমীয়া জাতিৰ ৰক্ষক হিচাপে দিহিঙে-দিপাঙে ঘূৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হোৱা এইজন স্বনামধন্য পুৰুষে পাঁচ বছৰ বয়সতে ১৯৩০ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ভৱিষ্যতে ডাঙৰ শিল্পী হোৱাৰ আশীষ লাভ কৰিছিল৷ বাস্তৱবাদী পুৰুষ হাজৰিকাৰ হাতৰ লেখাতেই জী উঠিছিল ‘সুন্দৰৰ ন দিগন্ত’, ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘কৃষ্টিৰ পথাৰে পথাৰে’, ‘জ্যোতি ককাইদেউ’, ‘সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ’ আদি উচ্চমানৰ প্ৰবন্ধ সংকলন৷ তেওঁৰ শিল্প কেতিয়াও বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন নাছিল৷ তেওঁ সংগীতক কেৱল বিনোদনৰ মাধ্যম বুলি ভবা নাছিল; সংগীত তেওঁৰ বাবে আছিল সমাজ পৰিৱৰ্তনৰ অস্ত্ৰ৷ সেইবাবেই তেওঁৰ গীতত প্ৰকৃতি আছে, প্ৰেম আছে, কিন্তু তাৰ লগতে আছে শোষণৰ বিৰুদ্ধে প্ৰতিবাদ, দুখীয়াৰ কান্দোন, শ্ৰমিকৰ ঘাম, কৃষকৰ আশা, মানৱতাৰ জয়গান৷ তেওঁ বিশ্বাস কৰিছিল যে যি শিল্পই মানুহৰ জীৱনক স্পৰ্শ কৰিব নোৱাৰে, সেই শিল্পৰ সাৰ্থকতা অসম্পূৰ্ণ৷ তেওঁৰ গীতসমূহতেই নিয়োজিত হৈ আছিল জাগ্ৰতবোধ, জাতিৰ কৃষ্টিৰ প্ৰতি তেওঁৰ আছিল  অত্যন্ত দায়িত্বশীল দৃষ্টিভংগী৷

ভূপেন হাজৰিকা আছিল অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰী৷ সেই প্ৰসংগত যদি এটা প্ৰেক্ষাপট বিচাৰ কৰা যায় সেয়া হ’ব ১৯৬০ চন৷ অসমত বঙালী আৰু অসমীয়া সম্প্ৰদায়ৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘাতৰ সময়ত হেমাংগ বিশ্বাসৰ সৈতে লগ লাগি তেওঁ সূচনা কৰিছিল এক শান্তিৰ অভিযান৷ সেই সময়ত অসমত সংঘটিত হৈছিল ভাষা আন্দোলন৷ এই আন্দোলনৰ পৰিপ্ৰেক্ষিততেই অবাঞ্ছিতভাৱে অসমীয়া-বঙালী সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়াই দুয়ো লগ লাগি গাইছিল ‘হাৰাধন ৰংমন’ৰ গান৷ এই অভিযানৰ উপলক্ষেই হাজৰিকাই সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বজুৰি সমাদৃত মানৱতাবাদৰ প্ৰতি গভীৰ আস্থা প্ৰকাশেৰে জীৱন্ত হৈ উঠা এটি কালজয়ী গীত...

                   “মানুহে মানুহৰ বাবে

                    যদিহে অকণো নাভাবে

                   অকণি সহানুভূতিৰে

                   ভাবিব কোনেনো কোৱা সমনীয়া?”

আমেৰিকাৰ জনপ্ৰিয় লোকগীত ‘Hang down your head Tom Doley, hang down your head and cry’ গীতটোৰ সুৰ আৰু লয়ত এই সাৰ্বজনীন গীতটি সৃষ্টি কৰিছিল য’ত প্ৰস্ফুটিত হৈ আছে মানৱৰ সাম্প্ৰদায়িকতাবাদ আৰু ভাতৃত্ববোধৰ স্পষ্ট ছবি লগতে সমাজচিন্তাৰ মাৰ্ক্সবাদী দৃষ্টিভংগী৷ এই গীত শুনিলে উপলব্ধি হয় যে ড০ হাজৰিকাৰ শিল্পচিন্তাৰ কেন্দ্ৰবিন্দু আছিল মানৱতা৷ তেওঁৰ দৃষ্টিত মানৱ সেৱাতকৈ ডাঙৰ ধৰ্ম আন একো নাছিল৷ আজিৰ সমাজত যেতিয়া সাম্প্ৰদায়িকতা, হিংসা আৰু স্বাৰ্থপৰতাই মানৱীয় সম্পৰ্কক ক্ষত-বিক্ষত কৰিছে৷

১৯৫৪ চন৷ তেতিয়া ভূপেন হাজৰিকা আছিল উচ্চশিক্ষিত নিবনুৱা৷ অসমত সেই সময়ত থলুৱা ডেকা-গাভৰু ঘৰতে নিবনুৱা হৈ থকা অৱস্থাত তেওঁ সৃষ্টি কৰিছিল অন্য এক ঐতিহাসিক চিৰযুগমীয়া গীত৷

                       “নতুনৰ গতি খেদা

                            ডেকা - গাভৰু আমি

                                নিৰ্ভীক কুৰি শতিকাৰ

                   অজ্ঞানৰ চাকনৈয়া

                       এফলীয়া কৰি থৈ

                           মাৰি যাওঁ জীৱনৰ ডাঁৰ৷”

অসমৰ গীত জগতত ভূপেন হাজৰিকাই ভৱিষ্যতবাদী চিন্তাধাৰা কিমানখিনি ৰোপণ কৰিছিল সেয়া তেওঁৰ গীতসমূহৰ পৰাই অনুভৱ কৰিব পাৰি৷ ১৯৩৯ চনতেই তেওঁ যুবকালৰ প্ৰথম গীত ‘অগ্নিযুগৰ ফিৰিঙতি মই’ গীতটো ৰচনা কৰে৷ দ্বিতীয় মহাযুদ্ধৰ প্ৰলয়ংকৰী ধ্বংসলীলা আৰু সেই সময়ৰ পৰাধীন ভাৰতবৰ্ষত ব্ৰিটিছ চৰকাৰে চলোৱা অমানৱীয় অত্যাচাৰে তেওঁক স্পৰ্শ কৰিছিল ৷ হিটলাৰৰ ‘জাতি দম্ভ’ৰ প্ৰতি তেওঁ গৰজি উঠিছিল৷ তেওঁ সেই জাতিৰ অহংকাৰবোধে চলোৱা শোষণ নীতিৰ বলি হোৱা সকলোকে ন্যায়ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে জাগ্ৰত কৰিছিল৷ ভাৰতীয় সমাজত নিজকে উচ্চ বুলি ভৱা শ্ৰেণীৰ অহংকাৰত সৃষ্টি হোৱা অস্পৃশ্যতা আৰু সেই অস্পৃশ্যতাৰ কাৰণে চলি থকা ধৰ্ম ব্যৱসায়ক তেওঁ মহাদানৱ ৰূপে দেখিছিল আৰু সেই মহাদানৱক আপোন হাতেৰে চূৰ্ণ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল৷ অসমত ভেদাভেদৰ প্ৰাচীৰ ভাঙি হিন্দু, মুছলিম, বড়ো, কোচ, চুতীয়া, কছাৰী, আহোম আদি সকলো অসমবাসীৰ অন্তৰত মানৱপ্ৰেমৰ ভেঁটিতে নতুন অসম গঢ়াৰ চেষ্টা কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁৰ গীতেৰে জাতিভেদক আক্ৰমণ কৰিছিল আৰু ভেদাভেদৰ বীজ কলিতেই মোহাৰি সৃষ্টি কৰিছিল এখন বৰ অসম, সোণৰ অসম৷

                     “হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ

                      কোচ, চুতীয়া, কছাৰী, আহোমৰ

                       অন্তৰ ভেদি মৌ বোৱাম

                        ভেদাভেদৰ প্ৰাচীৰ ভাঙি

                         সাম্যৰ সৰগ ৰচিম

                         নতুন অসম গঢ়িম৷”

ভূপেন হাজৰিকাৰ কৰ্ম চেতনাৰ মাজত প্ৰতিফলিত হৈছিল প্ৰচুৰ মানৱতাবাদ৷ তেওঁৰ গীতত মানৱতাবাদী দৃষ্টি-ভংগী স্পষ্ট৷ দানৱৰ মাজতো মানৱৰ গীত গাব খোজা হাজৰিকাৰ গীতত সমাজৰ দুখ-দুৰ্দশাৰ ছবিখন, সমাজ চেতনা, জাতীয় চেতনা আদি স্পষ্টৰূপত প্ৰস্ফুটিত হৈছে৷ তেওঁৰ গীতত শ্ৰমিক চেতনাৰ প্ৰতিফলনো স্পষ্টৰূপত দেখা যায়৷ যিয়ে প্ৰদৰ্শিত কৰে তেওঁৰ মানুহৰ প্ৰতি থকা গভীৰ সহানুভূতি আৰু নৈতিক দায়বদ্ধতাৰ সৃষ্টিশীল প্ৰকাশ৷ অসমীয়া জনজীৱনৰ শ্ৰমিক শ্ৰেণীৰ যি দুবেলা দুমুঠি ভাত, তাত যাতে মহাজনীন অৰ্থনীতিৰ চকু নপৰে তাৰ ওপৰত তেওঁ সদা - সচেষ্ট আছিল৷

                      “চৰ্দাৰ বলে কাম কাম

                       বাবু বলে ধৰি আন

                        চাহেব বলে লিব পিঠিৰ ছাম

                        অ’ বিদেশী শ্যাম

                        ফাঁকি দিয়ে আনিল অসাম৷”

ইয়াত প্ৰতিফলিত হৈছে শ্ৰমিকৰ জীৱনৰ সংকট, সামাজিক লাঞ্ছনা-বঞ্চনাৰ ছবি৷ গীতটিৰ পৰা বুজা যায় যে শ্ৰমিকসকলক কৰ্মৰ বাবে ঠাই দিয়া হোৱা নাছিল, তেওঁলোকক জীয়াই থাকিবৰ বাবে উপাৰ্জনৰ বাট দেখুওৱা হোৱা নাছিল, তেওঁলোকক পৰাধীনতাৰ শিকলিৰে বান্ধি ৰখা হৈছিল৷ য’ত নেকি তেওঁলোকৰ নিজৰ জীৱনটোৰ ওপৰতে অধিকাৰ নাই৷ তেনে এক পৰিৱেশতেই হাজৰিকাই সেই শ্ৰমিক শ্ৰেণীৰ দুৰ্দান্ত ৰক্ষক প্ৰহৰী হিচাপে থিয় দিছিল৷

               “বিস্তীৰ্ণ পাৰৰে

               অসংখ্যজনৰে

               হাহাকাৰ শুনিও

               নিঃশব্দে - নীৰৱে বুঢ়া লুইত তুমি

               বুঢ়া লুইত বোৱা কিয়?

                       নৈতিকতাৰ স্খলন দেখিও

                       মানৱতাৰ পতন দেখিও

                       নিৰ্লজ্জ - অলসভাৱে বোৱা কিয়?”

গীতটোত ব্ৰহ্মপুত্ৰ কেৱল এখন নদী নহয়; ই ইতিহাসৰ নীৰৱ সাক্ষী, সভ্যতাৰ বাহক আৰু সমাজৰ বিবেক৷ নদীখনক সম্বোধন কৰি শিল্পীয়ে যেন সমগ্ৰ সমাজক প্ৰশ্ন কৰিছে—ইমান প্ৰাকৃতিক সম্পদ, ইমান ঐতিহ্য, ইমান সম্ভাৱনা থকাৰ পিছতো কিয় সাধাৰণ মানুহৰ জীৱনত দৰিদ্ৰতা, শোষণ আৰু বঞ্চনা অব্যাহত আছে? নদীৰ অবিৰাম সোঁত যেন সময়ৰ প্ৰতীক, যিয়ে যুগে যুগে অন্যায়, বৈষম্য আৰু মানুহৰ কান্দোন দেখি আহিছে৷ গীতটোত ব্যৱহৃত নদীৰ প্ৰতীকবাদে অসমীয়া সাহিত্যত এক নতুন মাত্ৰা যোগ কৰিছে৷ এই গীতত শিল্পীৰ কণ্ঠেৰে নিগৰিত হৈছে সমাজৰ প্ৰতিবাদ, দুখীয়াৰ আৰ্তনাদ আৰু ন্যায়ৰ আহ্বান৷

ড০ ভূপেন হাজৰিকাৰ গীতৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে—তেওঁ অসমক কেতিয়াও পৃথিৱীৰ পৰা পৃথক কৰি চোৱা নাছিল৷ তেওঁ স্থানীয়তাক বিশ্বজনীনতাৰ সৈতে সংযোগ ঘটাইছিল৷ সেইবাবেই তেওঁৰ সৃষ্টিত অসমৰ মাটি আৰু বিশ্বমানৱতাৰ অনুভূতি একেলগে মিলি যায়৷ তেওঁৰ বহু গীতত আফ্ৰিকাৰ নিগৃহীত কৃষ্ণাংগৰ কান্দোন, এছিয়াৰ শোষিত মানুহৰ সংগ্ৰাম, ভাৰতৰ কৃষক-শ্ৰমিকৰ জীৱন আৰু অসমৰ দুখীয়া জনসাধাৰণৰ বাস্তৱতা একে সূত্ৰত গাঁথিব বিচাৰিছিল ৷ এই উদাৰ দৃষ্টিভংগীয়েই তেওঁক কেৱল অসমৰ শিল্পী নহয়, বিশ্বমানৱৰ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছে৷

অসমৰ ইতিহাসত বহু সংকটৰ সময় আহিছে—ভাষাৰ সংকট, সামাজিক অস্থিৰতা আৰু সাম্প্ৰদায়িক বিভাজন৷ এনে প্ৰতিটো সময়তে ড০ ভূপেন হাজৰিকাৰ গীত মানুহৰ সাহস, আশা আৰু ঐক্যৰ উৎস হৈ উঠিছিল৷ তেওঁৰ কণ্ঠই মানুহক বিভাজনৰ নহয়, সংহতিৰ পথ দেখুৱাইছিল৷ তেওঁ বাৰে বাৰে সোঁৱৰাই দিছিল যে এটা জাতিৰ শক্তি অস্ত্ৰত নহয়, তাৰ সংস্কৃতি, ভাষা, ঐক্য আৰু মানৱীয় মূল্যবোধত নিহিত থাকে৷ এই চিন্তাধাৰাৰ বাবেই তেওঁ অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰী হিচাপে চিৰস্মৰণীয় আৰু অসমীয়া জাতিৰ তাৰ বাবে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ৷

ড০ ভূপেন হাজৰিকাৰ জীৱনদৰ্শনৰ মূল ভেঁটি আছিল মানৱতাবাদ, সাম্য আৰু ন্যায়৷ তেওঁ কেতিয়াও সংকীৰ্ণ জাতীয়তাবাদ বা সাম্প্ৰদায়িক ৰাজনীতিৰ সমৰ্থক নাছিল৷ অসমক গভীৰভাৱে ভালপোৱাৰ লগতে তেওঁ বিশ্বাস কৰিছিল যে অসমীয়া জাতিৰ উন্নতি ভাৰতৰ উন্নতিৰ লগত আৰু ভাৰতৰ উন্নতি বিশ্বমানৱতাৰ কল্যাণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত৷ সেইবাবেই তেওঁৰ গীতত অসম, ভাৰত আৰু বিশ্ব—এই তিনিওটা পৰিসৰ একেলগে ধ্বনিত হৈছে৷ তেওঁ শিকাইছিল যে জাতিপ্ৰেম মানেই আনৰ ভাষাৰ প্ৰতি ঘৃণাৰভাৱক প্ৰতিনিধিত্ব নকৰে; নিজৰ সংস্কৃতিক সন্মান কৰা মানে আনৰ সংস্কৃতিক অসন্মান কৰা নহয়৷ এই উদাৰ আৰু প্ৰগতিশীল চিন্তাধাৰাই তেওঁক যুগৰ বহু আগবঢ়া শিল্পী হিচাপে প্ৰতিনিয়ত প্ৰতিষ্ঠা কৰিছে৷

বৰ্তমান সময়ত ড০ ভূপেন হাজৰিকাৰ আদৰ্শৰ প্ৰয়োজন নব্বৈ শতিকাতকৈ বহু বেছি তথা প্ৰাসংগিক৷ কিয়নো বিশ্বায়নৰ যুগত বহুতো ভাষা আৰু সংস্কৃতি অস্তিত্বৰ সংকটত পৰিছে৷ একে সময়তে সামাজিক মাধ্যম আৰু প্ৰযুক্তিৰ বিস্তাৰৰ ফলত মানুহৰ মাজত যোগাযোগ বৃদ্ধি পালেও আন্তৰিকতা বহু ক্ষেত্ৰত হ্ৰাস পাইছে৷ এনে পৰিস্থিতিত ড০ হাজৰিকাৰ গীতে আমাক শিকায়—নিজৰ ভাষাক ভালপোৱা, নিজৰ সংস্কৃতিক সংৰক্ষণ কৰা, দুখীয়াৰ কাষত থিয় দিয়া, অন্যায়ৰ বিৰুদ্ধে মাত মতা আৰু ইয়াতকৈ উল্লেখনীয় কথা যে মানুহক মানুহ হিচাপে মৰ্যাদা দিয়া৷ এই মূল্যবোধসমূহেই এখন সুস্থ, শক্তিশালী আৰু সভ্য সমাজ গঢ়াৰ মূল ভেটি৷

ভূপেন হাজৰিকাৰ গীতৰ লগতেই গোটেই মানুহজনেই অসমীয়া জাতিৰ বাবে এক সাহস৷ তেওঁৰ গীতসমূহত ফুটি উঠিছে মানৱতাবাদী চিন্তা-চেতনা৷ যিয়ে শোষিত নিপীড়িত আৰু বঞ্চিত জনজাতিৰ প্ৰতি গভীৰ আস্থাৰ প্ৰকাশ কৰিছে৷ এইজনা বিৰল প্ৰতিভাৰ গৰাকীৰ আদৰ্শৰ দ্বাৰা প্ৰত্যেকজন ব্যক্তি অনুপ্ৰাণিত হোৱা উচিত৷ তেওঁৰ জীৱনৰ সংগ্ৰামখিনিয়েই এটা জাতিৰ ৰক্ষাৰ্থে এক জীৱন্ত দলিল৷ যিজন ব্যক্তিয়ে জনতাৰ বাবে গোটেই জীৱন পুত্ৰ পৰিয়ালৰ পৰা আঁতৰি থাকিল সেইজন ব্যক্তিৰ মহান আদৰ্শক প্ৰত্যেকজন ব্যক্তিয়ে হৃদয়ংগম কৰা বাঞ্চনীয়৷ সেয়েহে, ড০ ভূপেন হাজৰিকা কেৱল অসমৰ এগৰাকী মহান শিল্পী নহয়; তেওঁ অসমীয়া জাতিৰ বিবেক, আত্মা আৰু চিৰজাগ্ৰত প্ৰহৰী৷ তেওঁৰ মৃত্যু অসমীয়াৰ বাবে এক বৃহত্তৰ ক্ষতি যদিও তেওঁ সদাই অমৰ হৈ ৰ’ব৷

যেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ সোঁত অবিৰাম বৈ থাকিব, যেতিয়ালৈকে মানুহে মানৱতা, সমতা আৰু ন্যায়ৰ সপোন দেখিব, তেতিয়ালৈকে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নাম আৰু তেওঁৰ গীত চিৰজীৱী হৈ থাকিব৷ শেষত দৃঢ়ভাৱে ক’ব পাৰি—ড০ ভূপেন হাজৰিকা কোনো এটা যুগৰ শিল্পী নহয়; তেওঁ যুগে যুগে অসমীয়া জাতিক পথ দেখুওৱা এক অনিৰ্বাণ জ্যোতি৷ তেওঁৰ কণ্ঠৰ সুৰ ম্লান হ’ব পাৰে, কিন্তু তেওঁৰ আদৰ্শ, তেওঁৰ মানৱতা আৰু তেওঁৰ জাতীয় চেতনা কেতিয়াও নিঃশেষ নহয়৷ সেইবাবেই ইতিহাস, সাহিত্য আৰু জনমানসত তেওঁ সদায় “অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰী” হিচাপেই অমৰ হৈ থাকিব৷

সহায়ক গ্ৰন্থপঞ্জীঃ

দত্ত, দিলীপ কুমাৰ৷ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ৷ বনলতা, পাণবজাৰ, গুৱাহাটী৷ প্ৰথম প্ৰকাশ, ১৯৮১, ষষ্ঠ প্ৰকাশ, নৱেম্বৰ, ২০১৪

গোস্বামী, লোকনাথ৷ আমাৰ ভূপেন হাজৰিকা জীৱনী আৰু গান৷ বুক হোম, এ. টি. ৰোড, যোৰহাট৷ প্ৰথম প্ৰকাশ,২০০৭, সংশোধিত আৰু সংবৰ্ধিত প্ৰকাশ, ২০১১

ভূঞা, ৰবীন(সম্পা:)৷ ড

 ভূপেন হাজৰিকা সৃষ্টি আৰু দৃষ্টি৷ বনলতা, পাণবজাৰ, গুৱাহাটী৷ প্ৰকাশক ২০১১৷

***

 

ঠিকনা:

বাহনা মহাবিদ্যালয়,

স্নাতক তৃতীয় ষাণ্মাসিক

ৰসায়ন বিজ্ঞান বিভাগ

ভ্ৰাম্যভাষ : ৮৪৭৪৮৯৪৫৩৬

জ
লেখকৰ পৰিচয়

জ্যোতিস্মিতা বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)