৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সফলতাৰ অৰ্থ মাত্ৰ সকলোতে জয়ী হোৱা নহয়

লেখকঃ ড° পুলক সভাপণ্ডিত • প্ৰকাশিতঃ ২৪ জানুৱাৰী, ২০২২
১০ মিনিট পঠন • ২৮৮১ বাৰ পঢ়া হৈছে

 (এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী)

ড° পুলক সভাপণ্ডিত

  

সুখী জীৱনৰ কাৰণে যি প্ৰয়োজন সেয়া নিতান্তই খুব সাধাৰণ; সেয়া হ’ল, এটা সুখী আৰু আনন্দিত মন, পাৰিবাৰিক সম্প্ৰীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য, আত্মসন্তুষ্টি, প্ৰেম-ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে যি বুজো সেয়া হ’ল জীৱনত প্ৰতিষ্ঠা লাভ৷ সহজ অৰ্থত টকা-পইচা, সা-সম্পত্তি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা যদিও সফলতাৰ কোনো নিদিষ্ট সংজ্ঞা নাই৷ গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় ধন বা টকা-পইচাৰে বস্তুবাদী চাহিদাবোৰ পূৰণ কৰা সম্ভৱ হলেও এটা প্ৰকৃতাৰ্থত সুখী জীৱনৰ বাবে আৱশ্যকীয় সাধাৰণ প্ৰয়োজনবিলাক কিন্তু টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে, অৰ্থ উপাৰ্জন বা সম্পত্তি গঢ়াটোৱেই জীৱনৰ একমাত্ৰ লক্ষ্য বুলি ভাবে। সঁচাকৈ মনুষ্য জাতি বৰ আচৰিত। জীৱনত সুখৰ সন্ধান কৰিবলৈ গৈ যি টকা-পইচাৰ পিছত দৌৰি ক্লান্ত হৈ পৰে, ৰোগাক্ৰান্ত হৈ পৰে, অসুখী হৈ পৰে, জীৱনলৈ অশান্তি মাতি আনে, সেই টকা-পইচা আকৌ সেই ৰোগৰ চিকিৎসাৰ নামত ব্যয় কৰে৷ অৰ্থাৎ শাৰিৰীক সুস্থতা আৰু মানসিক শান্তি অবিহনে বাকী সকলো মূল্যহীন৷

দেখা গৈছে প্ৰায় প্ৰতিজন ব্যক্তি আজিকালি মধুমেহ, ৰক্তচাপকে ধৰি বৃক্কৰোগ, কৰ্কটৰোগ, পাকস্থলী সম্বন্ধীয় বিভিন্ন ভয়াৱহ ৰোগৰ চিকাৰ হ’বলগীয়া হৈছে৷ টকাৰ অভাৱ নাই, খাদ্যৰ অভাৱ নাই; কিন্তু খাব পৰা নাই। কাৰণ খোৱাৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞা৷ মানুহবিলাক বৰ অসুখী৷ কাৰণ টকা দি সুখ কিনা সম্ভৱ নহয়। কেৱল টকা উপাৰ্জন কৰাটোৱেই জীৱনৰ সফলতা নহয়। এই বিষয়ে ডেল কাৰ্নেগিয়ে খুব সহজ ভাষাত বাখ্যা কৰিছে, “সাফল্য হ’ল আপুনি যি বিচাৰে সেয়া অৰ্জন কৰা। সুখ হ’ল আপুনি যি বিচাৰ সে’য়া পোৱা৷”  

কাৰ্নেগিৰ বিষয়ে আমি বহুতেই জানো৷ ১৮৩৫ চনৰ ২৫ নভেম্বৰত স্কটলেণ্ডৰ এক অখ্যাত গাৱঁৰ এক দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হয়। জীৱনৰ প্ৰথম তেৰটা বছৰ স্কটলেণ্ডতে পাৰ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত জীৱিকাৰ তাগিদাত তেওঁৰ পিতৃ সপৰিয়ালে আমেৰিকালৈ গুচি যায়। আমেৰিকাত তেওঁলোকে এটা বস্তিত থাকিবলৈ লয়৷ তেতিয়া কাৰ্নেগিৰ বয়স আছিল মাত্ৰ তেৰ বছৰ৷ দুখীয়া হোৱাৰ বাবেই কাৰ্নেগিয়ে ফটা কাপোৰ-কানি পিন্ধিব লগা হৈছিল৷ এদিন খেলাৰ উদ্দেশ্যে এখন ৰাজহুৱা পাৰ্কত সোমাবলৈ বিচাৰিছিল৷ পাৰ্কখন একমাত্ৰ ধনী লোকসকলৰ বিশ্ৰাম আৰু বিনোদনৰ কাৰণে উন্মুক্ত আছিল; দৰিদ্ৰ আৰু লেতেৰা লোকৰ প্ৰৱেশ তাত নিষিদ্ধ কৰা আছিল। গতিকে পাৰ্কৰ দাৰোৱানজনে কাৰ্নেগিক প্ৰৱেশত বাধা দিলে। অনেক অনুনয় বিনয় কৰা সত্ত্বেও তেওঁ পাৰ্কখনত প্ৰৱেশৰ অনুমতি নাপালে৷ মনত বহুত কষ্ট পাই তেজোদ্দীপ্ত বালক কাৰ্নেগিয়ে দাৰোৱানজনক ক’লে যে এদিন এই পাৰ্কখন কিনিহে তেওঁ পাৰ্কৰ ভিতৰলৈ সোমাব৷  তেতিয়াৰ পৰাই কাৰ্নেগিৰ মনত প্ৰচণ্ড জেদ ভাৱৰ সৃষ্টি হ’ল৷ তেওঁ জানিছিল পাৰ্কখন কিনিবলৈ হ’লে বহুত টকাৰ প্ৰয়োজন হ’ব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এটা সুতাৰ কলত মাহে বাৰ টকা দৰমহাৰে শ্ৰমিক হিচাপে যোগ দিলে৷ সেয়াই আছিল তেওঁৰ জীৱনৰ প্ৰথম অৰ্থ উপাৰ্জন। কিন্তু কাৰ্নেগিয়ে ঠিকই বুজিব পাৰিছিল যে ডাঙৰ কোনো কাম নোপোৱা পৰ্যন্ত সৰু কোনো কামেৰেই আৰম্ভ কৰিব লাগিব। তাৰ পাছত অনেক চেষ্টা কৰি কাৰ্নেগিয়ে টেলিগ্ৰাফ্ কাৰ্যালয়ত এটা পিয়নৰ চাকৰি পালে৷ 

ভাবিলেই আচৰিত লাগে, পিয়নৰ কাম কৰি নিজৰ মেধাৰ জৰিয়তে টেলিগ্ৰাফৰ বিভিন্ন নিয়ম-কানুন সম্পৰ্কে জ্ঞান লাভ কৰি এদিন তেওঁ টেলি-বিভাগৰ এজন ডাঙৰ বিষয়া হৈছিল। বাৰ টকা বেতনৰ এজন শ্ৰমিক এণ্ড্ৰু কাৰ্নেগি এসময়ত অন্যতম মাৰ্কিন ধনী ব্যক্তিসকলৰ ভিতৰত এজন হ’বলৈ সক্ষম হৈছিল। কাৰ্নেগিয়ে প্ৰমান কৰিছিল প্ৰৱল ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰা কোনো কাম নাই। এণ্ড্ৰু কাৰ্নেগিৰ জীৱন য’ত আৰম্ভ হৈছিল সেই স্থানৰ পৰা কোটিপতি হোৱাৰ বাসনা দিবাস্বপ্ন যেন লাগে। কিন্তু হাবিয়াস কম নাছিল কাৰ্নেগিৰ৷ তেওঁৰ অদম্য ইচ্ছাশক্তিৰ বলতেই এদিন তেওঁ সেই পাৰ্কখনৰ মালিক হ’ব পাৰিছিল আৰু পাৰ্কখন তেওঁ ধনী-দুখীয়া সকলোৰে বাবে মুক্ত কৰি দিছিল। তেওঁ অনুভৱ কৰিছিল সফলতাতকৈও জীৱনত সুখী হোৱাৰহে প্ৰয়োজন৷ তেওঁৰ মতে সুখী হোৱাৰ একমাত্ৰ উপায় হ’ল আত্মসন্তুষ্টি ৷

কোনো মানুহৰ জীৱন সমস্যাৰ উৰ্ধ্বত নহয়। জীৱনত বাধা-বিপত্তি, সমস্যা তথা সুযোগ আহিবই। প্ৰথমে ধৈৰ্য আৰু বুদ্ধিৰে সমস্যাটোৰ সন্মুখীন হোৱাৰ মানসিক প্ৰস্তুতি গঢ়ি তুলিব লাগিব। তাৰপিছত সমস্যাটোৰ কাৰণ জানিব লাগিব। নিজৰ কোনো ভুল-ত্ৰুটি থাকিলে তাক চিহ্নিত কৰিব লাগিব। সমস্যাক শত্ৰু বুলি ধৰি শত্ৰুপক্ষৰ দুৰ্বলতাবিলাক  জানিবলৈ প্ৰয়াস কৰিব লাগিব। সমস্যাটোক সমাধানৰ বাবে নিশ্চিত এটা পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। এবাৰতে সমাধান নহৈ পৰ্যা ক্ৰমেও সমস্যা একোটা সমাধান হ’ব পাৰে৷ ইয়াৰ মাজত ব্যৰ্থ হোৱাৰো আশংকা থাকে; কিন্তু হতাশাক প্ৰশ্ৰয় দিব নালাগে৷ চেষ্টা কৰাটোৱেই ডাঙৰ আত্মসন্তুষ্টি৷ এবাৰ ব্যৰ্থ হ’লে পুনৰ চেষ্টা কৰিব লাগিব। মনত ৰখা উচিত প্ৰতিটো ব্যৰ্থতাই এটা বিশেষ অভিজ্ঞতা কঢ়িয়াই আনিব৷ সেই অভিজ্ঞতাবিলাকেই সফলতাৰ পথত একোখন সোপান হিচাপে কাম কৰিব৷ আত্মবিশ্বাস কেতিয়াও কোনো কাৰণত হ্ৰাস হ’বলৈ দিব নালাগে। আত্মবিশ্বাস হ’ল মহাশক্তি। আমাৰ সমস্যাৰ সমাধান কৰিব লাগিব আমি নিজেই। আমি নিজৰ মানসিক অৱস্থানক সমস্যাৰ উৰ্ধ্বলৈ লৈ যাব লাগিব। সমস্যাকালিন সময়ছোৱাত মনক নিয়ন্ত্ৰণত ৰাখি সুস্থ তথা ঠাণ্ডা মগজুৰে সিদ্ধান্ত ল’ব লাগিব। মনত ৰাখিব লাগে, মানুহে দুটা সময়ত ভুল কৰে৷ প্ৰথম, যেতিয়া খুব সুসময় চলি থাকে; তেতিয়া ভাৱনা-চিন্তা নকৰাকৈ কিছুমান কাম কৰে যাৰ পৰিণতি খুব বিষম হোৱা দেখা যায়। আকৌ এবাৰ দুঃসময়ত; যেতিয়া হতাশাৰ কাৰণে মন অস্থিৰ হৈ পৰে। এই দুই সময়ত সৃষ্টি হোৱা আৱেগক নিয়ন্ত্ৰণত ৰাখিব লাগিব। সমস্যা যিমানেই গভীৰ হওক আৱেগেৰে সিদ্ধান্ত নলৈ পৰিকল্পিতভাৱে আৰু পদ্ধতিগতভাৱে কাম কৰা উচিত৷ সমাধানৰ কোনোবা এটা পথ নিশ্চয় খোলা আছে; তাক অনুসন্ধান কৰিব লাগিব৷

বি পজিটিভ- সকলো সময়তে মানুহ আশাবাদী হ’ব লাগে৷ মানুহৰ যোগাত্মক দৃষ্টিভঙ্গী সমস্যা সমাধানৰ ক্ষেত্ৰত খুব সহায়ক হয়। ইতিবাচকভাৱে ভাবিবলৈ শিকাটোও সমস্যা সমাধানৰ এটা নিয়ম৷ ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে প্ৰায়েই কৈছিল,  'কোনো কামত বিফল হোৱা মানে সকলো শেষ হোৱা নুবুজায়; বৰঞ্চ, এনেকৈ ভবা উচিত আপুনি নিজক প্ৰমাণ কৰাৰ আৰু এটা সুযোগ পাইছে।' এই ভাৱনাৰ নাম ইতিবাচক ভাৱনা। আমাৰ জীৱনত এটা সমস্যা শেষ নহওতেই বেলেগ এটা সমস্যাৰ উৎপত্তি ঘটে। গতিকে সমস্যাক লগত লৈয়েই সন্মুখলৈ আগুৱাই যাব লাগিব। জাপানত সঘনাই ভুমিকম্প হয়; কিন্তু সেইবুলি জাপানৰ লোকসকল দেশ এৰি গুচি যোৱা নাই। বৰঞ্চ ভুমিকম্প সহিষ্ণু ঘৰ সাজি তেওঁলোকে নিশ্চিন্তমনে বসবাস কৰিছে। সদায় মনত ৰখা উচিত হ’ব, এনে কোনো সমস্যা নাই যাৰ সমাধান কৰা অসম্ভৱ।

জীৱনত সফলতা সম্পৰ্কে নেপোলিয়নে কৈছিল, 'আপোনাৰ দৰ্শন তথা স্বপ্নক নিজৰ সন্তানৰ নিচিনাকৈ লালন পালন কৰক, কাৰণ এইবোৰেই এদিন আপোনাৰ চূড়ান্ত অৰ্জনৰ প্ৰতিচিত্ৰ হৈ উঠিব।' আকৌ হাৰ্ভি মেকৰ মতে, 'এজন গড়পত্তাৰ মানুহে অকল কথা কয়। এজন ভাল মানুহে ব্যাখ্যা কৰে। এজন উৰ্ধ্বতন মানুহে কাম কৰি দেখুৱায় আৰু এজন শ্ৰেষ্ঠ মানুহে অন্যলোকক প্ৰেৰণা যোগায়৷' প্ৰতিজন মানুহৰ জীৱনত নিজস্ব দৰ্শন, আদৰ্শ তথা লক্ষ্য থকা উচিত। এটা কথা মনত ৰাখিব লাগিব জীৱনত সফলতাই একমাত্ৰ বিষয় নহয়। সৰু সৰু অৰ্জন, প্ৰাপ্তি, সামান্য সুখানুভুতি, মধুৰ স্মৃতিময় সময়- এইবিলাকৰ গুৰুত্বও সুখী জীৱনৰ কাৰণে অপৰিসীম। তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, সফলতা মানে সকলোতে  জিকি যোৱাকে নুবুজায়। নিজৰ পৰাজয় নোহোৱাকৈ অন্যক জয়ী কৰোৱাটোও এক বিৰাট সফলতা। অৰ্থাৎ নিজৰো ক্ষতি নহ’ল, কিন্তু বেলেগৰো লাভ হ’ল- ইও সফলতা। সফলতা মানে জীৱনজুৰি কৰা অসংখ্য সৰু সৰু অৰ্জনৰ সমাহাৰ। আকৌ সুসময়ত কৰা বৃহৎ অৰ্জনতকৈও দুঃসময়ত বৰ্তি থকাটোও এক বিৰাট সফলতা। কাৰণ দুঃসময়ত মানুহে বেচি ভুল কৰে, ব্যৰ্থতাই সকলো ফালৰ পৰাই আগুৰি ধৰে। গতিকে প্ৰতিজন মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত সুস্থ-সুন্দৰ- স্বাভাবিক তথা সাধাৰণ জীৱন যাপন। একমাত্ৰ অগাধ ধন-সম্পত্তিৰ মালিক হোৱাটোয়েই কদাপি সফলতা নহয়। এই সকলোৰে উৰ্ধ্বত এটা কথা, আমি যি কামেই নকৰো আমাৰ আত্মসন্তুষ্টি থাকিব লাগিব৷ যদি আত্মসন্তুষ্টি নাথাকে তেন্তে জীৱনত সফল বুলি কোৱাৰ কোনো অৰ্থ নাই৷ সেই কাৰণেই গুৰুয়ে শিষ্যৰ ওচৰত পৰাজয় বৰণ কৰিও কেতিয়াবা অসীম আত্মসন্তুষ্টি লাভ কৰে৷ তেনে ক্ষেত্ৰতো গুৰুজনক পৰাজয় বৰণ কৰা সত্ত্বেও কিন্তু সফল বুলি ক’ব পাৰি৷


        লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক

বিশ্বনাথ মহাবিদ্যালয়

ফোন-৬০০০৩৬০৯৫২

ড
লেখকৰ পৰিচয়

ড° পুলক সভাপণ্ডিত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

নাটকীয়
নীলাভ সৌৰভ • ২৫ অক্টোবৰ, ২০২৬
চলচ্চিত্ৰ সমালোচনা : ‘তাৰে জমিন পৰ’
প্ৰণীতা কাকতি • ২৯ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)