৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা সম্পৰ্কীয় চিন্তা আৰু ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’

লেখকঃ ড° নীৰাজনা মহন্ত বেজবৰা • প্ৰকাশিতঃ ৭ ফেব্ৰুৱাৰী, ২০২২
২০ মিনিট পঠন • ৩৮২৬ বাৰ পঢ়া হৈছে

ড° নীৰাজনা মহন্ত বেজবৰা       

(ক) প্ৰচলিত শিক্ষা ব্যৱস্থা

আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্ৰয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্ৰয় কৰিয়ে জাতীয় সাহিত্যৰ স্ৰজন, পালন, পোষণ হয়। সেয়েহে পোনপটীয়াকৈ অসমীয়াৰ পাঠ্যক্ৰমৰ কথা অসমীয়া ভাষা-সাহিত্য সম্পৰ্কীয় শিক্ষণ বুলিয়ে ধৰি ল’লেও আচলতে চাবলৈ গ’লে এই পাঠ্যক্ৰম অন্য প্ৰায়বিলাক পাঠ্যক্ৰমতকৈ জাতিৰ প্ৰতি অধিক দায়ৱদ্ধ তথা কাৰ্যকৰী হোৱাৰ আৱশ্যকতাৰ কথাটো ভাবিলে বোধকৰো ভুল ভবা নহ’ব। 

অসমীয়া বুলিলে আমি সাধাৰণতে তলৰ চাৰিটা দিশৰ কথা বুজোঁ –

(১) অসমৰ স্থানীয় অধিবাসী, (২) অসম ৰাজ্যৰ ৰাজ্যভাষা, (৩) অসমৰ লগত জড়িত বিভিন্ন বিষয় আৰু (৪) অসমীয়া ভাষা আৰু সাহিত্য অধ্যয়নৰ এটি বিষয়। 

উল্লিখিত চাৰিটা দিশৰ কথা চালে ‘অসমীয়া’ বিষয়ত উচ্চশিক্ষা গ্ৰহণৰ কথাটোৱে অসমীয়া জাতিটোৰ সামগ্ৰিক ইতিহাসৰ তথ্য আৰু জাতীয় বিকাশৰ বাবে দৃষ্টি আৰু দৰ্শন তথা সেইমতে গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থা সম্পৰ্কীয় দিশো যৎকিঞ্চিৎভাৱে হ’লেও সামৰি লোৱাটো বাঞ্ছনীয়। কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ প্ৰচলিত ‘অসমীয়া’ শিক্ষাত কি কি পঢ়ুৱাব খোজা হৈছে, তাৰ বাবে উপযুক্ত পদ্ধতি কি হ’ব, তাৰ পৰা কেনে ফলাফল লাভ কৰিব পৰা যাব আদি ধৰণৰ দিশসমূহ পাঠ্যক্ৰম প্ৰস্তুত কৰাসকলৰ ফালৰ পৰা প্ৰায়েই স্পষ্ট কৰি লোৱা নহয়। শিক্ষাৰ্থী, অভিভাবক বা সাধাৰণ সমাজেও এনে বিষয়ত ভবা-চিন্তা কৰাৰ বিশেষ আৱশ্যকতা অনুভব কৰা যেন নালাগে। 

সংস্থাপন আৰু জ্ঞানৰ উন্নয়ন– এই দুটা প্ৰধান উদ্দেশ্য পূৰণ কৰিব নোৱৰা শিক্ষাই সাৰ্থকতাৰ দাবী কৰিব নোৱাৰে আৰু অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও নিশ্চয় তাৰ ব্যতিক্ৰম নহয়। আকৌ, সংস্থাপনেই হওক বা জ্ঞানৰ কৰ্ষণ– দুয়োটাৰে কাৰণে শিক্ষাই অনিবাৰ্যভাৱেই সমসাময়িক বিশ্বগতিৰ লগত খোজ মিলাই হাতত হাত ধৰি আগ বাঢ়ি যাব লাগিব। জাতীয় ভাষা-সাহিত্যৰ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ লগতে জাতিৰ প্ৰাণস্পন্দনৰ অনুভৱ-উপলব্ধিৰ প্ৰসঙ্গও আছে। বিদ্যালয়-মহাবিদ্যালয়ৰ সাধাৰণ শিক্ষাৰ পৰা ধৰি স্নাতকোত্তৰ তথা উচ্চস্তৰীয় গৱেষণা ডিগ্ৰীৰ পৰ্যায়লৈকে অসমৰ শিক্ষা জগতৰ এক বুজন অংশ অধিকাৰ কৰি থকা সত্ত্বেও অসমীয়া ভাষা-সাহিত্যই এইবিলাক কাম কৰিব পাৰিছে যেন নালাগে। কাৰ্যক্ষেত্ৰত চাবলৈ গ’লে অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰোঁতাসকল এই সম্পৰ্কীয় কিছুমান তথ্য সম্পৰ্কে অৱগত হ’ব পাৰে আৰু তেনে তথ্য তথা লাভ কৰা পাঠ্যক্ৰম সম্পৰ্কীয় ডিগ্ৰীৰ সহায়ত সেই একে পাঠ্যক্ৰম অথবা তাৰে ঊনৈছ-বিছ ধৰণৰ অন্য এক পাঠ্যক্ৰমৰ পাঠদান কৰাৰ যোগ্যতা তেওঁলোকে অৰ্জন কৰা বুলি ধৰি লোৱা হয়। উল্লেখযোগ্য যে এই ধৰণেৰে পাঠ্যক্ৰমে সৃষ্টি কৰি উলিওৱা শিক্ষকৰ তথাকথিত যোগ্যতাসম্পন্ন লোক প্ৰকৃত চাহিদাতকৈ বহুগুণে বেছি। ‘অসমীয়া’ৰ লগত জড়িতভাৱে জ্ঞানৰ উন্নয়ন, কৰ্ম সংস্থাপন, জাতীয় জীৱনৰ পুনৰ্নিৰ্মাণ আদিৰ দিশত বহল পথাৰ এখন উন্মুক্ত হৈ থকা সত্ত্বেও তাত কাম কৰিবৰ বাবে প্ৰচলিত পাঠ্যক্ৰমে ডিগ্ৰীধাৰীসকলক বিশেষ বা উপযুক্ত ধৰণেৰে বাট দেখুৱাব পৰা নাই। ‘অসমীয়া’ শিক্ষাৰ বিশেষ ‘ভিজন’ আৰু ‘মিছন’ নোহোৱাটোৱেই ইয়াৰ গুৰি কথা বুলি আমাৰ ধাৰণা হয়। 

(খ) পাঠ্যক্ৰমৰ দৃষ্টি আৰু দৰ্শন বা 'ভিজন'


(১) যুগৰ লগত খাপ খোৱাকৈ উপযুক্ত শিক্ষিত মানুহ গঢ়ি তোলাই পাঠ্যক্ৰম মাত্ৰৰে মূল উদ্দেশ্য। ভাষা-সাহিত্যৰ পাঠ্যক্ৰমেও এই কথাটো পাহৰিলে নচলিব। কোনো এটা পাঠ বা এজন লেখক ঐতিহাসিকভাৱে কিমান গুৰুত্বপূৰ্ণ সেইটো কথাতকৈও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে বিষয়টোৱে বৰ্তমান আৰু ভবিষ্যতৰ বাবে কিমান গুৰুত্ব বহন কৰিছে, আজিৰ ছাত্ৰই তাৰ লগত একাত্মতা অনুভৱ কৰিবনে নকৰে আদিৰ নিচিনা কথাবোৰেহে অধিক গুৰুত্ব পোৱা উচিত। ঘোৰ ডেকা বয়সত 'অথিৰ ধন জন, জীৱন যৌৱন' বাণীৰে আমি আজিৰ সময়ত উপযুক্ত জাতীয় চৰিত্ৰ এটা গঢ় লৈ উঠাত সাৰ-পানী যোগাব নোৱাৰোঁ। সেই একেদৰেই কোনেও নিজৰ বাস্তৱিকতা আনৰ পৰা ধাৰ বা আমদানি কৰিব নোৱাৰে। সেয়েহে সমসাময়িক কিম্বা সাৰ্বকালিক দৃষ্টিৰেও মূল্যায়নৰ তুলাচনীত যিমান উত্তম বুলি বিৱেচিত পাঠ একোটাই নহওক লাগিলে, সি আমাৰ ছাত্ৰ-ছাত্ৰীক উপযুক্ত উপলব্ধি আৰু দৃষ্টি দিব পৰা হয়নে নহয় সেইটোহে প্ৰধানভাৱে বিবেচনা কৰিবলগীয়া কথা। আচলতে নিজৰ সময় আৰু নিজৰ জীৱনক শিকাৰ-বুজাৰ অৱকাশ নথকা ধৰণৰ হ'লে কোনো বিষয়েই মন-মগজুত উপযুক্ত উদ্দীপনাৰ সৃষ্টি কৰিব নোৱাৰে। সেয়েহে সাহিত্যৰ, বিশেষভাৱে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ উপলব্ধি (appreciation) তথা নতুন ধৰণৰ সৃষ্টি (creation)-ৰ প্ৰতি প্ৰেৰণা- এই দুটা কথাক পাঠ্যক্ৰমত গুৰুত্বসহকাৰে লোৱা উচিত আৰু তাৰ বাবে সাহিত্যৰ বিষয়, ভাষা, শৈলী আদি সমস্ত দিশৰে পৰা সমসাময়িক সাহিত্য আৰু সাহিত্য অধ্যয়নৰ গতি-প্ৰকৃতিৰ লগত চিনাকি কৰি দিয়া কথাটোত অধিক গুৰুত্ব দিয়াটো আৱশ্যকীয় বুলি অনুভব হয়। পাঠ্যক্ৰমত ইয়াৰ বাবে  ঠাই উলিয়াই ল’বলৈ পৰম্পৰাগতভাৱে গুৰুত্ব লাভ কৰি অহা কিছুমান বিষয় হয়তো আঁতৰাই ল’বলগীয়াও হ’বগৈ পাৰে।


(২) অসমীয়া সাহিত্যৰ গতি আৰু ব্যাপ্তি সম্পৰ্কীয় মূল মূল দিশসমূহৰ এক সামগ্ৰিক ৰূপৰেখাৰ কেৱল উপৰুৱা আভাসেই নহয়, বৰঞ্চ হৃদয়ঙ্গম কৰোৱাৰ যত্ন আৰু অৱকাশ এই বিষয়ৰ উচ্চশিক্ষাত থাকিব লাগে। ইয়াৰ মাজলৈ ভাৰতীয় আৰু পাশ্চাত্য ভাষা-সাহিত্য আৰু তেনেকৈয়ে সাহিত্য আলোচনা সম্পৰ্কীয় গতিবিধিৰ প্ৰসঙ্গও নিশ্চয় আহিব। কিন্তু ই প্ৰসঙ্গৰ ৰূপতহে, অসমীয়া ভাষা-সাহিত্য তথা সাহিত্য আলোচনাৰ গতি আৰু ব্যাপ্তিৰ নিয়ন্ত্ৰকৰ ৰূপত আহিবলৈ পাব নালাগে। অন্য কথাত, সংস্কৃত তথা পাশ্চাত্য সাহিত্য আৰু সাহিত্য-চিন্তাৰ মুঠিৰ পৰা উলিয়াই এক স্বতন্ত্ৰ অসমীয়া সাহিত্য তথা সাহিত্য আলোচনাৰ প্ৰতি দৃষ্টিভঙ্গী গঢ়ি তোলাটো পাঠ্যক্ৰমৰ লক্ষ্য হ'ব লাগে। সাহিত্য অধ্যয়নৰ প্ৰাচ্য বা পাশ্চাত্য দৃষ্টিভঙ্গীৰ অন্তৰ্গত ন-পুৰণি নীতি-পদ্ধতিবোৰ প্ৰথমতে আওৰাবলৈ শিকাই পাছত সিবিলাকৰ 'ফ্ৰেম' বা 'ফৰমেট'ৰ ভিতৰত সুমুৱাই যোৱাটোৱেই অসমীয়া সাহিত্যৰ আলোচনা-অধ্যয়ন বুলি ধৰা বা ধৰোৱাৰ ধাৰণা পৰিহাৰ কৰিব লাগে। 


(৩) ভাষা প্ৰয়োগৰ দুটা দিশ– লেখন আৰু কথন। অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা গ্ৰহণেৰে উচ্চ ডিগ্ৰী লাভ কৰাৰ পিছতো বহুজনৰ ক্ষেত্ৰত এই দুটা দিশত পুতৌ লগা অৱস্থা প্ৰায়ে দৃষ্টিগোচৰ হয়। সেয়েহে পাঠ্যক্ৰমৰ অন্তৰ্গতভাৱেই অসমীয়া ভাষাত লেখন আৰু কথনৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশ তথা কৌশল আয়ত্ত কৰিবলৈ প্ৰশিক্ষণৰ সুবিধা ৰাখিব লাগে।


(৪) বিশ্লেষণধৰ্মিতা, সৃজনীমূলক প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশকে ধৰি নিজৰ নিজৰ বিষয়ৰ লগত জড়িত বিভিন্ন কৌশলৰ অধিকাৰী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য। আনে সানি দিয়া কল-পিঠাগুড়ি গিলি সময়ত উকলিয়াই মেধাৱী তথা কৃতী ছাত্ৰত পৰিণত হ’ব পৰা প্ৰচলিত ব্যৱস্থাত শিক্ষাৰ এইবিলাক উদ্দেশ্য স্বাভাৱিকতেই গুৰুত্বহীন হৈ পৰিছে। অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ’লে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যাপকেও পৰীক্ষাৰ সম্ভাব্য প্ৰশ্নৰ উত্তৰ স্বৰূপে বহুৱাব পৰাকৈ এনে কল-পিঠাগুৰিৰ লাড়ুসদৃশ কিতাপ, গৱেষণা পত্ৰ লিখি শৈক্ষিক-সাহিত্যিক দায়িত্ব পালন কৰা সততে দৃষ্টিগোচৰ হয়। প্ৰচলিত এনে অৱস্থা-ব্যৱস্থাৰ বিপৰীতে উচ্চশিক্ষাত ছাত্ৰ-ছাত্ৰীৰ মৌলিকতাৰ অৱস্থান আৰু আৱশ্যকতা নিশ্চিত কৰিব পৰা ধৰণৰ ব্যৱস্থা হ’ব লাগে।


(৫) যি কোনো পদত নিযুক্তি বা অন্য ধৰণেৰে আত্মসংস্থাপনৰ বাবে প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ অন্য এক কাৰ্যকাৰিতা। জাতীয় ভাষা-সাহিত্যৰ পাঠ্যক্ৰমে এই দিশতো যথোপযুক্ত দৃষ্টি ৰাখিব লাগে।


(গ) মিছন বা কাৰ্যপন্থা


উল্লিখিত ধৰণৰ উদ্দেশ্য আগত ৰাখি আগ বাঢ়িবলৈ বিচৰা মানে ‘অসমীয়া’ পাঠ্যক্ৰমে তাৰ বাবে বিশেষ ধৰণৰ কিছুমান কাৰ্যপন্থাও হাতত ল’ব লাগিব। এইসমূহ থূলমূলকৈ তলত দিয়া ধৰণেৰে ভবাৰ অৱকাশ আছে। 


(১) পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত প্ৰথমতে ভাবি ল'বলগীয়া কথাটো হ'ল তাৰ সহায়ত ছাত্ৰ-ছাত্ৰীক কোনবিলাক ক্ষেত্ৰৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ বিচৰা হৈছে আৰু তাৰ বাবে পাঠ্যক্ৰমত কেনেকুৱা বিষয়ৰ সন্নিৱেশ ঘটোৱা প্ৰয়োজন? এনেকৈ ভাবিলে অসমীয়া পাঠ্যক্ৰমে দিব পৰা কিছুমান আৱশ্যকীয় আৰু বাঞ্ছিত ক্ষেত্ৰ ওলাই আহিব। গৱেষণা; শিক্ষণ কলা; সাংবাদিকতা; সম্পাদনা আৰু প্ৰকাশন; ৰেডিঅ’, টেলিভিছন, চিনেমা আদি বিভিন্ন মাধ্যম; বিজ্ঞাপন; মনোৰঞ্জনৰ উদ্যোগ-অনুষ্ঠানত লেখনকে ধৰি বিভিন্ন কাম তথা বিভিন্ন কলা পৰিচালনা; অনুবাদ; কম্পিউটাৰ আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ আদি এনে কিছুমান ক্ষেত্ৰ। এইবিলাক ক্ষেত্ৰৰ বাবে ছাত্ৰ-ছাত্ৰীক গঢ়ি তুলিবলৈ পাঠ্যক্ৰমত কিছুমান বিশেষ অংশৰ সন্নিৱেশ ঘটোৱাটো আৱশ্যকীয় হ'ব।


(২) নিৰ্ধাৰিত পাঠ্যপুথিৰ আধাৰত পাৰ হৈ যোৱা সময়ৰ 'পষ্টমৰ্টেম'ৰ ঠাইত সাহিত্যৰ সাম্প্ৰতিক প্ৰৱণতা উপলব্ধি কৰাৰ লগতে সমসাময়িক সাহিত্যৰ আধাৰত নিজৰ সময়ৰ সৌন্দৰ্যবোধ, বৌদ্ধিক-ৰাজনৈতিক-সাস্কৃতিক-অৰ্থনৈতিক-সামাজিক সচেতনতাৰ সন্ধানত অধিক মনোযোগ প্ৰদানৰ সুযোগ দিবৰ কাৰণে শেহতীয়া সাহিত্যৰ অন্তৰ্ভুক্তি অধিক কৰিব লাগিব।


(৩) কোনো বিধৰ সাহিত্যৰে প্ৰতি 'ভাল' বা 'বেয়া' আৰু সেই কাৰণে পাঠ্যক্ৰমৰ বাবে উপযুক্ত বা অনুপযুক্ত আদি ধৰণেৰে থকা বদ্ধমূল ধাৰণা এৰি শিশু সাহিত্য, ৰহস্য-ৰোমাঞ্চ, নাৰী-লেখন, বিজ্ঞান সাহিত্য, ব্যক্তিত্বৰ বিকাশ সম্পৰ্কীয় সাহিত্য ইত্যাদি বিভিন্ন ধৰণৰ বা সকলো প্ৰকাৰৰ সাহিত্যকে পাঠ্যক্ৰমত স্থান দিব লাগিব।


(৪) ছাত্ৰ-ছাত্ৰীৰ মনত সাধাৰণভাৱে লেখক আৰু বিশেষভাৱে সৃষ্টিশীল লেখকৰ ৰূপত পেছা আৰু নিছা গ্ৰহণৰ আগ্ৰহ সৃষ্টি কৰিব পৰাকৈ পাঠ্য বিষয় আৰু প্ৰশিক্ষণৰ সুযোগ ৰাখিব লাগিব। এজন লেখক প্ৰথমতে এজন ভাল পাঠক হোৱাটো প্ৰয়োজনীয়। ইফালে প্ৰচুৰ বিষয়জ্ঞান নোহোৱাকৈ লেখক হ'বলৈ গ'লে কোনো ব্যক্তি কাহানিও সাৰ্থক লেখক এজন হৈ উঠিবগৈ নোৱাৰে। প্ৰচুৰ পঠন কাৰ্যক এক অনিবাৰ্য কৰ্মৰ ৰূপত গ্ৰহণ কৰিবলগীয়া হোৱাকৈ ইয়াক পাঠ্যক্ৰমৰ ভিতৰুৱা কৰি ল'বলৈ যৎপৰোনাস্তি চেষ্টা চলাব লাগে। লেখন কৌশলৰ লগতে তাৰ পিছৰ পৰ্যায় প্ৰকাশন সম্পৰ্কীয় বিভিন্ন দিশৰ পৰিচয় জ্ঞাপন, দিগ্‌দৰ্শনৰ প্ৰসঙ্গও অসমীয়া পাঠ্যক্ৰমত থাকিব লাগে।


(৫) ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তা, নিজা দৃষ্টিভঙ্গী তথা নিজস্ব লেখন শৈলীৰ বিকাশত গুৰুত্ব দি তাৰ বাবে স্বাধীন প্ৰকৃতিৰ প্ৰকল্পৰ সম্পাদন, পাঠ্যক্ৰমত নথকা অচিনাকি পাঠৰ বিশ্লেষণ আদিৰ নিচিনা কামৰ সুযোগ ৰাখিব লাগে।


(৬) অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্ৰমে অসমৰ সীমাৰ ভিতৰত আৰু বাহিৰতো পাৰস্পৰিক সৌহাদ্যবোধৰ বৰ্দ্ধনৰ দিশত বিশেষ ভূমিকা লোৱাৰ অৱকাশ আছে। এই ক্ষেত্ৰত কাৰ্যকৰী পন্থা হিচাপে অসমীয়াভিন্ন মাতৃভাষাৰ জাতি-জনজাতিৰ লেখকৰ ৰচনা তথা তেনে সমাজ-সংস্কৃতিৰ বৰ্ণনাযুক্ত ৰচনা, অন্য ধৰণেৰে সংমিশ্ৰণৰ ইতিহাস থকা সাহিত্য পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।


(৭) অসমীয়া ভাষা আৰু সমাজলৈ নতুনকৈ আগমন ঘটা বিষয়বিলাকৰ উপযোগী হোৱাকৈ শক্তিশালী গদ্যশৈলী আয়ত্ত কৰাটো অসমীয়াত উচ্চশিক্ষাধাৰী লোকৰ বাবে এক প্ৰকাৰৰ অনিবাৰ্য দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্ৰত বিভিন্ন বিষয়ত বৰ্তমান উপলব্ধ পাৰিভাষিক শব্দাৱলীৰ জ্ঞান প্ৰদান, নতুন শব্দ নিৰ্মাণৰ কৌশলৰ লগতে বিভিন্ন প্ৰকাৰৰ গদ্যশৈলীৰ লগত পৰিচয় লাভৰ বাবে পাঠ্যক্ৰমত যথেষ্ট পৰিমাণে কাহিনীবিযুক্ত গদ্যৰ সন্নিৱেশ ঘটাব লাগে।  


(৮) ভাষাৰ শুদ্ধ আৰু শক্তিশালী প্ৰয়োগৰ অভ্যাস-অনুশীলন তথা তাৰ বাবে প্ৰয়োজনীয় কথাসমূহ অসমীয়াৰ উচ্চশিক্ষাৰ পাঠ্যক্ৰমত থাকিব লাগিব। এই ক্ষেত্ৰত উচ্চশিক্ষাধাৰীসকল অসমীয়া ভাষাৰ বিভিন্ন প্ৰয়োগসমূহৰ লগত পৰিচিত হ’ব লাগিব। অসমীয়া ভাষাৰ ‘খাচ’ অভিব্যক্তি (বৰ্তমান কম ব্যৱহাৰ হ’লেও)-সমূহৰ পৰিচয় আৰু অভ্যাসো থাকিব লাগিব আৰু বৈদ্যুতিন মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগলৈকে বুলি সমকালীন অসমীয়া ভাষাৰ গতি-প্ৰকৃতিৰ লগত ভালকৈ পৰিচিত হ’ব লাগিব।

  

(৯) অধ্যয়নৰ পৰম্পৰাগত তত্ত্বৰ আধাৰত পাঠ একোটাৰ বিশ্লেষণৰ সলনি পাঠৰ পুংখানুপুংখ পঠন (close reading)-ৰ অন্তৰ্গত দিশবিলাকৰ লগত পৰিচয়, অৰ্থাৎ– পাঠটোৰ পৰিপ্ৰেক্ষা (perspective), দৃষ্টিকোণ (point of view), গাঁথনি (structure), ভাষা আৰু বৰ্ণনাভঙ্গী, চৰিত্ৰ চিত্ৰণ, প্লট তথা বিষয়ৰ পৰিচয় জ্ঞাপনৰ সম্পৰ্কত জ্ঞান আৰু অভ্যাসৰ প্ৰসঙ্গক পাঠ্যক্ৰমে গুৰুত্বসহকাৰে ল'ব লাগিব। তাৰ বাবে সাহিত্য অধ্যয়নৰ শেহতীয়া দৃষ্টিভঙ্গী (approach) যেনে– মনোবিশ্লেষণ; সমাজবাদী, নাৰীবাদী, উত্তৰ ঔপনিৱেশিক দৃষ্টিভঙ্গী; সংগ্ৰহণ (reception) তত্ত্ব; নিৰ্গঠনবাদ; লৈঙ্গিক অধ্যয়ন আদি ধৰণৰ প্ৰসঙ্গসমূহ জনাৰ আৰু বুজাৰ সুবিধা ছাত্ৰ-ছাত্ৰীয়ে পাব লাগিব।

   

(১০) অসমীয়া ভাষাৰ, বিশেষকৈ সমসাময়িক অসমীয়া ভাষাৰ আকৃতি-প্ৰকৃতিত বাহিৰৰ (external) ভাষা-সংস্কৃতিৰ প্ৰভাৱ, আন্তৰিক (internal) পৰিৱৰ্তনৰ কাৰণ আৰু তাৰ গঢ়-গতি (mode)-ৰ পৰীক্ষা-নিৰীক্ষা, এইবিলাকৰ পৰিপ্ৰেক্ষিতত অভিধান আৰু ব্যাকৰণ প্ৰণয়ন, নিৰ্বাচিত গ্ৰন্থ বা ৰচনা (পাঠ্যক্ৰমতে নিৰ্দিষ্ট কৰি ৰখা নহয়)-ৰ আধাৰত ভাষাৰ শৈলীগত আলোচনা আদি ধৰণৰ চিন্তা আৰু কামেও ‘অসমীয়া’ৰ উচ্চশিক্ষাৰ পাঠ্যক্ৰমত স্থান পাব লাগে।


(ঘ) ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০


‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ত ‘উচ্চশিক্ষা’ শীৰ্ষকেৰে ৰখা দ্বিতীয় ভাগ আৰু ‘অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰ’ শীৰ্ষকেৰে ৰখা তৃতীয় ভাগৰ অন্তৰ্গতভাৱে ২২ সংখ্যক দফাত ‘ভাষা, কলা আৰু সংস্কৃতিৰ বিকাশমূলক পৰিকল্পনা’ বুলি ৰখা শিতানত অসমীয়া উচ্চশিক্ষাৰ ক্ষেত্ৰত ভাবিবলগীয়া বহুতো দিশ সোমাই আছে। উচ্চশিক্ষা শিতানৰ ৯.১.৩ দফাত ‘কৰ্মসংস্থাপনৰ বাবে ব্যাপক সুযোগৰ সৃষ্টি কৰা’ কথাটো উল্লেখ কৰা হৈছে। ‘অসমীয়া’ বিষয়ৰ উচ্চশিক্ষাই শিক্ষিতসকলক ভাষিক, সাহিত্যিক, সাংস্কৃতিক ক্ষেত্ৰৰ লগতে আন বহুতো ক্ষেত্ৰত সংস্থাপনৰ দিশ নিৰ্দেশ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। কিন্তু ইয়াৰ বাবে ইয়াৰ পাঠ্যক্ৰম ভাষা সম্পৰ্কীয় কিছুমান তাত্ত্বিক প্ৰসঙ্গ আৰু তথ্য কিম্বা নিৰ্বাচিত সাহিত্য পাঠৰ মাজতে আবদ্ধ থাকিলে নচলিব।

দ্বিতীয় ভাগৰ ১১ সংখ্যক দফাত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ‘এক সংহত আৰু বহুমুখী শিক্ষাৰ দিশত’ আগবঢ়াৰ কথা কৈছে। এনে শিক্ষাৰ সহায়ত ‘বৌদ্ধিক, নান্দনিক, সামাজিক, দৈহিক, আৱেগিক আৰু নৈতিক আদিৰ দিশত মানুহৰ সামৰ্থ্য বিকাশৰ লক্ষ্য আগত লৈ আগবঢ়া’ (১১.৩)-ৰ কথা কোৱা হৈছে। ‘শিক্ষাৰ্থীয়ে শিক্ষাৰ লগতে ব্যৱহাৰিক দিশটোৰ লগতো জড়িত হৈ থকা’ (১১.৮)-ৰ কথা আৰু এনে হ’লে ‘ভবিষ্যতে তেওঁলোকৰ কৰ্মসংস্থাপনৰ সম্ভাবনা বৃদ্ধি’ৰ প্ৰসঙ্গও অনা হৈছে। উচ্চশিক্ষাত ‘সৃজনীশীলতাক উৎসাহিত কৰা’ (১২.২)-ৰ কথা ভবা হৈছে। ‘প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে একোটাকৈ বৃত্তিৰ জ্ঞান’ (১৬.৪) দিয়াৰ কথা যেনেকৈ সন্নিৱিষ্ট হৈছে, তেনেকৈয়ে সন্নিৱিষ্ট হৈছে ‘এক গৱেষণা সংস্কৃতিৰ সৃষ্টি কৰা’ৰ প্ৰসঙ্গও। 

‘ভাষা, কলা আৰু সংস্কৃতিৰ বিকাশমূলক পৰিকল্পনা’ৰ লগত জড়িত হিচাপেও অসমীয়া পাঠ্যক্ৰমৰ সম্পৰ্কত বহুতো সম্ভাবনাপূৰ্ণ পৰিকল্পনাৰ সুযোগ আছে। ভাৰতীয় ভাষাসমূহত ৪ বছৰীয়া বি. এড. পাঠ্যক্ৰমলৈকে বুলি সামৰি তুলনামূলক সাহিত্য, সৃষ্টিশীল লেখন আদিৰ অধ্যয়ন-অনুশীলনৰ বাবে কিছুমান শক্তিশালী বিভাগৰ প্ৰতিষ্ঠা, আগৰে পৰা থকাবিলাকৰ উন্নয়ন আৰু তাত নতুন কিছুমান কাৰ্যক্ৰম আৰম্ভ কৰাৰ কথা ২২ সংখ্যক দফাত বিস্তৃতভাৱে উল্লেখ কৰা হৈছে। ভাষা-সাহিত্যৰ লগত জড়িত এইখিনি দিশৰ উপৰি প্ৰস্তাৱিত শিক্ষানীতিৰ কেইবা ঠাইতো অনুবাদ কৰ্মত বহুত বেছি গুৰুত্ব দিয়া হৈছে। এক ভাষিক অনুশীলন হোৱাৰ হেতুকে অনুবাদৰ তাত্ত্বিক চিন্তা আৰু অনুশীলন দুয়োটা দিশেই ভাষা-সাহিত্যৰ বিভাগসমূহৰ পোনপটীয়া দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰুৱা হৈ পৰে। বিভিন্ন ভাষাৰ পৰা জ্ঞান-বিজ্ঞানৰ বিষয়সমূহ অনুবাদৰ যোগেদি নিজৰ ভাষাৰ তথ্যভাণ্ডাৰ সমৃদ্ধ কৰাৰ দিশটো অসমৰ অনুবাদৰ জগতখনে সাধাৰণতে কম গুৰুত্বৰে লোৱা যেন লাগে। আচলতে সাহিত্যৰ ক্ষেত্ৰখনতকৈও সাহিত্যভিন্ন অন্য জ্ঞান আৰু বিশেষকৈ ব্যৱহাৰিক ক্ষেত্ৰখনত অনুবাদৰ উপযুক্ত প্ৰয়োগে এটা জাতিক সামগ্ৰিকভাৱে এক যুগসাপেক্ষ সমৃদ্ধ জাতি কৰি গঢ়ি তুলিব পাৰে। অনুবাদ (Translation)-ৰ লগতে আমি অসমত সাধাৰণতে গুৰুত্ব নিদিয়া মৌখিক অনুবাদ (Interpretation)-ৰ দিশটোকো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুৰুত্বসহকাৰে লৈছে। অসমীয়া ভাষাৰ উচ্চশিক্ষাত এই কথাটো সামৰি ল’লে ভাষাৰ শিক্ষাৰ্থীয়ে পাছলৈ প্ৰশাসন, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰ আৰু লগতে অসমৰ এখন অতিকে সম্ভাৱনাময় ক্ষেত্ৰ পৰ্যটনৰ লগত জড়িত বিভিন্ন দিশত ভবিষ্যৎ গঢ়াৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে অনুবাদক আৰু দোভাষী বা মৌখিক অনুবাদক হ’বৰ কাৰণে অসমীয়াৰ বাহিৰে অন্য অন্ততঃ এটা ভাষাৰ জ্ঞান অনিবাৰ্য। গতিকে আন যি কোনো অন্ততঃ এটা ভাষাৰ হ’লেও মোটামুটি শিক্ষা দানৰ কথাটো অসমীয়া উচ্চশিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন। তদুপৰি, ৰাষ্ট্ৰীয় শিক্ষানীতিত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ যি কথা কেইবা ঠাইতো উল্লেখ কৰা হৈছে, তাৰ বাবেও অনুবাদ তথা অন্য ভাষাৰ জ্ঞান দুয়োটাৰে প্ৰয়োজন। 

উপযুক্ত আৰু প্ৰভাৱশালী ৰূপত লেখন তথা কথনৰ দক্ষতাৰ কথাটো বৰ্তমান সময়ত ব্যক্তিত্বৰ বিকাশ তথা জীৱনত অন্য সকলো ধৰণৰ সফলতাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি ধৰিবলৈ লোৱা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত উপযোগী হোৱাকৈ লেখনৰ দক্ষতাৰ লগতে ব্যৱহাৰিক বাৰ্তালাপৰ শিকন অথবা ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কীয় জ্ঞানৰ বৰ্ধনৰ দিশতো বিশেষ আৱশ্যকতা অনুভৱ কৰিছে। 

উল্লেখযোগ্য যে এতিয়াও কাৰ্যশীল হ’বলৈ অপেক্ষাৰত আমাৰ নতুন শিক্ষানীতিত প্ৰস্তাৱিত ভালেকেইটি দিশ কম পৰিসৰত হ’লেও ‘অসমীয়া’ ভাষা-সাহিত্যৰ পাঠ্যক্ৰমে বহু বছৰৰ আগৰে পৰাই গ্ৰহণ কৰি আহিছে। উদাহৰণ স্বৰূপে অধ্যাপক নগেন শইকীয়াৰ উদ্যমত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১৯৯২ চনতে অসমীয়া উচ্চশিক্ষাৰ পাঠ্যক্ৰমত তুলনামূলক সাহিত্য আৰু অনুবাদৰ পাঠ্যাংশ সংযোজিত কৰিছিল। সেইদৰে অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কীয় দিশেও ২০০০ চনৰে পৰাই এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত স্থান লাভ কৰি আহিছে। চলিত শতিকাৰ আৰম্ভণিতে সৃষ্টিশীল লেখন তথা নাৰী লেখনো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। অসমীয়া ভাষাত এনে বিষয়সমূহৰ শিকন-অনুশীলন অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত আন যি কোনো বিষয়ৰ ছাত্ৰ-ছাত্ৰী বা আন সাধাৰণজনৰ বাবেও সহজতে উপলব্ধ হোৱাৰ ব্যৱস্থা হ’ব লাগে আৰু এই দায়িত্বও নিশ্চিতভাৱেই উচ্চশিক্ষানুষ্ঠানবোৰৰ ‘অসমীয়া’ বিভাগসমূহেই ল’ব লাগিব।  

   

(ঙ) সামৰণি


এই লেখাৰ আৰম্ভণিতে ভাষা-সাহিত্য শিক্ষাৰ সামাজিক দায়ৱদ্ধতাৰ কথা কোৱা হৈছিল। এই দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে উচ্চশিক্ষাৰ ‘অসমীয়া’ পাঠ্যক্ৰমৰ সম্মুখত বহুতো সুযোগ আছে আৰু ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’-তো এনে ধৰণৰ ভালেমান লক্ষ্য তথা আঁচনি গ্ৰহণ কৰা হৈছে। নিজৰ ঠাই আৰু জাতিৰ বাবে গুৰু দায়িত্ব কান্ধ পাতি ল’বৰ কাৰণে অৱশ্যে প্ৰচলিত পাঠ্যক্ৰমসমূহে অনেক ক্ষেত্ৰতে পূৰ্বপ্ৰতিষ্ঠিত খোলাৰ পৰা ওলাই আহি ভিন্ন ধৰণৰ কিছুমান ধ্যান-ধাৰণা গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত পৰম্পৰাগত ধ্যান-ধাৰণাই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈকো সাজু হ’ব লাগিব।


***

  


ড
লেখকৰ পৰিচয়

ড° নীৰাজনা মহন্ত বেজবৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)