৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সম্পাদকীয়

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২০
৬ মিনিট পঠন • ২৩৯৩ বাৰ পঢ়া হৈছে

দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা প্ৰয়োগ কৰোঁ৷ পিছে আমি সততে প্ৰয়োগ কৰোঁতে শব্দ দুটাৰ তাৎপৰ্য আমাৰ জ্ঞান-বুদ্ধি, স্বাৰ্থ-ৰুচিবোধ আদিৰ মাজতে সীমাৱদ্ধ হৈ থাকে৷ সেয়েহে বহু সময়ত কাৰোবাৰ হাঁহিয়ে কাৰোবাক কন্দুৱায়৷ অৰ্থাৎ তেনে অৱস্থাত এজনৰ কাৰণে যিটো কাৰণ হাঁহিৰ, সেই একেটা কাৰণ আন এজনৰ কাৰণে কান্দোনৰ হয়৷ যদিহে সেই কাৰণটোৱে সকলোৰে কাৰণে হাঁহি বা আনন্দ সৃষ্টি কৰিলেহেঁতেন তেন্তে সেইটো নিশ্চয় সকলোৰে কাৰণে ‘ভাল’ হ’লহেঁতেন৷

সকলোৰে কাৰণে ‘ভাল’-টোকহে প্ৰকৃততে ভাল বুলিব পাৰি৷ ‘ভাল’ মানে? কাৰো অপকাৰ নোহোৱা, হ’লে সকলোৰে উপকাৰহে হোৱাটোৱেই ভাল৷

ভাল-বেয়াৰ প্ৰসঙ্গটো আমাৰ দেশৰ শাসন ব্যৱস্থাত প্ৰায়ে উচ্চাৰিত হয়৷ একোখন চৰকাৰে ৰাইজৰ কাৰণে গ্ৰহণ কৰা একোখন আঁচনি বা আইনক কোনোবাই ভাল আৰু কোনোবাই বেয়া বোলে৷ দৰাচলতে ভাৰতবৰ্ষৰ যি ভৌগোলিক বৈচিত্ৰ্য, সেই কাৰণতে ইয়াৰ বিভিন্ন স্থানৰ লোকসকলৰ জীৱন যাত্ৰাৰ ধৰণ বেলেগ বেলেগ আৰু সেই কাৰণতে তেওঁলোকৰ সমস্যাবোৰো বেলেগ বেলেগ৷ এতেকে একেটা নীতিৰেই দেশখনৰ সকলো অঞ্চলৰ ৰাইজৰ কল্যাণ সাধিব পৰা নাযায়৷ অসমৰ ক্ষেত্ৰতো কথাটো একেই৷ বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত অসমীয়া সমাজখনক কোনো জাতিবিশেষ বা গোষ্ঠীবিশেষকে গুৰুত্ব দি বুজাব নোৱাৰি৷ সেয়েহে সকলোৰে মনঃপুত হোৱাকৈ উন্নয়নৰ ৰূপৰেখা এটি প্ৰস্তুত কৰাটো নিঃসন্দেহে এটা টান কাম৷

টান কাম, কিন্তু অসম্ভৱ নহয়৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈদেৱে এই কথা প্ৰমাণ কৰি গৈছে৷ অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ লক্ষ্যৰে অসমত গা কৰি উঠা ছবছৰীয়া আন্দোলনৰ কালছোৱাৰে পৰা অশান্ত হৈ উঠা ৰাজ্যখন প্ৰকৃত অৰ্থত শান্তিৰ পথলৈ ঘূৰাই অনা মানুহজন আছিল তৰুণ গগৈ ডাঙৰীয়া৷ হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বৰ কালত সৰ্বত্ৰ গা কৰি উঠা দুৰ্নীতি ক্ৰমে ক্ৰমে ক্ষীয়মাণ হৈ আহিছিল তেওঁৰ শাসনকালতেই৷ এটা ৰাজ্যৰ অৰ্থনীতি ইমানেই ভাগি পৰিছিল যে অসম চৰকাৰৰ কৰ্মচাৰীসকলে মাহেকৰ মূৰত দৰমহাৰ টকাকেইটাও পোৱাৰ নিশ্চয়তা নোহোৱা হৈছিল৷ তেনে অৱস্থাৰ পৰা প্ৰতি মাহৰে প্ৰথম সপ্তাহতে কৰ্মচাৰীসকলে দৰমহা পোৱাটো নিশ্চিত কৰিছিল তেওঁ৷ গুৱাহাটী মহানগৰীৰ উন্নয়নকে ধৰি নগৰখনক আধুনিক ক্ৰীড়াৰ আন্তঃগাঁথনিৰে সমৃদ্ধ কৰা, অক্সিজেন লৈ জীয়াই থকা অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰা, গাঁৱে-ভূঞে ৰাস্তা-ঘাট নিৰ্মাণ কৰা, গ্ৰাম্য স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা আদি অনেক ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়াই নিজৰ যোগ্যতাৰ পৰিচয় দি গৈছে৷ ৰাজনৈতিক লাভালাভৰ ক্ষেত্ৰতো তেওঁ নিকৃষ্ট বোকা ছটিওৱাৰ দৰে পন্থা অৱলম্বন নকৰি ৰাইজৰ ৰুচি আৰু সন্মুখত উপস্থিত পৰিস্থিতি অধ্যয়ন কৰি প্ৰত্যুৎপন্নমতিতাৰ পৰিচয় দিছিল৷ বহুতৰে নিশ্চয় মনত আছে, এবাৰ এটা নিৰ্বাচনত তেওঁ কোৱা ‘হু ইজ্‌ বদৰুদ্দিন’ কথাষাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁৰ দল বিপুলভাৱে বিজয়ী হৈছিল৷ মুখ্যমন্ত্ৰিত্বৰ পৰা আঁতৰাৰ পাছতো তেওঁ ৰাজনৈতিক পৰিপক্বতাৰ বাবেই শেহতীয়াকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰোধী ৰাজনৈতিক শক্তিবোৰৰ সৈতে মৰ্চা গঠনৰ দিশতো অগ্ৰসৰ হৈছিল৷ ব্যক্তিগত জীৱনতো তেওঁ নিকা ভাবমূৰ্তিৰ লোক আছিল৷ মুখত অনৱৰতে লৈ থকা হাঁহিটোৱেই তেওঁৰ নিৰ্মল অন্তৰ্জগতৰ প্ৰতিফলন ঘটাইছিল৷

তেওঁক সমালোচনা কৰা মানুহৰ অভাৱ নাছিল, বহুতে তুচ্ছ-তাচ্ছিল্যও কৰিছিল৷ কিন্তু তেনে সমালোচনা আৰু ব্যঙ্গৰ উত্তৰ তেওঁ কামেৰেই দি গৈছে৷ তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে যি শূন্যতাবোধৰ সৃষ্টি হৈছে, সি অভূতপূৰ্ব৷ অসমত কোনো ৰাজনৈতিক ব্যক্তিৰ মৃত্যুত এনে ব্যাপক শোকগ্ৰস্ততা সৃষ্টি হোৱা নাছিল৷ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতাৰ মৃত্যু হয় যদিও সেইবোৰ ঘটনা কেৱল একোটা খবৰ হৈয়ে ৰৈ যায়৷ কিন্তু তৰুণ গগৈৰ মৃত্যুৱে অসমৰ ৰাজনৈতিক আকাশতে নহয়, সামগ্ৰিকভাৱে দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰত জোকাৰণি তুলিছে৷

এইজন লোকৰ বিকল্প হিচাপে অসমৰ ৰাজনীতিত এতিয়া আৰু কোনো নাই৷ আমি বহুতো দক্ষ ৰাজনীতিজ্ঞ লাভ কৰিছোঁ, বহু নিকা ভাবমূৰ্তিৰ লোকো লগ পাইছোঁ, বহু বহুবল্কী নেতাকো দেখিছোঁ৷ কিন্তু সামগ্ৰিকভাৱে, ট’টেল প’লিটিচিয়ান হিচাপে তৰুণ গগৈদেৱে নিজৰ যি পৰিচয় দি গ’ল তেনে পৰিচয় আহৰণ কৰিব পৰা ৰাজনীতিজ্ঞ ভৱিষ্যতে জন্ম হোৱাৰ আশা বৰ ক্ষীণ৷ কাৰণ মানুহৰ জীৱন জড়িত বিভিন্ন ক্ষেত্ৰত মূল্যবোধৰ খহনীয়া আৰম্ভ হৈ গৈছে ব্যাপকভাৱে৷ এনে অৱস্থাত বিভিন্ন শিক্ষাৰে শিক্ষিত হৈ উঠিলেও সমাজৰ সকলো স্তৰৰ লোকৰ বুকুৰ সংবাদ আন্তৰিকতাৰে শুনি তাৰ মৰ্ম উপলব্ধি কৰিবলৈ সক্ষমতা আজিৰ শিক্ষাই নিদিয়ে৷ আজিৰ শিক্ষাই হিউমেন ৰিছ’ৰ্চ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে— যি ৰিছ’ৰ্চে বুজন অঙ্কৰ ধন উপাৰ্জনৰ যোগ্যতা আহৰণ কৰে৷

তৰুণ গগৈদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ মূল্যবোধৰ ৰাজনীতি চিৰঞ্জীৱ হওক৷

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)