৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেম ১

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২৬
১ মিনিট পঠন • ৩৩০৭ বাৰ পঢ়া হৈছে

ধন দাস 

তোমাক

ভাল পাম নে 

ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিম

তোমাৰ

চকুত চকু  থৈ বিশ্বাস কৰা বুলি ক'ম নে

ধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম সবল-শালিনতাৰে

তোমাক 

দেহৰ ভাঁজৰ কথা সুধিম নে

সুখ নামৰ কাইলৈ এটাৰ বাবে বিষৰ বিছনাত শুই থাকিম 

তোমাক 

তপত চুমা এটা খাম নে

টেঁটুত লাগি থকা ধাৰবোৰৰ কথা আলোচনা কৰিম

তোমাৰ 

ঘন উশাহবোৰৰ হিচাপ ল'ম নে

বাঢ়ি অহা আঁচনিৰ পিঠিত উঠি মূল্যবৃদ্ধিৰ বিৰোধ কৰিম

তোমাক 

ভাল পোৱাৰ এটা সহজ উপায় লাগে

তোমাৰ এধান্‌মান হাঁহিৰ বাবে

মাইক্ৰ' ফাইনান্সৰ জেইলত বন্দি হৈ যদি কওঁ 

" ভাল পাওঁ ভাল পাওঁ" 

তুমি বাৰু বুজি পাবা নে ??

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)