৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিকৰ্ণ bikarna-poem-May-2022

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৬ মাৰ্চ, ২০২২
২ মিনিট পঠন • ১৪১৫ বাৰ পঢ়া হৈছে

জয়ন্ত দত্ত

 

A man is not a hero to his wife and valet

 

চুপ থাক বিকৰ্ণ*

তই কিহৰ কিটো...

 

কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি

ঘটনাক ৰহণ সানি সানি পৰিবেশন কৰোৱা হাতবোৰৰ তলেদি

লোলুপ চকুবোৰৰ মাজেৰে

জিভাৰ পৰা সৰি পৰা পানীবোৰৰ মাজেৰে...

মই ওলাই আহোঁ

 

বাহিৰত চৌফলীয়া ৰ’দ

চিঞৰি চিঞৰি কওঁ ভিতৰৰ সমস্ত ক্ৰিয়া-কলাপ

কিহৰ কিটো মই

কোটৰত চকু নেফিয়া চুলি...

য’ত থিয় হোৱা ঠাই পাও তাৰ পৰা ক’লে

কাৰো কাণত নপৰশে

 

কোঁৱৰৰ চাউল খাই কেনেকৈ বজাব পাঞ্চজন্য ...

 

মই আৰু আপোনাৰ পত্নীহে দেখো

বৰচুৰিয়াৰ ফেৰে ঢাকি থোৱা আপোনাৰ

গোধাই খোৱা ভৰি..

আপোনাৰো যে আছে এখন মেইন-কাম্ফ*  সদৃশ জীৱনী ..

 

মানুহক চেৰাই  জাতি

মানুহক চেৰাই ভেটি

মানুহক চেৰাই ৰাম নাম ভকতি.....

 

আহি আহি পালোহি যিটো পদূলি ...

 

ইয়াত চাৰিটা বহাগৰ আগতে আকাশলৈকে পোহৰাই ফুলিছিল এজোপা কঠনা

থুনুক-থানাক ফুল এপাহে গাত মাকৰ চাদৰ এখন মেৰিয়াই নাচনী সাঁজিছিল..

সন্মুখৰ নামঘৰটোত নাম-অপৰাধ ডাকিছিল..

 

 ফুলপাহৰ  থুনুক-থানাক মাতটোৰ ৰং চৰিছিল

তাইক দেখি নামঘৰীয়াই দবাৰ চেও পাহৰিছিল

থাপনাৰ তেল সানি ঘোঁৰা এটা হৈছিল..

 

ফুলৰ সতীত্ব চিৰাচিৰ তেজত তিতিছিল কৰাপাট ..

 

ৰাতিটোৱে পুৱাবলৈ পাহৰিলে...

 

সন্মুখত দপ্‌দপকৈ জ্বলি থকা ঘৰখন চাই চাই

আপুনি বাৰু কিদৰে ফুলনিত পানী দিছে

 

* বিকৰ্ণ : এশ কৌৰৱৰ এজন যি দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বিৰোধ কৰিছিল

* মেইন কাম্ফ : হিটলাৰৰ জীৱনী

 

ঠিকনা :

দ গাঁও নলনি খাত

পো.অ. গৰখীয়া দ’ল

যোৰহাট - ১৫

ভ্ৰাম্যভাষ: ৯৩৬৫৪৫৭৭৫১

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)