৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দৃশ্যান্তৰ

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২২
২ মিনিট পঠন • ৪৪৩২ বাৰ পঢ়া হৈছে

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব)

দাদুল ভূঞা

যুদ্ধত উঁৱলি যোৱা চহৰখনলৈ

যেতিয়া শৰণাৰ্থীসকল উভতি আহিছিল

তেওঁলোকে নিজকে চিনি পোৱা নাছিল

কান্দিব জনা নাছিল, হাঁহিবলৈ পাহৰিছিল

শাৰীপাতি থৈ দিয়া মৃতদেহবোৰ

চিনি পোৱা নাছিল

(যদিও সেই শবোৰৰ মাজতে থৈ দিয়া হৈছিল

তেওঁলোকৰেই আপোন মানুহ)

উঁৱলি যোৱা ঘৰবোৰত

ফেঁচাৰ কিৰিলি

মুখমণ্ডলত লাগি ৰৈছিল এটা গভীৰ ৰাতি

ভাব আৰু ভাষাহীন হৈ পৰা মানুহৰ চকুত

এটা তীৰ্যক প্ৰশ্নবোধক

ভুল কাৰ?

— ৰজাৰ নে প্ৰজাৰ?

ৰাতিৰ আকাশ দুছেও কৰি

এন্ধাৰৰ মেহফিল সাজি আগ বাঢ়ি যোৱা আৰ্তনাদত

কঁপিছিল জন্মভূমি স্বৰ্গাদপি গৰীয়সী

বেদনাৰ উল্কাপিণ্ডত মৃত সময়

মৃত আকাশৰ শুকুলা মেঘ

ধোঁৱা, ছাই, মাটি, নৈ

কেঁচা তেজৰ কোবাল সুঁতি

তেজলগা মাটিত পৰাজয়ৰ গ্লানি

কংক্ৰিটৰ দেৱালত

প্ৰচণ্ড ক্ষোভৰ জ্বালামুখী

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছৰ পৰ্বত

আমি পুনৰ লগ হ’ব পাৰিমনে সখী 

দৃশ্যান্তৰৰ পট-পৰিৱৰ্তনেৰে

এচেৰেঙা ৰদ, সেউজীয়া বৰষুণ

খেয়ালি কবি-মনত

প্ৰশ্নবোধক

প্ৰশ্নবোধক

***

ঠিকনা :

গাঁও : মাগনি, গহপুৰ

জিলা :বিশ্বনাথ

ডাক : মাগনি

পিন : ৭৮৪১৬৮

ভ্ৰাম্যভাষ : ৯৮৫৯২৮৯৩২৫

ই.মেইল : dadul.bhuyan@gmail.com

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)