৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কথা পাতিম আহাঁ

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২০
১ মিনিট পঠন • ৩২৪৯ বাৰ পঢ়া হৈছে
পম্পি বৰা বৈশ্য
 
অ' ককা অ' ককা কিনো কৰি আছা,
আহাঁচোন কথা পাতো মোৰ কাষত বহাঁ,
আজি স্কুলত বাইদেৱে কি শিকালে শুনা।
 
বহাগত কুলিয়ে মাতে, খৰ আহে জেঠত,
কঠীয়া সিঁচাৰ সময় পৰে আহাৰ-শাওন মাহত ।
ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,
মহাপুৰুষ দুয়োজনাৰ মৃত্যু তিথি পৰে।
 
আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু-
ঘৰ পথাৰ সকলোতে আকাশ বন্তি জ্বলে,
আঘোণত ধান পকে, পুহত ভঁৰাল ভৰে
মাঘত মেজি জ্বলাই উঠি কণী যুজঁ খেলে। 
 
ফাগুন মানেই ৰঙৰ উছৱ বৰ মজা লাগে,
পলাশ-মদাৰ ফুল ফুলে সৰাপাতো ভৰে।
চ'তত বছৰ শেষ হৈ নতুনক আদৰি আনে
এনেকৈয়ে বাৰ মাহ বছৰ বিয়পি থাকে। 
 
 অ' ককা, অ' ককা কিনো ভাবি আছা,
টোপনি ধৰিছে মোৰ শুই থাকোঁ ব'লা।
 
 
ঠিকনা :
হেঙেৰাবাৰী, গুৱাহাটী
অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)