৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শ্ৰমৰ মৰ্যাদা আৰু অসমীয়াৰ দুৰ্দশা

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৬ জুন, ২০২১
১১ মিনিট পঠন • ৩৫০৯ বাৰ পঢ়া হৈছে

ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা নাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ক লৈ সজাগ হোৱা দেখা গৈছে, বিশেষকৈ লোকনিৰ্মাণ বিভাগটোক লৈ, যিটো বিভাগ পূৰ্বৰ চৰকাৰৰ দিনতো তেওঁৰ অধীনতে আছিল৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যখণ্ডটো খুউব ব্যস্তভাৱে চোৱাচিতা কৰিছে, যিটো তেওঁ কৰিবই লাগিব, কাৰণ বৰ্তমান দেশজুৰি স্বাস্থ্যজনিত জৰুৰী অৱস্থা বিৰাজ কৰিছে৷ আনহাতে জলসম্পদ মন্ত্ৰীয়ে তৎপৰতাৰে বিভিন্ন ভগা-ছিগা মথাউৰিবোৰৰ মেৰামতি আৰু নিৰ্মাণকাৰ্যৰ তদাৰকী কৰি থকা দেখা গৈছে৷ শিক্ষামন্ত্ৰীগৰাকীয়েও ক’ভিড মহামাৰীৰ বাবে প্ৰায় ভাগি পৰা  ৰাজ্যখনৰ শিক্ষাব্যৱস্থাক পুনৰ্জীৱন দিবৰ উদ্দেশ্যে উঠি-পৰি লাগিছে বুলি জানিব পাৰিছোঁ৷

এইখিনিৰ মাজতে অসমৰ প্ৰচাৰ মাধ্যমত চৰকাৰখনক উদ্দেশ্যি নানান প্ৰশ্ন উত্থাপিত হৈছে৷ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিয়ে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰপৰা ঋণ লৈ বিপদত পৰা মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব বুলি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ ৰূপায়নক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে৷ এই প্ৰসঙ্গত মনত ৰাখিব লাগিব, চৰকাৰে ৰাইজৰ ধনৰ তদাৰকীৰ দায়িত্বহে পালন কৰে৷ সেই ধন চৰকাৰ চলোৱা লোক কেইজনমানে ইচ্ছা কৰিলেই খৰচ কৰিব নোৱাৰে৷ একেদৰেই চৰকাৰ চলোৱা দলটোৱে বা দলসমূহে নিজৰ স্বাৰ্থত ৰাজহুৱা পুঁজি খৰচ কৰিব নোৱাৰে৷ পিছে যোৱা দুটামান দশকৰ ভাৰতীয় ৰাজনীতিত এনে কৰিব নোৱৰা বহুত কাম কৰা হৈ আহিছে৷ অসমত চৰকাৰী সমবায় বিভাগে নিয়ন্ত্ৰণ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে সুলভ মূল্যত চাউল, চেনি, কেৰাচিন তেল আদি যোগান ধৰাৰ ব্যৱস্থা এটা আমি শৈশৱৰপৰাই দেখি আহিছোঁ৷

পিছে কেই বছৰমানৰ পূৰ্বৰ পৰা এনে ব্যৱস্থা চৰকাৰ চলোৱা ৰাজনৈতিক দলৰ স্বাৰ্থসিদ্ধিৰ ব্যৱস্থালৈ সলনি হোৱা দেখা গৈছে৷ বিশেষকৈ তিনিটকীয়া চাউল, এটকীয়া চাউল আৰু শেষত বিনামূলীয়া চাউল – এনেকৈ বিশেষ বিশেষ লোকক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ যোগেদি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ সুবিধা লোৱা নাই বুলি সংশ্লিষ্ট ৰাজনৈতিক দলে দাবী কৰিব নোৱাৰে৷ একেদৰেই শিপিনীৰ বাবে বিনামূলীয়া সূতা, ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া কিতাপ-পত্ৰ, বিশেষ দক্ষতাৰে বিশেষ বিশেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক ডেস্কটপ্‌ কম্পিউটাৰ, লেপ্‌টপ্‌, স্কুটি আদিকৈ ৰাজ্যৰ চাৰিওফালে এখন বিৰাট বিনামূলীয়াৰ মেলা৷

আগৰখন চৰকাৰৰ শেষৰ দিনকেইটাত ৰাজ্যৰ অৰ্থনীতি প্ৰায় ভাগি পৰিছিল৷ সেই সময়তো কিন্তু চৰকাৰখনে বহু লেখক-শিল্পীক পঞ্চাছ হাজাৰকৈ টকাৰ সাহায্য দি সম্বৰ্ধনা জনাইছিল৷ 

কিন্তু দুৰ্ভাগ্যজনকভাৱে মহামাৰীকালীন চিকিৎসাৰ ব্যৱস্থাপনাৰ বাবে বৰ্তমানৰ চৰকাৰে আকৌ ভুক্তভোগী ৰাইজৰে আৰ্থিক সহযোগিতা বিচাৰিবলগীয়া হৈছে৷ ৰাইজেও সঁহাৰি নিদিয়াকৈ থকা নাই৷ বহু চৰকাৰী কৰ্মচাৰীয়েও নিজৰ দৰমহাৰ অংশ এনে সাহায্য হিচাপে দান দিছে৷ অথচ, ৰাজ্যখনৰ শ্ৰমজীৱি লোকসকলে যোৱা বছৰৰপৰা প্ৰায় পোন্ধৰ-ষোলমাহ কাল কি যে কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছে তালৈ চৰকাৰখনে মনোযোগ দিয়া নাই৷

ইপিনে মন কৰিবলগীয়া এটা দিশ হৈছে, বিগত চৰকাৰখনে ক’ভিড্‌ মহামাৰীৰ প্ৰাৰম্ভিক অৱস্থাতে ঘোষণা কৰিছিল যে ৰাজ্যত পাঁচ বছৰলৈকে কৰ্মক্ষম হোৱাকৈ  পাঁচখন ক’ভিড হস্পিটেল স্থাপন কৰা হ’ব৷ ভবা হৈছিল, দ্ৰুতগতিত সেই ক’ভিড্‌ হস্পিটেল নিৰ্মাণ হ’ব৷ পিছে সেই প্ৰকল্প পৰিকল্পনা নাছিল, আছিল কল্পনাহে৷ সেয়েহে সকলোৱে সেই  প্ৰকল্পৰ কথা পাহৰিলে৷ ক’ভিডৰ প্ৰথমটো ঢৌ শেষ হোৱাৰ লগে লগে অস্থায়ী ক’ভিড্‌ চেণ্টাৰবোৰ সামৰা হৈছিল৷ দ্বিতীয় ঢৌ অহাৰ লগে লগে আকৌ যুদ্ধকালীনভাৱে তেনে একাধিক অস্থায়ী ক’ভিড চেণ্টাৰ বা ক’ভিড্‌  চিকিৎসালয় প্ৰতিষ্ঠা কৰা হ’ল৷ অস্থায়ী ব্যৱস্থাপনা মানেই ঘৰৰপৰা বিছনা-পত্ৰলৈকে ভাড়া ভৰিবলগীয়া এটা ব্যৱস্থা৷ আমাৰ ৰাজ্যৰপৰা এনে ভাড়া বিশেষ বিশেষ ঠিকাদাৰ কোম্পানীয়ে লৈ যোৱা নাইনে? তাতকৈ যদি পাঁচখন নহ’লেও তিনিখনমান ক’ভিড্‌ হস্পিটেল নিৰ্মিত হ’লহেঁতেন ! আগৰ চৰকাৰখনৰ কথা বাৰে বাৰে কৈ থকাৰ কাৰণ এয়ে যে আগৰখন চৰকাৰো বতৰ্মানৰ চৰকাৰখন চলোৱা দলটোৰে আছিল।

সি যি নহওক, প্ৰসঙ্গটো বিনামূলীয়া ব্যৱস্থাপনাৰ৷ ইমানবোৰ বিনামূলীয়া আঁচনিৰ মাজতে সৌ সিদিনা চৰকাৰীভাৱে ঘোষণা কৰা হৈছে ‘অসম ৰত্ন’কে ধৰি প্ৰায় কুৰিলাখ টকাৰ বাৰ্ষিক বঁটাৰ কথা৷ বিশেষ বিশেষ লোকক তেওঁলোকৰ সামাজিক বৰঙণিৰ কাৰণে সন্মানিত কৰাটো ভাল কথা৷ কিন্তু ৰাজ্যৰ ৰাজকোষৰ ইমান লাওলোৱা অৱস্থাত ইমানবোৰ বঁটা ঘোষণা কৰাটো জৰুৰী নহয় বুলিয়ে আমাৰ ধাৰণা৷ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগ বঢ়োৱা লোকসকলক সন্মানিত কৰাটোৱেই যদি চৰকাৰৰ লক্ষ্য হ’লহেঁতেন তেন্তে আগৰ চৰকাৰখনৰ শেষ দিনকেইটাত লেখক-শিল্পীক সম্বৰ্ধনা জনাওঁতে কলেজ আলোচনী বা স্মৃতিগ্ৰন্থৰ সম্পাদকো সম্বৰ্ধিত হোৱাৰ বিপৰীতে কেৱল চৰকাৰী চাকৰিয়াল হোৱা কাৰণেই বহু ওখ খাপৰ লেখক-শিল্পী উপেক্ষিত হৈ নৰ’লহেঁতেন৷ চৰকাৰী চাকৰিয়াল লেখক-শিল্পীসকলক অন্ততঃ নগদ ধন নিদি কেৱল সম্বৰ্ধনা জনোৱা হ’লেও বিষয়টোৱে এক অন্য মাত্ৰা লাভ কৰিলেহেঁতেন৷ অনৱৰতে চৰকাৰৰ সমালোচনাত মুখৰ হৈ থকা  বহু লোকে ইতিমধ্যে এনে আঁচনিৰ সুবিধা লোৱাৰ বেলিকা নিজৰ স্বৰূপ প্ৰকাশ কৰা দেখা গৈছে৷ 

এই যে বিনামূলীয়া বস্তু যোগান ধৰা আঁচনি আৰু নগদ ধনেৰে বিশেষ বিশেষ লোকক আপ্যায়ন কৰাৰ আঁচনিবোৰ, এইবোৰৰ যোগেদি ৰাজহুৱা ধনৰ অপচয়ৰ বাহিৰে একো হোৱা নাই৷ সোৰোপা আৰু এলেহুৱা অসমীয়া মানুহক এনে অঁচনিবোৰে অধিক সোৰোপাহে কৰিছে৷ লগতে কৰি তুলিছে সুযোগসন্ধানীও৷ 

অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ একাধিক বিভাগত স্থানীয় লোকৰ নিযুক্তিৰ দাবী প্ৰায়ে উত্থাপিত হয়৷ এনে বিষয়ক লৈ বহু সময়ত বহু আন্দোলনেও মূৰ দাঙি উঠে৷ প্ৰচাৰ মাধ্যমতো অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ কাৰ্যালয় বা তেনে স্থানত বহিৰাগতই নিযুক্তি লাভ কৰাৰ খবৰ প্ৰায়ে ওলায়৷ এই প্ৰসঙ্গত ব্যক্তিগত অভিজ্ঞতাভিত্তিক কিছু কথা কোৱাৰ প্ৰয়োজন বোধ কৰিছোঁ৷

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ অসমৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰা পৰীক্ষা কেন্দ্ৰলৈ উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যৰপৰা বহুতো ডেকাল’ৰা আহে৷ প্ৰায়েই ৰে’লগাড়ী একোখনত বিনা টিকটেৰেই উঠি গাড়ীৰ মজিয়াতে কম্বল একোখন পাৰি শুই শুই প্ৰাসঙ্গিক কিতাপ পঢ়ি থকা তেনে ডেকাক আমি লগো পাইছোঁ, কথাও পাতিছোঁ৷ তেনে বহু পৰীক্ষাৰ সৈতে জড়িত থাকি দেখিছোঁ যে ব্যতিক্ৰমক বাদ দি অসমীয়া যুৱক-যুৱতীসকলে তেনে পৰীক্ষাসমূহত প্ৰায়ে ভাল ফল দেখুৱাব নোৱাৰে৷ পৰীক্ষাগৃহত তেওঁলোকৰ শৰীৰী ভাষা দেখিয়ে কথাটো বুজিব পাৰি৷ বিপৰীতে বাহিৰৰ ৰাজ্যৰপৰা আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ সৰহ সংখ্যকেই অতি দক্ষতাৰে প্ৰশ্নোত্তৰ লিখা দেখা যায়৷ এনে অভিজ্ঞতাৰপৰা আমি বুজি পাওঁ যে অসমীয়া ডেকা-গাভৰুৱে পাবলগীয়াটো আহৰণ কৰিবলৈ প্ৰয়োজনীয় শ্ৰম কৰিবলৈ আগ্ৰহী নহয় বা প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰিবলৈ যত্ন নকৰে৷ তাৰ বিপৰীতে যিকোনো সংগঠনৰ নামত আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাই যাবলৈ সৰহ সংখ্যক অসমীয়া ডেকা-গাভৰুৱে ভাল পায়৷ তেনেকৈ ক্ষন্তেকীয়া আৱেগত সৃষ্টি কৰা আন্দোলনে কি ফল দিয়ে ইতিমধ্যে অসমত বাৰম্বাৰ প্ৰমাণিত হৈছেই৷ আন্দোলন একোটাৰ নামত অসমত বাৰে বাৰে ন ন নেতাৰ সৃষ্টি হয়৷ তেনে নেতাসকলৰ সৰহ সংখ্যকৰে অসমৰ চাৰিসীমা সম্পৰ্কে, অসমৰ জনগাঁথনি সম্পৰ্কে বা অসমৰ ঘাই সমস্যাবোৰৰ সম্পৰ্কে একো জ্ঞান নাথাকে৷ তেনে নেতাৰে কিছু সংখ্যকে কেতিয়াবা ভোটযুদ্ধত জিকি আমাক পৰিচালনা কৰাৰ সুযোগ লাভ কৰে৷

অৱশ্যে ব্যতিক্ৰমী, শ্ৰমসহিষ্ণু আৰু অধ্যয়নশীল ৰাজনীতিকো আছে৷ কিন্তু তেনে ৰাজনীতিকৰ সংখ্যা এপাচি শাকত একোটা জালুকৰ নিচিনা৷ সেয়েহে আমাৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক চৰকাৰবোৰত প্ৰায়ে একেজন ব্যক্তিৰে প্ৰভাৱ লক্ষ্য কৰা যায়৷ অৰ্থাৎ সেই একেজনৰ অৱলম্বনতে বাকীসকল কোনোমতে চলি থাকে৷

অসমীয়া মানুহে বিনামূলীয়া সামগ্ৰী আৰু ওপৰতে পোৱা ধনৰ মোহ ত্যাগ কৰিবৰ হ’ল৷ এয়া একবিংশ শতিকা৷ জ্ঞান আৰু শ্ৰমৰ বিনিময়ত এতিয়া পৃথিৱীক শাসন কৰিব পাৰি৷ মঙ্গল গ্ৰহত মানুহৰ বাবে ঘৰ সজাৰ পৰিকল্পনা কৰাৰ যুগ এইটো৷ সৌৰজগতৰ শক্তিৰ উৎস সূৰ্য মৰি থাকিলে কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰি পৃথিৱীকে চলাই নিয়াৰ সামৰ্থ্য আহৰণৰ যুগ এইটো৷ কেৱল জ্ঞান আৰু পৰিশ্ৰমেৰে ইলন্‌ মাস্কৰ দৰে একোজন ব্যক্তিয়ে নাছাৰ দৰে পৃথিৱীৰে সবাতোকৈ শক্তিশালী মহাকাশ গৱেষণা প্ৰতিষ্ঠানক তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে৷ সমগ্ৰ পৃথিৱীতে ইণ্টাৰনেট্‌ ব্যৱস্থাপনা গঢ়ি তোলাৰ সংকল্প কৰিছে সেই একেজন ইলন্‌ মাস্কেই৷ অথচ অসমীয়াই আজি বিনামূলীয়া চাউলৰ সপোনতে সীমাৱদ্ধ কৰি ৰাখিছে নিজৰ পৰিমণ্ডল৷ অৰ্থাৎ পেটটো পূৰাই ৰখাৰ বাহিৰে যেন জগতত আন কৰিবলগীয়া কাম একোৱেই নাই ! আমাৰ চৰকাৰেও ভৱিষ্যতৰ স্বাৰ্থত বিনামূলীয়া বস্তু বিতৰণৰ আঁচনিবোৰ পৰিহাৰ কৰক৷ জগতখন বহুদূৰ আগ বাঢ়িল৷ অসমীয়াও আগ বাঢ়িব লাগিব৷

নালাগিবনে?

 

ড০ লক্ষ্মীনন্দন বৰা : শ্ৰদ্ধাৰ্ঘ্য

আমি এতিয়া ওপৰলৈ চালেই উৰুঙা আকাশখনহে দেখোঁ৷ ক’ভিড্‌ মহামাৰীয়ে ইজনৰ পাছত সিজনকৈ আমাক ছাঁ দি থকা প্ৰতিভা আৰু প্ৰভাৱশালী লোকসকলক আঁতৰাই লৈ গৈছে আৰু আমি অসহায়তাৰে ছটফটাইছোঁ৷

নব্বৈ বছৰ বয়সতো নতুন উপন্যাসৰ পৰিকল্পনা কৰা ড০ লক্ষ্মীনন্দন বৰাদেৱকো ক’ভিডে কাঢ়ি লৈ গৈছে আমাৰ মাজৰপৰা৷ গঙাচিলনীৰ পাখি, কায়কল্প, পাতালভৈৰৱীৰ দৰে উপন্যাসৰ স্ৰষ্টাগৰাকীক ভৱিষ্যতে আমি আৰু কাহানিও শাৰীৰিকভাৱে নাপাম, এই কথাটোৱে আমাক ম্ৰিয়মাণ কৰি ৰাখিছে৷ 

আপোনভোলা স্বভাৱৰ মানুহজেন নিশ্চিতভাৱে শতবৰ্ষ অতিক্ৰম কৰিব পাৰিলেহেঁতেন৷ কিন্তু মহামাৰী এনে এক পৰিস্থিতি, যি এইখিনি কথা লিখি থকাজনে অহা সংখ্যাৰ ‘অন্যযুগ’ৰ সম্পাদকীয় লিখিব পাৰিব বুলি নিশ্চয়তা নিদিয়ে৷ 

 ড০ লক্ষ্মীনন্দন বৰাদেৱৰ স্মৃতিত ‘অন্যযুগ’ পৰিয়ালৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ৷

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)