৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰন্ধন কলা

লেখকঃ মৌচুমী মহন্ত • প্ৰকাশিতঃ ৩০ জানুৱাৰী, ২০২১
৩ মিনিট পঠন • ৩৩৯৪ বাৰ পঢ়া হৈছে
ৰন্ধন কলা
ডাঙৰকৈ চাওক (Zoom)

মৌচুমী মহন্ত

আটাৰ খুৰ্মা


উপকৰণ:
আটা : ৫০০ গ্ৰাম
গুৰ  : ২৫০ গ্ৰাম 
ৰোকা নাৰিকল: দুই টেবুল-চামুচ
ৰিফাইন তেল 
নিমখ এচিকুট

প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে  আটাখিনি মাৰি কেইটামান বল বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ আকাৰত কাটি লওক৷ এখন কেৰাহীত তেল গৰম কৰি কম জুইত কাটি থোৱা টুকুৰাবোৰ মচ্‌মচীয়াকৈ ভাজক৷ এতিয়া গুৰৰ লগত আধাকাপ পানী মিহলাই উতলিবলৈ দিয়ক৷ গুৰ উতলি আঠালেতীয়া হ’লে ভাজি থোৱা খুৰ্মাবোৰ গুৰৰ লগত মিলাই অলপ  দিয়ক৷ গুৰ শুকাই খুৰ্মাবোৰত লাগি ধৰিলে জুই বন্ধ কৰক৷

পিঁয়াজী বেঙেনা

 
উপকৰণ: বৰবেঙেনা দুটা
পিঁয়াজ: ডাঙৰ আকাৰৰ দুটা
আদা-নহৰু বটা: এক টেবুল-চামুচ
জীৰাগুড়ি‍: আধা চাহ চামুচ
ধনি‍য়াগুড়ি‍: আধা চাহ-চামুচ
নিমখ-হালধি: আন্দাজমতে
গৰম মচলাৰ গুড়ি‍: আধা চাহ-চামুচ 
কেঁচা জলকীয়া দুটামান আৰু ধনি‍য়াপাত অলপ

প্ৰণালী: প্ৰথমে বেঙেনাখিনি গোল গোলকৈ কাটি নিমখ-পানীত ১০ মিনিট পানীত তিয়াই থ’ব৷ তাৰ পাছত নিমখ-হালধি সানি তেলত ফ্ৰাই কৰি ল’ব৷ পিঁয়াজখিনি বটি ল’ব৷ কেৰাহীত তেল গৰম কৰি বটা পিঁয়াজখিনি দিব৷ পিঁয়াজখিনি ৰঙচুৱা পৰিলে আদা-নহৰু বটাখিনি দি কেঁচা গোন্ধ গ’লে গুড়ি‍ মচলা দিয়ক৷ মচলা ভজাৰ পাছত আধাকাপ পানী দি উতল আহিলে বেঙেনাখিনি দি দিয়ক৷ কেঁচা জলকীয়াকেইটাও ফালি দিয়ক৷ জোলখিনি উতলি ডাঠ হৈ আহিলে গৰম মচলাৰ গুড়ি‍ আৰু অলপ কুটা ধনি‍য়াপাত দি নমাই থওক৷

ফুলকবিৰ পকোৰা


উপকৰণ:
ফুলকবি: ৪০০ গ্ৰাম
বেছন: এক কাপ
আদা-নহৰু বটা: এক চাহ-চামুচ
জলকীয়াৰ গুড়ি‍: আধা চাহ-চামুচ
জীৰা : আধা চাহ-চামুচ
ধনি‍য়াৰ গুড়ি‍: আধা চাহ-চামুচ
নিমখ আৰু হালধি: আন্দাজমতে
বেকিং পাউদাৰ: আধা চাহ-চামুচ

প্ৰণালী: ফুলকবি ঠাৰিৰ সৈতে সৰু সৰুকৈ কাটি লৈ অলপ সিজাই ল’ব৷ বেছনৰ লগত সকলো বস্তু মিহলাই পানীৰে ফেটি ল’ব৷ এতিয়া এপাহ এপাহকৈ ফুল লৈ বেছনত ডুবাই গৰম তেলত ভাজিব৷

ঠিকনা:

পটীয়াগাঁও, যোৰহাট
ম
লেখকৰ পৰিচয়

মৌচুমী মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অঁ সময়ত
নিতুপৰ্ণ ৰাজবংশী • ৩১ অক্টোবৰ, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ২ আগষ্ট, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)