৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

লেখকঃ অজয় লিম্বু • প্ৰকাশিতঃ ২৯ নৱেম্বৰ, ২০২৫
১৩ মিনিট পঠন • ৪০৮৩ বাৰ পঢ়া হৈছে

 অজয় লিম্বু


আৰম্ভণি :

      অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশ অৰ্থবিজ্ঞানত প্ৰায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্ৰায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্ৰয়োগ কৰা দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অৰ্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ দ্ৰব্য আৰু সেৱাৰ মুঠ মুল্য বৃদ্ধি হোৱাকে বুজায়৷ ইয়াক GDP ত প্ৰকাশ কৰা হয়৷ আনহাতে অৰ্থনৈতিক উন্নয়ন হৈছে এক বহল ধাৰণা ই অৰ্থনৈতিক বৃদ্ধিৰ লগতে জনসাধাৰণৰ অৱস্থাৰ উন্নতি ঘটা, শিক্ষা, স্বাস্থ্য, স্বাধীনতা আদিৰ সম্প্ৰসাৰণক সূচায়৷ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্য সমানে উন্নত নহয়৷ একেদৰে ভাৰতবৰ্ষ এখন কৃষি নিৰ্ভৰশীল অৰ্থনীতি৷ ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে বিবেচিত৷ সম্প্ৰতি ভাৰতবৰ্ষৰ যি এক অৰ্থনীতি আছে তাৰ এক বৰ্ণিল ইতিহাস আছে৷ একে দৰে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ নিজস্ব অৰ্থনৈতিক উন্নয়ন তথা পৰিকল্পনাৰ সুকীয়া ইতিহাস আছে৷

    ভাৰতবৰ্ষৰ এক অন্যতম উন্নয়নশীল তথা কৃষি নিৰ্ভৰশীল অৰ্থনীতি হিচাপে অসমে ভাৰতবৰ্ষৰ অৰ্থনীতিলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়৷ ভৌগোলিক দিশত অসম উত্তৰ-পূব দিশত অৱস্থিত আৰু ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত দুৱাৰমুখ হিচাপে কাম কৰে৷ আৰু ভৌগলিক দিশত অসম অতি চহকী ৰাজ্য৷ অসমৰ মাটি কৃষিকৰ্মৰ বাবে উপযোগী অসম এখন কৃষিনিৰ্ভৰশীল ৰাজ্য৷ এখন অৰ্থনীতিৰ তিনিটা বিভিন্ন খণ্ড হৈছে কৃষি, উদ্যোগ আৰু সেৱা খণ্ড৷ কৃষি খণ্ডই প্ৰাথমিক উৎপাদনৰ লগত জড়িত যেন খাদ্যশস্য, পশুপালন, মৎস্য, উদ্যানশস্য ইত্যাদিক সামৰি লয়৷ কৃষিখণ্ড হৈছে যিকোনো এক অৰ্থনীতিৰ ভেটি অৰ্থাৎ কৃষিখণ্ডৰ ওপৰত ভিত্তি কৰিয়েই অন্য দুইখণ্ড যেনে উদ্যোগ আৰু সেৱাখণ্ড প্ৰতিষ্ঠিত৷ দেশৰ মুঠ কৰ্মশক্তিৰ অধিকাংশ লোক এই খণ্ডৰ লগত জড়িত৷ আনহাতে মুঠ ঘৰুৱা উৎপাদনলৈ এই খণ্ডৰ অৱদান তেনেই নগণ্য৷ গতিকে এই কথাই কৃষিখণ্ডৰ নিম্ন উৎপাদনশীলতাক সূচায়৷ স্বাধীনোত্তৰ কালচোৱাত অসমে গ্ৰহণ কৰা উন্নয়ন তথা পৰিকল্পনাৰ পদক্ষেপসমূহ তলত আলোচনা কৰা হল৷


অৰ্থনৈতিক সংস্কাৰৰ পূৰ্বৰ পৰিকল্পনা :

      উন্নয়নৰ বেলিকা ভাৰতে পৰিকল্পনাৰ সহায় লৈ বাট বুলিছিল৷ কাজেই ভাৰতবৰ্ষই ৰাজহুৱা আৰু ব্যক্তিগতখণ্ডৰ সংমিশ্ৰণৰ এক মিশ্ৰ অৰ্থনৈতিক আৰ্হি গ্ৰহণ কৰিছিল৷ একেদৰে অসমতো এনে পৰিকল্পনা দেখিবলৈ পোৱা গৈছিল৷

     ১৯৯৯ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰ ভাৰতীয় অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী সংস্কাৰ আছিল৷ এনে আৰ্থিক সংস্কাৰৰ আঁৰত বিভিন্ন আৰ্থ-সামাজিক কাৰকে প্ৰভাৱ পেলাইছিল৷ সেইসমূহৰ বিষয়ে পিছত আলোচনা কৰা হৈছে৷ ভাৰতবৰ্ষ তথা অসমৰ পৰিকল্পনাৰ আলোচনাৰ বেলিকা ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰক ভিত্তিবৰ্ষ হিচাপে লৈ সংস্কাৰৰ পূৰ্বৰ আৰু পৰৱৰ্তী পৰিকল্পনা হিচাপে ভাগ কৰিব পাৰি৷

     প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই (১৯৫১-১৯৫৬) কৃষিখণ্ডৰ বিকাশৰ বাবে জলসিঞ্চন, শক্তি আৰু সামাজিকখণ্ডসমূহৰ বিকাশ নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব দিছিল৷ উল্লেযোগ্য যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত দেশে স্বাধীনতা লাভ কৰা বেছি বছৰ হোৱা নাছিল আৰু আৰ্থ-৩৪৪সামাজিক দিশত ভাৰতবৰ্ষ পিছপৰি আছিল৷ ভাৰতবৰ্ষই সেই সময়ত খাদ্যশস্য আমদানি কৰিবলগা হৈছিল৷ গতিকে কৃষিখণ্ডত আত্মনিৰ্ভৰ হোৱাটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল৷

      দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৫৬-১৯৬১) প্ৰাধান্য বিষয় আছিল দ্ৰুত উদ্যোগীকৰণ৷ এই পৰিকল্পাৰ সময়চোৱাত অসমৰ মুঠ ঘৰুৱা ৰাজ্যিক আয় বৃদ্ধিৰ হাৰ (স্থিৰ দৰত) ১০.৭% আছিল৷ বাৰ্ষিক যৌগিক আয় বৃদ্ধিৰ (compound Annual Growth) হাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ৩.৫%ৰ তুলনাত ১.৯% নিম্ন আছিল৷ একেদৰে মুঠ ৰাজ্যিক আয় বৃদ্ধি যৌগিক হাৰত ৩% আছিল৷ জনমূৰি আয়ৰ বেলিকা একেই ছবি দেখিবলৈ পোৱা যায়৷ উল্লেখনীয় যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালচোৱাত অসমৰ জনমূৰি আয় বৃদ্ধি ৰাষ্ট্ৰীয় জনমূৰি আয়ৰ তুলনাত সৰ্বাধিক আছিল৷ কিন্তু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত এই হাৰ প্ৰায় সমান আছিল৷

      তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৬১-৬৬)ৰ প্ৰাধান্য বিষয় আছিল সুষম আঞ্চলিক বিকাশ৷ পৰিকল্পনাই ৫% আৰ্থিক বৃদ্ধি লক্ষ্য আগত ৰাখি আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছিল৷ এই পৰিকল্পনাৰ কালচোৱাত অসমৰ আৰ্থিক বিকাশ সন্তোষজনক আছিল৷ ৰাজ্যিক আয় বৃদ্ধি ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ তুলনাত বেছি আছিল৷ জনমূৰি আয় বৃদ্ধি স্থিৰ হাৰত ৭.৪% আছিল৷


পৰিকল্পনা বিৰতি : 

        ভাৰতৰ পৰিকল্পনাৰ ইতিহাসত ১৯৬৬-১৯৬৯ কালচোৱাক পৰিকল্পনা বিৰতি বুলি কোৱা হয়৷ এই সময়চোৱাত পঞ্চবাৰ্ষিক পৰিকল্পনা হোৱা নাছিল৷ তাৰ পৰিৱৰ্তে বাৰ্ষিক পৰিকল্পনাহে গ্ৰহণ কৰা হৈছিল৷ সেয়েহে এই সময়চোৱাক পৰিকল্পনাৰ ইতিহাসত পৰিকল্পনা বিৰতি বুলি কোৱা হয়৷ ইয়াৰ মূলতে আছিল সেই সময়ৰ ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক পৰিস্থিতি৷ বিশেষকৈ সেই সময়ত খৰাং বতৰৰ বাবে কৃষি উৎপাদন হ্ৰাস পাইছিল আৰু খাদ্যশস্য আমদানি কৰিব লগা হৈছিল৷ তদুপৰি সেই সময়ত ভাৰতৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ লগত হোৱা যুদ্ধৰ বাট বুলিছিল৷ কাজেই ভাৰতবৰ্ষই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্ৰণৰ এক মিশ্ৰ অৰ্থনৈতিক আৰ্হি গ্ৰহণ কৰিছিল৷ একেদৰে অসমতো এনে পৰিকল্পনা দেখিবলৈ পোৱা গৈছিল৷ বাবে ভাৰতৰ যথেষ্ট ক্ষতি হৈছিল৷ গতিকে তেনে এক পৰিস্থিতিত ভাৰতে পঞ্চবাৰ্ষিক পৰিকল্পনা স্থগিত ৰাখিবলৈ বাধ্য হৈছিল৷

       চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৬৯-১৯৭৪) প্ৰধান বিষয় সমূহ আছিল ৫% মুঠ ৰাজ্যিক উৎপাদন বৃদ্ধি, খাদ্য শস্য উৎপাদনত আত্ম নিৰ্ভৰশীলতা অৰ্জন কৰা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধন কৰা, আঞ্চলিক বৈষম্য হ্ৰাস কৰা আদি৷

    পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৭৫-৮০) ৰ মূল প্ৰাধান্য বিষয় আছিল- দৰিদ্ৰতা দূৰীকৰণৰ কৰাৰ লগতে নিয়োগৰ সা-সুবিধা সৃষ্টি কৰা৷ তদুপৰি এই পৰিকল্পনাৰ কালচোৱাত সামাজিক তথা আৰ্থিক আন্তগাঁথনিৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ এই পৰিকল্পনাৰ সফলতা সন্তোষজনক আছিল৷

        ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাই (১৯৮০-৮৫) সম্পদৰ দক্ষ ব্যৱহাৰ আৰু উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিছিল৷ আধুনিকৰণ, দৰিদ্ৰতা, নিবনুৱা, অসমতা আদিৰ বাবে ব্যবস্থা গ্ৰহণ কৰা৷ আৰ্থিক বিকাশৰ সূচক যেনে মুঠ ৰাজ্যিক উৎপাদন, ৰাজ্যিক আয় আৰু জনমূৰি আয় বৃদ্ধি সন্তোষজনক আছিল৷

     সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৮৫-১৯৯০) প্ৰাধান্য লাভ কৰা বিষয়সমূহ আছিল আৰ্থিক বৃদ্ধিৰ সমান্তৰালভাৱে সমজিক ন্যায় তথা সমতা প্ৰতিষ্ঠা কৰা৷ এই পৰিকল্পনাৰ কালচোৱাত মুঠ ৰাজ্যিক উৎপাদন বৃদ্ধিৰ হাৰ (স্থিৰ দৰত) ৪.২% আছিল৷ একেদৰে মুঠ ৰাজ্যিক আয় বৃদ্ধি হাৰ ১২.৭% আছিল৷ জনমূৰি আয় বৃদ্ধি সন্তোষজনক আছিল৷

     অৰ্থনৈতিক সংস্কাৰ ১৯৯১ : আগতে উল্লেখ কৰা অহাৰ দৰে ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰ ভাৰতবৰ্ষৰ পৰিকল্পনা তথা উন্নয়নৰ ইতিহাসত মাইলৰ খুঁটি হিচাপে বিবেচিত৷ ১৯৯১ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰ ভাৰতীয় অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী সংস্কাৰ আছিল৷ এনে আৰ্থিক সংস্কাৰৰ আঁৰত বিভিন্ন আৰ্থ-সামাজিক কাৰকে প্ৰভাৱ পেলাইছিল৷ তাৰ ভিতৰত- সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজকোষীয় ভঁৰাল প্ৰায় উদং আছিল, উচ্চ হাৰৰ মুদ্ৰাস্ফীতি, দাৰিদ্ৰতা, নিবনুৱা, অসমতা আদি সমস্যাই জুৰুলা কৰিছিল৷ বিশেষকৈ সেই সময়ৰ ৰাজনৈতিক অস্থিৰতা তথা আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানে ৰাষ্ট্ৰীয় ৰাজনীতিৰ সমীকৰণ সালসলনি ঘটাইছিল৷ তেনে এক সন্ধিক্ষণত বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰনিধিৰ চৰ্তসাপেক্ষে নীতি মানি নতুন অৰ্থনৈতিক সংস্কাৰ কৰিছিল৷ সেই সময়ৰ তদানীন্তন বিত্তমন্ত্ৰী ড০ মনমোহন সিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ অৰ্থনৈতিক সংস্কাৰৰ মুখ্য দিশসমূহ আছিল- পূৰ্বৰ লাইচেঞ্চ ৰাজৰ অৱসান ঘটোৱা, চৰকাৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰা, ব্যক্তিগত খণ্ডক উদগনি যোগোৱা, অৰ্থনৈতিক বৃদ্ধি সুনিশ্চিত কৰা৷ এই অৰ্থনৈতিক সংস্কাৰৰ মূল ভেঁটি আছিল উদাৰীকৰণ (Liberalisation), ব্যক্তিগতকৰণ (privatisation) আৰু গোলকীকৰণ৷ নতুন আৰ্থিক সংস্কাৰে আনি দিয়া এই তিনিটা নীতিৰ ওপৰত ভিত্তি কৰিয়েই আজিৰ ভাৰতবৰ্ষৰ অৰ্থনীতি এই পৰ্য্যায় পাইছে৷ এই অৰ্থনৈতিক সংস্কাৰৰ পৰৱৰ্তী ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি দ্ৰুত হবলৈ ধৰে, মুদ্ৰাস্ফীতিৰ ভয়াবহ ৰূপ নিয়ন্ত্ৰণ কৰিব পৰা গল, বিনিয়োগৰ বজাৰত বিদেশী বিনিয়োগ বৃদ্ধি পালে৷ ব্যক্তিগত খণ্ডৰ উত্থানে ভাৰতীয় অৰ্থনীতিলৈ এক বিশেষ অৰিহণা যোগায়, আনহাতে সেৱা খণ্ডই এক অগ্ৰণী খণ্ড হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷

আৰ্থিক সংস্কাৰৰ পৰৱৰ্তী পৰিকল্পনা :

      অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা (1992-1997)ৰ মূখ্য তথা প্ৰধান বিষয়সমূহ আছিল – দ্ৰুত অৰ্থনৈতিক বৃদ্ধিৰ লগতে নিয়োগ সৃষ্টি কৰা, অসমতা দূৰ কৰা আৰু আন্ত গাঁথনিৰ বিকাশ সাধন কৰা৷ লক্ষণীয়ভাৱে অৰ্থনৈতিক সংস্কাৰৰ পৰৱৰ্তী দ্ৰুত অৰ্থনৈতিক বৃদ্ধি দেখিবলৈ পোৱা গৈছিল৷ অসমতো মুঠ ৰাজ্যিক উৎপাদন, ৰাজ্যিক আয় বৃদ্ধি, জনমূৰি আয় বৃদ্ধি দেখিবলৈ পোৱা গৈছিল৷

       নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৯৭-২০০১) কালচোৱাত অসমৰ ৰাজ্যিক আয় ৬.৩% হাৰত বৃদ্ধি পোৱা দেখিবলৈ গৈছিল৷ আৰু জনমূৰি আয় ৭.২৮% হাৰত বৃদ্ধি পাইছিল৷

     দশম পঞ্চবাৰ্ষিক পৰিকল্পনাই (২০০১-২০০৬) আৰ্থিক তথা সামাজিক আন্তঃগাঁথনিৰ বিকাশৰ লগতে কৃষিখণ্ড আৰু মানৱ সম্পদ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই পৰিকল্পনাৰ ফলাফল সন্তোষজনক আছিল৷

       একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা (২০০৬-২০১১) ৰ সময়ত উচ্চাৰিত হোৱা নতুন শব্দ হৈছে - অন্তৰ্ভুক্তি বৃদ্ধি, অৰ্থাৎ অৰ্থনৈতিক বৃদ্ধিৰ সমান্তৰালভাৱে সুষম বিতৰণ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা৷ একাদশ পৰিকল্পনাই গ্ৰামান্নোয়নৰ ওপৰত গুৰুত্ব দিছিল৷

     ২০১২-১৭ চনৰ সমছোৱাত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হৈছিল৷ এই পৰিকল্পনা ভাৰত তথা অসমৰ শেষৰটো পৰিকল্পনা আছিল৷ কিয়নো এই পৰিকল্পনাৰ কাৰ্যকাল শেষ নৌহওঁতেই ২০১৫ চনৰ ১ জানুৱাৰিত NITI AAYOG গঠন কৰি পূৰ্বৰ পৰিকল্পনা আয়োগ ভংগ কৰা হয়৷ ইয়াৰ লগে লগে পৰিকল্পনা আয়োগৰ যৱনিকা পৰে৷ এই পৰিকল্পনাত প্ৰাধান্য পোৱা বিষয়সমূহ আছিল অৰ্থনৈতিক বৃদ্ধিৰ লগতে বহনক্ষম উন্নয়ন আৰু অন্তৰ্ভুক্তি বৃদ্ধি সুনিশ্চিত কৰা৷

সাম্প্ৰতিক পৰিস্থিতি :

      পূৰ্বে উল্লেখ কৰি অহাৰ দৰে পৰিকল্পনা আয়োগ ভংগ কৰি ২০১৫ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ NITI AAYOG গঠন কৰা হয়৷ এতেকে সম্প্ৰতি পৰিকল্পনাৰ দায়িত্ব NITI আয়োগৰ হাতত ন্যস্ত আছে৷ NITI AAYOG য়ে পূৰ্বৰ পৰিকল্পনা আয়োগৰ দৰে পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ নকৰে তাৰ পৰিবৰ্তে ১৫ বছৰীয়া Vision Docment, ৭ বছৰীয়া Stratagy Plan আৰু ৩ বছৰীয়া Action Agenda গ্ৰহণ কৰে৷ NITI AAYOG যে প্ৰকাশ কৰা কেইটামান ৰিপোৰ্ট হৈছে - SDG INDIA INDEX, NATIONAL MULTIDIMENSIONAL POVERTY INDEX, INDIA INNOVATIONS INDEX ইত্যাদি৷ NITI AAYOG পূৰ্বৰ পৰিকল্পনা আয়োগৰ দৰে নীতি নিৰ্ধাৰণকাৰী সংস্থা নহয় বৰং ই চৰকাৰৰ চিন্তাশীল সংস্থা (Think Tank) হিচাপেহে কাম কৰে৷

সামৰণি :

      ওপৰত কৰা আলোচনাৰ পৰা ক’ব পাৰি যে অসমৰ অৰ্থনৈতিক উন্নয়ন তথা পৰিকল্পনাৰ নিজস্ব ইতিহাস আৰু ধাৰা আছে৷ অসম এখন উন্নয়নশীল তথা কৃষি নিৰ্ভৰশীল অৰ্থনীতি৷ অসমৰ চাহ উদ্যোগে ভাৰত তথা বিশ্বৰ বজাৰত সুনাম অৰ্জন কৰিছে৷ ই দেশৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি আগবঢ়ায়৷ অসমৰ অন্যান্য উদ্যোগসমূহৰ ভিতৰত কৃষিজ, বনজ, প্ৰাকৃতিক সম্পদ, খাৰুৱা তেল, প্ৰাকৃতিক গেছ ইত্যাদি অন্যতম৷ পৰিকল্পনা আয়োগে সীমিত সম্পদৰ দক্ষ ব্যৱহাৰৰ জৰিয়তে আৰ্থিক বিকাশ সুনিশ্চিত কৰে৷ স্বাধীনোত্তৰ কালচোৱাত অসমৰ ৰাজ্যিক পৰিকল্পনা আয়োগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে পৰিকল্পনাৰ উদেশ্য আগত ৰাখি লক্ষ্যসমূহ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷

 

প্ৰসংগ পুথি:

1. Dhar, P.K, The Economy of Assam Including North East India, Guwahati, 2013.

2. Barpujari, DR, H.K, Assam in the days of the company 1826-1954,

Gauhati, 1963.

3. Census Of India report

4. Planning commission Report

5. NITI AAYOG Report

***


লেখকৰ ঠিকনা:

সহকাৰী অধ্যাপক,

অৰ্থবিজ্ঞান বিভাগ, শিৱসাগৰ ছোৱালী কলেজ,

শিৱসাগৰ, অসম

অ
লেখকৰ পৰিচয়

অজয় লিম্বু

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)