৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সন্মান

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২ এপ্ৰিল, ২০২১
৩ মিনিট পঠন • ৩১৯৮ বাৰ পঢ়া হৈছে
অন্যযুগ সাহিত্য সন্মান
ডাঙৰকৈ চাওক (Zoom)

প্ৰতিষ্ঠা বৰ্ষৰ (২০২০) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰথিতযশা কবি, সমালোচক, অনুবাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক এম. কামালুদ্দিন আহমেদলৈ।

এম কামালুদ্দিন আহমেদৰ জন্ম  ১৯৬৬ চনত। তেওঁৰ প্ৰকাশিত কবিতা সংকলন ক্ৰমে দুচকুত গছৰ ভৰ বাৰিষা, ধোঁৱাৰ মাজৰ চৰাইটো, বৰষুণ : ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক, শুক্ৰেশ্বৰত ফুল কিনোতে, পানীৰ মাজেৰে আৰু দৃশ্যান্তৰ। সমালোচনা গ্ৰন্থ ক্ৰমে আধুনিক অসমীয়া কবিতা, ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা আৰু সাহিত্যৰ অভিব্যক্তি। তেওঁৰ দ্বাৰা অনূদিত গ্ৰন্থ হৈছে দ্বৈপায়ন হ্ৰদৰ পাৰ (মূলঃ বাংলা কবিতা সুবোধ সৰকাৰ)।

অধ্যাপক আহমেদদেৱলৈ অন্যযুগ পৰিয়ালৰ হৈ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।

 

দ্বিতীয় বৰ্ষৰ (২০২১) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰখ্যাত গল্পকাৰ শিৱানন্দ কাকতিলৈ।

শিৱানন্দ কাকতিদেৱৰ জন্ম ১৯৫৮ চনত, নগাঁৱত। তোখেতৰ প্ৰকাশিত গল্পগ্ৰন্থ হৈছে ক্ৰমে আমৃত্যু অমৃত, গাগিনী পানী তোৰ কিমান, বৰদৈচিলা, প্ৰথমজন দেশপ্ৰেমিক, জলছবিত শেষ সাঁজ, অম্লবৃষ্টি, বৰণীয়া আলিবাট আৰু আলিবাটত। তেখেতৰ দ্বাৰা ৰচিত নাটকৰ সংকলন কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক। তদুপিৰ তেখেতে স্বৰাজোত্তৰ নগাঁও নিবন্ধমালা  আৰু সৰ্বগুণাকৰ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে।

 তেখেত ভাৰতীয় ষ্টেট বেঙ্কৰ অৱসৰপ্ৰাপ্ত বিষয়া।


অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)