৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ’দে বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৭ জুলাই, ২০২৬
৯ মিনিট পঠন • ২১৩৩ বাৰ পঢ়া হৈছে

লোকনাথ গোস্বামী 


মন দাপোণত-২২

 

(১)


          ৭৭’ৰ বিশজুনৰ বিষ্ণু ৰাভা দিৱসঃ

১৭ জানুৱাৰিৰ সেই জ্যোতিদিৱসৰ অভূতপূৰ্ব সাফল্যৰ পিছত জুন মাহৰ বিশ তাৰিখে পুনৰ বিষ্ণু ৰাভা দিৱসৰ প্ৰশ্ন উদয় হ’ল৷ সাহিত্য-সংস্কৃতি সংঘৰ সভাত বিষয়টো আলোচনা কৰা হ’ল৷ সকলোৱে একেমুখে ক’লে যে আমাৰ লোকনাথ গোস্বামী আছে যেতিয়া চিন্তা কিহৰ? তেখেতে দায়িত্ব ল’লে নিশ্চয় আমি আগ বাঢ়িব পাৰিম৷ বিষ্ণু ৰাভাৰ বিষয়ে তেখেতে জনাৰ উপৰিও গীত-মাতখিনিও তেখেতে শিকাব পাৰিব৷ ময়ো অৱশ্যে আপত্তি কৰাৰ কোনো কাৰণ নেদেখিলোঁ৷ নামৰূপ পেট্ৰ’ৰসায়নিক প্ৰকল্পৰ প্ৰতিনিধি তথা এগৰাকী সচেতন ব্যক্তি পদুম শইকীয়াই এটা প্ৰস্তাৱ আগবঢ়ালে যে বিশ জুনৰ আগে আগে শ্ৰীগোস্বামীক বিষ্ণু ৰাভাৰ জীৱন-দৰ্শন, লগতে গীত-মাতখিনি সামৰি এটা বক্তৃতা প্ৰদান কৰাৰ দায়িত্ব দিয়া হওক৷ সেই বক্তৃতাটোৰ জড়িয়তেই আমি আমাৰ বিশ জুনৰ প্ৰস্তাৱিত অনুষ্ঠানৰ পাতনি মেলিব পাৰিম৷ সকলোৱে শ্ৰীশইকীয়াৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে৷ এসপ্তাহৰ ভিতৰতে আমাক বক্তৃতাটো প্ৰস্তুত কৰিবলৈ সভাৰ তৰফৰ পৰা তাগিদা দিলে আৰু ময়ো সেই প্ৰস্তাৱ সাগ্ৰহে গ্ৰহণ কৰিলো৷ 

বিষ্ণু ৰাভাৰ জীৱন-দৰ্শন, তেওঁৰ গীত-মাতৰ ওপৰত বক্তৃতা এটা প্ৰদান কৰা বিষয়টো মোৰ কাৰণে বৰ জটিল নাছিল৷ যিহেতু নামৰূপলৈ অহাৰ আগেয়ে এনেবিলাক কামেই কৰি আহিছিলো৷ সময়ত বক্তৃতানুষ্ঠান হৈ গ’ল৷ কথাৰ লগতে দহ-বাৰটামান বেলেগ বেলেগ সুৰ-সঞ্চাৰৰ গানো শুনাই দিলো হাৰম’নিয়ামখন হাতত লৈ৷ মানুহখিনিয়ে মোৰ বক্তৃতাৰ লগতে গানখিনি শুনি বৰ আমোদ পালে৷ বিষ্ণু ৰাভা দিৱসটো উদযাপন কৰিলে তাপবিদ্যুৎ কেন্দ্ৰৰ ল’ৰা-ছোৱালীবিলাকে বিষ্ণু ৰাভাক ভালকৈ জনাৰ উপৰিও অন্ততঃ তেওঁৰ বচা বচা গানখিনি শিকিব পাৰিব৷ তাৰ পিছদিনাৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰা হ’ল৷

জ্যোতিদিৱসৰ দৰেই ইয়াতো সংগীতালেখ্যৰ কথা ভবা হ’ল৷ তেতিয়া সকলোখনি বিষয়বস্তু সামৰি ল’ব পৰা যায়৷ ভাগে ভাগে কামৰ দায়িত্ববিলাক অৰ্পণ কৰা হ’ল৷ মই নিজেই আলেখ্যখন লেখাৰ দায়িত্ব ল’বলগীয়া হ’ল৷ কিয়নো এইবাৰ বানেশ্বৰ খাওন্দ লগত নাছিল৷ তেখেত বিভাগীয় প্ৰশিক্ষণৰ বাবে এবছৰৰ কাৰণে ৰাজ্যখনৰ বাহিৰলৈ গৈছিল৷ সেয়ে আলেখ্যখন উপস্থাপনৰ দায়িত্ব দুগৰাকী লোকৰ ওপৰত ন্যস্ত কৰা হৈছিল, এগৰাকী  প্ৰণতি গোহাঁই আৰু আন গৰাকী ‘এ পি এল’ ৰ পদুম শইকীয়া৷  গানবিলাকো তেনেদৰে গোৱা মানুহ চাই শিকোৱাৰ ব্যৱস্থা কৰা হ’ল৷

অনাতাঁৰ শিল্পী প্ৰণতি খাওন্দক ‘লগন উকলি গ’ল’ গানটো শিকাই দিলো এককভাৱে গাবৰ বাবে৷ তেখেতে বৰ সুন্দৰকৈ শিকি-বুজি লৈ মঞ্চত পৰিৱেশন কৰিছিল৷ ‘নাহৰফুলে নুশুৱাই’ গানটো নিৰু নাহৰডেকা(কাৰ্যবাহী অভিযন্তা ঠগিত নাহৰ ডেকাৰ পত্নী)ই মোৰ  সৈতে দ্বৈতকণ্ঠত গোৱাৰ ইচ্ছা কৰাত ময়ো একেলগে গালোঁ৷ শ্ৰোতাই সুন্দৰকৈ গ্ৰহণ কৰিছিল দ্বৈতকণ্ঠৰ গানটো৷ ‘বিশ্বৰে ছন্দে ছন্দে’ গানটোৰ নৃত্যৰূপ দিয়াৰ কথা চিন্তা কৰি নচা মানুহৰ খবৰ ল’লোঁ৷ নৃত্য-প্ৰশিক্ষক দীনবন্ধু বৈশ্যক কথাটো কোৱাত সাৰনিগমৰ এজন মানুহৰ ল’ৰা এজনক লৈ আহিল৷ তেওঁৰ নাম জিয়াউৰ ৰহমান, সাৰনিগম হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল তেওঁ৷ দীনবন্ধু বৈশ্যই শিকাই দিয়াত ‘বিশ্বৰে ছন্দে ছন্দে’ গানটোৰ তেওঁ অতি আকৰ্ষণীয়কৈ নৃত্যৰূপ দিলে৷ ইয়াৰ মাজতে বিষ্ণু ৰাভাৰ নিৰ্বাচিত কবিতাৰ কিয়দাংশ আবৃত্তি কৰোৱা হ’ল৷ মুঠতে ১৯৭৭ চনৰ বিশজুনটো মনত ৰৈ যোৱাকৈ তাপবিদ্যুৎ কেন্দ্ৰত উদযাপন কৰা হ’ল৷ পিছত নামৰূপৰ ওচৰে-পাজৰে, সাৰনিগম ক্লাব আদিলৈ তাপবিদ্যুৎ কেন্দ্ৰৰ শিল্পীসকলক বিচৰা হ’ল৷

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক বাতাবৰণ দ্ৰুত গতিত সলনি হ’বলৈ ধৰিলে৷ থাৰ্মেল ক্লাবৰ লগতে সংলগ্ন কৰি ‘তাপবিদ্যুৎ কেন্দ্ৰ সংগীত বিদ্যালয়’ আৰু ‘বিদ্যুৎ মইনা পাৰিজাত’ৰ স্থায়ী ভৱন নিৰ্মাণ কৰোৱা হ’ল৷ সংগীত বিদ্যালয়ত কণ্ঠ সংগীতৰ লগতে তবলা, খোল, ভায়লিনৰ শিক্ষা প্ৰদান কৰাৰ দিহা কৰা হ’ল৷ সাৰনিগম সংগীত মহাবিদ্যালয়ৰ পৰা ৰোষধৰ বৰুৱা, দীনবন্ধু বৈশ্যৰ লগতে তাপ বিদ্যুৎ কেন্দ্ৰৰ জুনিয়ৰ  অভিযন্তা গোলাপ মহন্তই চেমনীয়া ল’ৰা-ছোৱালী কিছুমানক খোল আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব ল’লে৷


(৩)

 নামৰূপ সাৰ-নগৰীত নাট্যচৰ্চ্চাঃ

নাট্যচৰ্চ্চাৰ ক্ষেত্ৰত নামৰূপ উদ্যোগ নগৰী ৰাজ্যখনৰ ভিতৰতে আগবঢ়া আছিল এটা সময়ত৷ শম্ভূ গুপ্তাৰ দ্বাৰা পৰিচালিত ‘ইয়ুথ কালচাৰেল গ্ৰুপ’ৰ নাটক (কনক পুতলা চাঙী আদি)য়ে বিশ্বনাথ চাৰিআলিত প্ৰতিবছৰে আয়োজন কৰা ‘সূৰ্য বৰা একাংক নাট প্ৰতিযোগিতা’ত আগস্থান দখল কৰা বাতৰি প্ৰায়েই পোৱা গৈছিল৷ একেদৰে অখিল চক্ৰৱৰ্তীৰ পৰিচালনাত ‘নামৰূপ নাট্য সমাজ’ ৰ (আমি স্বপ্নাতুৰ, এজন ৰজা আছিল, উত্তৰ পুৰুষ আদি) নাটকৰো সমগ্ৰ ৰাজ্যখনতে এটা সময়ত সুনাম আছিল৷ অখিল চক্ৰৱৰ্তীৰ ‘উত্তৰ পুৰুষ’ নাটকৰ মই সংগীত পৰিচালক আছিলো৷ নাটকখন নামৰূপৰ বাহিৰেও যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আদিত মঞ্চস্থ কৰা হৈছিল৷ নামৰূপত ১৯৭৮ চনত  বিশাল আয়োজনেৰে ‘অসম নাট্য সন্মিলন’ৰ অধিৱেশন অনুষ্ঠিত হৈছিল৷ নামৰূপত তেজপুৰৰ পৰা গৈ স্থিতি লোৱাৰ পিছত পোন-প্ৰথমবাৰৰ বাবে এনে এটা অনুষ্ঠানত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ সুবিধা পাইছিলোঁ৷ উক্ত অধিৱেশনলৈ জ্যোতি প্ৰসাদৰ ’জয়মতী’ৰ দুগৰাকী অভিনেত্ৰী ’জয়মতী’ খ্যাত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ লগতে গদাপাণিখ্যাত ফুনু বৰুৱাকো আমন্ত্ৰণ কৰা হৈছিল৷ তেখেতসকলৰ সৈতে একলগে বহি ভাত খোৱা, ফটো উঠা কথা বিলাক সুৱঁৰি আজিও মনত এক অজান পুলক জাগে ।

                              

(৪)

 

      নামৰূপ সাৰ-নগৰীত জ্যোতি দিৱসঃ

নামৰূপত জ্যোতি দিৱস, বিষ্ণু ৰাভা দিৱস, আনন্দিৰাম দাস সোৱঁৰণী অনুষ্ঠান আদি বহু দিনৰ পৰাই তাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱাৰ কথা গম পাইছিলোঁ৷ মই তাপবিদ্যুৎ কেন্দ্ৰত যোগদান কৰাৰ পিছত এই দিৱসবিলাক অলপ ব্যতিক্ৰমীভাৱে কেন্দ্ৰটোত অনুষ্ঠিত হোৱাৰ কথা ‘সাৰ-নিগম’ আৰু ‘এ পি এল’ ৰ সংস্কৃতি-সম্পন্ন মানুহখিনিয়ে বাৰুকৈয়ে মনত ৰাখিছিল৷ তাৰ মানুহখনিয়েও এটা সময়ত সাংস্কৃতিক অনুষ্ঠানত আমাৰ সহযোগিতা বিচৰা হ’ল৷ আমিও যিমান পাৰো সদায় ইতিবাচক সঁহাৰি জনাইছিলোঁ, কিয়নো মানুহবিলাক বৰ ভাল আছিল৷ এবাৰ নামৰূপ সাৰ-নিগম ক্লাবত জ্যোতিদিৱসৰ আয়োজন কৰি সম্পাদক ভৱ গগৈ(বৰ্তমান প্ৰয়াত) মোৰ কাষ চাপিল৷ জ্যোতিদিৱসৰ অনুষ্ঠানলৈ তেজপুৰৰ পৰা বচা বচা শিল্পী কেইগৰাকীমানক আমন্ত্ৰণ কৰাৰ হেঁপাহ৷ গতিকে মই তেওঁৰ লগত তেজপুৰলৈ যাব লাগে৷ ভৱ গগৈৰ অনুৰোধ পেলাব নোৱাৰি এদিন দুয়ো একেলগে নামৰূপৰ পৰা তেজপুৰ অভিমুখে ওলালোঁ৷ প্ৰথমদিনা গৈ যোৰহাটৰ চোলাধৰাত থকা প্ৰণৱ খাওন্দৰ  ভাড়াঘৰ ওলালোগৈ৷ প্ৰণৱ খাওন্দ ইতিমধ্যে নামৰূপৰ হাইস্কুলৰ পৰা বেংকৰ চাকৰিসূত্ৰে যোৰহাটলৈ আহিল৷ তেওঁৰ তাতে ৰাতিটো কটাই পিছদিনা যোৰহাটৰ পৰা বাছেৰে যাত্ৰা কৰি শিলঘাটেদি ফেৰি পাৰ হৈ আমাৰ ঘৰ পালোগৈ৷ আমাৰ ঘৰত থাকি তেজপুৰত শিল্পীৰ সন্ধানত ওলালোঁ৷ প্ৰথমে টাউনৰ পৰা ডিপোতাৰ দিলীপ চৌধুৰী ঘৰলৈ গ’লোঁ৷ দিলীপদাক ঘৰতে পালোগৈ৷ দিলীপদাই মোক লগ পালেই নামৰূপলৈ যোৱাৰ কথা প্ৰায়েই কয়৷ এইবাৰ ময়ো সুযোগ ল’লোঁ৷ দিলীপদাৰ লগতে আবৃত্তিকাৰ প্ৰণব বৰা, মোৰ ভনী ৰেণুও যোৱাৰ কথা খাটাং হ’ল৷ দিলীপদাৰ ঘৰৰ পৰা আহি কমাৰচুবুৰীৰ প্ৰবীণ অভিনেতা তুলসী দাসৰ ঘৰ বিচাৰি উলিয়ালোঁ৷ তেখেতকো নামৰূপলৈ আমন্ত্ৰণ জনালো শিল্পীদিৱসৰ সৈতে সংগতি বিশেষভাৱে সম্বৰ্দ্ধনা জনাবৰ বাবে৷ তেখেতে সন্মতি জনোৱাত আমি খুবেই আনন্দিত হ’লোঁ৷ আহিবৰ সময়ত তেখেতৰ হাতত পইচা অলপ আগধন হিচাপে দি আহিলো৷

১৭ জানুৱাৰিত(১৯৭৭)ঠিকেই অনুষ্ঠান হল সাৰ-নগৰী ক্লাবত৷ কিন্তু তুলসী দাস আহিব নোৱাৰিলে৷ দিলীপ চৌধুৰীয়ে জ্যোতি প্ৰসাদৰ গানেৰে আৰু প্ৰণব বৰাই কবিতা আবৃত্তিৰে দৰ্শকক ভালেই আপ্লুত কৰিছিল৷ একেদিনাই তাপবিদ্যুৎ কেন্দ্ৰতো জ্যোতি দিৱস উদযাপিত হৈছিল পূৰ্বৰ দৰেই আটকধুনীয়াকৈ৷ আমি তাপবিদ্যুৎ কেন্দ্ৰৰ অনুষ্ঠান সমাপ্ত কৰি সাৰনিগম পালোগৈ দিলীপদাহঁতৰ খবৰ লবলৈ৷ তেতিয়া সকলোৱে অনুষ্ঠান সমাপ্ত কৰি জিৰণি লৈছিল৷ আমিও থাৰ্মেললৈ ঘূৰি আহি ঘৰে ঘৰে গ’লোঁ৷

(ক্ৰমশঃ)


ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)