৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৫ জানুৱাৰী, ২০২২
৮ মিনিট পঠন • ৪৪২৬ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত

ৰজা দীলিপ 

১১) 

যিদৰে বেদৰ আদি শব্দ ওঙ্কাৰ ধ্বনি

সিদৰে পৃথিৱীৰো আদিম অধিপতি 

বৈৱস্বত পুত্ৰ মনু

মনীষীসকলৰো মাননীয় যি ।

বৈবস্বতো মনুৰ্নাম মাননীয়ো মনীষিণাম্ |

আসীন্মহীক্ষিতামাদ্যঃ প্ৰণবশ্ছন্দসামিব || ১-১১||

১২)

চন্দ্ৰ উদয় হোৱাৰ দৰে ক্ষীৰসমুদ্ৰত

জন্মিছিল ৰাজচন্দ্ৰ দীলিপ 

পৰম বিশুদ্ধ মনুৰ বংশত ।

তদন্বয়ে শুদ্ধিমতি প্ৰসূতঃ শুদ্ধিমত্তৰঃ |

দিলীপ ইতি ৰাজেন্দুৰিন্দুঃ ক্ষীৰনিধাবিব || ১-১২||

১৩)

বহল খামিডাঠ বুকু, ষাঁড়ৰ দৰে কান্ধ

শালগছৰ দৰে ওখ আৰু শক্তিশালী দীঘল দুহাত ।

ক্ষত্ৰিয় ধৰ্ম পালনৰ বাবেই যেন ৰজা দীলিপৰ

ভগৱানপ্ৰদত্ত ৰাজকীয় কৰ্মক্ষম দেহ ।

ব্যূঢোৰস্কো বৃষস্কন্ধঃ শালপ্ৰাংশুৰ্মহাভুজঃ |

আত্মকৰ্মক্ষমং দেহং ক্ষাত্ৰো ধৰ্ম ইবাশ্ৰিতঃ || ১-১৩||

১৪)

দীলিপৰ দেহদীপ্তিৰ বিচ্ছুৰণে

নিস্তেজ কৰিব পাৰে সকলো তেজস্বী গুণক !

মেৰুৰ দৰে স্থিৰ আৰু দীৰ্ঘদেহী ৰাজন যেন

সপ্তদ্বীপা ধৰিত্ৰীৰ সৰ্বময় ৰক্ষক ।

সৰ্বাতিৰিক্তসাৰেণ সৰ্বতেজোঽভিভাবিনা |

স্থিতঃ সৰ্বোন্নতেনোৰ্বীং ক্ৰান্ত্বা মেৰুৰিবাত্মনা || ১-১৪||

১৫)

সুদৰ্শন দীলিপ !

শৰীৰৰ অনুৰূপ তেওঁৰ প্ৰজ্ঞা

প্ৰজ্ঞাৰ সমান তেওঁৰ শাস্ত্ৰজ্ঞান

শাস্ত্ৰজ্ঞানৰ সমান তেওঁৰ কৰ্মোদ্যম ।

সকলো সৌভাগ্যৰেই তেওঁ সৌভাগ্যৱান ।

আকাৰসদৃশপ্ৰজ্ঞঃ প্ৰজ্ঞয়া সদৃশাগমঃ |

আগমৈঃ সদৃশাৰম্ভ আৰম্ভসদৃশোদয়ঃ || ১-১৫||

১৬)

মণি-মুকুতাৰে পূৰ্ণ সাগৰৰ বুকুৱে যদিও সবাকে কৰে  আকৰ্ষণ 

নামিব নোৱাৰি তাত হিংস্ৰ জলচৰে কৰে বিচৰণ ।

ৰাজগুণেৰে বিভূষিত ৰজা দীলিপ 

অতিকৈ কমনীয় হ'লেও ঢুকি পাবলৈ ভীতিৰ কাৰণ ।  

ভীমকান্তৈৰ্নৃপগুণৈঃ স বভূবোপজীবিনাম্ |

অধৃষ্যশ্চাভিগম্যশ্চ যাদোৰত্নৈৰিবাৰ্ণবঃ || ১-১৬||

১৭)

চকাই নকৰে পথৰ ৰেখামাত্ৰও উলংঘন

য'ত ৰথৰ সাৰথি নিপুন

দীলিপৰ শাসনত প্ৰজায়ো নকৰে

মনুৱে নিৰ্ধাৰণ কৰা মাৰ্গ বিন্দুমাত্ৰও অতিক্ৰম।

ৰেখামাত্ৰমপি ক্ষুণ্ণাদা মনোৰ্বৰ্ত্মনঃ পৰম্ |

ন ব্যতীয়ুঃ প্ৰজাস্তস্য নিয়ন্তুৰ্নেমিবৃত্তয়ঃ || ১-১৭||

১৮)

পৃথিৱীৰ পানী শুহি লয় সূৰ্যই

কৰিবলৈ হাজাৰগুণ জল বৰিষণ ।

ৰজা দীলিপেও প্ৰজাৰ উন্নতিৰ অৰ্থেই 

কৰিছিল কৰ আৰোপণ । 

প্ৰজানামেব ভূত্যৰ্থং স তাভ্যো বলিমগ্ৰহীৎ |

সহস্ৰগুণমুৎস্ৰষ্টুমাদত্তে হি ৰসং ৰবিঃ || ১-১৮||

১৯)

পৰিচ্ছদ  আছিল মাত্ৰ চতুৰংগ সেনা  

পৰ্যাপ্ত আছিল ধনুত গুণ জুৰিলেই কৰিবলৈ কাৰ্যৰ সাধন 

তীক্ষ্ণধী ৰাজন!

শাস্ত্ৰক সংগী কৰি শৌৰ্যৰে কৰিছিল পৃথিৱী শাসন ।

সেনা পৰিচ্ছদস্তস্য দ্বয়মেবাৰ্থসাধনম্ |

শাস্ত্ৰেষ্বকুণ্ঠিতা বুদ্ধিৰ্মৌৰ্বী ধনুষি চাততা || ১-১৯||

২০)

মন্ত্ৰণাত আছিল তেওঁ অতি গোপনীয়

মুখাৱয়বত  সদা ভাবলেশহীনতা ।

ৰাজন গোপন-কুশলী কৰ্মত সফল

দেখি সকলোৰে ভাব হয়

সেয়া যেন পূৰ্বজন্মৰ ফল ।

তস্য সংবৃতমন্ত্ৰস্য গূঢাকাৰেঙ্গিতস্য চ |

ফলানুমেয়াঃ প্ৰাৰম্ভাঃ সংস্কাৰাঃ প্ৰাক্তনা ইব || ১-২০||

২১)

তেওঁ ভয় নকৰিছিল, কিন্তু আত্মৰক্ষা কৰিছিল

শাৰীৰিক অৱসাদ নাছিল, কিন্তু ধৰ্ম-কৰ্ম অনুষ্ঠিত কৰিছিল

সম্পত্তি আহৰণ কৰিছিল, কিন্তু লোভ নাছিল

বিষয়সুখ উপভোগ কৰিছিল, কিন্তু আসক্তি নাছিল ।  

জুগোপাত্মানমত্ৰস্তঃ ভেজে ধৰ্মমনাতুৰঃ|

অগৃধ্নুৰাদদে সোঽৰ্থমসক্তঃ সুখমন্বভূৎ || ১-২১||

২২)

নীৰৱে থাকে যদিও জ্ঞানগৰ্ভ

অহংভাবশূন্য আছিল তেওঁৰ দানকৰ্ম ।

শক্তিবান হৈও ক্ষমা কৰি দিয়ে অপৰাধ

তেওঁৰ মাজত  যমজ যেন বিপৰীত স্বভাৱ । 

জ্ঞানে মৌনং ক্ষমা শক্তৌ ত্যাগে শ্লাঘাবিপৰ্যয়ঃ |

গুণা গুণানুবন্ধিৎবাত্তস্য সপ্ৰসবা ইব || ১-২২||

২৩) 

ইন্দ্ৰিয়জ সুখে কৰা নাছিল বশীভূত

সৰ্ববিদ্যাত পাৰদৰ্শী আৰু ধৰ্মানুৰক্ত ।

বৃদ্ধাৱস্থাৰ আগতেই তেওঁ আছিল জ্ঞানবৃদ্ধ । 

অনাকৃষ্টস্য বিষয়ৈৰ্বিদ্যানাং পাৰদৃশ্বনঃ |

তস্য ধৰ্মৰতেৰাসীদ্বৃদ্ধৎবং জৰসা বিনা || ১-২৩||

২৪)

ৰজা দীলিপেই আছিল প্ৰজাৰ প্ৰকৃত পিতা

পিতাসকল আছিল মাথোন জন্মদাতা

পালন পোষণ ৰক্ষন আৰু শিক্ষণ

প্ৰজামাত্ৰেই পিতৃবৎ কৰিছিল বিধান ।

প্ৰজানাং বিনয়াধানাদ্ৰক্ষণাদ্ভৰণাদপি |

স পিতা পিতৰস্তাসাং কেবলং জন্মহেতবঃ || ১-২৪||

২৫)

প্ৰজাৰঞ্জক ৰজা দীলিপে

দণ্ডবিধান কৰিছিল অপৰাধীক লোকশিক্ষাৰ্থে ।

বিবাহ-বন্ধনত বান্ধ খাইছিল সন্তান জন্মাৰ্থে ।

পৰম জ্ঞানীৰ বাবে অৰ্থ আৰু কাম 

ধৰ্মসিদ্ধিৰেই আছিল অন্য এক নাম ।

স্থিত্যৈ দণ্ডয়তো দণ্ড্যান্পৰিণেতুঃ প্ৰসূতয়ে |

অপ্যৰ্থকামৌ তস্যাস্তাং ধৰ্ম এব মনীষিণঃ || ১-২৫||

২৬)

দিলীপে যজ্ঞৰ যোগে দেৱতাৰ তুষ্টিৰ অৰ্থে পৃথিৱীক কৰিছিল দোহন

ইন্দ্ৰয়ো কৰিছিল পৃথিৱীৰ শস্যবৰ্ধনৰ অৰ্থে স্বৰ্গৰ বাৰিধি বৰিষণ।

এনেদৰেই উভয়ে সম্পদৰ কৰিছিল বিনিময়

হৈছিল সুকলমে  স্বৰ্গ আৰু মৰ্ত্ত্য়ৰ প্ৰতিপালন ।

দুদোহ গাং স যজ্ঞায় সস্যায় মঘবা দিবম্ |

সম্পদ্বিনিয়মেনোভৌ দধতুৰ্ভুবনদ্বয়ম্ || ১-২৬||

২৭)

কোনো ৰজাই পৰিত্ৰাতা ৰজা দিলীপৰ যশ চুব পৰা নাছিল

তেওঁৰ ৰাজত্বত চুৰি-ডকাইতি আদি মাত্ৰ শুনা শব্দ আছিল  ।  

ন কিলানুনয়ুস্তস্য ৰাজানো ৰক্ষিতুৰ্যশঃ |

ব্যাবৃত্তা যৎপৰস্বেভ্যঃ শ্ৰুতৌ তস্কৰতা স্থিতা || ১-২৭||

২৮)

সাধুজন শত্ৰু হ'লেও ৰোগীৰ বাবে ঔষধৰ দৰে 

আছিল দিলীপৰ আদৰৰ পাত্ৰ

দুষ্টজন বন্ধু হ'লেও সৰ্পই দংশন কৰা আঙুলিৰ দৰে 

ছেদ কৰিছিল সম্পৰ্ক ।

দ্বেষ্যোঽপি সম্মতঃ শিষ্টস্তস্যাৰ্তস্য যথৌষধম্ |

ত্যাজ্যো দুষ্টঃ প্ৰিয়োঽপ্যাসীদঙ্গুলীবোৰগক্ষতা || ১-২৮||

২৯)

মহাপঞ্চভূতৰ মহাসংযোগত বিধাতাই কৰিছিল স্ৰজন

সেয়েহে পঞ্চভূতৰ দৰে পৰোপকাৰী আছিল ৰাজন ।

তং বেধা বিদধে নূনং মহাভূতসমাধিনা |

তথা হি সৰ্বে তস্যাসন্পৰাৰ্থৈকফলা গুণাঃ || ১-২৯||

৩০)

একচ্ছত্ৰী ৰাজত্বৰে কৰিছিল পৃথিৱী শাসন

যেন এক সুশোভন নগৰী বিতোপন

যাৰ প্ৰাচীৰ আছিল সাগৰৰ তীৰ

আৰু গড়খাৱৈ স্বয়ং সাগৰ ।

স বেলাবপ্ৰবলয়াং পৰিখীকৃতসাগৰাম্ |

অনন্যশাসনামুৰ্বীং শশাসৈকপুৰীমিব || ১-৩০||

৩১)

মগধ বংশজা আছিল তেওঁৰ প্ৰিয়া

ৰূপে-গুণে অনন্যা নাম সুদক্ষিণা 

দিলীপ আছিল যেন যজ্ঞ 

আৰু পত্নী যজ্ঞৰ দক্ষিণা । 

তস্য দাক্ষিণ্যৰূঢেন নাম্না মগধবংশজা |

পত্নী সুদক্ষিণেত্যাসীদধ্বৰস্যেব দক্ষিণা || ১-৩১||

৩২)

যদিও আছিল মহীপাল দীলিপৰ অগণন মহিষী

ৰাজলক্ষ্মী আছিল ৰাজনৰ সুদক্ষিণা মনস্বিনী ।

কলত্ৰবন্তমাত্মানমবৰোধে মহত্যপি |

তয়া মেনে মনস্বিন্যা লক্ষ্ম্যা চ বসুধাধিপঃ || ১-৩২||

৩৩)

প্ৰাণসম অৰ্ধাংগিনীৰ গৰ্ভত সন্তান আত্মজ 

মহীপাল দিলীপৰ আছিল পৰম মনোৰথ।

কিন্তু নিস্ফল সময় গৈ আছিল

পুত্ৰফলপ্ৰাপ্তিত বিলম্ব ঘটিল।

তস্যামাত্মানুৰূপায়ামাত্মজন্মসমুৎসুকঃ |

বিলম্বিতফলৈঃ কালং স নিনায় মনোৰথৈঃ || ১-৩৩||

৩৪)

মংগলানুষ্ঠান কৰিবলৈ পুত্ৰকামনা সিদ্ধিৰ অৰ্থে 

জগত শাসনৰ গুৰুভাৰ মন্ত্ৰীবৰ্গক অৰ্পণ কৰিলে । 

সন্তানাৰ্থায় বিধয়ে স্বভুজাদবতাৰিতা |

তেন ধূৰ্জগতো গুৰ্বী সচিবেষু নিচিক্ষিপে || ১-৩৪||

৩৫)

বিধাতাক ধিয়াই শুদ্ধি হৈ পুত্ৰ কামনাৰে 

কুলগুৰু বশিষ্ঠৰ আশ্ৰমলৈ দুয়ো গমন কৰিলে ।

অথাভ্যৰ্চ বিধাতাৰং প্ৰয়তৌ পুত্ৰকাময়া |

তৌ দম্পতী বসিষ্ঠস্য গুৰোৰ্জগ্মতুৰাশ্ৰমম্ || ১-৩৫||

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)