৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শৰতৰ বতৰা

লেখকঃ ভাৰতী চক্ৰৱৰ্তী • প্ৰকাশিতঃ ১ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১০৮৪ বাৰ পঢ়া হৈছে

ভাৰতী চক্ৰৱৰ্তী



       ওপৰে উৰিছে           বগাকৈ বগলী

 শৰতৰ বতৰা লৈ

কোনফালে যোৱা        অ’ বগলী

   কাক কি কোৱাগৈ

 

নদীৰ পাৰত          কঁহুৱা হালিছে

 বগা ডাৱৰ যেন লাগে

জুৰ বতাহে          খাইছে চুমা

 কঁহুৱাৰ গালে-মুখে

 

টোপটোপকৈ        নিয়ৰ সৰিছে

 মুকুতা মণিৰ দৰে

দুবৰিৰ বুকু         শুৱাই তুলিবলৈ

 পূৱাতে আহি পৰে

 

শৰত কালতে        পূজা আহে

 মনত লাগে ৰং

দোকানত খাওঁ       মিঠাই বহুত 

 ককায়ে নকৰে খং

 

কাহিলি পুৱাতে         শেৱালি তুলি লৈ

 দিওঁগৈ পূজাৰ বেদীত

ধূপ-ধুনাৰে            পূজোঁ আমি

   দশভূজা দেৱীক

 

পূজিছোঁ তোমাক      হে দশভূজা

 মনৰ কথা কৈ

চাৰিওফালে           ইমান দুখ

 শুনি যোৱাচোন ৰৈ

 

দেশত বানপানী        বেমাৰ-আজাৰ

 দেখি চকুলো সৰে

শেষ কৰিবানে       মানুহৰ দুখ

 ইমান মানুহ মৰে

***

ভ্ৰাম্যভাষ : ৯৯৫৪৬২৩৯৬৬

 

 

ভ
লেখকৰ পৰিচয়

ভাৰতী চক্ৰৱৰ্তী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ১ নৱেম্বৰ, ২০২৬
সিহঁতক অকণমান লেতেৰা হ’বলৈ দিয়কচোন
ড০ ইন্দ্ৰাণীৰেখা শইকীয়া • ৩০ অক্টোবৰ, ২০২৬
জন্মদিন : জন্মৰ পৰা জীৱনবোধলৈ
অংকুৰজ্যোতি বুঢ়াগোহাঁই • ২৫ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)