৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শদিয়া নামটোৰ ইতিহাস

লেখকঃ মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২১
৩ মিনিট পঠন • ১৫৫৯ বাৰ পঢ়া হৈছে

 অৱনী কুমাৰ শৰ্মা

    শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো আছিল :

            শদিয়ালৈ নেযাবা, সত্‌ফুল নেখাবা (১)

            কেঁচাপাতত নেবান্ধিবা লোণ৷(২)

            উপজিয়ে লৰ মাৰে কোন?

সাঁথৰটোৰ উত্তৰ – জেঠী পোৱালি৷

টোকা: (১) সত্‌ফুল – চৰাইৰ জঁটোৰ দৰে ৰঙচুৱা ফুল আৰু বিহলঙনিৰ পাতৰ দৰে পাতেৰে এবিধ বনৰীয়া গছ৷ ইয়াৰ পাত শুকুৱাই খাৰ তৈয়াৰ কৰা হয়৷

(২) যি কোনো কেঁচা পাতেৰে (মৰলিয়া, টকৌপাত) লোণ বন্ধা উচিত নহয়৷ কাৰণ কেঁচা পাতৰ পৰা জলীয় ভাপ লাগি লোণখিনি গলি যাব পাৰে৷

        সাঁথৰৰ কথা ইমানতে থাওক, এতিয়া আহোঁ শদিয়াৰ নামটোৰ বিষয়টোলৈ৷ 

        অলপতে বুৰঞ্জী কিতাপ এখনত পঢ়িলোঁ যে আমাৰ অসমত বাৰ শতিকাৰ মাজভাগমানৰ পৰা উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়াসকলে ৰাজত্ব কৰিছিল৷ সেই চুতীয়া ৰজা গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পালেই আছিল আটাইতকৈ পৰাক্ৰমী ৰজা৷

        ৰত্নধ্বজপালৰ সমসাময়িক হিচাপে গৌড় ৰাজ্যত কেশৱসেনে ৰাজত্ব কৰিছিল৷ এই দুই ৰজাৰ মাজত মিত্ৰতা স্থাপন হৈছিল৷ এই মিত্ৰতাৰ চিনস্বৰূপে ৰত্নধ্বজপালে গৌড়ৰাজলৈ পৰশুৰাম কুণ্ডৰ জল আৰু গৌড়ৰাজে চুতীয়া ৰজালৈ গঙ্গাৰ জল পঠাইছিল৷ তদুপৰি, ৰত্নধ্বজ পালে তেওঁৰ ৰাজপুত্ৰক শিক্ষা লাভৰ অৰ্থে গৌড় ৰাজ্যলৈ পঠাইছিল৷ গৌড়ৰাজে চুতীয়া ৰাজকুমাৰক নিজ পুত্ৰ দৰে মৰম-চেনেহ কৰিছিল৷

        দুৰ্ভাগ্যবশতঃ শিক্ষা লাভ সম্পূৰ্ণ হ’বলৈ নৌপাওঁতেই চুতীয়া ৰাজকুমাৰৰ গৌড়তে মৃত্যু হয়৷ গৌড়ৰাজে চুতীয়াসকলৰ মৃতকৰ সত্কাৰৰ ৰীতি-নীতি নজনাত ৰাজকুমাৰৰ শটো দেউতাকৰ ওচৰলৈ পঠাই দিয়ে৷ সেৰই সময়ত ৰত্নধ্বজ পাল সিন্ধুক্ষেত্ৰ নামে এখন ঠাইত এটা মন্দিৰ নিৰ্মাণকাৰ্যত ব্যস্ত আছিল৷ সেই ঠাইতে পুতেকৰ শটো তেওঁলৈ হস্তান্তৰ কৰা হয়৷ আৰু তেতিয়াৰ পৰাই সেই ঠাইখনৰ নাম ‘শ-দিয়া’ বা ‘শদিয়া’ হয়৷ জনশ্ৰুতি মতে এই ঠাইখনৰ পুৰণি নাম আছিল বিদৰ্ভ আৰু ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ বা ভীষ্মক নগৰ৷

            এয়েই হ’ল শদিয়াৰ নামৰ ইতিহাস৷

(সম্পাদকীয় সংযোজন : এই মতৰ উপৰি শদিয়া নামটোৰ ইতিহাসৰ সৈতে একাধিক মত আছে।) 

লেখাকৰ ঠিকনা :

অৰ্লাণ্ড, ফ্ল’ৰিডা, আমেৰিকা

Aks1940@yahoo.com

ম
লেখকৰ পৰিচয়

মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

যোৰহাট জিলাৰ জনগাঁথনি আৰু প্ৰব্ৰজনৰ ইতিহাস
ড° ৰক্তিম ৰঞ্জন শ‍ইকীয়া • ২২ জুলাই, ২০২৬
গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ : ৰাজনীতি আৰু সম্ভাৱনা
দেৱজিৎ ভৰালী • ২৯ জানুৱাৰী, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)