৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বুদ্ধিৰ সাগৰ বীৰবল

লেখকঃ ৰচনা পাঠক • প্ৰকাশিতঃ ২৪ মে’, ২০২২
৭ মিনিট পঠন • ২১২৭ বাৰ পঢ়া হৈছে
বুদ্ধিৰ সাগৰ বীৰবল
ডাঙৰকৈ চাওক (Zoom)



(৩০)


বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ অনুৰোধ কৰি বাদশ্বাহে তাৰ কাৰণে প্ৰয়োজনীয় অৰ্থ-কড়ি ৰাজভঁৰালৰপৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল৷ লগতে তেওঁ কৈছিল,

: চৰাইটো মৰমত ৰাখিবা৷ মই যাতে চৰাইটো মৰাৰ বাতৰি নুশুনো৷ শুনিলে, বাতৰি দিওঁতাজনৰ মূৰকে কাটিম৷

দিন গৈ থাকিল৷ চৰাইটোক নতুন মালিকজনে যিমান পাৰে গুৰুত্ব সহকাৰে প্ৰতিপালন কৰিব ধৰিলে৷ কিন্তু কথা এষাৰ আছে যে মানুহে পাতে, ঈশ্বৰে ভাঙে৷

চৰাইটো এদিন হঠাতে মৰি থাকিল৷ মালিকজন ভয়ত ক’লৈ যাওঁ গোপাল, কি কৰোঁ কৃপাল  হ’ল৷ সমস্যাটো হ’ল, ৰজাক তেওঁ খবৰটো কি সাহসত দিয়ে! ইফালে খবৰটো বাদশ্বাহক নিদিয়াকৈও থাকিব নোৱাৰি৷

উপায়ান্তৰ হৈ তেওঁ বীৰবলৰ ওচৰ পালেগৈ৷ গোটেই বৃত্তান্তটো তেওঁ বীৰবলক বিৱৰি ক’লে৷ বীৰবলে কিছু পৰ চিন্তা কৰি তেওঁক কলে যে বাৰান্দাতে দলিচা এখন পাৰি চৰাইটোৰ শৱটো ওপৰমুৱাকৈ শুৱাই থওকগৈ৷ বাকীখিনি যি কৰিব লাগে বীৰবলে নিজে কৰিব বুলি প্ৰতিশ্ৰুতি দি তেওঁক নিৰ্ভয় দি ঘৰলৈ পঠাই দিলে৷

বিয়লি বেলা বাদশ্বাহৰ ওচৰলৈ গৈ বীৰবলে নিজকে কোৱাদি কৈ কৈ বাদশ্বাহক শুনাই গ’ল,

: অস্‌‌ অস্‌! মানুহৰো এনে গুণী, পুণ্যাত্মা মই কিন্তু দেখা নাই৷ সাধাৰণ চৰাই এটাহে, অথচ ইমান ভক্ত! অস্‌ অস্‌! সংসাৰৰ মানুহবোৰো যদি তেওঁৰ নিচিনা হ’লহেঁতেন!

: তুমি কাৰ কথা কৈছাহে বীৰবল? – আকবৰে কৌতূহলী হৈ সুধিলে৷

: ভাটৌ চৰাই এটি জাহাপনা ! অথচ কি ভক্ত!! কালি আবেলিৰেপৰা ভগৱানকে তপস্যা কৰি আছে৷

বাদশ্বাহ আচৰিত হ’ল৷ কি কয় এই বীৰবলটোৱে! তেওঁ বিশ্বাস নকৰা যেন দেখি বীৰবলে ক’লে,

: আপুনি বিশ্বাস নকৰিলে মই নিজে আপোনাক তেওঁৰ ওচৰলৈ নি দেখুৱাৱ পাৰোঁ৷ তদুপৰি এনে পুণ্যাত্মা চৰাইটি আপুনি নিজে গৈ এবাৰ দৰ্শন কৰা উচিত হ’ব জাহাপনা৷

অগত্যা বীৰবলৰ লগত গৈ আকবৰ সেই  ভাটৌ চৰাইটোৰ তত্বাৱধায়কজনৰ ঘৰ পালেগৈ৷ বীৰবলে চকুৰ ইঙ্গিতেৰে আকবৰক চৰাইটো দেখুৱালে৷ আকবৰে ভালদৰে চাই-চিতি ক’লে,

: বীৰবল, চৰাইটো দেখোন মৰিল৷

: মৰিল? অস্‌ অস্‌ অতি পুণ্য আত্মা আছিল৷ সেয়েহে তপস্যা কৰি কৰিয়েই গ’লগৈ দেহি!

বাদশ্বাহে বীৰবল আৰু চৰাইটোৰ তত্বাৱধায়কজনলৈ চালে৷ তেওঁ বুজি পালে যে আচলতে তত্বাৱধায়কজনক অনাহক মৃত্যুদণ্ডৰপৰা ৰক্ষা কৰিবলৈ বীৰবলেহে এই নাটকখন কৰিলে৷

(৩১)

বাদশ্বাহক বীৰবলে সদায়ে কয় যে জ্যোতিষ বিদ্যাক বিশ্বাস কৰিব নালাগে৷ বীৰবলৰ মতে জ্যোতিষে মানুহৰ ভৱিষ্যত সম্পৰ্কে একো ক’ব নোৱাৰে৷

বাদশ্বাহে কিন্তু বিশ্বাস নকৰে৷

এদিন এজন জ্যোতিষীয়ে বীৰবলৰ মুখৰ আগতে বাদশ্বাহৰ আৰু কেৱল তিনি বছৰহে আয়ুস আছে বুলি ক’লে৷ লগে লগে  বাদশ্বাহৰ মুখখন শুকাই টেমিটো যেন হৈ পৰিল; তেওঁৰ মনটো তেনেই মৰি গ’ল৷

বীৰবলে তেতিয়া জ্যোতিষীজনক সুধিলে,

: বাৰু বাপু! আপুনি কওকচোন, আপোনাৰ আৰু কিমান বছৰ আয়ুস আছে?

জ্যোতিষীয়ে কিবা কিবি গণনা কৰি ক’লে, মোৰ আছেগৈ আৰু একুৰি বছৰ৷

বীৰবলে মুহূৰ্ততে তৰোৱাল এখনেৰে জ্যোতিষীৰ মূৰটো কাটি পেলালে৷ জ্যোতিষী মৰিল৷ আকবৰ আচৰিত হ’ল আৰু ক’লে,

: বীৰবল! তুমি এয়া কি কৰিলা? নিৰ্দোষী মানুহ এজনক হত্যা কৰাৰ বাবে তোমাৰ শাস্তি কি হ’ব পাৰে জানানে?

: জানো জাহাপনা! মোৰ ওপৰত যি শাস্তিৰ বিধান হয় হওক৷ কিন্তু মই প্ৰমাণ কৰিলোঁ যে জ্যোতিষীয়ে আনৰ বাদেই, নিজৰো ভৱিষ্যৎ নাজানে৷ নহ’লে বিছ বছৰ জীয়াই থাকিবলগীয়া মানুহটো মুহূৰ্ততে মৰিল কেনেকৈ?

আকবৰে সেইদিনা মৰ্মে মৰ্মে উপলব্ধি কৰিলে যে আচলতে জ্যোতিষ ¸বিদ্যা অৰ্থহীন, কুসংস্কাৰ বা অন্ধবিশ্বাসহে৷

(৩২)

দৰবাৰৰ সকলোৱে হকে বিহকে বাদশ্বাহক প্ৰশংসাৰ ফুলজাৰিৰে ওপচাই থাকে৷ একমাত্ৰ বীৰবলেহে বাদশ্বাহক মাজে-সময়ে সমালোচনা কৰে বা কৰিবলৈ সাহস কৰে৷

এদিন এজন অমাত্যই বাদশ্বাহক ঈশ্বৰতকৈও ক্ষমতাশালী বুলি বন্দনা কৰিলে৷ বাদশ্বাহ আনন্দত ফুলি উঠিল৷

বাদশ্বাহৰ লগতে বাকী সভাসদসকলকো কিছু সাৱধান কৰি দিয়াৰ উদ্দেশ্যে বীৰবলে ক’লে.

: জাহাপনা, আপুনি যে ঈশ্বৰতকৈও শক্তিশালী এইটো কথা আমাৰ ইয়াত উপস্থিতসকলৰ কোনোবাই প্ৰমাণ কৰিব পাৰিবনে?

সভাঘৰত কাঁহ পৰি জীণ যোৱা অৱস্থা৷ সকলো গভীৰ চিন্তাত নিমগ্ন হ’ল৷ এবেলা এবেলি কাল পাৰ হোৱাৰ পাছত বাদশ্বাহে ক’লে,

: বীৰবল! আমি নোৱাৰোঁ৷ তোমাৰ প্ৰশ্নৰ উত্তৰ তুমিয়েই দিব লাগিব৷

এৰা! বীৰবলে ভাবিলে, বাদশ্বাহকো বুজাব লাগিব যে ঈশ্বৰৰ তুলনাত তেওঁ অতি ক্ষুদ্ৰ; আৰু সভাসদবৰ্গকো তেওঁলোকৰ :ান-বিদ্যাৰ পাহাৰটো যে তেনেই চাপৰ, সেইটো বুজাব লাগিব৷ ইয়াকে ভাবি তেওঁ ক’লে,

: জাহাপনা! এটা কথা সঁচা যে ঈশ্বৰ অসীম, অনন্ত৷ তেওঁৰ সাম্ৰাজ্যখনো ডাঙৰ, সীমাহীন৷ তেওঁৰ সাম্ৰাজ্যৰ কাৰোবাক তেওঁ যদি বেয়া পায়, সেইজনক আন দেশলৈ খেদি পঠাবৰ শকতি তেওঁৰ নাই৷ কিন্তু আমাৰ জাহাপনাই আমাৰ সতীৰ্থসকলৰ কথামতে বীৰবলক বেয়া পাই বাৰে বাৰে বেলেগ দেশলৈ খেদি পঠিয়াব পাৰে৷

 

উপসংহাৰ :

পুৰাণত স্যমন্তক মণিৰ কথা আছে৷ মণিটো বোলে য’তে থাকে ত’তে অসুখ-বিসুখ নহয়, ধন-সম্পত্তি উভৈনদী হৈ থাকে, –মুঠতে ভালেই ভাল হৈ থাকে৷

দেশে-বিদেশে বাতৰি এটা প্ৰচাৰ হ’ল : হিন্দুস্তানৰ সম্ৰাট আকবৰে স্যমন্তক মণি এটা পাইছে৷

খবৰটো সঁচা নে মিছা, ৰজা-প্ৰজা উভয়ৰ মাজতে পৃথিৱী জুৰি চৰ্চা হ’বলৈ ধৰিলে৷

তুৰস্কৰ সম্ৰাটে ভাবিলে, এবাৰ নিজে ফুৰিবলৈ যোৱাৰ ছলেৰে খবৰটো সঁচা নে মিছা বুজ লৈ আহিবগৈ লাগিব৷ লগতে পাৰিলে সেই উকমুকৰ পোৱালিটো হাত কৰিব লাগিব৷

ভবামতেই কাম৷ তুৰস্কৰ চুলতান দিল্লীলৈ আহিল আৰু আকবৰৰ অতিথি হ’লহি৷

সুবিধা বুজি তেওঁ আকবৰক সুধিলে, হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰে হেনো স্যমন্তক মণি এটা পালে?

: হয় পাইছোঁ৷ চাব নেকি?

: চাব খুজিছিলোঁ৷

: সৌৱা মোৰ স্যমন্তক মণি! – আকবৰে আঙুলি-ঠাৰেৰে দেখুউৱা পিনলৈ চাই তুৰস্ক সম্ৰাটে দেখিলে, বীৰবলে নিজৰ আসনত বহি তেওঁলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিছে৷

(সমাপ্ত)

ৰ
লেখকৰ পৰিচয়

ৰচনা পাঠক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)