অভিজিত শৰ্মা বৰুৱা
প্ৰতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ
প্ৰাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ ঘোষণাই কম-বেছি পৰিমাণে বিতৰ্কৰো সৃষ্টি কৰেই। এইবাৰ পিছে তেনে কোনো গুৰুত্বপূৰ্ণ বিতৰ্ক সৃষ্টি হোৱা নাই। নোবেল পুৰস্কাৰৰ আন
শাখাবোৰতকৈ শান্তি আৰু সাহিত্য শাখাতে আটাইতকৈ বেছি বিতৰ্ক হোৱা পৰিলক্ষিত হয়। বিশেষকৈ শান্তিয়ে বহুবাৰ নোবেল কমিটিলৈ অশান্তিহে কঢ়িয়াই আনিছিল। সেইবাবেই বোধকৰোঁ বহুকেইটা এনে বছৰো গৈছে, যি
বছৰত শান্তিৰ নোবেল বঁটাৰ প্ৰাপকৰ নাম ঘোষণাই কৰা নহ’ল বা আৰু সেই বছৰৰ বাবে
সেই বঁটা স্থগিত ৰখা হ’ল।
আলফ্ৰেড নোবেলৰ নোবেল বঁটা
নোবেল বঁটাৰ জনক যে ছুইডেনৰ প্ৰখ্যাত বিজ্ঞানী আলফ্ৰেড নোবেল সেয়া সকলোৱে জানেই। ডিনামাইট আৱিষ্কাৰ কৰি তেওঁ বিখ্যাত হৈ উঠাৰ লগে লগে প্ৰচুৰ ধন-সম্পদৰো অধিকাৰী হৈছিল। কিন্তু তেনে মাৰাত্মক বিস্ফোৰক আৱিষ্কাৰ কৰি তেওঁ যথেষ্ট সমালোচনাৰ পাত্ৰও হৈছিল। এবাৰ আন এজন আলফ্ৰেড নোবেলৰ মৃত্যু হওঁতে বিজ্ঞানী আলফ্ৰেড নোবেলৰে মৃত্যু হোৱা বুলি ভুল কৰি এখন ফৰাচী আলোচনীয়েতো ‘মৃত্যুৰ সদাগৰৰ মৃত্যু’ (Death of Merchant of Death) বুলি শিৰোনাম দি বাতৰিয়েই প্ৰকাশ কৰিছিল। সেই বাতৰি পঢ়াৰ পাছতে বিজ্ঞানী আলফ্ৰেড নোবেলৰ উপলব্ধি হ’ল যে ভৱিষ্যত প্ৰজন্মই তেওঁক কিজানি সেই বুলিয়েই অভিহিত কৰিব।এনে কাৰণতেই বোধকৰোঁ তেওঁ জগতৰ বাবে কিবা এটা ভাল কাম কৰি যাবলৈ সংকল্পবদ্ধ হৈছিল আৰু ভাবি-চিন্তি নোবেল পুৰস্কাৰৰ সূচনা কৰিছিল।
১৮৯৫ চনত আলফ্ৰেড নোবেলে এখন উইল সম্পাদন কৰে আৰু সেই উইলত তেওঁ আয় কৰা প্ৰায় সকলো ধন তথা সম্পত্তি বিশ্বৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰা একোজন লোকক পুৰস্কাৰ দিবৰ বাবে আচুতীয়াকৈ ৰাখে। সেই উইল অনুসৰি সমগ্ৰ বিশ্বতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিত্সা বিজ্ঞান, সাহিত্য আৰু শান্তি বিষয়ত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক একোটা আকৰ্ষণীয় পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হয়। নোবেলৰ উইলৰ মতে এই পুৰস্কাৰ সেইসকললৈ আগবঢ়োৱা হ’ব, “যিসকলে নিজৰ নিজৰ ক্ষেত্ৰত আগৰ বছৰটোত মানৱ জাতিক আটাইতকৈ বেছি লাভান্বিত কৰিব পৰা অৱদান আগবঢ়াইছিল”। নোবেলে আগৰ বছৰটোৰ কথা ক’লেও পাছত অৱশ্যে বিভিন্ন কাৰণত কেৱল আগৰ বছৰৰ কথা চিন্তা নকৰি তাৰো আগৰ কথা বিবেচনা কৰিবলৈ লোৱা হ’ল।
নোবেলৰ মৃত্যুৰ পাছত নোবেলৰ জমা পুঁজি ব্যৱহাৰ কৰি তেওঁৰ উইলমতে কাম কৰিবলৈ ‘নোবেল ফাউণ্ডেছন’ প্ৰতিষ্ঠা কৰা হ’ল। নোবেলে লিখি থৈ যোৱা মতে তিনিটা ছুইডিছ আৰু এটা নৰৱে’য়ান প্ৰতিষ্ঠানে এই পুৰস্কাৰসমূহৰ প্ৰাপক নিৰ্ধাৰণ কৰাৰ দায়িত্ব ল’লে। সেই ছুইডিছ প্ৰতিষ্ঠানকেইটা হ’ল - ষ্টকহ’মৰ ‘ৰয়েল ছুইডিছ একাডেমী অফ ছায়েঞ্চ (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পাছলৈ অৰ্থনীতি বিজ্ঞানো), কেৰ’লিনস্কা ইনষ্টিটিউট (চিকিত্সা বিজ্ঞান) আৰু ছুইডিছ একাডেমী (সাহিত্য)। নৰৱে’ৰ অ’ছল’ৰ ‘নৰৱে’য়ান নোবেল কমিটি’য়ে শান্তিৰ পুৰস্কাৰৰ প্ৰাপকৰ নাম ঘোষণা কৰাৰ দায়িত্ব ল’লে। মূল নোবেল ফাউণ্ডেছন হ’ল নোবেলৰ পুঁজিৰ আইনগত গৰাকী আৰু বিত্তীয় ব্যৱস্থাপক। এই ফাউণ্ডেছন পুৰস্কাৰ ঘোষণা কৰা প্ৰতিষ্ঠানকেইটাৰ যুটীয়া প্ৰশাসক গোটৰ দায়িত্বতো থাকে, কিন্তু পুৰস্কাৰ কোনে পাব তাৰ লগত এই ফাউণ্ডেছনৰ কোনো সম্পৰ্ক নাথাকে।
প্ৰথম নোবেল পুৰস্কাৰ প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ১৯০১ চনৰ ১০ ডিচেম্বৰত। এই দিনটো আছিল আলফ্ৰেড নোবেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী। ১৯৬৯ চনৰ আগলৈকে নোবেল পুৰস্কাৰৰ সংখ্যা আছিল পাঁচটা। সেই বছৰতে আন এক নোবেল পুৰস্কাৰ (অৰ্থনীতি বিজ্ঞানৰ) প্ৰৱৰ্তন কৰা হয়। নোবেলে কৈ যোৱা নাছিল বাবে ই ‘টেকনিকেলি’ নোবেল পুৰস্কাৰ নহ’লেও ইয়াক সেই পুৰস্কাৰৰ শাৰীতে ধৰা হয়, আন নোবেল পুৰস্কাৰৰ প্ৰাপকসকলৰ লগত একেলগে এই পুৰস্কাৰৰ প্ৰাপকৰ নাম ঘোষণা কৰা হয় আৰু নোবেল পুৰস্কাৰ প্ৰদানৰ দিনাই এই পুৰস্কাৰো প্ৰদান কৰা হয়। শান্তিৰ নোবেল বটা প্ৰদানৰ অনুষ্ঠান হয় অ’ছল’ত, আৰু বাকী কেইটা পুৰস্কাৰ প্ৰদানৰ অনুষ্ঠান ষ্টকহ’মত অনুষ্ঠিত হয়।
নোবেল বঁটাৰ প্ৰাপকৰ নিৰ্বাচন প্ৰক্ৰিয়া
নোবেল পুৰস্কাৰ যে ইমান সন্মানজনক আৰু সমগ্ৰ বিশ্বৰ এক নম্বৰ স্থানত থকা পুৰস্কাৰ, তাৰ মূল কাৰণ ইয়াৰ প্ৰাপকসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াতে নিহিত হৈ আছে। প্ৰতি বছৰৰ অক্টোবৰ মাহত ইয়াৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হ’লেও এই কাম আগৰ বছৰৰ শৰত কালৰ সময়তে আৰম্ভ কৰা হয়। সেই সময়তে পুৰস্কাৰ ঘোষণা কৰা প্ৰতিষ্ঠানসমূহে সম্ভাব্য প্ৰাপকৰ নাম প্ৰস্তাৱ বা অনুমোদন কৰিবলৈ ৬০০০-অতকৈও বেছি সংখ্যক নিৰ্বাচিত লোক তথা প্ৰতিষ্ঠানৰ ওচৰলৈ পত্ৰ প্ৰেৰণ কৰে। প্ৰতিটো পুৰস্কাৰৰ বাবে প্ৰায় ১০০০ ব্যক্তি-প্ৰতিষ্ঠানে বিভিন্ন নাম প্ৰেৰণ কৰে। সাধাৰণতে এনে নামৰ সংখ্যা ১০০-ৰ পৰা ২৫০-টামান হয়। যিসকল ব্যক্তি আৰু প্ৰতিষ্ঠানে এই নামবোৰ প্ৰেৰণ কৰে তাৰ ভিতৰত থাকে আগতে নোবেল পুৰস্কাৰ পোৱা ব্যক্তি, পুৰস্কাৰ ঘোষণা কৰা প্ৰতিষ্ঠানৰ লোক, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিভিন্ন শাখাৰ পণ্ডিতসকল, বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শিক্ষায়তনিক প্ৰতিষ্ঠানসমূহ আৰু অভিজ্ঞ শিক্ষাবিদ। তেওঁলোকে কেৱল লিখিত প্ৰস্তাৱ দিলেই নহ’ব, কি কি কাৰণত সেই লোকজনে নোবেল পুৰস্কাৰ পোৱা উচিত সেয়াও উল্লেখ কৰিব লাগিব। ৩১ জানুৱাৰিৰ ভিতৰতে মনোনয়ন-প্ৰস্তাৱ গ্ৰহণৰ এই কাম সম্পন্ন কৰা হয়।
১ ফেব্ৰুৱাৰিত, প্ৰতিটো নোবেল বঁটাৰ বাবে একোখনকৈ, মুঠতে ছখন নোবেল কমিটিয়ে
সেই নামবোৰ সম্পৰ্কত তেওঁলোকৰ কাম আৰম্ভ কৰি দিয়ে। সম্ভাৱ্য প্ৰাপকসকলৰ অৱদানৰ
মৌলিকতা, যথাৰ্থতা আৰু গুৰুত্ব অনুধাৱন কৰাত তেওঁলোকক সহায়
কৰিবৰ বাবে প্ৰায়ে বাহিৰৰ বিশেষজ্ঞসকলক আমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকৰ লগত
বিস্তৃতভাৱে আলোচনা কৰা হয়। ছেপ্টেম্বৰৰ শেষ ভাগ বা অতি বেছি পলম হ’লে অক্টোবৰৰ প্ৰথমভাগত কমিটিসমূহে তেওঁলোকে নিৰ্বাচন কৰা নামৰ তালিকা ৰয়েল
ছুইডিছ একাডেমী অফ ছায়েঞ্চ বা পুৰস্কাৰৰ দায়িত্বত থকা প্ৰতিষ্ঠানসমূহক অৰ্পণ কৰে।
সাধাৰণতে কমিটিৰ অনুমোদিত তালিকাকে গ্ৰহণ কৰা হয় যদিও সদায় তেনে কৰা নহ’বও পাৰে বা সেয়াই যে হ’বই লাগিব তাৰ কোনো বাধ্যবাধকতা
নাই। এইবাৰ এই প্ৰতিষ্ঠানসমূহে গোপন আলোচনা আৰু ভোটৰ দ্বাৰা প্ৰাপকৰ নাম চূড়ান্ত
কৰে। এই সম্পৰ্কত ১৫ অক্টোবৰৰ ভিতৰত এক সিদ্ধান্তত উপনীত হোৱাটো ধৰা-বন্ধা কথা।
শান্তিৰ বাহিৰে বাকী সকলো পুৰস্কাৰ ব্যক্তিগত পৰ্যায়ত দিয়া যায় বা সেই
পুৰস্কাৰবোৰ কোনো প্ৰতিষ্ঠানক দিয়া নাযায়। অৰ্থাৎ একাধিক হ’লেও
এনে পুৰস্কাৰ কোনো ব্যক্তিকে দিব লাগিব।
নোবেল পুৰস্কাৰৰ বিষয়ে আৰু কিছু কথা
নোবেল পুৰস্কাৰ মৰণোত্তৰভাৱে দিয়াৰ নিয়ম নাই। কিন্তু কোনো ব্যক্তি যদি এই বঁটাৰ বাবে মনোনীত হওঁতে জীয়াই আছিল, আৰু তাৰ পাছত পুৰস্কাৰ গ্ৰহণ কৰাৰ আগতেই দুৰ্ভাগ্যক্ৰমে মৃত্যুৰ মুখত পৰিল, তেন্তে তেওঁক অৱশ্যে এই পুৰস্কাৰ দিব পৰা যায়। ১৯৩১ চনত এৰিক আক্সেল কাৰ্লফেল্ট (সাহিত্য) আৰু ১৯৬১ চনত ডাগ হেমাৰশ্বিল্ডক (শান্তি) এনেকৈ মৰণোত্তৰভাৱে নোবেল পুৰস্কাৰ দিয়া হৈছিল। নোবেল পুৰস্কাৰ পোৱা বা নোপোৱাক লৈ কোনো আপত্তি দাখিল কৰিব পৰা নাযায়। অৰ্থাৎ মহাত্মা গান্ধী বা টলষ্টয়ে কিয় শান্তিৰ নোবেল পুৰস্কাৰ নাপালে তাক লৈ ‘গোচৰ’ তৰিব পৰা নাযায়। কোনো ব্যক্তি যদি কোনো উচ্চ প্ৰশাসনিক, সামৰিক বা আন পদবীতো থাকে, সেই পদবী এই পুৰস্কাৰৰ ক্ষেত্ৰত উল্লেখ কৰা নাযাব। অৰ্থাৎ এজন ব্যক্তি হিচাপেহে তেওঁ এই পুৰস্কাৰ লাভ কৰিব।
নোবেল পুৰস্কাৰত থাকে এটা সোণৰ মেডেল, এখন প্ৰশস্তিপত্ৰ আৰু
যথেষ্ট নগদ ধন। এই ধনৰ পৰিমাণ নোবেল ফাউণ্ডেছনৰ আয়ৰ
ওপৰত নিৰ্ভৰ কৰে। সেই বাবে প্ৰতি বছৰে এই ধনৰ পৰিমাণ বাঢ়ি যাব পাৰে। একাধিক লোকে এই পুৰস্কাৰ পালে পুৰস্কাৰৰ ধন সমানে বা
উপযুক্ত অনুপাতত ভগাই দিয়া হয়। কোনো এটা বছৰত যদি পুৰস্কাৰ প্ৰদান স্থগিত ৰখা হয়, তেন্তে পাছৰ বছৰ এই
পুৰস্কাৰ একেলগে দিয়া হ’ব পাৰে। প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ
সময়ত এইদৰে নোবেল বঁটা প্ৰদান স্থগিত ৰখা হৈছিল। আনহাতে কোনোবাই যদি পুৰস্কাৰ
গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে সেই ধন কিছু নিৰ্দিষ্ট সময়ৰ পাছত নোবেল
ফাউণ্ডেছনৰ পুঁজিলৈ ঘূৰি যায়। বিভিন্ন কাৰণত এনে প্ৰত্যাখ্যান হ’ব পাৰে। কেতিয়াবা প্ৰাপকজনহে নিজেই গ্ৰহণ নকৰিব পাৰে আৰু কেতিয়াবা
ৰাজনৈতিকভাৱেও তেওঁক গ্ৰহণ নকৰিবলৈ কোৱা হ’ব পাৰে। উদাহৰণস্বৰূপে ১৯৩৫ চনৰ শান্তিৰ নোবেল বঁটা নাজী বিৰোধী সাংবাদিক
কাৰ্ল ভন অছিয়েটজকিক দিয়াত জাৰ্মানীৰ স্বেচ্ছাচাৰী একচ্ছত্ৰী শাসক এডলফ্ হিটলাৰ্ ইমান অসন্তুষ্ট হৈছিল যে
তেওঁ সকলো জাৰ্মান ব্যক্তিক ভৱিষ্যতে এই পুৰস্কাৰ গ্ৰহণ কৰাৰ বাবে বাৰণ কৰিছিল।
কোনো প্ৰাপকে যদি প্ৰথমে বাধ্যত পৰি এই বঁটা গ্ৰহণ নকৰে, কিন্তু
পাছত কেতিয়াবা সেই বঁটা প্ৰত্যাখিত হোৱাৰ প্ৰকৃত কাৰণ উন্মোচন কৰি বঁটা গ্ৰহণ
কৰিবলৈ নিজৰ ইচ্ছাৰ কথা জনায়, তেন্তে তেওঁক সেই বটাঁৰ মেডেল
আৰু প্ৰশস্তিপত্ৰ দিয়া হ’ব পাৰে, কিন্তু
ধনখিনি দিয়া নহয়। কাৰণ সেয়া ইতিমধ্যেই মূল পুঁজিত জমা হৈ যায়।
নোবেল পুৰস্কাৰ, ২০২২
পদাৰ্থ বিজ্ঞান
২০২২ চনৰ
পদাৰ্থবিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে ফ্ৰান্সৰ এলেন এছপেক্ট (Alain Aspect), আমেৰিকা যুক্তৰাষ্ট্ৰৰ
জন এফ ক্ল’জাৰ (John F. Clauser)
আৰু অষ্ট্ৰিয়াৰ এণ্টন জেলিংগাৰে (Anton Zeilinger)। ‘আটক হৈ থকা’ (entangled) ফ’টন সম্পৰ্কত
পৰীক্ষা-নিৰীক্ষা, বে’ল অসমীকৰণৰ ব্যতিক্ৰমৰ ব্যাখ্যা আৰু কোৱাণ্টাম তথ্য
বিজ্ঞানৰ ক্ষেত্ৰত দিকদৰ্শী আৱিষ্কাৰৰ বাবে (“for experiments with
entangled photons, establishing the violation of Bell inequalities and
pioneering quantum information science”) তেওঁলোকলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।
![]() |
এলেন এছপেক্ট, জন এফ ক্ল’জাৰ আৰু এণ্টন জেলিংগাৰ |
‘আটক হৈ থকা’ (entangled) ফ’টন হ’ল ফ’টনৰ এনে এক অৱস্থা, যি অৱস্থাত দুটা বা ততোধিক ফ’টন কণাই পৃথক হৈ থকা অৱস্থাতো একেটা কণাৰ দৰে আচৰণ কৰে। কোৱাণ্টাম বলবিদ্যাৰ এই নতুন জ্ঞান ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ কোৱাণ্টাম কম্পিউটাৰ, কোৱাণ্টাম নেটৱৰ্ক, আৰু কোৱাণ্টাম সংকেতৰ ওপৰত নিৰ্ভৰশীল বিশ্বাসযোগ্য যোগাযোগ ব্যৱস্থাত ইয়াৰ যথেষ্ট ব্যৱহাৰ আছে। বিজ্ঞানীত্ৰয়ৰ গৱেষণাৰ সফলতাই কোৱাণ্টাম তথ্যৰ ওপৰত নিৰ্ভৰ কৰি নতুন প্ৰযুক্তিৰ বাটো মুকলি কৰি দিলে। ইণ্টাৰনেট, ম’বাইল ফোনেৰে যোগাযোগ ব্যৱস্থা আৰম্ভ হোৱাৰে পৰা হেকাৰে বিভিন্ন উপায়েৰে গুৰুত্বপূৰ্ণ তথ্য চুৰি, বেংকৰ টকা আত্মসাৎ, ফোন টেপিং আদি অনৈতিক কামেৰে এইবোৰ পদ্ধতি ব্যৱহাৰকাৰী লোকসকলক ব্যতিব্যস্ত কৰি আহিছে। বিজ্ঞানী কেইজনৰ আৱিষ্কাৰৰ সহায়ত হেকাৰৰ পৰা সম্পূৰ্ণ মুক্ত টেলি-যোগাযোগ ব্যৱস্থা স্থাপন কৰিব পৰাও যাব।
কোৱাণ্টাম বলবিদ্যাৰ কি তত্ত্বই বাৰু কেনেকৈ দুটা বা ততোধিক কণাক ‘আটক’ (entangled) হৈ থকাটো সমৰ্থন কৰে? সেই অৱস্থাত কণাসমূহ পৃথক হৈ থাকিলেও এটা কণাৰ প্ৰকৃতিয়ে আনটো কণাকো একে প্ৰকৃতিত থাকিবলৈ বাধ্য কৰে। এই প্ৰশ্নৰ উত্তৰ বহুত বছৰ ধৰি বিজ্ঞানীসকলে পোৱা নাছিল। বহুতে ভাবিছিল যে কিছুমান লুক্কায়িত চলকে হয়তো সেয়া নিয়ন্ত্ৰণ কৰে। ১৯৬০ ৰ দশকত জন ষ্টুৱাৰ্ট বে’লে এক গাণিতিক অসমীকৰণৰ (যাক ‘বে’ল অসমীকৰণ’ বুলি জনা যায়) দ্বাৰা দেখুৱাইছিল যে যদি তেনে কোনো লুক্কায়িত চলক থাকেও, তেতিয়াও সিহঁতৰ মাজৰ সম্পৰ্ক এক নিৰ্দিষ্ট মানতকৈ বেছি হ’ব নোৱাৰে। কিন্তু কোৱাণ্টাম বলবিদ্যাৰ কিছুমান পৰীক্ষাই বে’লৰ এই অসমীকৰণ উলংঘা কৰিছিল।
জন ক্ল’জাৰে বে’লৰ সেই ধাৰণাৰ সংশোধন ঘটালে। তেওঁ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱালে যে লুক্কায়িত চলকৰ ধাৰণাটোৱেই ভুল। পিছে সেই পৰীক্ষাৰ ভিত্তিত ক্ল’জাৰে যি মতামত পোষণ কৰিছিল, তাতো কিছুমান অশুদ্ধি থাকি গৈছিল। এলেন এছপেক্টে ক্ল’জাৰৰ পৰীক্ষাটোকেই অধিক আগবঢ়াই নি সেই অশুদ্ধিবোৰ দূৰ কৰি ক্ল’জাৰৰ তত্ত্বক এক গ্ৰহণযোগ্য ৰূপ দিবলৈ সমৰ্থ হ’ল।
তাৰ পাছত অধিক উন্নত সঁজুলি আৰু এক
দীঘলীয়া শ্ৰেণীৰ পৰীক্ষা-নিৰীক্ষা চলাই এণ্টন জেলিংগাৰে ‘এই আটক হৈ থকা’
(entangled) কোৱাণ্টাম অৱস্থাক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ ল’লে। তেনে এক পৰীক্ষাৰ
যোগেদি জেলিংগাৰৰ নেতৃত্বাধীন এক দলে ‘কোৱাণ্টাম টেলিপৰ্টেছন’
(Quantum Teleportation) নামেৰে এক পৰিঘটনা প্ৰদৰ্শন কৰি দেখুৱালে যে দূৰৰ পৰাই এটা কণাৰ কোৱাণ্টাম
পৰ্যায় আন এক পৰ্যায়লৈ সলনি কৰিব পাৰি।
পদাৰ্থবিজ্ঞানৰ বাবে নোবেল কমিটিৰ
অধ্যক্ষ আন্দ্ৰেছে নোবেল বঁটাপ্ৰাপকসকলৰ এই কৃতিত্ব সম্পৰ্কত কৈছে – “এই কথা এতিয়া
সন্দেহাতীতভাৱে স্পষ্ট হৈ পৰিল যে কোৱাণ্টাম
প্ৰযুক্তিবিদ্যাৰ এক নতুন প্ৰকাৰ সৃষ্টি হৈছে। আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকে ‘আটক অৱস্থাত থকা’ (entangled) কণাবোৰৰ সম্পৰ্কত যিবোৰ অভিনৱ
কথা জানিবলৈ দিছে, সেইবোৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিব পৰা যাব৷”
ৰসায়ন বিজ্ঞান
২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ
কৰিছে আমেৰিকা
যুক্তৰাষ্ট্ৰৰ দুগৰাকী বিজ্ঞানী কেৰ’লিন আৰ বাৰ্ট’জি (Carolyn R. Bertozzi) আৰু কাৰ্ল বেৰী
ছাৰ্পলেছৰ (Karl Barry Sharpless) লগতে ডেনমাৰ্কৰ
বিজ্ঞানী মৰ্টেন মেলডালে (Morten Meldal)। ‘ক্লিক্ ৰসায়ন আৰু বায়’অৰ্থগ’নেল ৰসায়নৰ বিকাশ’ৰ (“for the development of click chemistry and bioorthogonal chemistry”) বাবে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হৈছে। অণুৰ ৰাসায়নিক প্ৰক্ৰিয়া অৰ্থাৎ অণুৰ
গঠন আৰু সংযুক্তিসম্পৰ্কিত এই আৱিষ্কাৰ নিঃসন্দেহে যুগান্তকাৰী।
![]() |
কেৰ’লিন আৰ বাৰ্ট’জি,
কাৰ্ল বেৰী ছাৰ্পলেছ আৰু মৰ্টেন মেলডাল |
বাৰ্ট’জি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টানফ’ৰ্ড বিশ্ববিদ্যালয়ত কৰ্মৰত আৰু ছাৰ্পলেছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লা জোলাৰ ‘স্ক্ৰিপছ ৰিছাৰ্ছ’ত গৱেষণাৰ কাম কৰে। আনহাতে মেলডাল ডেনমাৰ্কৰ ক’পেনহাগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক। কাৰ্ল বেৰী ছাৰ্পলেছে ইয়াৰ আগতে ২০০১ চনতো নোবেল পুৰস্কাৰ লাভ কৰিছিল। একেটা বিষয়ত নোবেল বঁটা পোৱা তেওঁ দ্বিতীয় বিজ্ঞানী। ক্লিক ৰসায়ন সম্পৰ্কত তেওঁলোকৰ সফল গৱেষণাই ভৱিষ্যতে ফাৰ্মাচিউটিকেল ক্ষেত্ৰক প্ৰভূত সহায় কৰিব।
ক্লিক ৰসায়ন হ’ল ৰসায়ন বিজ্ঞানৰে এক শাখা। এই শাখাত ৰাসায়নিক পদাৰ্থসমূহক আয়নীয় বিল্ডিং ব্লকৰ ৰূপত ক্ষিপ্ৰ গতিত আৰু সুদক্ষভাৱে সংযোগ কৰি নতুন ৰাসায়নিক দ্ৰব্য তৈয়াৰ কৰা হয়। বেৰী ছাৰ্পলেছ আৰু মৰ্টেন মেলডালে এই ক্লিক ৰসায়নৰ ভেঁটি নিৰ্মাণ কৰিছিল। কেৰ’লিন বাৰ্ট’জিয়ে এই ক্লিক ৰসায়নক জীৱিত কণাৰ দেহত ব্যৱহাৰ কৰি ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰিছিল।
বিশেষ গুণসম্পন্ন হোৱাকৈ জটিল ৰাসায়নিক
দ্ৰব্য তৈয়াৰ কৰাটো ৰসায়ন বিজ্ঞানীসকলৰ এক সপোন। সেই পৰিকল্পনাকে বাস্তৱায়িত কৰি
ফাৰ্মাচিউটিকেল ক্ষেত্ৰত কিছুমান প্ৰাকৃতিক অণুক পুনৰ সৃষ্টি কৰা হৈছিল আৰু সেই
অণুবোৰত কিছুমান গুণ আৰোপ কৰা হৈছিল। সেইবোৰে খুব ভালেই কাম কৰিছিল, সেই উৎপাদন পদ্ধতি বেছ
খৰচী আছিল। ক্লিক ৰসায়নৰ যোগেদি সেই কাম সৰল পদ্ধতিত, কম খৰচত কৰিব পৰা গ’ল।
বেৰী ছাৰ্পলেছে ২০০০ চনৰ আশেপাশে ক্লিক ৰসায়নৰ ধাৰণাৰ সৃষ্টি কৰিছিল। এই প্ৰকাৰ ৰাসায়নিক পদ্ধতি আছিল বেছ সৰল আৰু বিশ্বাসযোগ্য, অথচ এই পদ্ধতিত ৰাসায়নিক বিক্ৰিয়াবোৰ দ্ৰুত গতিত সংঘটিত হৈছিল আৰু অবাঞ্ছনীয় উপজাত সামগ্ৰী দূৰ কৰিব পৰা গৈছিল। তাৰ পাছতে মৰটেন মেলডেল আৰু বেৰী ছাৰ্পলেছে – এজনে আনজনৰ কামৰ কথা নজনাকৈ স্বতন্ত্ৰভাবে আন এক আৱিষ্কাৰ কৰিলে। তেওঁলোকে ক্লিক ৰসায়নৰ ক্ষেত্ৰত প্ৰথম গুৰুত্বপূৰ্ণ পদ্ধতি, কম সময়তে সংঘটিত কৰিব পৰা ‘ক’পাৰ কেটেলাইজড্ এজাইড-এলকাইন চাইক্ল’এডিছন’ৰ বিকাশ কৰিলে। ইয়াক আন ব্যৱহাৰৰ লগতে ফাৰ্মাচিউটিকেলৰ বিকাশত, ডি এন এ’ মেপিং আৰু অধিক উপযুক্ত দ্ৰব্যৰ সৃষ্টি আদি কামত ব্যৱহাৰ কৰিব পৰা গ’ল।
কেৰ’লিন বাৰ্ট’জিয়ে
ক্লিক ৰসায়নক এক নতুন পৰ্যায়লৈ উত্তীৰ্ণ কৰিলে। কোষৰ পৃষ্ঠৰ বিশেষ
জৈৱিক অণু – গ্লাইকন ‘মেপ’
(Map) কৰিবৰ বাবে তেওঁ এনে এক ক্লিক বিক্ৰিয়াৰ বিকাশ ঘটালে, যি বিক্ৰিয়া জীৱদেহৰ ভিতৰতো সংঘটিত হ’ব পাৰে। আনহাতে
এই বিক্ৰিয়াত কোষৰ নিজা ৰসায়নৰো একো পৰিৱৰ্তন নঘটে। কোষৰ প্ৰকৃতিৰ বিষয়ে অধিক
জানিবলৈ আৰু জৈৱিক পদ্ধতিবোৰ অনুসৰণ কৰিবলৈ এই পদ্ধতি এতিয়া সমগ্ৰ বিজ্ঞান বিশ্বই
ব্যৱহাৰ কৰে।
ৰসায়ন বিজ্ঞানৰ নোবেল কমিটিৰ অধ্যক্ষ যোহান একভিষ্টে বঁটাপ্ৰাপকসকলৰ সম্পৰ্কত কৈছে – “এই বছৰৰ ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰত অতি জটিল ৰাসায়নিক দ্ৰব্য সৃষ্টিৰ পদ্ধতিতকৈ সহজ-সৰল, অথচ কাৰ্যকৰী পদ্ধতিত গুৰুত্ব দিয়া হৈছে। এই পদ্ধতিৰে কিছুমান অভিনৱ অণুক পোনপটীয়া পথেৰে তৈয়াৰ কৰিব পৰা যাব।”
চিকিৎসা বিজ্ঞান
২০২২ চনৰ চিকিৎসা
বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে ছাণ্টে পাব’ই (Svante Paabo)। ‘বিলুপ্ত মানৱসদৃশ
প্ৰজাতিৰ জিনম আৰু মানৱ বিৱৰ্তনৰ ক্ষেত্ৰত তেওঁৰ আৱিষ্কাৰ’ৰ
(for
his discoveries concerning the genomes of extinct hominins and human evolution) বাবে পাব’লৈ এই বঁটা আগবঢ়োৱা হৈছে। নোবেল কমিটিয়ে উল্লেখ কৰিছে যে
পাব’ই তেওঁৰ গৱেষণাৰ জৰিয়তে মানৱ প্ৰজাতিৰ বিবৰ্তনত জিন’মৰ ভূমিকাৰ লগতে মানৱ প্ৰজাতিৰ লগত সম্পৰ্কিত বিলুপ্ত হৈ যোৱা
প্ৰজাতিসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে।
![]() |
ছাণ্টে পাব’ |
মানুহৰ আদিম ৰূপ কি
আছিল, তাৰ
ৰহস্য এতিয়াও সম্পূৰ্ণৰূপে খোল খোৱা নাই। আমি ক’ৰ পৰা আহিলোঁ,
আমাৰ আগতে থকা প্ৰজাতিসমূহৰ লগত আমাৰ সম্পৰ্ক কি, আমি আন সকলো মানৱসদৃশ প্ৰজাতিৰ পৰা পৃথক এক প্ৰজাতি ‘হ’ম’
ছেপিয়েন’ (Homo Sapiens) হিচাপে কেনেকৈ সৃষ্টি হ’লোঁ – এইবোৰ প্ৰশ্নৰ সন্দেহাতীত উত্তৰ কোনেও দিবলৈ সক্ষম হোৱা নাই। পাব’ই তেওঁৰ দিকসৃষ্টিকাৰী গৱেষণাৰ যোগেদি কিছুমান অসম্ভৱপ্ৰায় ঘটনা সম্ভৱ কৰি তুলিছিল। তেওঁ বৰ্তমানৰ মানৱ-প্ৰজাতিৰ এক
নিকট সম্পৰ্কীয় প্ৰজাতি নিয়েণ্ডাৰথালৰ জিন’ম শ্ৰেণীৱদ্ধকৰণ (Sequencing) কৰিবলৈ সক্ষম হৈছিল।
আমি আগতে নজনা আন এক মানৱসদৃশ প্ৰজাতি ‘ডেনিছ’ভা’
(Denisova) সম্পৰ্কত কিছু চমকপ্ৰদ তথ্য আৱিষ্কাৰ কৰিবলৈও তেওঁ সক্ষম হৈছিল। পাব’য়ে এই গুৰুত্বপূৰ্ণ
আৱিষ্কাৰ কৰিছিল যে সেইবোৰ বিলুপ্ত মানৱসদৃশ প্ৰজাতিৰ পৰা হ’ম’
ছেপিয়েনলৈ (বৰ্তমানৰ মানৱ প্ৰজাতি) কিছুমান জিন স্থানান্তৰিত হৈছিল
আৰু প্ৰায় ৭০,০০০ বছৰ আগতে হ’ম’
ছেপিয়েনসকলে আফ্ৰিকাৰ পৰা পৰিব্ৰজন কৰাৰ সময়ত সেয়া সংঘটিত হৈছিল।
জিনৰ এই প্ৰাচীন স্থানান্তৰণে বৰ্তমানৰ মানৱ প্ৰজাতিৰ শাৰীৰিক আৰু
দৈহিক তন্ত্ৰসমূহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো সহায় কৰিছিল। উদাহৰণস্বৰূপে আমাৰ
প্ৰতিৰক্ষা তন্ত্ৰই কোনো জীৱাণুৰ সংক্ৰমণৰ সময়ত কেনেদৰে প্ৰতিক্ৰিয়া কৰিব লাগে, সেয়া তেতিয়াই নিৰূপিত
হৈছিল।
পাব’ৰ এই মৌলিক আৱিষ্কাৰসমূহে এক সম্পূৰ্ণভাৱে নতুন বৈজ্ঞানিক ক্ষেত্ৰৰ সৃষ্টি কৰিছে। এই নতুন শাখাটোৰ নাম দিয়া হৈছে ‘পালিঅ’জিন’মিক্স’ (Paleogenomics)। এই শাখাত বিলুপ্ত প্ৰজাতিৰ জিনীয় তথ্যৰ পুনৰ্গঠন আৰু বিশ্লেষণ কৰা হয়। সংগ্ৰহালয়সমূহত সংৰক্ষিত কংকালসমূহ, বৰফৰ গভীৰতাত বা প্ৰত্নতাত্ত্বিক স্থানসমূহত থকা প্ৰাচীন জীৱাশ্মৰ ডি এন এ’-বোৰৰ (ancient DNA – aDNA) নিষ্কাষণ পদ্ধতি উন্নত হৈ উঠাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনে বিশ্লেষণ সম্ভৱ হৈ উঠিছে। আনকি এতিয়া পৰৱৰ্তী প্ৰজন্মসমূহত ডি এন এ’-সমূহৰ কি ৰূপান্তৰণ হ’ব পাৰে, তাকো ধাৰণা কৰিব পৰা গৈছে।
বিলুপ্তপ্ৰায় মানৱসদৃশ প্ৰজাতিৰ লগত বৰ্তমানৰ মানৱ প্ৰজাতিৰ জিনীয় পাৰ্থক্যৰ আৱিষ্কাৰে এতিয়া আমাক এই
কথা জনাতো সহায় কৰিব যে আমি কেনেকৈ এই অনন্য মানৱ জীৱন লাভ কৰিলো।
অৰ্থনীতি বিজ্ঞান
২০২২ চনত অৰ্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে তিনিজন আমেৰিকান অৰ্থনীতিবিদ ক্ৰমে বেন এছ বাৰ্নানকে (Ben S. Bernanke), ডগলাছ ডব্লিউ ডায়মণ্ড (Douglas W. Diamond) আৰু ফিলিপ এইচ ডিবভিগে (Philip H. Dybvig)। বাৰ্ণানকে বাছিংটন ডি চিৰ ব্ৰুকলিন ইন্সটিটিউটত কৰ্মৰত, ডায়মণ্ড চিকাগ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ডিবভিগ বাছিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক। ‘বেংক আৰু বিত্তীয় সংকটৰ সম্পৰ্কত কৰা গৱেষণা’ৰ (“for research on banks and financial crises”) বাবে তেওঁলোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। নোবেল কমিটিয়ে জনাইছে যে তেওঁলোকৰ গৱেষণাই অৰ্থনীতিত বিত্তীয় সংকটৰ সময়ত বেংকসমূহৰ ভূমিকা আৰু কিদৰে বিত্তীয় বজাৰক নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই সম্পৰ্কে বুজাত সহায় কৰিছে আৰু লগতে সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰো পথ-নিৰ্দেশনা দিছে।
| বেন এছ বাৰ্ণানকে, ডগলাছ ডব্লিউ ডায়মণ্ড আৰু ফিলিপ এইচ ডিবভিগে |
অৰ্থনীতিবিদ ডায়মণ্ড আৰু ডিবভিগে উদ্ভাৱন
কৰা তাত্ত্বিক মডেলে বেংকসমূহৰ অৱস্থান, সমাজত বেংকসমূহৰ ভূমিকা, বেংকসমূহৰ অবস্থা শোচনীয় হৈ পৰা আৰু এনে দুৰৱস্থা
সমাজে কিদৰে হ্ৰাস কৰিব পৰা যায়, সেই সম্পৰ্কে ব্যাখ্যা কৰে।
শোচনীয় হৈ পৰা বেংকক উদ্ধাৰ কৰিবৰ বাবে ডায়মণ্ড আৰু ডিবভিগে চৰকাৰৰ ধন ‘ডিপ’জিট ইঞ্চিঅ’ৰেঞ্চ’ ৰূপত ৰাখি সমাধানৰ সূত্ৰ আগ বঢ়াইছিল। যেতিয়া গ্ৰাহকসকলে বেংকত জমা থকা ধনৰ
চৰকাৰে গেৰাণ্টি দিয়া বুলি জানিব পাৰে, তেতিয়া বেংক দেউলীয়া হ’ব বুলি উৰাবাতৰি ওলালেও
গ্ৰাহকসকলে সেয়া বিশ্বাস নকৰে আৰু নিজৰ টকা-পইচা উলিয়াই নিনিয়ে।
বেংকসমূহে কেনেকৈ সামাজিকভাৱে গুৰুত্বপূৰ্ণ আন
কামসমূহো কৰিব পাৰে, ডায়মণ্ডে সেয়াও দেখুৱাইছে। বেংক হ’ল জমা ৰাখোঁতা আৰু ঋণ লওঁতাসকলৰ
মধ্যৱৰ্তী এক প্ৰতিষ্ঠান। বেংকসমূহে কেনেকৈ ধাৰ লওঁতাসকলক
সুদক্ষভাৱে নিৰ্বাচন কৰিব পাৰে আৰু লগতে ধন জমা ৰাখোঁতাসকলৰ মনতো এনে ভাব সৃষ্টি কৰিব পাৰে যে তেওঁলোকৰ ধন উচিত স্থানতে
বিনিয়োগ কৰা হৈছে, তেওঁ তাৰ বিশ্লেষণ আগ বঢ়াইছে।
বেন বাৰনাকেই আধুনিক যুগৰ আটাইতকৈ বৃহৎ
অৰ্থনৈতিক সংকট ‘১৯৩০-অৰ দশকৰ দুৰৱস্থা’ সম্পৰ্কত গভীৰ
বিশ্লেষণ কৰিছিল। সেই সংকটৰ আন কিছুমান কাৰণ থাকিলেও তেওঁ দেখুৱাইছে যে সেই সময়ত
বেংকসমূহ যিভাৱে পৰিচালনা কৰা হৈছিল, সেয়া
ভুল আছিল আৰু সেই ভুলৰ বাবেই অৰ্থনৈতিক সংকট অধিক গুৰুতৰ আৰু দীঘলীয়া হৈছিল।
বেংকসমূহ যেতিয়া দেউলীয়া হৈ বন্ধ হৈ গৈছিল, তেতিয়া তাৰ লগে
লগে ঋণ লওঁতাসকলৰ সম্পৰ্কীয় তথ্য-পাতিও নাইকিয়া হৈ গৈছিল।
অৰ্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ কমিটিৰ
অধ্যক্ষ টৰে এলিংছেনে কৈছে যে বঁটাপ্ৰাপকসকলৰ অন্তৰ্দৃষ্টিয়ে আমাক বৃহৎ অৰ্থনৈতিক
সমস্যা আৰু ব্যয়বহুল সমাধান সম্পৰ্কত অধিক সচেতন কৰি তুলিব।
শান্তি
২০২২ চনৰ শান্তিৰ নোবেল পুৰস্কাৰ আগ বঢ়োৱা হৈছে এগৰাকী ব্যক্তি আৰু দুটা সংগঠনলৈ। বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী আলেছ বিয়ালিয়াটস্কি (Ales Bialiatski), ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন ‘মেম’ৰিয়েল’ (Memorial) আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন ‘চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ’লৈ (Centre for Civil Libarties) এই বঁটা আগবঢ়োৱা হৈছে।
| আলেছ বিয়ালিয়াটস্কি, মেমৰিয়েল আৰু চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ |
১৯৮০ দশকৰ মাজভাগত বেলাৰুছত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে হোৱা আন্দোলনত আলেছ বিয়ালিয়াটস্কিয়ে নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিছিল। নিজৰ দেশৰ শান্তিপূৰ্ণ উন্নয়ন আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে বিয়ালিয়াটস্কিয়ে আজীৱন সংগ্ৰাম কৰিছিল। ১৯৯৬ চনত তেওঁ ৰাষ্ট্ৰপতিৰ একনায়কত্ববাদী ক্ষমতা বৃদ্ধি কৰিবলৈ বিতৰ্কিত সংবিধান সংশোধনৰ বিৰুদ্ধে জোৰ প্ৰতিবাদ কৰিবলৈ ‘Viasna’ (অৰ্থ– বসন্ত) নামৰ এক সংগঠন প্ৰতিষ্ঠা কৰে। এই আন্দোলনত জড়িত যিসকল লোক নিৰ্যাতিত হৈছিল বা কাৰাবাস খাটিছিল, Viasna-ই সেইসকলক সমৰ্থন কৰিছিল আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অন্ন-বস্ত্ৰ আৰু অন্যান্য সহায় আগ বঢ়াইছিল। চৰকাৰে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। তেওঁক ২০১১ চনৰ পৰা ২০১৪ চনলৈ কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। ২০২০ চনত শাসক পক্ষৰ বিৰুদ্ধে সজোৰ প্ৰতিবাদ কৰাৰ পাছত তেওঁক আকৌ আটক কৰা হৈছিল। তেওঁ এতিয়াও কাৰাবন্দী হৈয়েই আছে, কিন্তু কঠিন সমস্যাৰ মাজতো তেওঁ নিজৰ লক্ষ্য আৰু আদৰ্শৰ পৰা এক বিন্দুও লৰচৰ কৰা নাই।
১৯৮৭ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ কিছু সংখ্যক মানৱ অধিকাৰ কৰ্মীয়ে ‘মেম’ৰিয়েল’ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ লক্ষ্য আছিল- কমিউনিষ্ট শাসনৰ সময়ত যিসকল লোক অন্যায়-অবিচাৰ-অত্যাচাৰৰ সমুখীন হৈছিল, সেইসকল লোকৰ কথা যাতে মানুহে পাহৰি নাযায়। নোবেল বঁটা বিজয়ী আন্দ্ৰেই ছাখাৰভ আৰু মানৱ অধিকাৰ কৰ্মী শ্বেটলানা গানুছকিনা এই সংগঠনৰ প্ৰতিষ্ঠাতা আছিল। এই মতবাদৰ ভিত্তিত ‘মেম’ৰিয়েল’ প্ৰতিষ্ঠা কৰা হৈছিল য নতুন অপৰাধবোৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পুৰণি অপৰাধবোৰৰ বিষয়ে বিশদভাৱে জানি সেইবোৰৰ প্ৰতিবাদ কৰাটো বেছ জৰুৰী। ছোভিয়েট ইউনিয়নৰ বিভংগনৰ পাছত ‘মেম’ৰিয়েল’ ৰাছিয়াৰ সৰ্ববৃহৎ মানৱ অধিকাৰ সংগঠনত পৰিণত হয়। ৰাছিয়াত ষ্টেলিনৰ শাসনৰ সময়ৰ অত্যাচাৰসমূহৰ ফটো, বৰ্ণনা আদি সংগ্ৰহ কৰাৰ উপৰি তেওঁলোকে ৰাছিয়াৰ পাছৰ পৰ্যায়ৰো ৰাজনৈতিক নিষ্পেষণ আৰু মানৱ অধিকাৰ ভংগৰ ঘটনাবোৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সেইবোৰক পদ্ধতিগতভাৱে সংৰক্ষণ কৰি ৰাখিছে। তদুপৰি এই সংগঠনে সামৰিক আগ্ৰাসন আৰু মানৱ অধিকাৰ ভংগৰ বিৰুদ্ধে নিৰন্তৰে কাম কৰি আছে। ২০২১ চনৰ ডিচেম্বৰত কৰ্তৃপক্ষই ‘মেম’ৰিয়েল’ৰ তথ্য কেন্দ্ৰটোক বন্ধ কৰি দিয়ে। অৱশ্যে ‘মেম’ৰিয়েল’ৰ আঁৰৰ মানুহবোৰে তাক মানি ল’বলৈ অস্বীকাৰ কৰিছে।
ইউক্ৰেইনত মানৱ অধিকাৰ আৰু গণতন্ত্ৰক
আগ বঢ়াই লৈ যাবৰ বাবে ২০০৭ চনত কিয়েভত ‘চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ’ প্ৰতিষ্ঠা কৰা হয়। ইউক্ৰেইনৰ অসামৰিক লোকসকলক শক্তিশালী কৰিবলৈ আৰু লগতে
ইউক্ৰেইনত পূৰ্ণাংগ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে এই সংগঠনটোৱে চেষ্টা চলাই আহিছে।
ইউক্ৰেইনত যাতে আইনৰ শাসন চলে, তাক সুনিশ্চিত কৰিবলৈ এই
সংগঠনে ইউক্ৰেইনক ‘আন্তৰ্জাতিক ক্ৰিমিনেল ক’ৰ্ট’ৰ অন্তৰ্ভুক্ত কৰিবলৈও দাবী জনাই আহিছে। ২০২২ চনৰ
ফেব্ৰুৱাৰিত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত এই সংগঠনে ৰাছিয়াই যুদ্ধৰ সময়ত
কিবোৰ নীতিবিৰুদ্ধ কাম কৰিছিল, সেই বিষয়ে তথ্য সংগ্ৰহ কৰি
ৰাখিছে। যুদ্ধ অপৰাধীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিবৰ বাবে এই
সংগঠনে চেষ্টা চলাই আহিছে।
সাহিত্য
২০২২ চনৰ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ
কৰিছে ফৰাচী সাহিত্যিক এনি আৰণেঁ (Annie Ernaux)। সাহিত্য বিভাগত নোবেল
পুৰস্কাৰ আগ বঢ়োৱা ছুইডিছ একাডেমীয়ে উল্লেখ কৰিছে যে এনি আৰণঁৰ লেখাত সদায় এক পৃথক
দৃষ্টিকোণ পৰিলক্ষিত হয়। সাহিত্য ৰচনাত ক্ষেত্ৰত তেওঁ এক সুদীৰ্ঘ আৰু কঠিন পথ
অতিক্ৰম কৰি আহিছে আৰু সফল সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ ৰচনাত লিংগ বৈষম্য, শ্ৰেণী বিভাজন, ভাষা আদিয়ে যথেষ্ট
গুৰুত্ব লাভ কৰিছে।
![]() |
এনি আৰণঁ |
ফ্ৰাঞ্চৰ নৰ্মাণ্ডিৰ এটা শ্ৰমিক পৰিয়ালত
১৯৪০ চনত আৰণঁৰ জন্ম হৈছিল। তেওঁ ৰুয়েঁ আৰু ব’ৰ্ড’ বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা আৰণেঁ লিখি
আহিছে। ৮২ বছৰীয়া আৰণেঁ তেওঁৰ সাহিত্য জীৱনত বিছখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। এনি
আৰণঁৰ সাহিত্যকৰ্মত আধুনিক ফ্ৰাঞ্চৰ সমাজ জীৱনৰ এক নিখুঁত ৰূপ প্ৰতিফলিত হৈছে।
তেওঁৰ দ্বাৰা ৰচিত বেছি সংখ্যক উপন্যাসেই আত্মজীৱনীমূলক। তেওঁৰ ব্যক্তিগত স্মৃতি
ৰোমন্থনত শিপাৰ সন্ধানৰ প্ৰচণ্ড স্পৃহা প্ৰকাশ পাইছে। যৌনতা, গৰ্ভপাত, অসুস্থতা, মৃত্যু আদি
সকলো ক্ষেত্ৰৰ অভিজ্ঞতাই তেওঁৰ ৰচনাত স্থান পাইছে। এনি আৰণঁৰ এখন বিখ্যাত উপন্যাস ‘লা প্লেচ’ত তেওঁ পিতৃৰ সৈতে নিজৰ সম্পৰ্ক ব্যক্ত
কৰিছে। আন এখন উপন্যাস ‘লে আনিছ’ত তেওঁ
দ্বিতীয় বিশ্বযুদ্ধৰপৰা এতিয়ালৈকে তেওঁৰ জীৱন-স্মৃতি ৰোমন্থন কৰিছে। তেওঁৰ দ্বাৰা
ৰচিত আন কেইখনমান গ্ৰন্থ হ’ল – ‘এ
ৱমেনছ ষ্টৰি’, ‘ছিম্পল প্লেচ’, ‘আই
ৰিমেইন ইন ডাৰ্কনেছ’, ‘পেছন ছিম্পল’ আদি।
এই বঁটা প্ৰাপ্তিৰ খবৰ পোৱাৰ পাছতে
স্বাভাৱিকতে আনন্দিত আৰণেঁ প্ৰচাৰ মাধ্যমক কয় যে তেওঁ এই সন্মান লাভ কৰি অভিভূত
হৈছে আৰু তেওঁৰ দায়িত্ব অধিক বাঢ়িল যেন অনুভৱ কৰিছে। অহা ১০ ডিচেম্বৰত আৰণেঁ এই
বঁটা গ্ৰহণ কৰিব আৰু ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৭ কোটি ৫০ লাখ টকা লাভ কৰিব।
***
|
কোনে কোনে নোবেল বঁটা প্ৰত্যাখ্যান কৰিলে : ১। লি ডুক থো – ১৯৭৩ চনত পেৰিছ শান্তি চুক্তি যোগে ভিয়েটনামত যুদ্ধবিৰতি সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত আগ বঢ়োৱা অৱদানৰ বাবে হেনৰী কিছিঞ্জাৰৰ লগত তেওঁকো শান্তিৰ নোবেল পুৰস্কাৰ দিয়া
হৈছিল, কিন্তু ভিয়েটনামত প্ৰকৃততে শান্তি ঘূৰি নহা বুলি কৈ
তেওঁ সেই পুৰস্কাৰ গ্ৰহণ নকৰিলে। ২। জাঁ পল ছাৰ্ত্ৰে – ১৯৬৪ চনত তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰ দিয়া হৈছিল, কিন্তু তেওঁ গ্ৰহণ নকৰিলে। তেওঁৰ
যুক্তি আছিল – “মই ‘নোবেল বটা বিজয়ী জাঁ পল ছাৰ্ত্ৰে’ বুলি লিখাতকৈ কেৱল জাঁ পল ছাৰ্ত্ৰে বুলি লিখিবলৈহে
ভাল পাম। ... এজন লেখকক কোনোবাই এটা প্ৰতিষ্ঠান কৰি তুলিব খুজিলে তেওঁ তাত সন্মতি
জনাব নালাগে।“ ৩। ব’ৰিছ পেষ্টাৰনাক – ১৯৫৮ চনত তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰ দিয়া হৈছিল। ছোভিয়েট চৰকাৰে প্ৰতিশোধ ল’ব পাৰে বুলি তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ৪। এৰিক আক্সেল কাৰ্লফেল্ট – ১৯১৮ চনত তেওঁক সাহিত্যৰ নোবেল বঁটা দিয়া হৈছিল, কিন্তু তেওঁ নিজে ছুইডিছ একাডেমীৰ
ছেক্ৰেটাৰী হৈ আছিল বাবে তেওঁ এই পুৰস্কাৰ গ্ৰহণ নকৰিলে। পাছত ১৯৩১ চনত তেওঁক
পুনৰ এই পুৰস্কাৰ দিয়া হ’ল। কিন্তু বঁটা প্ৰদানৰ কিছুদিনৰ
আগতে তেওঁৰ মৃত্যু হ’ল আৰু তেওঁ সেই
পুৰস্কাৰ নিজে গ্ৰহণ কৰিব নোৱাৰিলে। |
|
নোবেল পুৰস্কাৰত যিসকলে চেকা লগালে ! ১. ডেনিয়েল কাৰ্লেটন গাজডুছেক – ১৯৭৬ চনত তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল। ১৯৯৭ চনত শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁ দোষী সাব্যস্ত হৈ ১৫ মাহ জে’লত আছিল। ২. যোহানেছ ফিবিগেৰ – পৰজীৱী জীৱই কেঞ্চাৰ সৃষ্টি কৰে বুলি আৱিষ্কাৰ কৰা বাবে
তেওঁ ১৯২৬ চনত নোবেল বঁটা লাভ কৰিছিল। কিন্তু পাছত এই আৱিষ্কাৰ ভুৱা বুলি
প্ৰমাণিত হয়। ৩. য়াছেৰ আৰাফট – ১৯৯৪ চনত যুটীয়াভাৱে তেওঁ শান্তিৰ নোবেল বটা লাভ কৰিছিল। এই ঘোষণাৰ পাছত
নোবেল কমিটিৰ সদস্য কাৰে ক্ৰিষ্টিয়ানছেনে পদত্যাগ কৰি প্ৰশ্ন তুলিছিল, “এনেকুৱা পশ্চাদপটৰ এজন
সন্ত্ৰাসবাদীয়ে যদি এই সন্মানজনক পুৰস্কাৰ লাভ কৰে, তেন্তে
তাৰ ফলাফল কেনেকৈ ভাল হ’ব?” |
|
নোবেল পুৰস্কাৰৰ কেইটামান আমোদজনক কথা - আলফ্ৰেড নোবেলে নোবেল পুৰস্কাৰ সম্পৰ্কীয় চূড়ান্ত ড্ৰাফটটো পেৰিছৰ
ছুইডিছ ক্লাবত এটুকুৰা ফটা কাগজত চাৰিজন সাক্ষীৰ সমুখত লিখিছিল। কাৰণ তেওঁ
উকীলক মুঠেই বিশ্বাস কৰা নাছিল। - পাৰমাণৱিক বিভংগন পৰিঘটনা আৱিষ্কাৰৰ লগত জড়িত লিছে মেইটনাৰ নামৰ এগৰাকী
পদাৰ্থবিজ্ঞানীৰ নাম ১৩ বাৰ বাচনিত উঠিছিল, কিন্তু তেওঁ এবাৰো এই পুৰস্কাৰ নাপালে। সেই বাবে তেওঁক “নোবেল বটাৰ ‘ডাইনেষ্টি’” বুলিও জনা যায়। ‘ডাইনেষ্টি’ নামৰ টি ভি শ্ব’টোৱে সন্মানজনক এমি বঁটাৰ বাবে ২৪ বাৰ মনোনয়ন পাইছিল, কিন্তু এবাৰো সেই বঁটা নাপালে। - যিসকল বিখ্যাত ব্যক্তিয়ে নোবেল পুৰস্কাৰ নাপালে, সেইসকল হ’ল
- – লিঅ’ টলষ্টয়, ভাৰ্জিনিয়া ৱলফ, জেমছ জয়েচ,
মাৰ্চেল প্ৰাউষ্ট, মাৰ্ক টোৱেইন, হেনৰিক ইবছেন, টমাছ আলভা এডিছন, নিকোলা টেছলা, মহাত্মা গান্ধী আদি। - ২০০৭ চনত দুজন বৃদ্ধই নোবেল পুৰস্কাৰ লাভ কৰিছিল। তেওঁলোক হ’ল ৯০ বছৰীয়া লিওনিড হাৰউইজ
(অৰ্থনীতি বিজ্ঞান) আৰু ৮৭ বছৰীয়া ডৰিছ লেছিং (সাহিত্য)। হাৰউইজ হ’ল নোবেল বঁটা পোৱা আটাইতকৈ বয়সীয়া ব্যক্তি। - মেৰী কুৰীৰ পৰিয়ালৰ পাঁচজনে নোবেল পুৰস্কাৰ পাই এক ৰেক’ৰ্ডৰ সৃষ্টি কৰিছিল। মেৰীয়ে নিজেও দুটা বিভিন্ন শাখাত দুবাৰ নোবেল পুৰস্কাৰ পাইছিল (পদাৰ্থ বিজ্ঞান, ১৯০৩ আৰু ৰসায়ন বিজ্ঞান, ১৯১১) । - দুবাৰ নোবেল পুৰস্কাৰ পোৱা আন চাৰিজন ব্যক্তি হ’ল - লিনাছ পাউলিং (ৰসায়ন বিজ্ঞান ১৯৫৪, আৰু শান্তি
১৯৬৩), জন বাৰ্দীন (পদাৰ্থ বিজ্ঞান, ১৯৫৬
আৰু ১৯৭২), ফ্ৰেডেৰিক ছাংগাৰ (ৰসায়ন বিজ্ঞান, ১৯৫৮ আৰু ১৯৮০) আৰু কাৰ্ল বেৰী ছাৰ্পলেছ (ৰসায়ন বিজ্ঞান, ২০০১ আৰু ২০২২)। - হেমিংৱেই হেনো নোবেল পুৰস্কাৰৰ বিষয়ে কৈছিল, “শেষত তুমি কেনেবাকৈ চুঁচৰি-বাগৰি আহি যেনিবা পাৰ পালাহি
আৰু তেতিয়াহে কেইটামান জাৰজে তোমাক লাইফ্ বেল্টেৰে মূৰত কোবালে!” |






পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)