৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

তোমাকেই যি ক’লো

লেখকঃ দ্বীপৰাজ • প্ৰকাশিতঃ ২৫ জুলাই, ২০২১
৩ মিনিট পঠন • ২১৪৬ বাৰ পঢ়া হৈছে

আশাকৰোঁ কাকো নোকোৱাঁ

ক’লোঁ যে তোমাক

তোমাকেই ক’লোঁ...

কথাবোৰ ঢৌ কোবাই বিয়লি যায়

ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে

শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায়

তুমি মোক কৈছিলা বুলিলা

মই আক’ তোমালোকক কলোঁ

তোমালোকে ৰাষ্ট্ৰ কৰিলা...

শেষত ক’লা- যি কলোঁ তোমাকেই কলোঁ

কাকো নক’বা হলে!

ভাবিছিলোঁ অমুকেই কেৱল কথক

অমুকৰ আগত ‘তুমি’ সৰ্বনাম

সৰ্বনামৰ বিন্যাস কৰি প্ৰিয় বান্ধৱীৰ কাণ চোৱালোঁ

তাই বিশেষণত বিশেষণ লগাই

ৰৌ জাল কৰিলে অমুকৰ বিশ্বাসক!

এতিয়া প্ৰথম কথকৰহে কাণ চোৱাৰ পাল

বোলোঁ তোমাক বুলিহে ক’লোঁ

আৰু কাকো নক’বা

কি খেলা কি লীলা

মোৰেই কথা মোলৈৱেই ঘূৰাই দিলা...

হয়তো কথাবোৰ গছক ক’ব পাৰিলোহেতেন

নতুবা হাবি ভাঙি অহা ৰ’দজাকক।

চেতনাৰ তেজত তেতিয়া নাছিল চৰাই

নাছিল আকাশ

যি আছিল- সেয়া তোমাৰ প্ৰতি থকা বিশ্বাস

যিদৰে মই তোমাক পালোঁ 

তুমিও পালা কাৰোবাক

আৰু কোনোবাই পালে মোক তোমাক আন

দহোজনক

কথা এটাই- যি ক’লোঁ তোমাকেই ক’লোঁ।

বাগৰোঁতে কথাবোৰে ৰং সলায়

‘বোলে ঢোলৰ কোবতকৈ ওঁঠৰ কোব বেছি

মুখৰ কথাত ৰজাও বিক্ৰী যায়

মুখৰ কথাত এহাতেৰে দাঙিব পাৰি দহোটা হাতী

কি যে পয়মাল!

নুসুধিবা-

নুশুনিবাও

মুখৰ বাক্যই যদি ব্ৰহ্ম

ব্ৰহ্মৰ নামত কাণে কাণে কোৱা কথাবোৰ বাদ দিয়া

নহলে এটা কথাৰ প্ৰথম কথক কোন

তোমালোকে তিৰ্কী নাপাবা

-এই কথাষাৰো তোমাকেই যি ক’লোঁ।


দ
লেখকৰ পৰিচয়

দ্বীপৰাজ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)