৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু

লেখকঃ অভিজিৎ শৰ্মা বৰুৱা • প্ৰকাশিতঃ ১৭ নৱেম্বৰ, ২০২০
১২ মিনিট পঠন • ১৪৭৯ বাৰ পঢ়া হৈছে
টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু
ডাঙৰকৈ চাওক (Zoom)

 অভিজিত শৰ্মা বৰুৱা

প্ৰখ্যাত চলচ্চিত্ৰ-নিৰ্মাতা তপন সিন্‌হাই ১৯৯০ চনত নিৰ্মাণ কৰা এখন চলচ্চিত্ৰৰ নাম আছিল— ‘এক ডাক্তৰ কি মৌত’। এই ছবিখন পশ্চিম বংগৰ সাহিত্যিক ৰমাপদ চৌধুৰীৰ 'অভিমন্যু’ নামৰ গল্পটোৰ আধাৰত নিৰ্মিত কৰা হৈছিল। সেই গল্পটোৰ আধাৰ আছিল আকৌ ডাঃ সুভাষ মুখোপাধ্যায়, যিজনে প্ৰথম ভাৰতীয় টেষ্টটিউব শিশু (আৰু বিশ্বৰ দ্বিতীয়) ‘দুৰ্গা’-ৰ জন্ম দিয়াইছিল, কিন্তু জীৱনকালত তাৰ বাবে স্বীকৃতি পোৱাটো দূৰৰ কথা, ৰাজ্য চৰকাৰৰ পৰা অপমান আৰু সামাজিক অৱহেলাৰ বলি হৈ আত্মহত্যা কৰি মৃত্যুক সাৱটি লৈছিল। সেই কথালৈ যোৱাৰ আগতে বাৰু টেষ্টটিউব বেবি সম্পৰ্কত কিছু কথা আলোচনা কৰি লোৱা যাওক।



  ‘টেষ্টটিউব বেবি’ বা ‘পৰীক্ষানল শিশু’-ৰ জন্ম বৰ বেছি বছৰৰ আগৰ কথা নহয়। ১৯৭৮ চনতহে বিশ্বত প্ৰথমটি টেষ্টটিউব শিশুৰ জন্ম দিয়া হৈছিল। যি পদ্ধতিৰে এনে টেষ্টটিউব শিশুৰ জন্ম দিয়া হয় - তাক কোৱা হ’ল ই ভি এফ, বা ‘ইন ভিট্ৰ’ ফাৰ্টিলাইজেছন’ (In Vitro Fertilization)। লেটিন ভাষাত ‘ইন ভিট্ৰ’ শব্দৰ অৰ্থ হ’ল ‘কাঁচৰ ভিতৰত’। গতিকে এই ‘ইন ভিট্ৰ’ ফাৰ্টিলাইজেছনৰ’ অৰ্থ হ’বগৈ কাঁচৰ ভিতৰত নিষেচন। এই নাম বোধকৰো এই কাৰণেই দিয়া হ’ল যে ইয়াৰ বাবে যি জৈৱিক কাম-কাজ বা পৰীক্ষা চলোৱা হয়, সেয়া কাঁচৰ বীকাৰ, পৰীক্ষানল বা আন পাত্ৰত কৰা হয়। এই পদ্ধতিৰে জন্ম হোৱা শিশুক ‘টেষ্টটিউব শিশু’ বুলি জনা গ’লেও এনে সন্তানৰ ভ্ৰূণ য’ত সৃষ্টি কৰা হয়, সেয়া কিন্তু আমি ৰসায়ন বিজ্ঞানৰ পৰীক্ষাত ব্যৱহাৰ কৰা ধৰণৰ টেষ্টটিউব নহয়, সেয়া হ’ল কাঁচৰে এক বহল পাত্ৰ, যাক ‘পেট্ৰি ডিছ’ নামেৰে জনা যায়। 

সন্তানহীন দম্পতিৰ ক্ষেত্ৰত পত্নী আৰু পতি- দুয়োৰে কিছু সীমাবদ্ধতাৰ বাবে সন্তান জন্ম হোৱাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। নাৰীসকলৰ ক্ষেত্ৰত সাধাৰণতে ফেলপিয়ান টিউবৰ বিসংগতিয়ে বেছি সমস্যাৰ সৃষ্টি কৰে। আনহাতে পুৰুষৰ ক্ষেত্ৰত কেতিয়াবা শুক্ৰাণু কিছু দুৰ্বল হয় আৰু তেনে শুক্ৰাণুৱে ডিম্বাণুৰ বেৰ ভেদ কৰি তাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। ফলত ডিম্বাণুৰ নিষেচন নহয় আৰু ভ্ৰূণ সৃষ্টি হ’ব নোৱাৰে। পাছে আই ভি এফ পদ্ধতিৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ এনে ধৰণৰ সীমাবদ্ধতাই কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে আৰু তেনে নাৰী-পুৰুষে অনায়াসে নিজ সন্তানৰ জন্ম দিব পাৰে।

আই ভি এফ পদ্ধতিত ডিম্বাণুক শুক্ৰাণুৰ দ্বাৰা নিষেচন কৰা কামটো কৰা হয় দেহৰ বাহিৰত। তেনেকৈ সৃষ্টি হোৱা ভ্ৰূণটো অৱশ্যে এগৰাকী মহিলাৰ দেহৰ জৰায়ুত সংস্থাপন কৰা হয় আৰু সাধাৰণ সময়সীমাৰ (দহ মাহ দহ দিন!) ভিতৰতে সেই সন্তানৰ জন্ম হয়। সাধাৰণ দম্পতিয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত এই কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে যদিও সন্তানহীনতাৰ লক্ষণত ভোগা বিবাহিত দম্পতিৰ ক্ষেত্ৰত এই পদ্ধতি খুবেই কাৰ্য্যকৰী। সন্তানহীনতাৰ ক্ষেত্ৰত সকলো ‘এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি’ ব্যৰ্থ হোৱাৰ পাছতো এই পদ্ধতি ব্যৱহাৰ কৰি সন্তান জন্ম দিয়াৰ এক সুন্দৰ সম্ভাৱনা থাকি যায়। এতিয়াৰ প্ৰচলিত পদ্ধতিত প্ৰথমতে এগৰাকী নাৰীৰ ডিম্বাশয়ৰ পৰা ডিম্বাণু সংগ্ৰহ কৰা হয়। সফল গৰ্ভধাৰণ সুনিশ্চিত কৰিবলৈ ডিম্বাণু নিৰ্বাচন কৰোতেই কিছুমান পৰীক্ষা সম্পাদিত কৰি লোৱা হয়, যাতে উপযুক্ত ডিম্বাণুৱেহে এই প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে। তাৰ পাছত সংগ্ৰহ কৰা হয় শুক্ৰাণু। ‘পেট্ৰি ডিছ’-ত এটি ডিম্বাণুৰ বিপৰীতে প্ৰায় ৭৫০০০ মান শুক্ৰাণু ৰখা হয়। এই শুক্ৰাণু - ডিম্বাণু আকৌ এক তৰল ‘কালচাৰ মাধ্যম’-ত প্ৰায় ১৮ ঘন্টা থাকে। সাধাৰণতে এই সময়ৰ ভিতৰতেই শুক্ৰাণুৰ দ্বাৰা ডিম্বাণুৰ নিষেচন সম্পন্ন হয়। পুৰুষৰ দুৰ্বল শুক্ৰাণুৰ ক্ষেত্ৰত শুক্ৰাণুৱে স্বাভাৱিকভাৱে ডিম্বাণূৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব পাৰে বাবে তেনে শুক্ৰাণুক ইনজেকছনৰ সহায়ত ডিম্বাণুৰ ভিতৰলৈ প্ৰত্যক্ষভাবে সুমুৱাই দিয়া হয় আৰু এনেদৰেই নিষেচন সম্পন্ন হয়। সেই নিষেচিত ডিম্বাণুক কোৱা হয় জাইগট (Zygote)। জাইগটক এক বিশেষ ‘গঠন মাধ্যম’-ত ৰখা হয়, যাতে তাৰ শ্ৰীবৃদ্ধি ঘটে। প্ৰায় ৪৮ ঘন্টা এনেদৰে ৰখাৰ পাছত কোষ বিভাজন ঘটি ই ছয়ৰ পৰা আঠটা কোষত পৰিণত হয়। তাৰ পাছত তাক সাৱধানেৰে মাতৃ বা আন মহিলাৰ জৰায়ুত সংস্থাপন কৰা হয়। জাইগটক মাতৃ গৰ্ভত স্থাপন কৰাৰ পাছত সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া আন সাধাৰণ সন্তান জন্ম দিয়াৰ লগত একেবাৰে একে। মানে ভ্ৰূণ গৈ মাতৃ গৰ্ভ পোৱাৰ পাছত আৰু পৰীক্ষাগাৰ বা টেষ্টটিউবৰ কোনো কাম নাথাকে। কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰাই চিকিত্সা বিজ্ঞানীসকলে এনে ধৰণৰ পদ্ধতিৰে সন্তান জন্ম দিয়াৰ চেষ্টা কৰি থাকিলেও ১৯৭৮ চনতহে প্ৰথমবাৰৰ বাবে এই পদ্ধতিয়ে সফলতা লাভ কৰিছিল।

১৯৭৮ চনৰ ২৫ জুলাইত দুজন প্ৰতিভাৱান বিজ্ঞানী তথা চিকিৎসা বিজ্ঞানী ৰবাৰ্ট এডৱাৰ্ডছ আৰু পেট্ৰিক ষ্টেপটোৰ প্ৰচেষ্টাত  ইংলেণ্ডৰ কেম্ব্ৰিজত অৱস্থিত অল্ডহাম জেনেৰেল হস্পিটেলত আই ভি এফ পদ্ধতিৰে বিশ্বৰ প্ৰথম শিশু লুইজি জয় ব্ৰাউনৰ জন্ম দিয়া হয়। জন্মৰ সময়ত তাইৰ ওজন আছিল প্ৰায় ২.৬ কিলোগ্ৰাম। কৃত্ৰিম পদ্ধতিৰে জন্ম লাভ কৰা এই কন্যা শিশুৰ পিতৃ-মাতৃ আছিল লেজলি আৰু গিলবাৰ্ট ব্ৰাউন। তেওঁলোকে যদিও জানিছিল যে এয়া এক পৰীক্ষামূলক পদ্ধতি, কিন্তু এইটো জনা নাছিল যে তেতিয়ালৈকে এনে এটাও শিশুৰ জন্ম সফল হোৱা নাই। এডৱাৰ্ডছ আৰু ষ্টেপটোৱে তেওঁলোকৰ পদ্ধতিত লেপাৰস্ক’পৰ সহায়ত এক ডিম্বাণু সংগ্ৰহ কৰিছিল। তেওঁলোকে তাৰ বিৱৰ্তন লক্ষ্য কৰিছিল আৰু দীৰ্ঘ সময় জুৰি ডিম্বাণুটোৰ বিকাশ হ’বলৈ দিছিল। তাৰ পাছত এক ক্ষুদ্ৰ ছেদনৰ জৰিয়তে তাক উলিয়াই আনিছিল। এইবাৰ এখন সৰু ডিস্কত শুক্ৰাণুৰ লগত তাৰ নিষেছন ঘটাইছিল। যেতিয়া সি এক ভ্ৰুণত পৰিণত হৈছিল তেতিয়া তাক এক মাতৃগৰ্ভত সংস্থাপন কৰা হৈছিল। টেষ্টটিউব শিশু জন্মৰ এই ঘটনাই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত যুগান্তৰৰ সূচনা কৰিছিল। 

ব্ৰাউনৰ জন্মৰ কিছুদিন পাছতে ১৯৭৮ চনৰে ৩ অক্টোবৰত কলকাতাৰ ডাঃ সুভাষ মুখোপাধ্যায়ৰ তত্বাৱধানত ‘দুৰ্গা’ (আচল নাম কানুপ্ৰিয়া আগৰৱালা) নামৰ ভাৰতীয় টেষ্টটিউব ছোৱালী এজনীৰ জন্ম হৈছিল। ডাঃ সুভাষ মুখোপাধ্যায়ে শোণিত মুখাৰ্জী নামৰ এজন ক্ৰায়’বায়লজিষ্ট আৰু ডাঃ সৰোজকান্তি ভট্টাচাৰ্য্য নামৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে মিলি এই কাম সম্পন্ন কৰিছিল। সেয়া আছিল বিশ্বৰ দ্বিতীয় টেষ্টটিউব শিশু। এই অসম্ভৱপ্ৰায় কাম তেওঁ সম্ভৱ কৰি তুলিছিল তেওঁৰ সৰু এপাৰ্টমেন্টত কিছুমান সাধাৰণ সঁজুলি আৰু এটা ৰেফ্ৰিজাৰেটৰৰ সহায়ত। এডৱাৰ্ডছ আৰু ষ্টেপটোৰ পদ্ধতিত লেপাৰস্ক’প ব্যৱহাৰ কৰা হ’লেও ডাঃ মুখোপাধ্যায়ে কোনো লেপাৰস্ক’পৰ ব্যৱহাৰ কৰা নাছিল আৰু সৰু অপাৰেছন এটা কৰি ডিম্বাণু সংগ্ৰহ কৰিছিল। তেওঁ হৰমোন ব্যৱহাৰ কৰি ডিম্বাণুৰ সংখ্যা বঢ়াইছিল, শুক্ৰানুৰ লগত তাৰ নিষেচন ঘটাইছিল আৰু তাৰ পাছত ভ্ৰূণটোক মাতৃগৰ্ভত সংস্থাপন কৰিছিল।

যদিও ডাঃ মুখোপাধ্যায়ৰ এই সাফল্যই, বিশেষকৈ ভাৰতত আলোড়ণৰ কৰিব লাগিছিল, পাছে সেয়া নহ’ল। এই গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ বাবেই সন্মানজনক কামৰ বাবে কোনো স্বীকৃতি বা কৃতিত্বৰ পৰিৱৰ্তে তেওঁ পালে চৰকাৰী আমোলাৰ পৰা অৱহেলা, সমাজৰ পৰা বহিষ্কাৰকৰণ, ৰাজ্য চৰকাৰৰ পৰা অপমান ইত্যাদি। ১৯৭৮ চনৰ ১৯ অক্টোবৰত ডাঃ মুখোপাধ্যায়ে তেওঁৰ গৱেষণা তথা সফলতাৰ সকলো নথি-প্ৰমাণ সন্নিৱিষ্ট কৰি পশ্চিম বংগ চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু চৰকাৰে সেই কথা মানি নললে, বৰং তেওঁৰ ওপৰত সন্দেহ প্ৰকাশ কৰি তেওঁক দোষী সাব্যস্তহে কৰিব খুজিলে। ১৯৭৮ চনৰ ১৮ নৱেম্বৰত ৰাজ্য চৰকাৰে ডাঃ সুভাষ মুখোপাধ্যায়ৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ মেডিকেল এছোচিয়েছনৰ অধীনত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিলে। ডাঃ সুভাষ মুখোপাধ্যায়ৰ বিৰুদ্ধে প্ৰথম অভিযোগ আছিল – তেওঁ উপযুক্ত প্ৰমাণ অবিহনেই ‘দুৰ্গা’ নামেৰে প্ৰথম মানৱ টেষ্টটিউব শিশু জন্ম দিয়াৰ কৃতিত্ব দাবী কৰিছে। দ্বিতীয় অভিযোগ – তেওঁ ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত দিয়াৰ আগতে সেই সম্পৰ্কীয় ৰিপৰ্ট প্ৰচাৰ মাধ্যমৰ আগত ফাদিল কৰি দিছে। তৃতীয় অভিযোগ – বিশ্বৰ বহুসংখ্যক প্ৰখ্যাত চিকিৎসাবিজ্ঞানীয়ে অত্যাধুনিক গৱেষণাগাৰত শেহতীয়া সা-সঁজুলিৰ সহায়ত কৰিব নোৱৰা কামটো তেওঁৰ নিজৰ সৰু এপাৰ্টমেণ্টতে কিছুমান সাধাৰণ সঁজুলি আৰু এটা ৰেফ্ৰিজাৰেটৰৰ সহায়ত সম্পন্ন কৰাৰ দাবী কৰিছে। চতুৰ্থ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগ হ’ল – তেওঁ চৰকাৰী আমোলাসকলৰ কোনো নিৰ্দেশ মনা নাছিল, তেওঁলোকৰ সমুখত মূৰ তল কৰা নাছিল আৰু অতি স্পষ্টবাদী আছিল।

চৰকাৰে যিখন কমিটি গঠন কৰি দিছিল, তাৰ সভাপতি আছিল এজন  ৰেডিঅ’ পদাৰ্থবিজ্ঞানী আৰু তাৰ সদস্য আছিল এজন স্ত্ৰীৰোগ বিশেষজ্ঞ, এজন মনোবিজ্ঞানী, এজন পদাৰ্থবিজ্ঞানী আৰু এজন স্নায়ুবিজ্ঞানী। তেওঁলোকৰ কাৰো আধুনিক ‘ৰিপ্ৰডাক্টিভ’ প্ৰযুক্তি সম্পৰ্কত কোনো জ্ঞান নাছিল। অনুসন্ধানৰ সময়ত ডাঃ মুখোপাধ্যায়ক সোধা হৈছিল – “আপুনি কেনেকৈ ভ্ৰূণসমূহ ৰাখিছিল?” মুখোপাধ্যায়ৰ উত্তৰ আছিল – “ছীল কৰা এম্পুলত (কাঁচ বা প্লাষ্টিকৰ ছীল থকা বিশেষ পাত্ৰ)।” তাৰ পাছৰ প্ৰশ্নটো আছিল - “আপুনি সেইবোৰ কেনেকৈ ছীল কৰিছিল?” মুখোপাধ্যায়ৰ উত্তৰ আছিল - “ক্ষমা কৰিব, মই বুজি পোৱা নাই।” তেওঁ বুজি নোপোৱাৰে কথা। কাৰণ এম্পুল চিনি পোৱা মানুহে সেই প্ৰশ্ন সুধিবই নোৱাৰে। আন এজনে আকৌ সুধিলে, “অঃ! ছীল কৰোতে ভ্ৰূণবোৰ মৰি নগ'ল?” বুজা গৈছিল যে সেইজনে তেওঁৰ সমগ্ৰ জীৱনকালত ভ্ৰূণ দেখাই নাই। অথচ এই মানুহবোৰেই টেষ্টটিউব শিশুৰ প্ৰসংগটো বিচাৰ কৰিছিল। সকলো দিশ ‘চালিজাৰি চাই’ কমিতিখনে সিদ্ধান্ত দিছিল – 'ডাঃ মুখোপাধ্যায়ে কৰা সকলো দাবী ভুৱা।” আনহাতে সমাজেও কৈছিল যে তেওঁ অনৈতিক কাম কৰিছে। ইমানবোৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি ডাঃ মুখোপাধ্যায়ে ১৯৮১ চনৰ ১৯ জুনত আত্মহত্যা কৰি তেওঁৰ জীৱননাটৰ যৱনিকা পেলায়।

ইয়াৰ পাছত ১৯৮৬ চনৰ ১৬ আগষ্টত ভাৰতত আই ভি এফ পদ্ধতিৰে হৰ্ষবৰ্ধন ৰেড্ডী বুৰি নামৰ এক শিশুৰ জন্ম দিয়া হ’ল আৰু চৰকাৰীভাবে এই শিশুটিকে ভাৰতৰ প্ৰথম টেষ্টটিউব শিশু হিচাপে স্বীকৃতি দিয়া হ’ল। এই শিশুৰ জন্ম দিয়াৰ কৃতিত্ব লাভ কৰিছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্ছৰ ডিৰেক্টৰ টি চি আনন্দ কুমাৰে। কেইবা বছৰ পাছত ১৯৯৭ চনত আনন্দ কুমাৰ এক বিজ্ঞান কংগ্ৰেছত ভাগ লবৰ বাবে কলকাতালৈ  আহিছিল। তাতে ডাঃ মুখোপাধ্যায়ৰ সহকৰ্মী কেইজনমানে কুমাৰৰ হাতত মুখোপাধ্যায়ৰ গৱেষণা তথা কৰ্মৰ নথিসমূহ তুলি দিলে। সেইবোৰ চাই আৰু দুৰ্গাৰ পিতৃ-মাতৃৰ লগত আলোচনা কৰি কুমাৰ নিশ্চিত হ’ল যে দুৰ্গাই প্ৰকৃততে ভাৰতৰ প্ৰথম টেষ্টটিউব শিশু। সেই প্ৰখ্যাত বিজ্ঞানীজনে এখন জাৰ্নেলত ‘এ ক্ৰিটিক অব মুখাৰ্জী’ছ টেকনিক’ নামৰ এটা প্ৰবন্ধ লিখি তাত ডাঃ মুখোপাধ্যায়ে নথি-প্ৰমাণ সন্নিৱিষ্ট কৰি পশ্চিমবংগ চৰকাৰৰ স্বাস্থ্যসেৱাৰ সঞ্চালকলৈ লিখা পত্ৰখন, টিভি আৰু বাতৰি কাকতত মুখোপাধ্যায়ৰ সাক্ষাৎকাৰ, সেই সময়ত প্ৰচাৰ মাধ্যমত প্ৰকাশিত তথ্যবোৰ সন্নিৱিষ্ট কৰিলে। কুমাৰৰ চেষ্টাৰ ফলতে আই চি এম আৰৰ 'আৰ্টিফিচিয়েল ইন্টাৰকৰ্ছ’ পাঠ্যক্ৰমৰ পাঠ্যপুথিত ডাঃ মুখোপাধ্যায়ক ভাৰতৰ প্ৰথম টেষ্টটিউব শিশুৰ নায়ক হিচাপে স্বীকৃতি উল্লেখ কৰিলে। আনন্দ কুমাৰে যি কাম কৰিলে, বহুতো সাধাৰণ-অসাধাৰণ লোকৰ বাবে সেই কাম কৰাটো সম্ভৱ নহয়। তেওঁ নিজৰ মূৰৰ পৰা মুকুটটো নি ডাঃ সুভাষ মুখোপাধ্যায়ৰ মূৰত পিন্ধাই দিলে।

দুৰ্গাই নিজৰ ২৫ তম জন্মদিনত মুখোপাধ্যায়ৰ স্মৃতিত অনুষ্ঠিত এক অনুষ্ঠানত নিজৰ চিনাকি প্ৰকাশ কৰে আৰু তাৰ লগে লগে মুখোপাধ্যায়ৰ কাম যে ভুৱা নাছিল, সেয়া পুনৰ স্পষ্ট হ'ল।

কিন্তু ... কিন্তু এই সফলতা প্ৰত্যক্ষ কৰিবলৈ ডাঃ সুভাষ মুখোপাধ্যায় তেতিয়া এই পৃথিৱীত নাছিল।

*****

অ
লেখকৰ পৰিচয়

অভিজিৎ শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)