৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গাঁৱত কোনে গুলী ফুটায়

লেখকঃ মূল : জাচিন্ত কেৰ্‌কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড • প্ৰকাশিতঃ ২৫ জুলাই, ২০২১
২ মিনিট পঠন • ৪৩৮৬ বাৰ পঢ়া হৈছে
গাঁৱত কোনে গুলী ফুটায়
ডাঙৰকৈ চাওক (Zoom)

মূল কবি : জাচিন্ত কেৰ্‌কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড

অসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ

 

প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে

কিন্তু এই টোপনিত কোনো 

সপোন নাথাকে৷ 

কাৰণ সকলো সপোনকে বন্দী কৰি যোৱাৰাতি

ফাটেকত দিয়া হ'ল৷ 

আৰু সপোন গজাৰ সম্ভাৱনা থকা ঠাইবোৰত

কাঠফুলাৰ দৰে ছাউনীবোৰ গজি উঠিল৷ 

 

দিন আৰু নিশাবোৰত এক অদ্ভূত আতংক

গাঁৱৰ আদিবাসী ল'ৰাটোৱে 

এসময়ত সপোন দেখিছিল মাতৃভূমিৰ সেৱাৰ

এতিয়া সি সাৰ পাই মাজ নিশা 

সপোনত দেখা পায় হত্যাকাৰী বন্দুকবোৰ৷ 

 

এতিয়া তাৰ টোপনি পূৰ হ'ল

পাৰ হৈ যোৱা অগণন দুখঘন ঘটনাৰ স্মৃতিত 

দুপৰ নিশা সাৰ পাই

মুখৰ ঘাম মচি 

অস্থিৰ অনুভৱ কৰে সি- এই যেন 

মুখৰ ভিতৰত গুজি থোৱা বন্দুকৰ গাদীৰ

আঘাতত তেজ সনা সকলো দাঁত

সৰি পৰিল হাতৰ তলুৱাত৷ 

মাজনিশা সাৰ পাই সি অস্থিৰতাত

গমি-পিটি চায় ভৰিৰ গোৰোহাত

কৰবাত আছে নেকি গুলিৰ খোঁচৰ আঘাত?

বিতত ভয়ে দোলা দিয়ে মনৰ ভাবনাত৷ 

 

সৌ সিদিনা চিত খাই পৰা

আধামৰা বিৰছাক উঠি 

পলাব নোৱৰা দেখি

প্ৰথমতে কেনেকৈ সেই মানুহটোৱে চাৰিওফালে চাইছিল

আৰু কাকো নেদেখি

বূকুত ফুটাইছিল তাৰ তিনিজাঁই গুলী৷ 

আনজন বিৰছা ভৰিত যাৰ লাগিছিল গুলী

জোপোহাৰ আঁৰত পৰি আছিল উশাহ বন্ধ কৰি৷

 

আজিও কাগজৰ টুকুৰাত নুৰিয়াই

ভৰিৰ পৰা ওলিওৱা সেই গুলীটো লুকুৱাই

ঘূৰি ফুৰি সি অস্থিৰ হৈ কয়-

এইটোৱেই প্ৰমাণ যি দেখুৱায়

প্ৰথমতে গাঁৱত কোনে 

গুলি ফুটায়৷ 


 

ম
লেখকৰ পৰিচয়

মূল : জাচিন্ত কেৰ্‌কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)