৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাধু এটা poem-debashish-hazarika-february-2026

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৮ জানুৱাৰী, ২০২৬
২ মিনিট পঠন • ১১৬৭ বাৰ পঢ়া হৈছে

 দেৱাশিস হাজৰিকা

 

মোৰ আই আৰু পিতাইৰ 

প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা

পিতায়ে আইক

এটা সাধু শুনাইছিল

 

সাধুটোৰ নায়কজনৰ সমান সুখী হেনো 

আৰু পৃথিৱীত আন কোনোৱেই নাই

তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা!

 

আইয়ে এদিন এটকীয়া মুদ্ৰা এটাক

ইপিঠি-সিপিঠি কৰি

সূৰ্যটোক আঁকি চাইছিল

কিমান তপত অথচ অকলশৰীয়া!

আইয়ে এদিন নজনাকৈয়ে সেই সূৰ্যটোৰ প্ৰেমত পৰিছিল

পিতাইৰ পিঠিখনত ৰুই দিছিল

এজোপা সূৰুযমূখী ফুল

 

পিছবাৰীৰ পৰা অহা 

বনৰীয়া গোন্ধ এটাত 

এদিন আইয়ে পৃথিৱীৰ সিটোপাৰৰ 

এটা পূৰ্ণাংগ চন্দ্ৰগ্ৰহণক

শুঙি চাইছিল

নিজৰ চকুকেইটা জপাই

এপলকৰ কাৰণে শুই পৰিছিল!

 

“তোৰ পিতাইৰ হাতখনতে আছে সমগ্ৰ ব্ৰহ্মাণ্ডখন”

 — আইয়ে মোক কৈছিল

প্ৰতিটো নিশাৰ জ্বৰৰ জুইত!

 

মোৰ পিতাই আছিল 

আইৰ আটাইতকৈ ধুনীয়া শক্তি!

 

হে ঈশ্বৰ, পৃথিৱীক তুমি কৈ দিয়া

আজিৰপৰা আৰু কোনোদিনেই

সেই সাধুটোৰ নায়কজনৰ সমান সুখীলোক

পৃথিৱীত আন নাথাকক৷

***

 

 

ফোন- ৮৮২২৫৭৩০৫৪

 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)