৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু গৱেষণা

লেখকঃ ড° প্ৰাঞ্জল বেজবৰা • প্ৰকাশিতঃ ৩০ মাৰ্চ, ২০২৩
১০ মিনিট পঠন • ২৮৩৪ বাৰ পঢ়া হৈছে

 ড° প্ৰাঞ্জল বেজবৰা

 

২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ শিক্ষাব্যৱস্থালৈ গাঁথনিগত তথা গুণগত পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়াস কৰিছে। স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকৰ জীৱনলৈমৌলিক পৰিৱৰ্তন অনাৰ উদ্দেশ্যে এনে এক বিস্তৃত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰিছে। উচ্চ শিক্ষা নিশ্চিতভাৱে এক বিজ্ঞ, সামাজিকভাৱে সচেতন, জ্ঞানী তথা দক্ষতাসম্পন্ন জাতি গঢ়িবলৈ সক্ষম হ’ব লাগিব; যাতে জনগণে নিজেই নিজৰ সমস্যাৰাজিৰ উপযুক্ত সমাধান বিচাৰি উলিয়াব পাৰে। উচ্চ শিক্ষাই দেশত জ্ঞানৰ সৃষ্টি আৰু উদ্ভাৱনাৰ ভেঁটি গঢ়িব লাগিব আৰু ইয়াৰদ্বাৰা ক্ৰমবিকাশমান অৰ্থনীতিলৈ গভীৰ বৰঙনি যোগাব লাগিব।

গুণগত উচ্চ শিক্ষাৰ উদ্দেশ্য কেৱল ব্যক্তিগত নিয়োগৰ বাবে অধিক সুযোগ সৃষ্টিতে সীমাবদ্ধ নহয়। উচ্চ শিক্ষা সামাজিকভাৱে দায়বদ্ধ, সুখী, সংহত, সংষ্কৃতিৱান, উৎপাদনশীল তথা সমৃদ্ধিশালী জাতি গঢ়াৰ বাবে অনিবাৰ্য্য। ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ উদ্দেশ্য এনেদৰে বৰ্ণনা কৰিছে -

l  দেশৰ প্ৰতিখন জিলাতে কমেও এখনকৈ ডাঙৰ বহুমুখী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা। লগতে ভাৰতীয় ভাষা তথা আঞ্চলিক ভাষাৰ মাধ্যমত উচ্চ শিক্ষা প্ৰদানৰ উদ্দেশ্যে যথেষ্ট সংখ্যক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা।

 

l  স্নাতক পৰ্য্যায়ত অধিক বহুমুখী শিক্ষাৰ প্ৰবৰ্তন কৰা।

 

l  উচ্চশিক্ষাৰ অনুষ্ঠানসমূহ আৰু ইয়াৰ শিক্ষকসকলক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা।

 

l  উচ্চশিক্ষাৰ অনুষ্ঠানৰ শিক্ষক আৰু পৰিচালনাকাৰী বিষয়াসকলৰ দক্ষতা-ভিত্তিক নিযুক্তি তথা সিবিলাকৰ শিকণ, গৱেষণা আৰু সেৱাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা কৰা।

 

l  উচ্চশিক্ষাৰ পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, মূল্যাংকন তথা সেৱাসমূহৰ সবলীকৰণ। 

 

l  বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত উচ্চমানৰ গৱেষণা কৰ্মক উৎসাহিত কৰিবৰ কাৰণে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণান্যাস গঠন কৰা।

 

l  উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰশাসন অৰ্হতাসম্পন্ন ব্যক্তিৰে গঠিত সমিতিৰ হাতত ন্যস্ত কৰা আৰু সিবিলাকক বিদ্যায়তনিক তথা প্ৰশাসনিক স্বতন্ত্ৰতা প্ৰদান কৰা।

 

      ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি জ্ঞানৰ সৃষ্টি আৰু গৱেষণা, ভাৰতৰ দৰে বৃহৎ তথা সবল অৰ্থনীতিৰ নিৰন্তৰ বিকাশ আৰু বহনক্ষমতাৰ বাবে অপৰিহাৰ্য। সমাজৰ নিৰন্তৰ প্ৰগতি তথা দেশৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণেও গৱেষণাৰ গুৰুত্ব অপৰিসীম। আজিৰ পৃথিৱীত জলবায়ুৰ পৰিবৰ্তন, জনসংখ্যা বিষ্ফোৰণ, জৈৱ-প্ৰযুক্তি, বিস্তৃত ডিজিটেল বজাৰ, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ পৰিপ্ৰেক্ষিতত সংঘটিত ক্ষিপ্ৰ পৰিবৰ্তনৰ কাৰণে এক সবল গৱেষণাৰ পৰিৱেশ ৰচনাৰ অতি প্ৰয়োজন। ভাৰতবৰ্ষই এই বেলেগ বেলেগ ক্ষেত্ৰসমূহত নেতৃত্ব প্ৰদান কৰিবলৈ হ’লে, আৰু দেশৰ বৃহৎ প্ৰতিভাসমূহৰ সম্ভাৱনা ৰাজিৰ জৰিয়তে অনাগত দিনবোৰত জ্ঞান সমাজত অগ্ৰণী ভুমিকা পালন কৰিবৰ কাৰণে বিভিন্ন বিষয়ত দেশৰ গৱেষণা সক্ষমতাৰ প্ৰসাৰণ গুৰুত্বপূৰ্ণ। দেশৰ অৰ্থনৈতিক, সামাজিক, পাৰিপাৰ্শ্বিক তথা প্ৰযুক্তিগত প্ৰগতিৰ বাবে গৱেষণাৰ অতি প্ৰয়োজন।

        বৰ্তমান সময়ত আমাৰ দেশে সমাধান কৰিবলগীয়া কেতবোৰ সামাজিক সমস্যা হৈছে - সকলো নাগৰিকৰ বাবে পৰিষ্কাৰ খোৱা পানী আৰু অনাময় ব্যৱস্থা উপলব্ধ কৰোৱা, গুণগত শিক্ষা আৰু চিকিৎসাসেৱা, সামাজিক ন্যায়, উন্নত যোগাযোগ ব্যৱস্থা, বহনক্ষম বুনিয়াদি সা-সুবিধা, দৰিদ্ৰতা নিবাৰণ, বিশুদ্ধ বায়ু, বিশুদ্ধ শক্তি, জলবায়ুৰ পৰিবৰ্তন আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ। এই সমস্যাবিলাক কেৱল যে উচ্চ পৰ্য্যায়ৰ বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰাহে কৰিব পৰা যাব এনে নহয়; ইবিলাকৰ সমাধানত সমাজ বিজ্ঞান আৰু মানৱতাৰ গভীৰ উপলব্ধি তথা দেশৰ বিভিন্ন সমাজিক সাংষ্কৃতিক কাৰকবোৰৰো যথেষ্ট অৱদান আছে।

      গতিকে এই প্ৰত্যাহ্বানসমূহৰ সামধানৰ বাবে আমাৰ দেশৰ প্ৰতিষ্ঠানবিলাকত আন্তঃবিষয়ক গৱেষণা হোৱাতো অত্যন্ত জৰুৰী; কেৱল আমদানিকৃত গৱেষণালব্ধ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি সমস্যাবিলাকৰ সমাধান সম্ভৱ নহয়। প্ৰধান সামাজিক সমস্যাসমূহৰ বহনক্ষম সমাধানসূত্ৰ বিচাৰি উলিয়াবৰ বাবে বিভিন্ন বিভাগৰ সমন্বয়ত ভাৰতত নিজাকৈ গৱেষণা হোৱাতো অতিকে প্ৰয়োজন। নিজৰ দেশত বিভিন্ন বিভাগৰ সমন্বয়ত হোৱা গৱেষণাৰ সংস্কৃতি থাকিলে একোটা জাতিয়ে বিদেশৰ পৰা আমদানি কৰা গৱেষণালব্ধ জ্ঞানো উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। গোটেই দেশব্যাপি এনেধৰণৰ গৱেষণা হ’বৰ কাৰণে গৱেষণাত কিছু শিথিলতাৰ প্ৰয়োজন, বিশেষকৈ কেৱল ইংৰাজীকে গৱেষণাৰ ভাষা হিচাপে নাৰাখি দেশৰ সকলো স্থানীয় ভাষাতে গৱেষণা হোৱা আৱশ্যক।

          একোটা জাতিৰ বৌদ্ধিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰগতি তথা নাগৰিকৰ উন্নত জীৱন-যাপনৰ বাবে নিৰন্তৰ নতুন নতুন জ্ঞানৰ সৃষ্টি আৰু আহৰণ অত্যন্ত প্ৰয়োজনীয়। নতুন জ্ঞানৰ সৃষ্টি আৰু আহৰণৰ কাৰণে দেশত গৱেষণা প্ৰক্ৰিয়াটোক গতি প্ৰদান কৰিবলৈ এক নতুন ৰাষ্ট্ৰীয় গৱেষণা ন্যাস গঠন কৰা হৈছে। আশা কৰা হৈছে যে বহনক্ষম গৱেষণাৰ যোগেদি দেশৰ অৰ্থনৈতিক প্ৰগতি, সবল নিৰাপত্তা ব্যৱস্থা আৰু সামাজিক বিকাশ নিশ্চিত হ’ব।

দেশত গৱেষণা আৰু উদ্ভাৱনাৰ বাবে বিনিয়োগৰ গতিবিধি:

l  ভাৰতত গৱেষণা আৰু উদ্ভাৱনাৰ কাৰণে কৰা বিনিয়োগৰ পৰিমাণ আন দেশৰ তুলনাত তেনেই নগণ্য। যোৱা দশকত ভাৰতত এই বিনয়োগৰ পৰিমাণ ২০০৮ চনৰ মুঠ ঘৰুৱা উৎপাদনৰ ০.৮৪ শতাংশৰ পৰা ২০১৮ চনত ০.৬৯ শতাংশলৈ হ্ৰাস পায়। আনহাতে ২০১৮ চনত গৱেষণা আৰু উদ্ভাৱনাত কৰা বিনিয়োগ আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ঘৰুৱা উৎপাদনৰ ২.৮%, চীনত ২.১%, ইজৰাইলত ৪.৩% আৰু দক্ষিণ কোৰিয়াত ৪.২%।

 

l  ভাৰতবৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ যি সামান্য অংশ গৱেষণা আৰু উদ্ভাৱনৰ বাবে বছৰি বিনিয়োগ কৰা হয়, তাৰে তুলনামূলকভাৱে নিচেই কম সংখ্যক গৱেষককহে গৱেষণা কাৰ্য্যত সহায় কৰিব পাৰে। ২০১৬-১৭ চনৰ ভাৰতৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি প্ৰতি এক লাখ জনসংখ্যাত ভাৰতত গৱেষকৰ সংখ্যা ১৫ গৰাকী; কিন্তু চীনত এই সংখ্যা ১১১ গৰকী, আমেৰিকা যুক্তৰাষ্ট্ৰত ৪২৩ গৰাকী আৰু ইজৰাইলত ৮২৫ গৰাকী। ভাৰতত ইমান কম সংখ্যকে গৱেষণা সাহায্য লাভ কৰিলে, স্বাভাৱিকতেই গৱেষণাৰ ফলফলো নগণ্য হ’ব।

 

l  ভাৰত পেটেণ্ট উৎপাদনৰ ক্ষেত্ৰতো আন দেশৰ তুলনাত পিছপৰা। ৱৰ্ল্ড ইণ্টেলেক্চুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেচনৰ ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি চীনত পেটেণ্টৰ বাবে দৰ্খাস্ত কৰা হৈছিল ১৩,৮১,৫৮৪ খন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ৬,০৬,৯৫৬ খন; কিন্তু ভাৰতে কৰিছিল মাত্ৰ ৪৬,৫৮২ খন দৰ্খাস্ত। উল্লেখযোগ্য যে ইয়াৰে ৬৮% দৰ্খাস্ত দাখিল কৰিছিল প্ৰৱাসী ভাৰতীয় গৱেষকে।

 

l  গৱেষণা পত্ৰ প্ৰকাশৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতি দেখিবলৈ পোৱা যায়। ২০০৯ চনত ভাৰতে বিশ্বৰ বৈজ্ঞানিক গৱেষণাপত্ৰৰ ৩.১% পৰা ২০১৬ চনত ৪.৮% প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ২০১৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান ন্যাসে কৰা এক সমীক্ষা অনুসৰি আমেৰিকাই বিশ্বৰ গৱেষণা পত্ৰৰ ১৭.৮% আৰু চীনে ১৮.৬% গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। এয়া ২০১৬ চনৰ ভাৰতৰ গৱেষণাপত্ৰ প্ৰকাশৰ সংখ্যাৰ চাৰিগুণ।

 

l  ভাৰতৰ পৰা প্ৰকাশ পোৱা গৱেষণাপত্ৰৰ মানো বিশ্বমানতকৈ নিম্ন খাপৰ। যদিও সংখ্যাৰ ফালৰ পৰা গৱেষণাপত্ৰ প্ৰকাশত ভাৰতৰ স্থান পঞ্চম, কিন্তু গৱেষণাপত্ৰৰ উদ্ধৃতিৰ  দিশৰ পৰা ভাৰতৰ স্থান একাদশ। ভাৰতৰ প্ৰকাশিত মুঠ গৱেষণাপত্ৰৰ মাত্ৰ ১৫.৮% হে প্ৰথম ১০খন উৎকৃষ্ট গৱেষণা পত্ৰিকাত প্ৰকাশ পায়, কিন্তু চীনৰ ২৭.৮% আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৬.২%। মুঠতে ভাৰতৰ গৱেষণা আৰু উদ্ভাৱনাৰ মান বিশ্বৰ গৱেষণা আৰু উদ্ভাৱনাতকৈ বহু পিছপৰা। তদুপৰি আমাৰ এখনো গৱেষণা প্ৰতিষ্ঠান বিশ্বৰ প্ৰথম ১০০ খন গৱেষণা প্ৰতিষ্ঠানৰ তালিকাত নাই। সেইদৰে দুই এটা ব্যতিক্ৰম বাদ দি আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহে উৎপাদন কৰা গৱেষণা কৰ্মীসকলো বিশ্বৰ উৎকৃষ্ট গৱেষণা কৰ্মীসকলৰ সমকক্ষ নহয়।

ৰাষ্ট্ৰীয় শিক্ষানীতিত আলোচিত আৰু ইতিমধ্যে উল্লেখ কৰা কাৰকসমূহৰ বাবেই গৱেষণা আৰু শিক্ষাৰ এক পেছাদাৰী আন্তঃগাঁথনিৰ আৱশ্যক। ইয়াৰ বাবেই বিভিন্ন বিষয়ৰ সমন্বয়ত সকলো উচ্চ শিক্ষানুষ্ঠানতে গৱেষণাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গৱেষণা ন্যাস গঠন কৰা হৈছে। এই ন্যাসৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা গৱেষণা প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱনাৰ এক সংস্কৃতি গঢ়ি তোলা। ৰাষ্ট্ৰীয় গৱেষণা ন্যাস ভাৰতত গৱেষণাৰ ক্ষেত্ৰত থকা সকলো বাধা-বিঘিনি আঁতৰ কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা হৈছে। এই ন্যাসে দেশৰ বৰ্তমান গৱেষণা আৰু উদ্ভাৱনাৰ শক্তিখিনিকে ভিত্তি কৰি সম্প্ৰতিক গৱেষণা আৰু শিক্ষাৰ পৰিবেশটোক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে। নিসন্দেহে এক শক্তিশালী  গৱেষণা তথা শিক্ষাৰ পৰিৱেশ আৰু গৱেষণা আৰু উদ্ভাৱনাৰ সংস্কৃতিয়ে ভাৰতক বিশ্বৰ গৱেষণাৰ ক্ষেত্ৰখনত উল্লেখযোগ্য স্থান লাভ কৰাত সহায় কৰিব।

 

ড
লেখকৰ পৰিচয়

ড° প্ৰাঞ্জল বেজবৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)