অনুবাদ -কৌস্তুভমণি শইকীয়া দত্ত
বিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালে
জালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে,
মলয় পৰ্বতৰ সেই উপত্যকাত শিবিৰ পাতিলে।
বলৈৰধ্যুষিতাস্তস্য বিজিগীষোৰ্গতধ্বনঃ |
মাৰীচোদ্ভ্ৰান্তহাৰীতা মলয়াদ্ৰেৰুপত্যকাঃ || ৪-৪৬||
অশ্বৰ খুৰাত লাগি ইলাচীফুলৰ ৰেণু উৰি
মত্ত হস্তীৰ সুগন্ধিত গন্ধস্থলত লাগিল
একাকাৰ হ’ল সুবাস হাতীৰ ক্ষৰিত মদৰ সৈতে।
সসঞ্জুৰশ্বক্ষুণ্ণানমেলানামুৎপতিষ্ণবঃ |
তুল্যগন্ধিষু মত্তেভকটেষু ফলৰেণবঃ || ৪-৪৭||
চন্দনগছত থকা সাপে হাতীৰ ডিঙি এনেকৈ ধৰিছিল মেৰাই
ভৰিৰ শিকলি ছিগিলেও সেই বন্ধন কিদৰেনো এৰুৱায়।
ভোগিবেষ্টনমাৰ্গেষু চন্দনানাং সমৰ্পিতম্ |
নাস্ৰসৎকৰিণাং গ্ৰৈবং ত্ৰিপদীচ্ছেদিনামপি || ৪-৪৮||
দক্ষিণৰ দিশে কিছু কম হয় সূৰুযৰ তাপ
সেই দক্ষিণতে পাণ্ড্যৰজাই সহিব নোৱাৰিলে ৰঘুৰ প্ৰতাপ ।
দিশি মন্দায়তে তেজো দক্ষিণস্যাং ৰবেৰপি |
তস্যামেব ৰঘোঃ পাণ্ড্যাঃ প্ৰতাপং ন বিষেহিৰে || ৪-৪৯||
য’ত মিলিত হৈছে মহাসমুদ্ৰ আৰু তাম্ৰপৰ্ণী নদী
পাণ্ড্যৰজাই তাতেই ৰঘুক দিলে নিজ যশসম সঞ্চিত মুক্তাৰাজি ।
তাম্ৰপৰ্ণীসমেতস্য মুক্তাসাৰং মহোদধেঃ |
তে নিপত্য দদুস্তস্মৈ যশঃ স্বমিব সংচিতম্ || ৪-৫০||
চন্দন গছেৰে আৱৰা মলয় আৰু দৰ্দুৰ পৰ্বত
যেন দাক্ষিণাত্যৰ দুই চন্দনলিপ্ত স্তন ।
অপ্ৰতিৰোধ্য ৰঘুৱে অৱলীলাৰে কৰিলে অতিক্ৰম ।
স নিৰ্বিশ্য যথাকামং তটেষ্বালীনচন্দনৌ |
স্তনাবিব দিশস্তস্যাঃ শৈলৌ মলয়দৰ্দুৰৌ || ৪-৫১||
অসহ্য-বিক্ৰমী ৰঘুৱে পাৰ কৰিলে সহ্য পৰ্বতমালা
সাগৰ যাৰ নামনিত গলি যোৱা বসন যেন মেদিনীৰ নিতম্বৰ পৰা ।
অসহ্যবিক্ৰমঃ সহ্যং দূৰান্মুক্তমুদন্বতা |
নিতম্বমিব মেদিন্যাঃ স্ৰস্তাংশুকমলঙ্ঘয়ৎ || ৪-৫২||
তাৰ পাছতে সৈন্যদল ওলাল পশ্চিম অভিমুখে
সহ্য পৰ্বত আৰু সমুদ্ৰৰ মাজৰ তীৰ কৰি আচ্ছন্ন ।
যেন পৰশুৰামে অস্ত্ৰচালনাবিচ্ছিন্ন কৰা সমুদ্ৰ
পুনৰ সহ্য পৰ্বতৰ সৈতে হৈছে সংলগ্ন ।
তস্যানীকৈৰ্বিসৰ্পদ্ভিৰপৰান্তজয়োদ্যতৈঃ |
ৰামাস্ত্ৰোৎসাৰিতোঽপ্যাসীৎসহ্যলগ্ন ইবাৰ্ণবঃ || ৪-৫৩||
এনে সমদলৰ ভয়ত কেৰলৰ নাৰীসকলে
অলংকাৰ খুলি থ’লে সামৰি
তেওঁলোকৰ অলকাৰ প্ৰসাধন হ’ল
সৈনিকৰ খোজত উৰা ধূলি ।
ভয়োৎসৃষ্টবিভূষাণাং তেন কেৰলয়োষিতাম্ |
অলকেষু চমূৰেণুশ্চূৰ্ণপ্ৰতিনিধীকৃতঃ || ৪-৫৪||
মুৰলা নদীৰ ওপৰেদি প্ৰৱাহিত সমীৰত
উৰি অহা কেতেকী ফুলৰ ৰেণু পৰি সেনাৰ কৱচত
অযত্নপালিত শৰীৰৰ কাপোৰ কৰিলে সুৱাসিত ।
মুৰলামাৰুতোদ্ধূতমগমৎকৈতকং ৰজঃ |
তদ্যোধবাৰবাণানাময়ত্নপটবাসতাম্ || ৪-৫৫||
দৌৰি যোৱা অশ্বৰ শৰীৰ সংলগ্ন বৰ্মৰ ধ্বনিত
তল পৰিল বতাহত উঠা তালবনৰ পাতৰ শব্দ ।
অভ্যভূয়ত বাহানাং চৰতাং গাত্ৰশিঞ্জিতৈঃ |
বৰ্মভিঃ পবনোদ্ধূতৰাজতালীবনধ্বনিঃ || ৪-৫৬||
মতলীয়া হৈ গজমদৰ সুগন্ধত
নাগেশ্বৰ ফুল এৰি ভোমোৰা আহি বহিছিল
খেজুৰ গছত বন্ধা হাতীৰ কুমত ।
খৰ্জূৰীস্কন্ধনদ্ধানাং মদোদ্গাৰসুগন্ধিষু |
কটেষু কৰিণাং পেতুঃ পুংনাগেভ্যঃ শিলীমুখাঃ || ৪-৫৭||
যি সমুদ্ৰই পৰশুৰামৰ অনুৰোধত দান কৰিছিল স্থান
এতিয়া যেন ৰঘুৱে অনুৰোধ নকৰাকৈয়ে সমুদ্ৰই
পশ্চিমৰ ৰজাগণৰ ৰূপ লৈ কৰিলে কৰ প্ৰদান ।
অবকাশং কিলোদন্বান্ ৰামায়াভ্যৰ্থিতো দদৌ |
অপৰান্তমহীপালব্যাজেন ৰঘবে কৰম্ || ৪-৫৮||
মত্ত হাতীৰ দাঁতৰ আঘাতৰ বিক্ৰমী চিহ্ণযুক্ত
ত্ৰিকূট পৰ্বত হ’ল ৰঘুৰ সুউচ্চ বিজয়স্তম্ভ ।
মত্তেভৰদনোৎকীৰ্ণব্যক্তবিক্ৰমলক্ষণম্ |
ত্ৰিকূটমেব তত্ৰোচ্চৈৰ্জয়স্তম্ভং চকাৰ সঃ || ৪-৫৯||
তাৰ পাছতে ৰঘুৱে সংযমী পুৰুষে
যিদৰে ইন্দ্ৰিয়-ৰিপুজয়ৰ অৰ্থে কৰে তত্ত্বজ্ঞানৰ সন্ধান
তেনেদৰে কৰিলে পাৰ্চীসকলক জয় কৰাৰ অৰ্থে গমন ।
পাৰসীকাংস্ততো জেতুং প্ৰতস্থে স্থলবৰ্ত্মনা |
ইন্দ্ৰিয়াখ্যানিব ৰিপূংস্তত্ত্বজ্ঞানেন সংযমী || ৪-৬০||
অসময়ৰ ডাৱৰে যেনেকৈ পুৱাৰ কিৰণ ৰুধি ম্লান কৰে পাহি পদুমৰ
সিদৰে ৰঘুৰ প্ৰতাপত যৱন নাৰীৰ মুখপদ্মৰ পৰা সুৰাগন্ধ নোহোৱা হ’ল।
যবনীমুখপদ্মানাং সেহে মধুমদং ন সঃ |
বালাতপমিবাব্জানামকালজলদোদয়ঃ || ৪-৬১||
পশ্চিমীয়া অশ্বাৰোহীৰ সৈতে হ’ল তুমুল যুদ্ধ
অশ্বখুৰাৰ ধূলিত অদৃশ্য হ’ল সকলো
কেৱল শৰৰ শব্দই ক’লে বিয়পি আছে যোদ্ধা-প্ৰতিপক্ষ ।
সংগ্ৰামস্তুমুলস্তস্য পাশ্চাত্যৈৰশ্বসাধনৈঃ |
শাৰ্ঙ্গকূজিতবিজ্ঞেয়প্ৰতিয়োধে ৰজস্যভূৎ || ৪-৬২||
বৰ্শাৰ আঘাতত বিচ্ছিন্ন মুণ্ডৰে ভূমি এনেকৈ ভৰিল
এনে লাগিল যেন মৌচাক আৱৰি এজাক মৌমাখি পৰিল ।
ভল্লাপবৰ্জিতৈস্তেষাং শিৰোভিঃ শ্মশ্ৰুলৈৰ্মহীম্ |
তস্তাৰ সৰঘাব্যাপ্তৈঃ স ক্ষৌদ্ৰপটলৈৰিব || ৪-৬৩||
যিসকলৰ ৰক্ষা পৰিছিল প্ৰাণ
শিৰস্ত্ৰাণ খুলি ৰঘুত ল’লে শৰণ ।
মহাত্মাজনৰ ক্ৰোধৰ প্ৰণামতে হয় উপশম।
অপনীতশিৰস্ত্ৰাণাঃ শেষাস্তং শৰণং যয়ুঃ |
প্ৰণিপাতপ্ৰতীকাৰঃ সংৰম্ভো হি মহাত্মনাম্ || ৪-৬৪||
ৰঘুৰ সৈন্যসকলে মধুবনত বহিল পাৰি হৰিণৰ ছাল
পলুৱালে যুদ্ধজয়ৰ অৱসাদ কৰি মদিৰা পান ।
বিনয়ন্তে স্ম তদ্যোধা মধুভিৰ্বিজয়শ্ৰমম্ |
আস্তীৰ্ণাজিনৰত্নাসু দ্ৰাক্ষাবলয়ভূমিষু || ৪-৬৫||
উত্তৰায়ণত সূৰুযে ৰ’দৰ জাল মেলে ভূ-ৰস শোষণৰ বাবে
ৰঘুৱেও শৰৰ জাল মেলিলে উত্তৰৰ দেশ বিজয়ৰ বাবে ।
ততঃ প্ৰতস্থে কৌবেৰীং ভাস্বানিব ৰঘুৰ্দিশম্ |
শৰৈৰুস্ৰৈৰিবোদীচ্যানুদ্ধৰিষ্যন্ ৰসানিব || ৪-৬৬||
তাৰ পাছত কাশ্মীৰৰ সিন্ধুৰ তীৰত অশ্বই যুঁজৰ ভাগৰ মাৰিলে
যাত্ৰাত কান্ধত লাগি অহা কেশৰৰ গুৰি জোকাৰি সৰালে ।
বিনীতাধ্বশ্ৰমাস্তস্য সিন্ধুতীৰবিচেষ্টনৈঃ |
দুধুবুৰ্বাজিনঃ স্কন্ধাংল্লগ্নকুঙ্কুমকেসৰান্ || ৪-৬৭||
তাত পতিসকলৰ ওপৰত দেখি ৰঘুৰ বল-বিক্ৰম
হুণ-নাৰীসমগ্ৰৰ সুন্দৰ গাল হৈ উঠিছিল ৰক্তিম ।
তত্ৰ হূণাবৰোধানাং ভৰ্তৃষু ব্যক্তবিক্ৰমম্ |
কপোলপাটলাদেশি বভূব ৰঘুচেষ্টিতম্ || ৪-৬৮||
কম্বোজদেশৰ ৰজাসকলেও নোৱাৰিলে সহিব ৰঘুৰ পৰাক্ৰম
আখৰোট গছ যিদৰে হাউলি পৰে সহিব নোৱাৰি হস্তীৰ বন্ধন ।
কাম্বোজাঃ সমৰে সোঢুং তস্য বীৰ্যমনীশ্বৰাঃ |
গজালানপৰিক্লিষ্টৈৰক্ষোটৈঃ সাৰ্ধমানতাঃ || ৪-৬৯||
কোশলৰাজক উপহাৰ দিলে অশ্ব-স্বৰ্ণ-ৰত্ন অজস্ৰ
কিন্তু সেই প্ৰাপ্তিতো নাজাগিল ৰঘুৰ হৃদয়ত গৰ্ব।
তেষাং সদশ্বভূয়িষ্ঠাস্তুঙ্গা দ্ৰবিণৰাশয়ঃ |
উপদা বিবিশুঃ শশ্বন্নোৎসেকাঃ কোসলেশ্বৰম্ || ৪-৭০||
তাৰ পাছত অশ্বাৰোহী লৈ হিমালয়ত কৰিলে আৰোহণ
ধাতুমিশ্ৰিত ধূলি উৰি পৰ্বতৰ শৃংগক কৰিলে অধিক বৰ্ধন।
ততো গৌৰীগুৰুং শৈলমাৰুৰোহাশ্বসাধনঃ |
বৰ্ধয়ন্নিব তৎকূটানুদ্ধূতৈৰ্ধাতুৰেণুভিঃ || ৪-৭১||
তাৰ গুহাত শুই থকা সিংহই মূৰ তুলি চালে সৈন্যৰ কলৰোল
পিছে সিংহসম বীৰত্ব দেখি নিৰ্ভীক পশুৰাজ বিৰক্ত নহ’ল ।
শশংস তুল্যসত্ত্বানাং সৈন্যঘোষেঽপ্যসংভ্ৰমম্ |
গুহাশয়ানাং সিংহানাং পৰিবৃত্যাবলোকিতম্ || ৪-৭২||
মৃদু সমীৰণে তুলিলে মৰ্মৰ ধ্বনি গছৰ পাতত
বাঁহৰ ফুটাত মধুৰ ধ্বনি তুলি গংগাৰ জলকণাৰে
পথত সেৱা কৰিলে ৰঘুক ।
ভূৰ্জেষু মৰ্মৰীভূতাঃ কীচকধ্বনিহেতবঃ |
গঙ্গাশীকৰিণো মাৰ্গে মৰুতস্তং সিষেবিৰে || ৪-৭৩||
কস্তুৰী মৃগৰ সুৱাসসনা শিলৰ আসনত
সৈন্যদলে বিশ্ৰাম ল’লে নমেৰু গছৰ ছায়াত ।
বিশশ্ৰমুৰ্নমেৰুণাং ছায়াস্বধ্যাস্য সৈনিকাঃ |
দৃষদো বাসিতোৎসঙ্গা নিষণ্ণমৃগনাভিভিঃ || ৪-৭৪||
দেৱদাৰু গছত বন্ধা হাতীৰ শিকলিত
ৰাতি ঔষধিৰ পোহৰ পৰি কৰিছিল তিৰবিৰ ।
সেয়াই আছিল তৈল-বিহীন প্ৰদীপ অধিনায়ক ৰঘুৰ ।
সৰলাসক্তমাতঙ্গগ্ৰৈবেয়স্ফুৰিতৎবিষঃ |
আসন্নোষধয়ো নেতুৰ্নক্তমস্নেহদীপিকাঃ || ৪-৭৫||
যেতিয়া ৰঘুৱে উঠাই নিলে সেনানিবাস,
ৰৈ গ’ল অৰণ্যৰ দেৱদাৰুৰ গাত
হাতীৰ ডিঙিত বন্ধা শিকলিৰ দাগ ।
যিমান আছিল তাত কিৰাট-অৰণ্যবাসী
তাকে দেখি বুজিলে কিমান ওখ আছিল ৰঘুৰ হস্তী ।
তস্যোৎসৃষ্টনিবাসেষু কণ্ঠৰজ্জুক্ষতৎবচঃ |
গজবৰ্ষ্ম কিৰাতেভ্যঃ শশংসুৰ্দেবদাৰবঃ || ৪-৭৬||
তাৰ পাহাৰীয়াসকলৰ সৈতে হ’ল প্ৰচণ্ড যুঁজ
শিলাবৰ্ষণ আৰু লৌহতীৰৰ ঘঁহনিত জুই হ’ল নিৰ্গত ।
তত্ৰ জন্যং ৰঘোৰ্ঘোৰং পৰ্বতীয়ৈৰ্গণৈৰভূৎ |
নাৰাচক্ষেপণীয়াশ্মনিষ্পেষোৎপতিতানলম্ || ৪-৭৭|
শৰ নিক্ষেপেৰে পাৰ্বত্যজাতিৰ উৎসৱ বিৰত ৰাখিলে
ৰঙেৰে ৰঘুৰ বাহুবলৰ জয়গান গালে কিন্নৰসকলে।
শৰৈৰুৎসবসংকেতাঞ্চ কৃৎবা বিৰতোৎসবান্ |
জয়োদাহৰণং বাহ্বোৰ্গাপয়ামাস কিংনৰান্ || ৪-৭৮||
পৰ্বতীয়াসকলে মূল্যৱান উপহাৰ প্ৰদান কৰিলে ৰঘুক,
ৰঘুৱে বুজিলে ঐশ্বৰ্যশালী হিমালয়ক
হিমালয়ে বুজিলে ৰজাৰ পৰাক্ৰমক ।
পৰস্পৰেণ বিজ্ঞাতস্তেষূপায়নপাণিষু |
ৰাজ্ঞা হিমবতঃ সাৰো ৰাজ্ঞঃ সাৰো হিমাদ্ৰিণা || ৪-৭৯|
হিমালয়ত স্থাপন কৰি উজ্জ্বল যশোৰাশি
ৰঘুৱে নাশিলে ৰাৱণে উত্তোলন কৰা হিমালয়ৰ গ্লানি ।
তত্ৰাক্ষোভ্যং যশোৰাশিং নিবেশ্যাবৰুৰোহ সঃ |
পৌলস্ত্যতুলিতস্যাদ্ৰেৰাদধান ইব হ্ৰিয়ম্ || ৪-৮০||
লৌহিত্যৰ তীৰত ৰঘুৱে যেতিয়া কৰিলে প্ৰৱেশ
এনেকৈ কম্পিত হ’ল প্ৰাগজ্যোতিষৰ ৰজা
যেনেকৈ কঁপিল কালাগুৰুবৃক্ষ ৰঘুৰ হাতী বন্ধা।
চকম্পে তীৰ্ণলৌহিত্যে তস্মিন্প্ৰাগ্জ্যোতিষেশ্বৰঃ |
তদ্গজালানতাং প্ৰাপ্তৈঃ সহ কালাগুৰুদ্ৰুমৈঃ || ৪-৮১||
ধৰণী ধৰিলে ছানি ৰঘুবাহিনীৰ ৰথৰ ধূলিয়ে
আকাশৰ বেলি যেন ডাৱৰে ঢাকিলে ।
সেই ধুলিকে সহিব নোৱাৰিলে প্ৰাগজ্যোতিষৰ ৰজা
সৈন্যৰ পৰাক্ৰম সহিব পৰাতো দূৰৰে কথা।
ন প্ৰসেহে স ৰুদ্ধাৰ্কমধাৰাবৰ্ষদুৰ্দিনম্ |
ৰথবৰ্ত্মৰজোঽপ্যস্য কুত এব পতাকিনীম্ || ৪-৮২||
কামৰূপৰ ৰজাই যদিও কৰিছিল ইন্দ্ৰক জয়
ৰজা ৰঘুক বন্দনা কৰিলে উপহাৰত মদবৰ্ষী হাতী লৈ,
যি হাতীৰে লভিছিল অনেক যুদ্ধত বিজয় ।
তমীশঃ কামৰূপাণামত্যাখণ্ডলবিক্ৰমম্ |
ভেজে ভিন্নকটৈৰ্নাগৈৰন্যানুপৰুৰোধ যৈঃ || ৪-৮৩||
দেৱতাৰ দৰে পূজিলে সোণৰ পাত্ৰত ভৰি থৈ
কামৰূপেশ্বৰে আৰাধিলে ৰত্নস্বৰূপ ফুল লৈ ।
কামৰূপেশ্বৰস্তস্য হেমপীঠাধিদেবতাম্ |
ৰত্নপুষ্পোপহাৰেণ ছায়মানৰ্চ পাদয়োঃ || ৪-৮৪||
ছত্ৰহীন ৰজাসকলৰ শিৰত ৰথৰ ধূলি ছটিয়াই
ৰাজধানীলৈ উভতিল ৰঘু দশোদিশ কৰি জয় ।
ইতি জিৎবা দিশো জিষ্ণুৰ্ন্যবৰ্তত ৰথোদ্ধতম্ |
ৰজো বিশ্ৰাময়ন্ৰাজ্ঞাং ছত্ৰশূন্যেষু মৌলিষু || ৪-৮৫||
আৰ্জিত অতুল সম্পত্তি দান কৰিবৰ বাবে
অনুষ্ঠিত কৰিলে বিশ্বজিত যজ্ঞ ৰঘুৱে
মেঘে যিদৰে গ্ৰহণ কৰে কেৱল বৰিষণৰ বাবে ।
স বিশ্বজিতমাজহ্ৰে যজ্ঞং সৰ্বস্বদক্ষিণম্ |
আদানং হি বিসৰ্গায় সতাং বাৰিমুচামিব || ৪-৮৬||
কাকুৎস্থবংশজ ৰঘুৱে কৰিলে দূৰ
পৰাজিত ৰজাসকলৰ গ্লানি পৰাজয়ৰ
বন্ধুত্ব আৰু সহৃদয়তাৰে কৰিলে আপ্যায়ন
দিলে বহু উপহাৰ জনালে সন্মান
বিৰহী পত্নীৰ কাষ পোৱাকৈ ৰাজধানীলৈ কৰিলে প্ৰেৰণ।
সত্ৰান্তে সচিবসখঃ পুৰস্ক্ৰিয়াভি-
ৰ্গুৰ্বীভিঃ শমিতপৰাজয়ব্যলীকান্ |
কাকুৎস্থশ্চিৰবিৰহোৎসুকাবৰোধান্
ৰাজন্যান্স্বপুৰনিবৃত্তয়েঽনুমেনে || ৪-৮৭||
ধ্বজ, বজ্ৰ, ছত্ৰ ৰাজচিহ্নযুক্ত পদযুগলৰ লভি প্ৰসাদ
স্পৰ্শ কৰি প্ৰণিপাত জনালে ৰাজনক বিদায়বেলাত ।
প্ৰণামোতে শিৰত ধাৰণ কৰা ফুলৰ ৰেণু পৰি
শুভ্ৰ কৰি তুলিলে ৰঘুৰ দুভৰি ।
তে ৰেখাকুলিশাতপত্ৰচিহ্নং
সম্ৰাজশ্চৰণয়ুগং প্ৰসাদলভ্যম্ |
প্ৰস্থানপ্ৰণতিভিৰঙ্গুলীষু চক্ৰু
ৰ্মৌলিস্ৰক্চ্যুতমকৰন্দৰেণুগৌৰম্ || ৪-৮৮||
(কালিদাস বিৰচিত ৰঘুবংশ মহাকাব্যৰ চতুৰ্থ অধ্যায় সমাপ্ত ।)
ইতি শ্ৰীৰঘুবংশে মহাকাব্যে কবিশ্ৰীকালিদাসকৃতৌ
ৰঘুদিগ্বিজয়ো নাম চতুৰ্থঃ সৰ্গঃ ||
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)