৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

|| কালিদাসৰ ৰঘুবংশম্ অধ্যায় ৬ ||

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ৩১ জানুৱাৰী, ২০২৩
৩১ মিনিট পঠন • ২১০৮ বাৰ পঢ়া হৈছে
|| কালিদাসৰ ৰঘুবংশম্ অধ্যায় ৬ ||
ডাঙৰকৈ চাওক (Zoom)

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত



 

 

সয়ম্বৰসভালৈ গৈ কুমাৰ অজই দেখিলে

সাজিকাচি পৃথিৱীৰ ৰজাসকলে মনোজ্ঞ বেশে

শৰীৰত লৈ বিমানচাৰী দেৱতাৰ সৌন্দৰ্য

ৰাজোচিত সিংহাসনত হৈছে উপবিষ্ট ।

 

 

স তত্ৰ মঞ্চেষু মনোজ্ঞবেষান্সিংহাসনস্থানুপচাৰবৎসু |

বৈমানিকানাং মৰুতামপশ্যদাকৃষ্টলীলান্নৰলোকপালান্ || ৬-১||

 

 

ৰতিৰ প্ৰাৰ্থনাত যেন কামদেৱে পুনৰ লভিলে শৰীৰ

তেনে ৰূপ দেখি কাকুৎস্থৰ ৰজাসৱৰ ইন্দুমতীৰ আশা ভাগিল ।

 

 

ৰতেৰ্গৃহীতানুনয়েন কামং প্ৰত্যৰ্পিতস্বাঙ্গমিবেশ্বৰেণ |

কাকুৎস্থমালোকয়তাং নৃপাণাং মনো বভূবেন্দুমতীনিৰাশম্ || ৬-২||

 

 

বিদৰ্ভৰাজে দেখুৱাই দিয়া সুসজ্জিত সোপানেৰে মঞ্চত উঠিল

যেন সৰু সৰু শিলাখণ্ডত ভৰি থৈ সিংহৰ শিশু পৰ্বতৰ চূড়াত উঠিল ।

 

 

বৈদৰ্ভনিৰ্দিষ্টমসৌ কুমাৰঃ কৢপ্তেন সোপানপথেন মঞ্চম্ |

শিলাবিভঙ্গৈৰ্মৃগৰাজশাবস্তুঙ্গং নগোৎসঙ্গমিবাৰুৰোহ || ৬-৩||

 

 

বৰ্ণিল কাপোৰ পৰা ৰত্নময় আসনত তেওঁ বহিল

যেন ৰণৰ দেৱতা গুহ ম’ৰাবাহনত জিলিকি উঠিল ।

 

 

পৰাৰ্ধ্যবৰ্ণাস্তৰণোপপন্নমাসেদিবান্ৰত্নবদাসনং সঃ |

ভূয়িষ্ঠমাসীদুপমেয়কান্তিৰ্ময়ূৰপৃষ্ঠাশ্ৰয়িণা গুহেন || ৬-৪||

 

 

সকলো ৰজাতকৈ তেওঁৰ সৌন্দৰ্য হাজাৰ গুণে জিলিকি উঠিল

চকু ছাট মাৰি ধৰিলে যেন ৰাশি ৰাশি ডাৱৰৰ গাত বিজুলী ।

 

 

তাসু শ্ৰিয়া ৰাজপৰংপৰাসু প্ৰভাবিশেষোদয়দুৰ্নিৰীক্ষ্যঃ |

সহস্ৰধাত্মা ব্যৰুচদ্বিভক্তঃ পয়োমুচাং পঙ্ক্তিষু বিদ্যুতেব || ৬-৫||

 

 

অতীব সুন্দৰ মহাৰ্ঘ আসনত উপবিষ্ট সুসজ্জিত ৰজাসকলৰ মাজত

জিলিকি উঠা ৰঘুনন্দন অজ যেন  কল্পতৰুৰ মাজত পাৰিজাত ।

 

 

তেষাং মহাৰ্হাসনসংস্থিতানামুদাৰনেপথ্যভৃতাং স মধ্যে |

ৰৰাজ ধাম্না ৰঘুসূনুৰেব কল্পদ্ৰুমাণামিব পাৰিজাতঃ || ৬-৬||

 

 

 

 

আন সকলো ৰজাক এৰি নগৰবাসীৰ চকু অজতে ৰৈ গ’ল

যেন ফুলগছ এৰি ভোমোৰা মদস্ৰাৱী বন্যহস্তীৰ কুমস্থলত বহিল ।

 

 

নেত্ৰব্ৰজাঃ পৌৰজনস্য তস্মিন্বিহায় সৰ্বান্নৃপতীন্নিপেতুঃ |

মদোৎকটে ৰেচিতপুষ্পবৃক্ষা গন্ধদ্বিপে বন্য ইব দ্বিৰেফাঃ || ৬-৭||

 

 

 

 

তাৰপিছত অভিজ্ঞ চাৰণে কৰিলে স্তুতিগান বংশমৰ্যাদাৰ

উপস্থিত  একত্ৰিত সূৰ্যবংশী আৰু চন্দ্ৰবংশী ৰজাৰ ।

অগৰু-ধূপৰ ধোঁৱাই বতাহত উৰি চুলেগৈ পতাকা ।

 

 

অথ স্তুতে বন্দিভিৰন্বয়জ্ঞৈঃ সোমাৰ্কবংশ্যে নৰদেবলোকে |

সংচাৰিতে চাগুৰুসাৰয়োনৌ ধূপে সমুৎসৰ্পতি বৈজয়ন্তীঃ || ৬-৮||

 

 

দিগন্তত ভাঁহি উঠিল গুৰু-গম্ভীৰ মংগল শংখধ্বনি

মেঘৰ গৰ্জন ভাবি উপবনত ময়ূৰে ধৰিলে চালি ।

 

 

পুৰোপকণ্টোপবনাশ্ৰয়াণাং কলাপিনামুদ্ধতনৃত্তহেতৌ |

প্ৰধ্মাতশঙ্খে পৰিতো দিগন্তাংস্তূৰ্যস্বনে মূৰ্চ্ছতি মঙ্গলাৰ্থে || ৬-৯||

 

 

 

 

চাৰিজন মানুহে কান্ধত লোৱা দোলাত উঠি

পৰিজন-পৰিয়ালে চৌপাশে আগুৰি

কইনাৰ সাজেৰে সয়ম্বৰা ইন্দুমতী

কৰিলে প্ৰবেশ মণ্ডপৰ ৰাজমাৰ্গৰে আহি ।

 

 

মনুষ্যবাহ্যং চতুৰন্তয়ানমধ্যাস্য কন্যা পৰিবাৰশোভি |

বিবেশ মঞ্চান্তৰৰাজমাৰ্গং পতিংবৰা কৢপ্তবিবাহবেষা || ৬-১০||

 

 

শত শত চকুৰ একমাত্ৰ লক্ষ্য

বিধাতাৰ অপূৰ্ব সৃষ্টি ইন্দুমতী

সকলো ৰজাৰ মন কাষলৈ গ’ল উৰি

আসনত থাকিল মাথোন দেহ পৰি । 

 

 

তস্মিন্বিধানাতিশয়ে বিধাতুঃ কন্যাময়ে নেত্ৰশতৈকলক্ষ্যে |

নিপেতুৰন্তঃকৰণৈৰ্নৰেন্দ্ৰা দেহৈঃ স্থিতাঃ কেবলমাসনেষু || ৬-১১||

 

 

গছৰ আগে কুঁহি মেলি দৃষ্টি আকৰ্ষণ কৰাৰ দৰে

ৰজাবৃন্দই দিলে প্ৰেমৰ আগলিবতৰা বিভিন্ন প্ৰকাৰে ।

 

 

তাং প্ৰত্যভিব্যক্তমনোৰথানাং মহীপতীনাং প্ৰণয়াগ্ৰদূত্যঃ |

প্ৰবালশোভা ইব পাদপানাং শৃঙ্গাৰচেষ্টা বিবিধা বভূবুঃ || ৬-১২||

 

 

এজনে হাতৰ লীলাপদ্ম থাকিল ঘূৰাই

ভোমোৰা গ’ল উৰি গাত লাগি কঁপি উঠা পাপৰি।

মণ্ডলাকৃতিৰে ফুলৰ ৰেণু থাকিল উৰি ।

 

 

কশ্চিৎকৰাভ্যামুপগূঢনালমালোলপত্ৰাভিহতদ্বিৰেফম্ |

ৰজোভিৰন্তঃ পৰিবেষবন্ধি লীলাৰবিন্দং ভ্ৰময়াংচকাৰ || ৬-১৩||

 

 

এজনৰ বিলাসী বস্ত্ৰ গ’ল কান্ধৰ পৰা খহি

বাহুত পিন্ধা ৰত্নখচিত বাজুত লাগিল  ধৰি

ঠিক কৰাৰ ছলেৰে কন্যাক কৰিলে সুন্দৰ মুখভংগী ।

 

 

বিস্ৰস্তমংসাদপৰো বিলাসী ৰত্নানুবিদ্ধাঙ্গদকোটিলগ্নম্ |

প্ৰালম্বমুৎকৃষ্য যথাবকাশং নিনায় সাচীকৃতচাৰুবক্ত্ৰঃ || ৬-১৪||

 

 

আনএজনে তলমূৰ কৰি ভৰিৰ আঙুলিলৈ নমাই চকুৰ দৃষ্টি

সোণৰ পাদদানীত আঁক-বাক কৰিলে নখেৰে কিবাকিবি ।

 

 

আকুঞ্চিতাগ্ৰাঙ্গুলিনা ততোঽন্যঃ কিঞ্চিৎসমাবৰ্জিতনেত্ৰশোভঃ |

তিৰ্যগ্বিসংসৰ্পিনখপ্ৰভেণ পাদেন হৈমং বিলিলেখ পীঠম্ || ৬-১৫||

 

 

 

বাওঁহাতে আসনত ভৰ দি কান্ধ হেলনীয়া কৰি

এজনে বৰকৈ আলাপ কৰিলে বন্ধুৰ সতে

কণ্ঠৰ মালা ওলমি পৰিল বেঁকা হৈ কথা পাতোতে ।

 

 

নিবেশ্য বামং ভুজমাসনাৰ্ধে তৎসংনিবেশাৎ অধিকোন্নতাংসঃ |

কশ্চিদ্বিবৃত্তত্ৰিকভিন্নহাৰঃ সুহৃৎসমাভাষণতৎপৰোঽভূৎ || ৬-১৬||

 

 

প্ৰিয়তমাৰ নিতম্বত আঘাত কৰাত অভ্যস্ত নখেৰে ইংগিতেৰে

প্ৰেয়সীৰ প্ৰিয় কুমলীয়া কেতেকীৰ বগাপাহি ছিঙিলে এক যুৱকে ।

 

 

বিলাসিনীবিভ্ৰমদন্তপত্ৰমপাণ্ডুৰং কেতকবৰ্হমন্যঃ |

প্ৰিয়ানিতম্বোচিতসংনিবেশৈৰ্বিপাটয়ামাস যুবা নখাগ্ৰৈঃ || ৬-১৭||

 

 

এজনে ৰত্নৰ আঙুঠি পিন্ধা আঙুলিৰ ঝলক তুলি 

ধ্বজচিহ্নৰ ৰেখা থকা তামৰঙী পদুমৰ দৰে তলুৱাৰে

অৱলীলাৰে পাশাৰ ঢাল যেন দিলে ।

 

 

কুশেশয়াতাম্ৰতলেন কশ্চিৎকৰেণ ৰেখাধ্বজলাঞ্ছনেন |

ৰত্নাঙ্গুলীয়প্ৰভয়ানুবিদ্ধানুদীৰয়ামাস সলীলমক্ষান্ || ৬-১৮||

 

 

কোনো কোনোৱে নিজৰ ঠাইতে বহি পোণাই ল’লে শিৰৰ কিৰীটি

মুকুটৰ বজ্ৰ-মাণিকৰ প্ৰভাৰে পৰশত যেন ভৰিল আঙুলি ।

 

 

কশ্চিদ্যথাভাগমবস্থিতেঽপি স্বসংনিবেশাদ্ব্যতিলঙ্ঘিনীব |

বজ্ৰাংশুগৰ্ভাঙ্গুলিৰন্ধ্ৰমেকং ব্যাপাৰয়ামাস কৰং কিৰীটে || ৬-১৯||

 

 

ৰজাসকলৰ বংশজ্ঞাত পুৰুষৰ দৰে প্ৰগলভা নিৰাপত্তাৰক্ষী সুনন্দাই

লৈ গ’ল ৰাজকুমাৰীক মগধৰাজৰ কাষলৈ জনাবলৈ পৰিচয় ।

 

 

ততো নৃপাণাং শ্ৰুতবৃত্তবংশা পুংবৎপ্ৰগল্ভা প্ৰতিহাৰৰক্ষী |

প্ৰাক্সংনিকৰ্ষং মগধেশ্বৰস্য নীৎবা কুমাৰীমবদৎসুনন্দা || ৬-২০||

 

 

এৱেই মগধ ৰাজন আশ্ৰয় শৰণাগতৰ স্বভাৱ গম্ভীৰ

প্ৰজাৰঞ্জক ৰজা এওঁ সাৰ্থক তেওঁৰ  নাম পৰন্তপ ।

 

 

অসৌ শৰণ্যঃ শৰণোন্মুখানামগাধসত্ত্বো মগধপ্ৰতিষ্ঠঃ |

ৰাজা প্ৰজাৰঞ্জনলব্ধবৰ্ণঃ পৰংতপো নাম যথাৰ্থনামা || ৬-২১||

 

 

হাজাৰ-বিজাৰ ৰজা থাকিলেও পৃথিৱীৰ সুশাসক এওঁহে

যেন অলেখ গ্ৰহ-তৰা থাকিলেও ৰাতি পোহৰ কৰে জোনেহে ।

 

 

কামং নৃপাঃ সন্তু সহস্ৰশোঽন্যে ৰাজন্বতীমাহুৰনেন ভূমিম্ |

নক্ষত্ৰতাৰাগ্ৰহসংকুলাপি জ্যোতিষ্মতী চন্দ্ৰমসৈব ৰাত্ৰিঃ || ৬-২২||

 

 

সকলো সময়তে অজস্ৰ যাগ-যজ্ঞ কৰে

হাজাৰ নেত্ৰৰ ইন্দ্ৰ তাত থাকে উপস্থিত

ফলত দীৰ্ঘদিন পিন্ধা নাই মন্দাৰ ফুল

শশীৰ শেঁতা মুখত পৰি থকা আউল-বাউল চুলিত।

 

 

ক্ৰিয়াপ্ৰবন্ধাদয়মধ্বৰাণামজস্ৰমাহূতসহস্ৰনেত্ৰঃ |

শচ্যাশ্চিৰং পাণ্ডুকপোললম্বান্মন্দাৰশূন্যানলকাংশ্চকাৰ || ৬-২৩||

 

 

এওঁক তুমি পাণিগ্ৰহণ কৰিলে নগৰী প্ৰবেশৰ সময়ত

ৰাজপ্ৰাসাদৰ খিৰিকিৰে ৰৈ ৰৈ চাব পাটলিপুত্ৰৰ সুন্দৰীগণে

সকলোকে কৰিবা আনন্দ প্ৰদান তোমাক সচ্চক্ষে দেখাৰ।

 

 

অনেন চেদিচ্ছসি গৃহ্যমাণং পাণিং বৰেণ্যেন কুৰু প্ৰবেশে |

প্ৰাসাদবাতায়নসংস্থিতানাং নেত্ৰোৎসবং পুষ্পপুৰাঙ্গনানাম্ || ৬-২৪||

 

 

সুনন্দাৰ কথা শুনি তন্বী সুন্দৰীয়ে নুবুলিলে সামান্য বচন

মধুফুল-দূবৰিৰ মালা কিঞ্চিৎ নমাই নীৰস চকুৰে চাই কৰিলে প্ৰণাম ।

 

 

এবং তয়োক্তে তমবেক্ষ্য কিংচিদ্বিস্ৰংসিদূৰ্বাঙ্কমধূকমালা |

ঋজুপ্ৰণামক্ৰিয়য়ৈব তন্বী প্ৰত্যাদিদেশৈনমভাষমাণা || ৬-২৫||

 

 

বতাহত ওফন্দি উঠা ঢৌৱে যিদৰে

মানস সৰোবৰৰ ৰাজহংসক উটুৱাই নিয়ে

এপাহ পদুমৰ পৰা আন এপাহ পদুমৰ কাষলৈ

বেত্ৰধাৰী ৰক্ষী সুনন্দাই ৰাজকুমাৰীক লৈ গ’ল অন্য ৰজাৰ সমুখলৈ ।

 

 

তাং সৈব বেত্ৰগ্ৰহণে নিয়ুক্তা ৰাজান্তৰং ৰাজসুতাং নিনায় |

সমীৰণোত্থেব তৰংগৰেখা পদ্মান্তৰং মানসৰাজহংসীম্ || ৬-২৬||

 

 

সুনন্দাই ক’লে ৰাজকুমাৰীক এওঁ অংগদেশৰ ৰজা

যাৰ যৌবনশ্ৰী পাবলৈ দেৱনাৰীয়েও কৰে প্ৰাৰ্থনা

 প্ৰসিদ্ধ মাউতে প্ৰশিক্ষণ দিয়ে এওঁৰ হস্তীবাহিনীক

ইন্দ্ৰৰ স্বৰ্গসুখ ভোগ কৰে বাস কৰিও পৃথিৱীত ।

 

 

জগাদ চৈনাময়মঙ্গনাথঃ সুৰাঙ্গনাপ্ৰাৰ্থিতয়ৌবনশ্ৰীঃ |

বিনীতনাগঃ কিল সূত্ৰকাৰৈৰৈন্দ্ৰং পদং ভূমিগতোঽপি ভুংক্তে || ৬-২৭||

 

 

মুকুতাৰ দৰে চকুলোৰ টোপাল সৰাই শত্ৰুৰ নাৰীৰ বক্ষত

যেন পিন্ধাই দিয়ে সূতাবিহীন মুকুতাৰ হাৰ ।

 

 

অনেন পৰ্যাসয়তাশ্ৰুবিন্দূন্মুক্তাফলস্থূলতমান্স্তনেষু |

প্ৰত্যৰ্পিতাঃ শত্ৰুবিলাসিনীনামুন্মুচ্য সূত্ৰেণ বিনৈব হাৰাঃ || ৬-২৮||

 

 

যদিও লক্ষ্মী আৰু সৰস্বতী বাস কৰে বেলেগে

এওঁৰ সৈতে দুয়ো বসতি কৰে একেলগে ।

হে কল্যাণী ! ৰূপহী আৰু মধুৰভাষিণী তুমি

হ’বৰ যোগ্যা তেওঁলোকৰ তৃতীয়া সপত্নী ।

 

 

নিসৰ্গভিন্নাস্পদমেকসংস্থমস্মিন্দ্বয়ং শ্ৰীশ্চ সৰস্বতী চ |

কান্ত্যা গিৰা সূনৃতয়া চ যোগ্যা তৎবমেব কল্যাণি তয়োস্তৃতীয়া || ৬-২৯||

 

 

অংগৰাজৰ পৰা দৃষ্টি আঁতৰাই ক’লে, আগলৈ ব’লা -

এনে নহয় তেওঁ  নাছিল সুদৰ্শন

এনে নহয় ইন্দুমতীৰ ভাল নাছিল পচন্দ

পিছে ব্যক্তিভেদে হয়েই ৰুচি ভিন্ন।

 

 

অথাঙ্গৰাজদবতাৰ্য চক্ষুৰ্যাহীতি জন্যামবদৎকুমাৰী |

নাসৌ ন কাম্যো ন চ বেদ সম্যগ্দ্ৰষ্টুং ন সা ভিন্নৰুচিৰ্হি লোকঃ || ৬-৩০||

 

 

তাৰপিছত দ্বাৰৰক্ষীয়ে ইন্দুমতীক এক ৰজাক দেখুৱালে

শত্ৰুৰ বাবে দুঃসহ আৰু সুন্দৰ সদ্যউদিত জোনৰ দৰে ।

ততঃ পৰং দুঃপ্ৰসহং দ্বিষদ্ভিৰ্নৃপং নিয়ুক্তা প্ৰতিহাৰভূমৌ |

নিদৰ্শয়ামাস বিশেষদৃশ্যমিন্দুং নবোত্থানমিবেন্দুমত্যৈ || ৬-৩১||

 

 

অবন্তীৰাজ এওঁ সুদীৰ্ঘ বাহু বহল বুকু আৰু সৰু সুগোল ককাল

শৰীৰ  বিশ্বকৰ্মাৰ চক্ৰাকাৰ শানত গঢ়া সূৰুযৰ দৰে দীপ্তমান। 

 

 

অবন্তিনাথোঽযমুগ্ৰবাহুৰ্বিশালবক্ষাস্তনুবৃত্তমধ্যঃ |

আৰোপ্য চক্ৰভ্ৰমমুষ্ণতেজাস্ত্বষ্ট্ৰেব যত্নোল্লিখিতো বিভাতি || ৬-৩২||

 

 

এই ৰাজনে যেতিয়া তিনিশক্তি সহ যুদ্ধযাত্ৰা কৰে

স্বয়ং গৈ পোৱাৰ আগতেই

অশ্বখুৰাৰ ধূলিয়ে সামন্তৰজাৰ মুকুটৰ মণি প্ৰভাহীন কৰে।

 

 

অস্য প্ৰয়াণেষু সমগ্ৰশক্তেৰগ্ৰেসৰৈৰ্বাজিভিৰুত্থিতানি |

কুৰ্বন্তি সামন্তশিখামণীনাং প্ৰভাপ্ৰৰোহাস্তময়ং ৰজাংসি || ৬-৩৩||

 

 

এওঁৰ বাসস্থান জটাত চন্দ্ৰধাৰী শিৱৰ মহাকাল মন্দিৰৰ কাষতে

সেয়ে কৃষ্ণপক্ষতো জোনাক উপভোগ কৰে প্ৰেয়সীসৱৰ সতে।

 

 

অসৌ মহাকালনিকেতনস্য বসন্নদূৰে কিল চন্দ্ৰমৌলেঃ |

তমিস্ৰপক্ষেঽপি সহপ্ৰিয়াভিৰ্জ্যোৎস্নাবতো নিৰ্বিশতি প্ৰদোষান্ || ৬-৩৪||

 

 

হে সুন্দৰী ৰম্ভোৰু, বিহাৰ কৰিব খোজা নেকি এই ৰজাৰ সতে

শিপ্ৰা নদীৰ ঢৌত স্নাত বতাহত কঁপি উঠা উদ্যানবোৰত ?

 

 

অনেন যূনা সহ পাৰ্থিবেন ৰম্ভোৰু কচ্চিন্মনসো ৰুচিস্তে |

সিপ্ৰাতৰংগানিলকম্পিতাসু বিহৰ্তুমুদ্যানপৰংপৰাসু || ৬-৩৫||

 

 

অৱন্তীনাথ যেন সূৰ্য সখি পদুমক ফুলাই শতৰু বোকা শুকুৱায়

পছন্দ নকৰাৰ দৰে ভেঁটফুলে বেলিক

বন্ধুবৎসল শত্ৰুনাশী অৱন্তীনাথৰ প্ৰতি

সুকুমাৰী ইন্দুমতীয়ে অনুভৱ নকৰিলে প্ৰীতি ।

 

 

তস্মিন্নভিদ্যোতিতবন্ধুপদ্মে প্ৰতাপসংশোষিতশত্ৰুপঙ্কে |

ববন্ধ সা নোত্তমসৌকুমাৰ্যা কুমুদ্বতী ভানুমতীব ভাবম্ || ৬-৩৬||

ইন্দুমতী কন্যা পাহি যেন পদুমৰ

সৰ্বগুণসম্পন্না তপ্তকাঞ্চন বৰণৰ

অনুপম সৃষ্টি বিধাতাৰ 

সুনন্দাই নিলে সমুখলৈ  অনুপৰাজৰ ।

 

 

তামগ্ৰতস্তামৰসান্তৰাভামনূপৰাজস্য গুণৈৰনূনাম্ |

বিধায় সৃষ্টিং ললিতাং বিধাতুৰ্জগাদ ভূয়ঃ সুদতীং সুনন্দা || ৬-৩৭||

 

 

কাৰ্তবীৰ্য নামেৰে আছিল এক ৰাজন

নৃপতিৰ নামত সঁচাই অসাধাধাৰণ ।

সংগ্ৰামৰ সময়ত  সহস্ৰ বাহু কৰে ধাৰণ

ওঠৰটা দ্বীপত কৰিছিল যজ্ঞৰ বলিশাল(যূপকাষ্ঠ) স্থাপন ।

 

 

সংগ্ৰামনিৰ্বিষ্টসহস্ৰবাহুৰষ্টাদশদ্বীপনিখাতয়ূপঃ |

অনন্যসাধাৰণৰাজশব্দো বভূব যোগী কিল কাৰ্তবীৰ্যঃ || ৬-৩৮||

 

 

অকাৰ্যৰ চিন্তা কোনোবাই কৰিলেই ধনু হাতত লৈ হয় উপস্থিত

মনত ভিতৰতে চিন্তা অপৰাধকো সুশিক্ষাৰে কৰে নিবৃত্ত ।

 

 

অকাৰ্যচিন্তা সমকালমেব প্ৰাদুৰ্ভবংশ্চাপধৰঃ পুৰস্তাৎ |

অন্তঃশৰীৰেষ্বপি যঃ প্ৰজানাং প্ৰত্যাদিদেশাবিনয়ং বিনেতা || ৬-৩৯||

 

 

ইন্দ্ৰক বিজয়ী লংকেশ্বৰকো তেওঁ কাৰাগাৰত থ’লে ধনুৰ গুণেৰে বান্ধি

দহখনমুখেৰে ঘন শ্বাস ল’লেও নিদিলে মুক্তি নোপোৱালৈকে সন্তুষ্টি ।

 

 

জ্যাবন্ধনিষ্পন্দভুজেন যস্য বিনিঃশ্বসদ্বক্ত্ৰপৰংপৰেণ |

কাৰাগৃহে নিৰ্জিতবাসবেন লঙ্কেশ্বৰেণোষিতমা প্ৰসাদাৎ || ৬-৪০||

 

 

তেওঁৰ বংশজাত এওঁৰ নাম প্ৰতীপ অনুৰাগী জ্ঞানীজনৰ

দৃঢ়তাৰে কৰিছিল প্ৰশ্ৰয়ত উৎপন্ন শ্ৰীৰ (সম্পদৰ) চঞ্চল স্বভাৱ দূৰ ।

 

 

তস্যান্বয়ে ভূপতিৰেষ জাতঃ প্ৰতীপ ইত্যাগমবৃদ্ধসেবী |

যেনঃ শ্ৰিয়ঃ সংশ্ৰয়দোষৰূঢং স্বভাবলোলেত্যয়শং প্ৰমৃষ্টম্ || ৬-৪১||

 

 

 

 

যুঁজৰ বেলিকা অগ্নিদেৱ এওঁৰ সহায়ৰ হাত

পদুমপাতৰ পৰশৰ দৰে সহিছিল

ক্ষত্ৰিয়কুলৰ কালৰাতি যেন

পৰশুৰামৰ কুঠাৰৰ শাণিত আঘাত ।

 

 

আয়োধনে কৃষ্ণগতিং সহায়মবাপ্য যঃ ক্ষত্ৰিয়কালৰাত্ৰিম্ |

ধাৰাং শিতাং ৰামপৰশ্বধস্য সংভাবয়ত্যুৎপলপত্ৰসাৰাম্ || ৬-৪২||

 

 

যদি চাব খোজা তুমি

মাহিষ্মতী নগৰীৰ প্ৰাচীৰক কঁকালৰ বস্ত্ৰ হৈ আগুৰি থকা ৰেবা নদী

যাৰ জলপ্ৰবাহ যেন লহৰ তোলা ধুনীয়া বেণী

তেন্তে হ’ব পাৰা আজানুলম্বিত এই ৰজাৰ অংকশায়িনী ।

 

 

অস্যাঙ্কলক্ষ্মীৰ্ভব দীৰ্ঘবাহোৰ্মাহিষ্মতীবপ্ৰনিতম্বকাঞ্চীম্ |

প্ৰাসাদজালৈৰ্জলবেণিৰম্যাং ৰেবাং যদি প্ৰেক্ষিতুমস্তি কামঃ || ৬-৪৩||

 

 

ৰূপহ কোঁৱৰ যদিও পছন্দ নহ’ল ইন্দুমতীৰ

শৰতৰ মেঘহীন আকাশৰ পূৰ্ণচন্দ্ৰতো যিদৰে মন নভৰে পদুমৰ।

 

 

তস্যাঃ প্ৰকামং প্ৰিয়দৰ্শনোঽপি ন স ক্ষিতীশো ৰুচয়ে বভূব |

শৰৎপ্ৰমৃষ্টাম্বুধৰোপৰোধঃ শশীব পৰ্যাপ্তকলো নলিন্যাঃ || ৬-৪৪||

 

 

তেতিয়া অন্তঃপুৰৰক্ষিকাই ক’লে কথা শূৰসেনৰাজ সুষেণৰ

দেশ-দেশান্তৰে যাৰ কীৰ্তি প্ৰচাৰিত

সজ আচৰণত যি দুইকুলৰে যেন প্ৰদীপ ।

 

সা শূৰসেনাধিপতিং সুষেণমুদ্দিশ্য লোকান্তৰগীতকীৰ্তিম্ |

আচাৰশুদ্ধোভয়বংশদীপং শুদ্ধান্তৰক্ষ্যা জগদে কুমাৰী || ৬-৪৫||

 

 

মুনিৰ আশ্ৰমত যিদৰে বিৰোধিতা এৰি সিংহ-গৰু একত্ৰে থাকে

নীপবংশজ এই ৰজাৰ যজ্ঞপৰায়ণতা আৰু পাৰ্থিৱগুণে

স্বাভাৱিক পৰস্পৰবিৰোধী গুণৰ দ্বন্দ্ব এৰিছে ।

 

 

নীপান্বয়ঃ পাৰ্থিব এষ যজ্বা গুণৈৰ্যমাশ্ৰিত্য পৰস্পৰেণ |

সিদ্ধাশ্ৰমং শান্তমিবেত্য সত্ত্বৈৰ্নৈসৰ্গিকোঽপ্যুৎসসৃজে বিৰোধঃ || ৬-৪৬||

এওঁৰ আপোন প্ৰাসাদত চন্দ্ৰমাৰ নয়নাভিৰাম শোভা জিলিকে

শতৰুৰ নগৰত এওঁৰ দুঃসহ পৰাক্ৰমত অট্টালিকাত বন গজে ।

 

 

যস্যাত্মগেহে নয়নাভিৰামা কান্তিৰ্হিমাংশোৰিব সংনিবিষ্টা |

হৰ্ম্যাগ্ৰসংৰূঢতৃণাংকুৰেষু তেজোঽবিষহ্যং ৰিপুমন্দিৰেষু || ৬-৪৭||

 

 

মথুৰাৰ কাষৰ যমুনাত এওঁ যেতিয়া জলবিহাৰ কৰে

অন্তেষপুৰৰ সুন্দৰীসকলৰ পানী মিহলি হোৱা বুকুৰ চন্দনে

ক’লা যমুনাৰ পানী গংগাজলৰ ঢৌৰ দৰে শুভ্ৰ কৰি তোলে।

 

 

যস্যাবৰোধস্তনচন্দনানাং প্ৰক্ষালনাদ্বাৰিবিহাৰকালে |

কলিন্দকন্যা মথুৰাং গতাপি গঙ্গোৰ্মিসংসক্তজলেব ভাতি || ৬-৪৮||

 

 

গৰুড়ৰ ভয়ত পলাওতে কালীনাগে যমুনাৰ তীৰত পেলাই গৈছিল মস্তকমণি

সেই মণি বুকুৰ হাৰত পিন্ধি উজলিছে তেওঁ কৌস্তুভধাৰী কৃষ্ণতকৈও  বেছি ।

 

 

ত্ৰস্তেন তাৰ্ক্ষ্যাৎকিল কালিয়েন মণিং বিসৃষ্টং যমুনৌকসা যঃ |

বক্ষঃস্থলব্যাপিৰুচং দধানঃ সকৌস্তুভং হ্ৰেপয়তীব কৃষ্ণম্ || ৬-৪৯||

 

 

হে সুন্দৰী, উপভোগ কৰা তোমাৰ যৌবনশ্ৰী এওঁক কৰি বৰণ

বৃন্দাবনৰ কুঁহিপাত আৰু ফুলেৰে সজ্জিত কুঞ্জবনৰ শয্যাত

যি কুবেৰৰ উপবন চৈত্ৰৰথতকৈ কোনোগুণে নহয় কম ।

 

 

সংভাব্য ভৰ্তাৰমমুং যুবানং মৃদুপ্ৰবালোত্তৰপুষ্পশয়্যে |

বৃন্দাবনে চৈত্ৰৰথাদনূনে নিৰ্বিশ্যতাং সুন্দৰি যৌবনশ্ৰীঃ || ৬-৫০||

 

 

সিক্ত পাহাৰীয়া ফলৰ সুবাস সনা শিলাখণ্ডত বহি গোবৰ্ধনৰ

ময়ুৰীৰ নাচ চাবা গুহাই গুহাই  ঋতুত বাৰিষাৰ ।

 

 

অধ্যাস্য চাম্ভঃপৃষতোক্ষিতানি শৈলেয়গন্ধীনি শিলাতলানি |

কলাপিনাং প্ৰাবৃষি পশ্য নৃত্যং কান্তাসু গোবৰ্ধনকন্দৰাসু || ৬-৫১||

 

 

সেই ৰজাক বাদ দি নদীৰ সোঁতৰ ঘূৰ্ণীৰ দৰে সুন্দৰ নাভিৰ কন্যাই

মুখ ঘূৰাই গুচি গ’ল স্ৰোতস্বিনী নদীয়ে যিদৰে পাহাৰ এৰি যায় সাগৰ ধিয়াই ।

 

নৃপং তমাবৰ্তমনোজ্ঞনাভিঃ সা ব্যত্যগাদন্যবধূৰ্ভবিত্ৰী |

মহীধৰং মাৰ্গবশাদুপেতং স্ৰোতোবহা সাগৰগামিনীব || ৬-৫২||

 

 

ন-জোনৰ দৰে হেমাংগদ নামে কলিংগৰ ৰজা

হাতত পিন্ধিছিল কেয়ূৰ-কংকণ ধুনীয়া। 

তেওঁ কৰিছিল শত্ৰুকুলক বিনাশ

অংগৰক্ষকে ক’লে পূৰ্ণিমাৰ জোন যেন কন্যাক ।

 

 

অথাঙ্গদালিষ্টভুজং ভুজিষ্যা হেমাঙ্গদং নাম কলিঙ্গনাথম্ |

আসেদুষীং সাদিতশত্ৰুপক্ষং বালামবালেন্দুমুখীং বভাষে || ৬-৫৩||

 

 

মহেন্দ্ৰ পৰ্বতৰ সমান শক্তিসম্পন্ন অধিপতি মহেন্দ্ৰ পৰ্বত আৰু সমুদ্ৰৰ

মদধাৰাবৰ্ষী হাতীৰ দল আগে-পিছে যায় সময়ত যুদ্ধযাত্ৰাৰ।

 

 

অসৌ মহেন্দ্ৰাদিসমানসাৰঃ পতিৰ্মহেন্দ্ৰস্য মহোদধেশ্চ |

যস্য ক্ষৰৎসৈন্যগজচ্ছলেন যাত্ৰাসু যাতীব পুৰো মহেন্দ্ৰঃ || ৬-৫৪||

 

 

অগ্ৰণী ধনুৰ্দ্ধৰ এওঁৰ সুন্দৰ বিশাল বাহুত গুণৰ ৰেখা দুটি

শত্ৰুৰ বন্দিনী ৰাজলক্ষ্মীৰ যেন কাজল মিহলি চকুপানী ।

 

 

জ্যাঘাতৰেখে সুভুজো ভুজাভ্যাং বিভৰ্তি যশ্চাপভৃতাং পুৰোগঃ |

ৰিপুশ্ৰিয়াং সাঞ্জনবাষ্পসেকে বন্দীকৃতানামিব পদ্ধতী দ্বে || ৬-৫৫||

 

 

ৰজা নিজৰ কোঠাত শুই থাকিলে সমুদ্ৰৰ গৰ্জনে জগাই

তল পেলাই প্ৰত্যুষৰ তূৰ্যধ্বনি

প্ৰাসাদৰ খিৰিকিৰ পৰাই সাগৰৰ ঢৌ লেখিব পাৰি ।

 

 

যমাত্মনঃ সদ্মনি সংনিকৃষ্টো মন্দ্ৰধ্বনিত্যাজিতয়ামতূৰ্যঃ |

প্ৰাসাদবাতায়নদৃশ্যবীচিঃ প্ৰবোধয়ত্যৰ্ণব এব সুপ্তম্ || ৬-৫৬||

 

 

তালবনৰ পাতৰ ধ্বনিত মুখৰিত সমুদ্ৰ-তীৰত এওঁৰ সৈতে বিহাৰ কৰিলে তুমি

ক্লান্তিৰ ঘাম মচি কোনোবা দ্বীপৰ লবংগফুলৰ ৰেণু বতাহে আনি দিবহি সানি ।

 

 

অনেন সাৰ্ধং বিহৰাম্বুৰাশেস্তীৰেষু তালীবনমৰ্মৰেষু |

দ্বীপান্তৰানীতলবঙ্গপুষ্পৈৰপাকৃতস্বেদলবা মৰুদ্ভিঃ || ৬-৫৭||

এইদৰে যদিও প্ৰয়াস কৰিলে আকৃষ্ট কৰা

বিদৰ্ভৰাজৰ ৰূপহী ভগ্নী আঁতৰিল তেওঁৰ পৰা

যিদৰে ৰাজলক্ষ্মী নৰয় অনেক চেষ্টাৰ পিছতো

দৈৱ বিপৰীত হ’লে পৰম কুশলীজনৰো ।

 

 

প্ৰলোভিতাপ্যাকৃতিলোভনীয়া বিদৰ্ভৰাজাবৰজা তয়ৈবম্ |

তস্মাদপাবৰ্তত দূৰকৃষ্টা নীত্যেব লক্ষ্মীঃ প্ৰতিকূলদৈবাৎ || ৬-৫৮||

 

 

 

 

ইয়াৰ পিছতে দেৱদৰ্শন উৰগপুৰৰ ৰজাৰ কাষলৈ দ্বাৰৰক্ষীয়ে নিলে

হে সুন্দৰনয়নী এইফালে চোৱা বুলি সমুখলৈ আনি আগৰ দৰেই ক’লে ।

(উৰগ+পুৰ - নাগ+পুৰ)

 

 

অথোৰগাখ্যস্য পুৰস্য নাথং দৌবাৰিকী দেবসৰূপমেত্য |

ইতশ্চকোৰাক্ষি বিলোকয়েতি পূৰ্বানুশিষ্টাং নিজগাদ ভোজ্যাম্ || ৬-৫৯||

 

 

কান্ধত ওলমিছে মালা এওঁৰ পাণ্ড্য নাম 

বাহুত হৰিচন্দনেৰে কৰিছে প্ৰসাধন ।

উদিত সূৰ্যৰ ৰক্তিম আভা সনা

জলপ্ৰপাতেৰে সজ্জিত হিমাচ্ছাদিত পৰ্বতৰ দৰে এওঁৰ শোভা ।

 

 

পাণ্ড্যোঽযমংসাৰ্পিতলম্বহাৰঃ কৢপ্তাঙ্গৰাগো হৰিচন্দনেন |

আভাতি বালাতপৰক্তসানুঃ সনিৰ্ঝৰোদ্গাৰ ইবাদ্ৰিৰাজঃ || ৬-৬০||

 

 

বিন্ধ্যক সূৰুজৰ পথ ভেটাৰ পৰা স্তব্ধ কৰা

সমুদ্ৰক শুহি পুনৰ ভৰাই তোলা অগস্ত্যমুনিয়ে

স্নেহেৰে সোধেহি কুশল বাৰ্তা

যশস্বী ৰজাৰ অশ্বমেধ সমাপ্তিৰ স্নানৰ বেলিকা ।

 

বিন্ধ্যস্য সংস্তম্ভয়িতা মহাদ্ৰেৰ্নিঃশেষপীতোজ্ঝিতসিন্ধুৰাজঃ |

প্ৰীত্যাশ্বমেধাবভৃথাৰ্দ্ৰমূৰ্তেঃ সৌস্নাতিকো যস্য ভবত্যগস্ত্যঃ || ৬-৬১||

 

 

যিহেতু অস্ত্ৰলাভ কৰিছিল মহাদেৱৰ পৰা

অভিমানী লংকাধিপতি যাওতে উত্তৰলৈ ইন্দ্ৰলোক জয়ৰ বাবে

জনস্থান অধিকাৰ কৰাৰ আশংকাত সন্ধি কৰি গৈছিল এওঁৰ সৈতে ।

 

 

অস্ত্ৰং হৰাদাপ্তবতা দুৰাপং যেনেন্দ্ৰলোকাবজয়ায় দৃপ্তঃ |

পুৰা জনস্থানবিমৰ্দশঙ্কী সংধায় লঙ্কাধিপতিঃ প্ৰতস্থে || ৬-৬২||

 

 

তোমাৰ পাণিগ্ৰহণ কৰিলে নৃপতিয়ে এই মহান কুলৰ

সাম্ৰাজ্যৰ সমুদ্ৰই আবৰা ৰত্নময় দক্ষিণ দিশ সতিনী হ’ব তোমাৰ ।

 

 

অনেন পাণৌ বিধিবদ্গৃহীতে মহাকুলীনেন মহীব গুৰ্বী |

ৰত্নানুবিদ্ধাৰ্ণবমেখলায়া দিশঃ সপত্নী ভব দক্ষিণস্যাঃ || ৬-৬৩||

 

 

সুশোভিত পাণলতাই মেৰাই ধৰা তামোলগছৰ তলত

আৰু চন্দনগছক মেৰাই ধৰা ইলাছিলতাৰ মাজত

মাটিত মেলি দিয়া তামোলৰ পাতৰ আস্তৰণত

মলয় দেশৰ ৰাণী হৈ ৰমন কৰাৰ ইচ্ছা তোমাৰ হওক ।

 

 

তাম্বূলবল্লীপৰিণদ্ধপূগাস্বেলালতালিঙ্গিতচন্দনাসু |

তমালপত্ৰাস্তৰণাসু ৰন্তুং প্ৰসীদ শশ্বন্মলয়স্থলীষু || ৬-৬৪||

 

 

এই ৰাজন নীলা পদুম যেন শ্যাম ৰঙৰ

উজ্জল অগ্নিবৰণৰ তোমাৰ সুন্দৰ শৰীৰ

ডাৱৰ আৰু বিজুলীয়ে ইজনে সিজনৰ বঢ়োৱাৰ দৰে ৰহন

তোমালোকৰ মিলনেও কৰিব পৰস্পৰৰ শোভাবৰ্ধন ।

 

 

ইন্দীবৰশ্যামতনুৰ্নৃপোঽসৌ তৎবং ৰোচনাগৌৰশৰীৰয়ষ্টিঃ |

অন্যোন্যশোভাপৰিবৃদ্ধয়ে বাং যোগস্তডিত্তোয়দয়োৰিবাস্তু || ৬-৬৫||

 

 

দ্বাৰৰক্ষীৰ এই উপদেশ মনে নধৰিল বিদৰ্ভৰ ৰাজকন্যাৰ

বেলি মাৰ গ’লে জাপ যোৱা পদুমত নোসোমায় যেন জোনৰ কিৰণ ।

 

 

স্বসুৰ্বিদৰ্ভাধিপতেস্তদীয়ো লেভেঽন্তৰং চেতসি নোপদেশঃ |

দিবাকৰাদৰ্শনবদ্ধকোশে নক্ষত্ৰনাথাংশুৰিবাৰবিন্দে || ৬-৬৬||

 

 

ৰাতিৰ ৰাজপথত গৈ থকা পোহৰ পাৰ হৈ গ’লে

পথৰ দুকাষে এৰি যোৱা অট্টালিকা যিদৰে অন্ধকাৰ হয়,

যিসকল ৰজাৰ আগেৰে পাৰহৈ গ’ল স্বয়ম্বৰা ইন্দুমতী

তেওঁলোকৰ মুখো তেনেকৈয়ে বিবৰ্ণ হৈ ৰ’ল  ।

 

 

 

সংচাৰিণী দীপশিখেব ৰাত্ৰৌ যং যং ব্যতীয়ায় পতিংবৰা সা |

নৰেন্দ্ৰমাৰ্গাট্ট ইব প্ৰপেদে বিবৰ্ণভাবং স স ভূমিপালঃ || ৬-৬৭||

 

 

ৰাজকুমাৰী সমুখলৈ আহিলত বৰণ কৰিবনে মোক

তাকে ভাবি ৰঘুৰ নন্দন অজৰ মন ব্যাকুল হ’ল ।

সোঁ-বাহুত বন্ধা কেয়ূৰৰ ঘন ঘন স্পন্দনত

মনৰ শংকা পিছে সকলো দূৰ হ’ল ।

 

 

তস্যাং ৰঘোঃ সূনুৰুপস্থিতায়াং বৃণীত মাং নেতি সমাকুলোঽভূৎ |

বামেতৰঃ সংশয়মস্য বাহুঃ কেয়ূৰবন্ধোচ্ছ্বসিতৈৰ্নুনোদ || ৬-৬৮||

 

 

সেই সৰ্বাংগসুন্দৰ ক্ষত্ৰিয় ৰাজপুত্ৰৰ কাষত ৰৈ গ’ল কুমাৰী

ভোমাৰাৰ জাক যেন ফুলি থকা আমগছৰ পৰা নাযায় অন্যলৈ উৰি ।

 

 

তং প্ৰাপ্য সৰ্বাবয়বানবদ্যং ব্যাবৰ্ততান্যোপগমাৎকুমাৰী |

ন হি প্ৰফুল্লং সহকাৰমেত্য বৃক্ষান্তৰং কাঙ্ক্ষতি ষট্পদালী || ৬-৬৯||

 

 

দেখিলে মনেচিতে ডুবিল জোনৰ পোহৰ যেন ইন্দুমতী

সবিস্তাৰে ক’বলৈ আৰম্ভ কৰিলে সুনন্দা বাকপটীয়সী ।

 

 

তস্মিন্সমাবেশিতচিত্তবৃত্তিমিন্দুপ্ৰভামিন্দুমতীমবেক্ষ্য |

প্ৰচক্ৰমে বক্তুমনুক্ৰমজ্ঞা সবিস্তৰং বাক্যমিদং সুনন্দা || ৬-৭০||

 

 

ইক্ষ্বাকু বংশত জন্ম হৈছিল ককুৎস্থ নামৰ সৰ্বোত্তম ৰাজন

ৰজাবৰ্গৰ মাজত নাছিল এনে উচ্চ আৰু চক্ৰৱৰ্তী লক্ষণ

তেওঁৰ নামেৰেই পৰৱৰ্তী কোশল ৰাজন্যৰ হ’ল ককুৎস্থ নাম ।

 

 

ইক্ষ্বাকুবংশ্যঃ ককুদং নৃপাণাং ককুৎস্থ ইত্যাহিতলক্ষণোঽভূৎ |

কাকুৎস্থশব্দং যত উন্নতেচ্ছাঃ শ্লাঘ্যং দধত্যুত্তৰকোসলেন্দ্ৰাঃ || ৬-৭১||

 

 

যুঁজত ইন্দ্ৰৰ বৃষভ ৰূপত আৰোহন কৰি শিৱৰ ভংগীৰে কৰে বাণবৰ্ষণ

চকুৰ পানীয়ে তিয়াই গাল অসুৰ-ৰমণীৰ ধুই নিয়ে পত্ৰলেখা।

 

 

 

 

মহেন্দ্ৰমাস্থায় মহোক্ষৰূপং যঃ সংযতি প্ৰাপ্তপিনাকিলীলঃ |

চকাৰ বাণৈৰসুৰাঙ্গনানাং গণ্ডস্থলীঃ প্ৰোষিতপত্ৰলেখাঃ || ৬-৭২||

 

 

ঐৰাৱতৰ আস্ফালনত আৰোহী দুয়োৰে বাহু ঘঁহনি খাই বিচ্যুত হয় কেয়ূৰ

দেৱৰাজ সৰগৰ সিংহাসনত থাকিলেও আসনৰ আধা ককুৎস্থৰ ।

 

 

ঐৰাবতস্ফালনবিশ্লথং যঃ সংঘট্টয়ন্নঙ্গদমঙ্গদেন |

উপেয়ুষঃ স্বামপি মূৰ্তিমগ্ৰ্যামৰ্ধাসনং গোত্ৰভিদোঽধিতষ্ঠৌ || ৬-৭৩||

 

 

কুলৰ প্ৰদীপ কীৰ্তিমান ৰজা দিলীপৰ তেওঁৰ বংশতে জন্ম

নিৰান্নবৈটি অশ্বমেধ কৰি ইন্দ্ৰৰ ঈৰ্ষাত সামৰিছিল শততম যজ্ঞ ।

 

 

জাতঃ কুলে তস্য কিলোৰুকীৰ্তিঃ কুলপ্ৰদীপো নৃপতিৰ্দিলীপঃ |

অতিষ্ঠদেকোনশতক্ৰতুৎবে শক্ৰাভ্যসূয়াবিনিবৃত্তয়ে যঃ || ৬-৭৪||

 

 

তেওঁ যেতিয়া কৰিছিল পৃথিৱী শাসন

নৰ্ত্তকী কামিনীয়ে যদি কৰে ৰাজপথতে শয়ন

বস্ত্ৰ উৰুওৱাৰ সাহো নকৰিছিল বতাহে

কোনোবাই হাত লগোৱাৰ কথা বহু দূৰৰে ।

 

 

যস্মিন্মহীং শাসতি বাণিনীনাং নিদ্ৰাং বিহাৰাৰ্ধপথে গতানাম্ |

বাতোঽপি নাস্ৰংসয়দংশুকানি কো লম্বয়েদাহৰণায় হস্তম্ || ৬-৭৫||

 

 

তেওঁৰে পুত্ৰ ৰঘুৱে এতিয়া কৰিছে দেশ শাসন

বিশ্বজিৎ নামে যজ্ঞ কৰিছে সমাপন ।

দানত বিলালে চাৰিও দিশৰ পৰা জয় কৰা ধন

হাতত আছেগৈ মাটিৰ পাত্ৰ মাথোন ।

 

 

পুত্ৰো ৰঘুস্তস্য পদং প্ৰশাস্তি মহাক্ৰতোৰ্বিশ্বজিতঃ প্ৰয়োক্তা |

চতুৰ্দিগাবৰ্জিতসংভৃতাং যো মৃৎপাত্ৰশেষামকৰোদ্বিভূতিম্ || ৬-৭৬||

 

 

তেওঁৰ খ্যাতি পৃথিৱীৰ সীমা পাৰ কৰি লংঘিছে চূড়া পাহাৰৰ

সাগৰ পাৰ হৈ পাতাল ভেদি চুইছে বাসস্থান নাগলোকৰ ।

দেৱলোক পৰ্যন্ত বিস্তৃতি যাৰ সাধ্য নাই বৰ্ণনা দিয়াৰ ।

 

আৰূঢমদ্ৰীনুদধীন্বিতীৰ্ণং ভুজংগমানাং বসতিং প্ৰবিষ্টম্ |

ঊৰ্ধ্বং গতং যস্য ন চানুবন্ধি যশঃ পৰিচ্ছেত্তুমিয়ত্তয়ালম্ || ৬-৭৭||

 

 

দেৱৰাজ ইন্দ্ৰৰ পুত্ৰ যেনেকৈ জয়ন্ত তেনেকৈ ৰঘুৰ পুত্ৰ এই অজ

পিতাৰ দৰেই পৃথিৱীৰ গুৰুভাৰ বহন কৰাত দক্ষ ।

যিদৰে ষাঁড়ৰ দৰেই যুঁৱলি টানিবলৈ শিকে গোবৎস ।

 

 

অসৌ কুমাৰস্তমজোঽনুজাতস্ত্ৰিবিষ্টপস্যেব পতিং জয়ন্তঃ |

গুৰ্বীং ধুৰং যো জগতস্য পিত্ৰা ধুৰ্যেণ দম্যঃ সদৃশং বিভৰ্তি || ৬-৭৮||

 

 

তোমাৰ সৈতে ভালকৈ মিলে

ৰূপে গুণে বংশ-মৰ্যাদাই তাৰুণ্য বিনয়ে

ৰত্নৰ সৈতে হওক কাঞ্চন সংযোগ বৰণ কৰা এওঁকে ।

 

 

কুলেন কান্ত্যা বয়সা নবেন গুণৈশ্চ তৈস্তৈৰ্বিনয়প্ৰধানৈঃ |

তৎবমাত্মনস্তুল্যমমুং বৃণীষ্ব ৰত্নং সমাগচ্ছতু কাঞ্চনেন || ৬-৭৯||

 

 

যেতিয়া সুনন্দাৰ কথা হ’ল অৱসান

লাজ কাটিকৈ থৈ ৰাজকুমাৰীয়ে কৰিলে সুখদৃষ্টি

তেওঁৰ হৃদয়ৰ বৰণমালা সেয়াই যেন।

 

 

 

 

ততঃ সুনন্দাবচনাবসানে লজ্জাং তনূকৃত্য নৰেন্দ্ৰকন্যা |

দৃষ্ট্যা প্ৰসাদামলয়া কুমাৰং প্ৰত্যগ্ৰহীৎসংবৰণস্ৰজেব || ৬-৮০||

 

 

কুঞ্চিত কেশৰ সুন্দৰীয়ে শালীনতাৰ বাধাত

ফুটাই ক’ব নোৱাৰিলে মনৰ অভিলাষ

সেই কথা ব্যক্ত হ’ল ৰোমাঞ্চিত শৰীৰৰ ভাষাত।

 

 

 

 

সা যূনি তস্মিন্নভিলাষবন্ধং শশাক শালীনতয়া ন বক্তুম্ |

ৰোমাঞ্চলক্ষ্যেণ স গাত্ৰয়ষ্টিং ভিত্ত্বা নিৰাক্ৰামদৰালকেশ্যাঃ || ৬-৮১||

 

 

 

 

সখীক পুলকিত দেখি পৰিহাস কৰি ক’লে বেত্ৰধাৰিণী সখী

হে আৰ্যা,তেন্তে আগবাঢ়ো ব’লা আমি

ৰাজকুমাৰীৰ চকুত ফুটিল সখীলৈ কৃত্ৰিম খঙৰ ভ্ৰূকুটি ।

 

তথাগতায়াং পৰিহাসপূৰ্বং সখ্যাং সখী বেত্ৰভৃদাবভাষে |

আৰ্যে ব্ৰজামোঽন্যত ইত্যথৈনাং বধূৰসূয়াকুটিলং দদৰ্শ || ৬-৮২||

 

 

 

 

বগা মালাধাৰি যেন শৰীৰধাৰী প্ৰেম ৰক্তিম মংগল সেন্দূৰত

ধাত্ৰীৰ হাতৰ পৰা লৈ লাহি হাতেৰে পিন্ধালে ৰঘুনন্দনৰ কণ্ঠত ।

 

সা চূৰ্ণগৌৰং ৰঘুনন্দনস্য ধাত্ৰীকৰাভ্যাং কৰভোপমোৰূঃ |

আসঞ্জয়ামাস যথাপ্ৰদেশং কণ্ঠে গুণং মূৰ্তমিবানুৰাগম্ || ৬-৮৩||

 

 

তেওঁ দেখিলে বিশাল বক্ষত দুলি আছে মংগল পুষ্পৰ বৰমালা

এনে অনুভৱ হ’ল যেন কণ্ঠালিংগন কৰিছে বিদৰ্ভৰ ৰাজকন্যা।

 

 

তয়া স্ৰজা মঙ্গলপুষ্পময়্যা বিশালবক্ষঃস্থললম্বয়া সঃ |

অমংস্ত কণ্ঠাৰ্পিতবাহুপাশাং বিদৰ্ভৰাজাবৰজাং বৰেণ্যঃ || ৬-৮৪||

 

 

জোনৰ সৈতে মিলিত হৈছে জোনাক

জাহ্নৱী গৈ পৰিছেগৈ যোগ্য সমুদ্ৰত ।

এনে বহু কথা আনন্দিত নগৰবাসীয়ে ক’লে

অতি শ্ৰবণকটু প্ৰত্যাখ্যিত ৰজাসকলৰ বাবে ।

 

 

শশিনমুপগতেয়ং কৌমুদী মেঘমুক্তং

জলনিধিমনুৰূপং জহ্নুকন্যাবতীৰ্ণা |

ইতি সমগুণয়োগপ্ৰীতয়স্তত্ৰ পৌৰাঃ

শ্ৰবণকটু নৃপাণামেকবাক্যং বিবব্ৰুঃ || ৬-৮৫||

 

 

 

 

 

 

প্ৰমুদিতবৰপক্ষমেকতস্তৎক্ষিতিপতিমণ্ডলমন্যতো বিতানম্ |

উষসি সৰ ইব প্ৰফুল্লপদ্মং কুমুদবনপ্ৰতিপন্ননিদ্ৰমাসীৎ || ৬-৮৬||

এফালে আনন্দত মতলীয়া বৰপক্ষ

যেন পুৱা ফুলি উঠা সৰোবৰৰ পদুম

আনফালে উদাস ৰজামণ্ডলী

যেন পাহি জাপযোৱা নিষ্প্ৰভ ভেঁটফুল ।

 

 

 (কালিদাসৰ ৰঘুবংশ মহাকাব্যৰ ষষ্ঠ অধ্যায় সমাপ্ত ||)

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)