৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেউজীয়া ধৰণী

লেখকঃ গীতাঞ্জলি বৰকটকী • প্ৰকাশিতঃ ২৭ জুলাই, ২০২১
২ মিনিট পঠন • ৩৫৮৫ বাৰ পঢ়া হৈছে

গীতাঞ্জলি বৰকটকী 

 

হেৰা অকণি ,

গছ পুলি ৰোওঁ আহাঁ

গছ অবিহনে জানা

সেউজী নহয় ধৰা ৷ 

 

 

সেউজ ধৰণী

দেখিবলৈ শুৱনি

ফুলে-ফলে গছে-বনে

কিযে লাৱণী।

 

গছেহে আমাৰ প্ৰাণ

কথাটো জানি থ’বা

গছৰ অবিহনে

কিদৰে উশাহ ল’বা

 

 

উশাহত আমাক অম্লজান

গছেহে যোগান ধৰে

নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড

গছেই শুহি ৰাখে

 

তাকে বুজি  হে’ৰা অকণি

গছ নাকাটিবা

গছৰ অবিহনে পৃথিৱী হ’ব মৰুভূমি

কথাটো গমি থ’বা ৷

 

সেয়েহে অকণি

গছ পুলি ৰোওঁ ব'লা

প্ৰদূষণ মুক্ত এখন সেউজ 

পৃথিৱী গঢ়োঁ আহাঁ ৷


ঠিকনা :

বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়

নামৰূপ ৷ জিলা  : ডিব্ৰুগড় ৷

ডাক  : পৰ্বতপুৰ

অসম ৷

 

গ
লেখকৰ পৰিচয়

গীতাঞ্জলি বৰকটকী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)