৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সম্পাদকীয়

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২১ জুন, ২০২০
৩ মিনিট পঠন • ৫৫৩ বাৰ পঢ়া হৈছে

(ক)
   ‘অন্যযুগ’ আলোচনীখনে তৃতীয় বৰ্ষত ভৰি দিলে৷ তৃতীয় বৰ্ষৰ ৩য় সংখ্যাটো বিহু সংখ্যাৰূপে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল৷ ২৩ মাৰ্চ ২০২০ তাৰিখে ছপাশালত দিবলৈ সাজু কৰা হৈছিল যদিও তলাবদ্ধ (Lockdown)-ৰ বাবে আমি থমকি ৰ’বলগীয়া হ’ল৷ তেনেকৈ মে’ আৰু জুন মাহৰো সম্পূৰ্ণ সাজু হৈ উঠিল৷ কিন্তু পৰিস্থিতিয়ে সৃষ্টি কৰা সমস্যাক আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ৷ সমস্যা অতিক্ৰম কৰিব পৰাটোৱেই জীৱন৷ সেয়ে ষ্টেনলি আৰ্নল্ডৰ এটা কথালৈ মনত পৰিল৷ আৰ্নল্ডে কৈছিল প্ৰতিটো সমস্যাৰ মাজতেই তাৰ সমাধানৰ বীজটো হেনো ওৰণি লৈ থাকে৷ সেয়ে ‘অন্যযুগ’-ৰ প্ৰকাশনৰ উদ্‌গাতাসকলৰ লগত পৰামৰ্শ কৰাৰ লগতে আমাৰ সহৃদয় হৃদয়-সংবাদী পাঠকসকলৰ লগত আলোচনা কৰি অনলাইন সংস্কৰণ প্ৰকাশৰ সিদ্ধান্ত কৰা হ’ল৷ সেয়ে এপ্ৰিল, মে’ আৰু জুন মাহৰ তিনিওটা সংখ্যা একেলগে প্ৰকাশ কৰা হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বৰ ব্যৱহাৰিক জীৱনক একেআাগী ৰূপ দ্ৰুততাৰে দান কৰিছে৷ ইয়াৰ ফলত মানৱ জাতিৰ মানসিকতাও প্ৰায় একাকাৰ হৈ পৰিছে৷ এনে এক পৰিস্থিতিয়ে বিজ্ঞান, প্ৰযুক্তি আৰু ঐতিহ্যৰ সংমিশ্ৰণৰ পটভূমিত এক নতুন যুগৰ আৰম্ভণি‍ ঘটাইছে৷ নতুন যুগে কঢ়িয়াই অনা বৌদ্ধিক আৰু ব্যৱহাৰিক সম্পদ গ্ৰহণ কৰিও ‘অন্যযুগ’-এ ঐতিহ্যৰ লগত সম্পৰ্ক বিচ্ছিন্ন নকৰে৷ আধুনিক জীৱনৰ সকলো সমল লৈও বিজ্ঞানমনষ্কতাৰে ঐতিহ্যৰ মৌলিক শক্তিক চিনি পাব পৰা মানসিকতাৰে আধুনিক জীৱন যাপন কৰিবলৈ আধুনিক জীৱন এটা আমাক লাগে৷ ‘অন্যযুগ’-ৰ লেখাৰ মাজত নতুন যুগৰ প্ৰতিফলন ঘটিব চিন্তা, কৰ্ম, সাহিত্য, ভাষাৰ মাজত৷ গতিকে ‘অন্যযুগ’ যুগৰ প্ৰতিনিধি হ’ব খোজে৷ সময়ে লৈ অহা সকলো সমস্যাৰ সমাধান আৰু সময়ে লৈ অহা সকলো প্ৰশ্নৰ উত্তৰ দিব খোজে৷ আমি সম্পূৰ্ণ আধুনিক হৈও যাতে শুদ্ধ পথেৰে ভাবী কালৰ সাধকসকলক আগবঢ়াই নিব পাৰোঁ, তাৰ বাবেই এই নতুন সুযোগ আমি গ্ৰহণ কৰিছোঁ৷ যোৰহাটৰ অনুকূল বৌদ্ধিক পৰিৱেশেও আমাক উৎসাহিত কৰিছে৷

   অনলাইন সংস্কৰণসমূহ www.anyayug.com-ত পঢ়িবলৈ পাব৷ Google Play Store-ৰ পৰা ‘অন্যযুগ’ এপ্‌টি ডাউনল’ড কৰিও পঢ়ুৱৈসকলে‍ আলোচনীখন পঢ়িব পাৰিব৷

(খ)
   ক’ৰনা মহামাৰীয়ে অসমীয়া ভাষাৰ অন্দৰমহলত সোমাই বৰপীৰাত বহা কেইটামান শব্দ লিখোঁতে বহুতে বেলেগ বেলেগ বানান ব্যৱহাৰ কৰে৷ ‘অন্যযুগ’-এ বিজ্ঞানসন্মত বিচাৰেৰে তলত দিয়াৰ দৰে শব্দ ব্যৱহাৰ কৰিব—
ক’ৰনা,
অন্তৰীণ— Quarentine (কোৱাৰেণ্টিন্‌)
থাৰ্ম’টেষ্ট— (তাপ বা তাপীয় পৰীক্ষা)
ৰেপিড্‌টেষ্ট— (দ্ৰুত পৰীক্ষা)
ছ’চিয়েল ডিষ্টেঞ্চ— (Social distance) সামাজিক আৰু শাৰীৰিক দূৰত্ব৷
লকডাউন— তলাবদ্ধ
প্লাজমা— (পদাৰ্থ বিজ্ঞানত পদাৰ্থৰ চতুৰ্থ অৱস্থা, জীৱবিজ্ঞানত তেজৰ প্ৰায় হালধীয়া তৰল ভাগ, ৰক্তৰস বা প্লাৱিকা)

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)