(২)
বিটকইনৰ ইতিহাস
বিটকইন মুদ্ৰা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য।
আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্ৰষ্টা হিচাবে ছাটশ্বি নাকাম’ট’ নামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকাম’ট’ই বিটকইনৰ বিষয়ে এখন শ্বেতপত্ৰ প্ৰকাশ কৰে। ন পৃষ্ঠাৰ এই শ্বেতপত্ৰ খনত এই ব্যৱস্থাটোৰ মুখ্য বৈশিষ্ট্যসমূহ আগবঢ়োৱা হয়। শ্বেতপত্ৰ খনৰ নাম ৰখা হয় ‘পিয়েৰ টু পিয়েৰ ইলেক্ট্ৰনিক কেছ ছিষ্টেম’, যাৰ উপনাম ৰখা হয়, বিটকইন।
ইয়াৰ পাছত ২০০৯ চনৰ ৯ জানুৱাৰিত নাকাম’ট’ই বিটকইন ছফ্টৱেৰৰ প্ৰথম ভাৰ্ছনটো মুকলি কৰি দিয়ে। ছফ্টৱেৰৰ পাছত এইবাৰ তেওঁ নেটৱৰ্কটো মুকলি কৰে আৰু তাত ‘ব্লক সংখ্যা শূন্য’ (জেনেছিছ ব্লক অব বিটকইন) ছফ্টৱেৰটো সূত্ৰায়িত কৰে। নেটৱৰ্কটো চলাই ৰখাৰ হকে কৰা বিশেষ কামৰ বাবদ নিৰ্দিষ্ট কিছু বিটকইন প্ৰদান কৰাৰ ব্যৱস্থাটো নাকাম’ট’ই প্ৰস্তাৱ কৰিছিল। ইয়াকে বিটকইনৰ ‘মাইনিং’ অৰ্থাৎ ‘খনন’ আখ্যা দিয়া হয়। ‘জেনেছিছ ব্লক অব বিটকইন’ৰ বিনিময়তো ৫০ বিটকইন প্ৰদান কৰা হয়। এয়াই হৈছে প্ৰথম বিটকইনৰ মাইনিং। এই ব্লকটোৰ মুদ্ৰাভিত্তিক লেনদেনক এটা নামেৰে চিনাক্ত কৰা হৈছিল। (সেই নামটো হৈছে, “The Times 03/Jan/2009 Chancellor on brink of second bailout for banks” )। নামটোত সময়ৰ এটা চিন থকাৰ লগতে সেই তাৰিখত ‘দ্যা টাইমছ’ কাকতত প্ৰকাশিত বাতৰিটোত প্ৰচলিত বেংকিং ব্যৱস্থাৰ এটা দুৰ্বলতাকো ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে বুলি কোৱা হয়।
প্ৰাৰম্ভিক সময়ৰ বিটকইন সমাজৰ অন্য সহযোগকাৰীসকলৰ সৈতে লগ হৈ নাকাম’ট’ই বিটকইন ছফ্টৱেৰৰ বিকাশত অৰিহণা আগবঢ়াই যায়। অৱশ্যে ইয়াৰ ‘ছ’ৰ্চ ক’ড’ৰ (source code) সংশোধনৰ কামখিনি তেওঁ অকলে কৰে, আৰু এই সকলো কামত তেওঁ ২০১০ চনৰ মাজমানলৈকে সক্ৰিয় হৈ থাকে। ইয়াৰ পাছত নাকাম’ট’ই ‘ছ’ৰ্চ ক’ড ৰিপজিটৰি’ বা ছ’ৰ্চ ক’ড কোষৰ নিয়ন্ত্ৰণ আৰু ‘নেটৱৰ্ক এলাৰ্ট কী’ গেভিন এণ্ডাৰছন নামৰ ছফ্টৱেৰ গৱেষক এগৰাকীৰ হাতত অৰ্পণ কৰে, আৰু ইয়াৰ সৈতে জড়িত অন্য কাম বিটকইন সমাজৰ বিশিষ্ট সদস্য কেইজনমানক প্ৰদান কৰি বিটকইন প্ৰকল্পৰপৰা নাকাম’ট’ হঠাতে আঁতৰি যায়। আৰু, ইয়াৰ পাছত ছাটশ্বি নাকাম’ট’ৰ কোনো অস্তিত্ত্ব বিচাৰি পোৱা নাযায়।
উল্লেখনীয় যে বিটকইনৰ সৃষ্টিৰ সময়ছোৱাত নাকাম’ট’ই তেওঁৰ ব্যক্তিগত পৰিচয় সম্পৰ্কে বিশেষ কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাছিল। মাথোঁ তেওঁৰ ‘পিয়েৰ টু পিয়েৰ ফাউণ্ডেছন প্ৰফাইল’ত ২০১২ চনত এই কথা উল্লেখ কৰা হৈছিল যে তেওঁ এজন ৩৭ বছৰ বয়সীয়া পুৰুষ আৰু তেওঁ জাপানত বাস কৰে। কিন্তু এইখিনি তথ্যৰ সপক্ষেও কোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ আদি উপলব্ধ নোহোৱাত লাহে লাহে মানুহে এই কথা বিশ্বাস কৰিবলৈ লয় যে ছাটশ্বি নাকাম’ট’ নামৰ কোনো ব্যক্তিৰ আচলতে অস্তিত্ত্ব নাই, প্ৰকৃততে এইটো এটা ছদ্মনাম; আৰু এই ছদ্মনামো এজন ব্যক্তিৰ নহৈ এটা ব্যক্তিসমূহৰ ছদ্মনাম হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
নাকাম’ট’ৰ সন্ধানত বিশ্বৰ আগশাৰীৰ বহুকেইজন সাংবাদিক তথা তথ্য অনুসন্ধানকাৰীয়ে কৰা বিভিন্ন গৱেষণাত সময়ে সময়ে বিভিন্ন মানুহৰ নাম নাকাম’ট’ বুলি প্ৰস্তাৱ কৰা হৈছে যদিও সেই প্ৰস্তাৱ এতিয়ালৈকে গ্ৰহণযোগ্য হৈ উঠা নাই; কেতিয়াবা আকৌ কোনোবাই নিজকে নাকাম’ট’ বুলি দাবী কৰিও নাকাম’ট’ৰ প্ৰতিভাৰ সৈতে ফেৰ মাৰিব নোৱাৰি পাছত পিছ হুহকিবলৈ বাধ্য হৈছে। এনে অনুসন্ধানত সম্মুখলৈ অহা সম্ভাব্য ব্যক্তিৰ শেহতীয়া খবৰ ২০২১ চনলৈকে প্ৰকাশ পাই আছে।
প্ৰথম অৱস্থাত নাকাম’ট’ৰ বিটকইন নেটৱৰ্কটো ক্ৰিপ্ট’গ্ৰাফিৰ প্ৰতি বিশেষ আকৰ্ষণ থকা ছফ্টৱেৰ ডেভেলেপাৰ কেইজনমানৰ বাবে আজৰি সময়ৰ বিনোদন কৰ্ম হিচাবেহে পৰিগণিত হৈছিল। ২০১০ চনৰ আৰম্ভণিতেহে বিটকইনৰ প্ৰকৃত অৰ্থাৎ বাস্তৱ লেনদেন আৰম্ভ হয়। এইখিনি সময়লৈ বিটকইন ছফ্টৱেৰৰ দ্বিতীয় ভাৰ্ছনটো নাকাম’ট’ৰ লগতে বিটকইনৰ সৈতে জড়িত বিভিন্ন ডেভেলপাৰ লগ হৈ মুকলি কৰি দিয়ে। ২০১০ চনৰ মে’ মাহৰ ২১ তাৰিখে বিটকইনৰ বিনিময়ত পোন প্ৰথমবাৰৰ বাবে এবিধ বস্তু ক্ৰয় কৰা হয়। লাজলো নামৰ এজন ক্ৰেতাই ১০,০০০ বিটকইনৰ বিনিময়ত ২৫ ডলাৰ মূল্যৰ এটা পিজ্জা ক্ৰয় কৰি বিটকইন মুদ্ৰাৰ লেনদেন আৰম্ভ কৰে। এই লেনদেনক ‘বিটকইন পিজ্জা ইণ্ডেক্স’ নামেৰে জনা যায় আৰু সময়ে সময়ে ইয়াৰ বৰ্তমান মূল্য প্ৰকাশ কৰি থকা হয়। উল্লেখযোগ্য যে ২০২২ চনৰ ১ জুলাই তাৰিখে ইয়াৰ সমমূল্য হৈছে, প্ৰায় ২০০ নিযুত আমেৰিকান ডলাৰতকৈ কিছু অধিক, ভাৰতীয় টকাৰ হিচাপত এয়া হৈছে প্ৰায় ১৬০০ কোটি টকা! ১৬০০ কোটি টকাৰ বিনিময়ত এটা পিজ্জা!
লাহে লাহে বিটকইন সমাজৰ প্ৰসাৰ হ’বলৈ আৰম্ভ কৰে। ২০১০ চনত বিশ্বৰ বৃহত্তম বিটকইন এক্সেঞ্জ ‘এমটি গক্স’ জাপানত প্ৰতিষ্ঠা কৰা হয় আৰু সেই চনৰে জুলাই মাহত ইয়াৰ লেনদেন আৰম্ভ কৰা হয়। ইয়াৰ ফলত বিটকইনৰ ক্ৰয়-বিক্ৰয় সুচল হৈ পৰে আৰু ইয়াৰ লেনদেন বাঢ়িবলৈ ধৰে। ২০১১ চনৰ ফেব্ৰুৱাৰি মাহত বিটকইন আৰু ডলাৰৰ মূল্য প্ৰায় সমান হয় আৰু ইয়াৰ পাছত ইয়াৰ লেনদেন আৰু মূল্য দুয়োটাই দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে। কোৱা হয় যে এই লেনদেন বাঢ়ি যোৱাৰ মূলতে আছিল বিভিন্ন প্ৰচাৰ মাধ্যমে ইয়াৰ প্ৰতি দেখুওৱা অত্যধিক কৌতূহলজনিত প্ৰচাৰ। ইতিমধ্যে বহুকেইটা ৱেবছাইট বিটকইন সম্পৰ্কীয় কৰ্মৰাজিৰ বাবেই মুকলি কৰা হয় আৰু উন্নত দেশবোৰৰ ইণ্টাৰনেট ব্যৱহাৰ কৰা অনেক লোকে কৌতূহলবশতঃ বিটকইন ক্ৰয় কৰা আৰম্ভ কৰে। এনে সময়তে ‘ছিল্ক ৰোড’ৰ খবৰ আহিবলৈ আৰম্ভ কৰে। এই গুপ্ত ৱেবছাইটত বিটকইন ব্যৱহাৰ কৰি অবৈধ সামগ্ৰী – বিশেষকৈ ড্ৰাগছৰ লেনদেনৰ সুবিধা কৰি দিয়া হয়; কাৰণ ইয়াত ক্ৰেতাৰ পৰিচয় গুপুত ৰখাৰ লগতে প্ৰয়োজনীয় সুৰক্ষাৰ ব্যৱস্থাও থাকে। এই খবৰে বিটকইনৰ বজাৰখন আৰু বেছি শক্তিশালী কৰি তোলে, যাৰ ফলত ২০১১ চনৰ জুন মাহত বিটকইনৰ বিনিময় মূল্য হৈ পৰে ৩১ ডলাৰ। কিন্তু দ্ৰুতগতিত বাঢ়ি যোৱা বিটকইনৰ মূল্য সেই বছৰৰে শেষৰ ফালে হঠাতে কমিবলৈ বাধ্য হয়; ইয়াৰ কাৰণ হৈছে, বিটকইনৰ এক্সেঞ্জ এমটি গক্সৰ বিশেষভাৱে সুৰক্ষিত বুলি দাবী কৰা ছফ্টৱেৰৰ সুৰক্ষা হেকাৰে ভেদ কৰি এক্সেঞ্জৰ লাখ লাখ বিটকইন চুৰ কৰি নিজৰ দখললৈ লৈ যায়। এই ঘটনাই বিটকইনৰ প্ৰতি গঢ় লৈ উঠা মানুহৰ আস্থাত প্ৰচণ্ড আঘাত হানে আৰু বিটকইনৰ মূল্য এনেদৰে কমি যায় যে বহুতে বিটকইনৰ সেয়াই সমাপ্তি বুলিও ক’বলৈ আৰম্ভ কৰে।
কিন্তু বিটকইনৰ সেয়া সমাপ্তি নাছিল। ই লাহে লাহে পুনৰ গা কৰি উঠিল আৰু ২০১২ চনত ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যা আগতকৈও বাঢ়িবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰ শেষলৈ আগৰ তুলনাত অধিক সংখ্যক সামগ্ৰী বিটকইনৰ বিনিময়ত ক্ৰয় কৰিব পৰা অৱস্থা এটা সৃষ্টি হ’ল। ২০১৩ চনটোৰ আৰম্ভত প্ৰতিটো বিটকইনৰ বিনিময় মূল্য আছিল ১৩ ডলাৰ আৰু সেই মূল্য এপ্ৰিলৰ ১০ তাৰিখে হ’লগৈ ২৬৬ ডলাৰ। কিন্তু এইবাৰ এমটি গক্স এক্সেঞ্জত কাৰিকৰী সমস্যাই দেখা দিয়াত লেনদেনৰ সময় অধিক হ’বলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলত বিটকইনৰ বজাৰখনত বিৰূপ প্ৰভাৱ পৰি বিটকইনৰ মূল্য কেইদিনমানৰ ভিতৰতে ৫৫ ডলাৰলৈ কমি আহিল। বহু সমস্যাৰে ভাৰাক্ৰান্ত এমটি গক্স ২০১৪ চনত দেউলীয়া ঘোষণা কৰি বন্ধ হৈ গ’ল।
অৱশ্যে ইতিমধ্যে বিটকইনৰ অন্য এক্সেঞ্জ গঢ় লৈ উঠিল আৰু বহু উত্থান-পতনৰ মাজেৰে বিটকইনৰ বজাৰখন আগবাঢ়ি গৈ বৰ্তমানৰ অৱস্থাত আহি ই উপনীত হৈছে। তলৰ তালিকাখনত বিটকইনৰ আমেৰিকান ডলাৰ সাপেক্ষে বিনিময়মূল্য দেখুওৱা হৈছে।
|
বছৰ |
বছৰৰ প্ৰাৰম্ভিক মূল্য ডলাৰ প্ৰতি বিটকইন |
বছৰৰ শেষৰ মূল্য ডলাৰ প্ৰতি বিটকইন |
বছৰটোৰ সৰ্বোচ্চ মূল্য |
|
২০১৪ |
৭৭০ |
৩১৪ |
|
|
২০১৫ |
৩১৪ |
৪৩৪ |
|
|
২০১৬ |
৪৩৪ |
৯৯৮ |
|
|
২০১৭ |
৯৯৮ |
১৩৪১২ |
১৯,৭৮৩ |
|
২০১৮ |
১৩,৪১২ |
৩৭৪৭ |
|
|
২০১৯ |
৩৭৪৭ |
|
|
|
২০২০ |
|
|
১৯৮৬০ (৩০/১১/২০) |
ওপৰৰ তালিকাখনত দেখা গৈছে যে ২০১৪ চনৰপৰা বাঢ়ি অহা বিটকইনৰ মূল্য ২০১৮ চনত হঠাতে বহুখিনি কমি যায়। ইয়াৰ মূল কাৰণ হৈছে, ২০১৮ চনৰ ১ ফেব্ৰুৱাৰিৰপৰা বলৱৎ হোৱাকৈ চীনে বিটকইনৰ লেনদেন সম্পূৰ্ণ বন্ধ কৰি দিয়ে। তেতিয়ালৈকে চীন আছিল বিটকইনৰ বজাৰখনৰ এক মুখ্য অংশীদাৰ।
২০২১ চনৰ আৰম্ভণিৰপৰা বিটকইনৰ ক্ষেত্ৰখনত উল্লেখনীয় কেতবোৰ ঘটনাৰ সংযোজন হয় যাৰ প্ৰভাৱ ইয়াৰ বিনিময়ৰ বজাৰখনত বাৰুকৈয়ে উপলব্ধি কৰা হয়। বিশ্বৰ আটাইতকৈ বিত্তৱান লোকৰ তালিকাত শীৰ্ষস্থানৰ অন্যতম দাবীদাৰ এলন মাস্কে ২০২১ চনৰ জানুৱাৰি মাহৰ ১৯ তাৰিখে তেওঁৰ ট্যুইটাৰত বিটকইন সম্পৰ্কে প্ৰকাশ কৰে যে ‘অতীতৰ ঘটনাক্ৰমৰ প্ৰেক্ষাপটত, এয়া অনিবাৰ্য্য আছিল’ (“ In retrospect, it was inevitable” )। এই মন্তব্যৰ পাছত এঘণ্টাৰ ভিতৰতে প্ৰতি বিটকইনৰ মূল্য বাঢ়ি গৈ ৩৭,২৯৯ হয়। ২০২১ চনৰ ৮ ফেব্ৰুৱাৰিত টেছলাই ডেৰ বিলিয়ন ডলাৰ মূল্যৰ বিটকইন ক্ৰয় কৰাৰ কথা ঘোষণা কৰাৰ লগতে টেছলা গাড়ীৰ বিক্ৰীত বিটকইন গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। এই ঘোষণাৰ পাছত বিটকইনৰ মূল্য হয়গৈ ৪৪,১৪১ ডলাৰ। অৱশ্যে এই ঘোষণাৰ প্ৰায় ডেৰ মাহৰ পাছত মে’ মাহৰ ১০ তাৰিখে টেছলাই বিটকইনৰ ‘মাইনিং’ পৰিৱেশৰ বাবে অপকাৰী বুলি পূৰ্বৰ ঘোষণা সলাই টেছলা গাড়ীৰ বিনিময়ত বিটকইন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ পাছত বিটকইনৰ মূল্য হ্ৰাস পায়; কিন্তু পাছত বিটকইন মাইনিঙত আধাতকৈ বেছি ৰিনিউবেল এনাৰ্জি ব্যৱহাৰ কৰিলে টেছলাই পুনৰ বিটকইন গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰাত বিটকিনৰ মূল্য বৃদ্ধি পায়।
এতিয়ালৈকে দুখন দেশে বিটকইনক বৈধ মুদ্ৰা বুলি গ্ৰহণ কৰিছে। ২০২১ চনৰ জুন মাহত দক্ষিণ আমেৰিকাৰ দেশ এল ছালভাডৰৰ বিধান সভাই দেশখনত বিটকইনক বৈধ বিনিময় মুদ্ৰা হিচাবে গ্ৰহণ কৰে আৰু সেই বছৰৰে ৭ ছেপ্টেম্বৰৰপৰা ইয়াক আইনৰ মৰ্য্যাদা প্ৰদান কৰা হয়। দেশখনে জিঅ’ থাৰ্মেল বিদ্যুৎ উৎপাদন কৰি তাৰে বিটকইন মাইনিঙৰ প্ৰস্তাৱ কৰিছে। শেহতীয়াকৈ ২০২২ চনৰ ২৭ এপ্ৰিল তাৰিখে চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক দেশখনে ফ্ৰাংকৰ সৈতে বিটকইনক দেশখনৰ বৈধ মুদ্ৰা হিচাবে আইন পাছ কৰিছে। ইউক্ৰেইন-ৰুছিয়াৰ সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত ৰুছিয়াৰ সৈতে অনেক দেশে বাণিজ্যিক সম্পৰ্ক ছেদ কৰাত ৰুছিয়াই ইয়াৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বিনিময়ত অদূৰ ভৱিষ্যতে বিটকইন গ্ৰহণ কৰাৰ কথা প্ৰকাশ পাই আহিছে। আমাৰ ভাৰততো বিটকইন সম্পৰ্কীয় নীতি গ্ৰহণৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ বাতৰি প্ৰচাৰ হৈ আছে।
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)