৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জী আছোঁ

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৫৩৭ বাৰ পঢ়া হৈছে

 অনুৰাগ শইকীয়া

 

শান্তিৰ ভাও দি দি জী আছোঁ

ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ আঙুলিত

নাচি আছোঁ

 

লাওখোলাবোৰত বিষাক্ত সাপ

খোঁটবোৰৰ পৰা কোনোৰকম বাচি আছোঁ

জী আছোঁ

 

কোনো বৃদ্ধই মৃত্যুৰ বুকুত মূৰ থৈও বজায় জীৱনৰ বীণ

গুপ্তাঙ্গত আঘাত লৈ কোনো শোষিত নাৰীয়ে বজায় ভায়'লিন

 

ৰজাৰ সিয়নিত শোৱা বুদ্ধিজীৱীৰ ব্যৱসায় এতিয়া বৰ ভাল

মানুহৰ কথা ভবা ভাওনাৰ তেওঁ সূত্ৰধাৰ

 

এনেকৈয়ে চলি আছে দেশ

ৰজাক বহুৱাই তেলেৰে মালিচ কৰিছে

প্ৰজাহে তেলত ফ্ৰাই হৈছে

 

হাতুৰীৰ কোব মূৰত মাৰি নিজকে বুলিছে মাইকেল এঞ্জেল'

ভয় নকৰা মানুহবোৰ নিৰুদ্দিষ্ট

ভয় নকৰাৰ ভাও দিয়াবোৰ নেতা

 

ডিঙিৰ ওপৰত নাৰিকল লৈ ফুৰা মানুহ বাঢ়িছে

মোৰো নাৰিকলটো কেইবাটাও বান্দৰে কিনিব খুজিছে

 

ৰেচনৰ দোকানতো কেৱল বাদী, বাদ

আৰু বিবাদ 

 

সঁচাকৈয়ে সঁচা কৈ থকা জিভাবোৰ ক’ত কটা গ’ল

এতিয়া গাধৰ দৰে ভাৰ কঢ়িয়াই নিজকে ঘোঁৰা বুলি কোৱাৰ বাদে 

আৰু আছেনো কি?

 

ঠিকনা :

গোলাঘাট

ফোন : ৭০০২৫৩৪৫৪

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)